ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ফেচবুকৰ গোটৰ পৰা সংকলন উন্মোচনঃ 
এক অগতানুগতিক প্রচেষ্টা
লক্ষ্যজ্যোতি নাথ


সকলো বস্তুৰে দুটা প্রায়োগিক দিশ থাকে। এটা ভাল আৰু আনটো বেয়া। আপোনাক যদি মই এখন কটাৰী দিওঁ, সেই কটাৰীখনে আপুনি শাক-পাচলিও কাটিব পাৰিব বা নিজৰ আঙুলিটো অথবা আনৰ গলাও কাটিব পাৰিব। সেইটো আপোনাৰ ওপৰত সম্পূর্ণভাৱে নির্ভৰ কৰে, আপুনি বস্তু এটাক ভাল ভাবে ব্যৱহাৰ কৰে নে বেয়া ভাবে ব্যৱহাৰ কৰে। তেনেদৰেই ফেচবুক এক বিতর্কিত বিষয় ! ফেচবুক কৰি আপোনাৰ উপকাৰ হৈছে নে অপকাৰ হৈছে বুলি যদি মোক সোধে , মই ক'ম "সেইটো সম্পূর্ণভাবে মোৰ ওপৰত নির্ভৰ কৰে, মই ফেচবুকত বেয়া কাম কৰি থাকিলে নিশ্চয় মোৰ অপকাৰ হ'ব কিন্তু যদি ফেচবুকক ভাল কামত ব্যৱহাৰ কৰো নিশ্চয় উপকাৰেই হ'ব।

'হাঁহিৰ ৰহঘৰা' ফেচবুক মাধ্যমৰ যোগেদি প্রথম ইউনিকোড ব্যৱহাৰ কৰি অসমীয়া লিখিবলৈ শিকাইছিল মোক এই গোটটোৱে। দুবছৰ আগত 'হাঁহিৰ ৰহঘৰা'ৰ যোগেদি প্রথম ব্যংগ লিখি ফেচবুকত দিছিলো। মোবাইলত অসমীয়াত লিখাত সহায় কৰিছিল মোক সেই গোটৰ প্রশাসক দ্বীপ জ্যোতি নাথ আৰু নৱকৃষ্ণ ডেকায়ে। লাহে লাহে সেই গোটটোত সোমাই পৰিলো; কৌতুক , ব্যংগ লিখি সেই গোটৰ সদস্যক পঢ়িবলৈ দিলো। দিন বাগৰিল, এদিন দ্বীপ জ্যোতি নাথে মোক সেই গোটৰ প্রশাসকৰ দ্বায়িত্ব দিলে যি এই মূহূর্ততো পালন কৰি আছো। আমাৰ গোটটিত সদস্য ৬০ হাজাৰ অতিক্রম কৰিলে এদিন , সেইবাবে প্রশাসকো বাঢ়ি ১৭ জন হ'ল। আমাৰ প্রশাসক কেইজনৰ এটা গোপন গোট আছে তাত আমি ভিতৰুৱা কে বিভিন্ন কথা পাতো। এদিন আলোচনা এটা হ'ল যে আমাৰ গোটত ইমান উৎকৃষ্ঠ মানদণ্ডৰ কৌতুক, ব্যংগ লেখা আহে, আমিও লিখো ; তাৰ পৰা ভাল ভাল কৌতুক, ব্যংগবোৰ বাচি ছপা গ্ৰন্থৰ ৰূপ দি সংকলন এখন ছপাব নোৱাৰোনে! আলোচনা গভীৰ হ'ল আৰু আমি সিদ্ধান্ত ললো যে আমি 'হাঁহিৰ ৰহঘৰা' নামত সংকলন এখন উলিয়ামেই যেনেকৈ নহওঁক। যিহেতু আমাৰ প্রশাসক কেইজন অসমৰ বেলেগ বেলেগ ঠাইৰ, মোৰ সৈতে ৪ জন মান অসমৰ বাহিৰত থাকো সেইবাবে আমি আলোচনাবোৰ আমাৰ ফেচবুকৰ গোপন গোটতেই কৰিছিলো, দৰকাৰ হোৱাত ফোন যোগেও কৰিছিলো। অসমত থকা বি.এন ৰুপম, প্রবাল পাতৰ, নৱকৃষ্ণ ডেকাহঁতে প্রেছত খবৰ কৰিলে। তেতিয়া আমাৰ সংকলন চপাবলৈ দুটা বস্তু দৰকাৰ হ'ল এটা ভাল লেখা আৰু আনটো টকা। লগে লগে আমি ফেচবুকৰ যোগেদি বিভিন্ন লোকৰ পৰা লেখা লবলৈ আৰম্ভ কৰিলো। টকাৰ বাবে আমাৰ প্রশাসক কেইজনে প্রত্যেকে ২০০০ টকাকৈ দিলো, সেইখিনিও কম হোৱাত সংকলন প্রকাশ হোৱা পাছত উভতাই দিয়াৰ প্রতিশ্রুতিৰে ফেচবুকৰ যোগেদিয়ে বিভিন্ন লোকৰ পৰা এশ-দুশ টকা যি দিয়ে সংগ্রহ কৰিলো। অসমত থকা প্রশাসক কেইজনৰ কষ্টৰ মূৰত আমাৰ সংকলন ছপা হৈ ওলাল আৰু যোৱা ৭ জুন ২০১৫ দিনা গুৱাহাটী প্রেছ ক্লাবত অভিনেতা ৰাতুল গোস্বামী, উদীয়মান লেখক অয়ন উত্তম, সাৰদা শ্রেষ্ঠ বাইদেউ আৰু ভালে সংখ্যক ফেচবুক বন্ধু-বান্ধবীৰ উপস্থিতিত দ্বীপ জ্যোতি নাথৰ সম্পাদনাত সংকলনখন উন্মোচন কৰা হয়। আমাৰ এই সংকলনখন প্রকাশ কৰাৰ মূল উদ্দেশ্য আছিল আমি সকলোকে দেখুৱাব খুজিছিলো যে ফেচবুকৰো যোগাত্মক ব্যৱহাৰ হব পাৰে।

একেদৰেই ফেচবুকৰ গোট অসমীয়া কথা-বতৰাই ভাষা সাহিত্য সন্মিলনী, অসম নামৰ সংস্থা গঠন কৰি "অসমীয়া ই-সাহিত্যৰ সঁফুৰা" নামৰ এখনি ভিন্ন স্বাদৰ লেখাৰ সংকলন প্ৰকাশ কৰিছিল। স্পন্দন নামৰ কবিতাৰ ফেচবুকৰ গোটটিয়েও কবিতাৰ সংকলন প্ৰকাশ কৰাৰ লগতে বাৰ্ষিক শ্ৰেষ্ঠ কবিৰ বঁটাও প্ৰৱৰ্তন কৰিছে। সহায় নামৰ গোটৰ জৰিয়তে আৰ্থিক ভাৱে দুৰ্বল শিক্ষাৰ্থীলৈ ফেচবুকৰ মাধ্যমেৰে সাহাৰ্য সংগ্ৰহ আৰু বিতৰণ কৰাৰো সুখবৰ পোৱা গৈছে। গতিকে সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক চিন্তাৰে গ্ৰহণ কৰা এনে ব্যতিক্ৰমধৰ্মী প্ৰচেষ্টাবোৰ সঁচাই এইখন সমাজৰ বাবে শুভবাৰ্তাই নহয়নে?

No comments:

Post a Comment