ভ্ৰমণ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
কুৱালা-লামপুৰৰ মনত পৰা কথা
আবিদ আজাদ
কুৱালা-লামপুৰৰ মনত পৰা দুটিমান ঘটনাৰ কথা ক'বলৈ যোৱাৰ পূৰ্বে পৰ্যটক হিচাপে মোৰ পৰিচয় এটা প্ৰথমে জনাই থওঁ৷ মই হৈছোঁ একেবাৰে সস্তীয়া শ্ৰেণীৰ পৰ্যটক৷ ক'ৰবালৈ যোৱাৰ পূৰ্বে প্ৰথম চৰ্তটোই হৈছে টকাৰ হিচাপ৷ ঠাই এখনত বা দেশ এখনত থকা-খোৱা ঘূৰা-ফুৰা আদি যিমান পাৰো কম টকাৰে কৰাটোই হৈছে মোৰ প্ৰাথমিক চৰ্ত৷ হোটেলত থকাতকৈ মুকলি আকাশৰ তলত বা হাবিত বা পাহাৰত (ফ্ৰীত) থাকিবলৈ মই সদায় বেছি পছন্দ কৰিম৷

যোৱা ২০১৩ চনৰ শিক্ষক দিৱসৰ দিনাখন, অৰ্থাৎ ৫ ছেপ্টেম্বৰ তাৰিখে কলিকতাৰ পৰা কুৱালা-লামপুৰলৈ উৰা মাৰিছিলোঁ৷ উৰাজাহাজ আছিল "এয়াৰ এছিয়া"৷ আৰু ভাড়া আছিল মাথোঁ ৪৭০০ টকা৷ ৪৭০০ টকাত যে মালেছিয়াত (বিদেশত) খোজ পেলাব পাৰি সেই কথা তাৰ পূৰ্বে কল্পনাও কৰিব পৰা নাছিলোঁ৷ নেট খুচৰি থাকোতে এইবোৰ এদিন গম পাইছিলোঁ৷

সন্ধিয়া ৫.৩০ বজাত এৰা উৰাজাহাজখন ৰাতি ১২ মান বজাত গৈ কুৱালা-লামপুৰৰ 'পুত্ৰজায়া' বিমান বন্দৰ পাইছিল৷ মন কৰিব, সময়বোৰ হৈছে স্থানীয় সময়৷ ভাৰত আৰু মালেছিয়াৰ মান সময়ৰ ব্যৱধান ডেৰ ঘন্টা; অৰ্থাৎ মালেছিয়াত আমাতকৈ ডেৰ ঘন্টা পূৰ্বে সূৰ্য্য উদয় হয়৷ সময়ৰ তাৰতম্যৰ হিচাপ ৰাখিবলৈ দুটা ঘড়ীৰ ব্যৱস্থা কৰিছিলোঁ৷ হাত ঘড়ীটোত কুৱালা-লামপুৰৰ সময় ইন্টাৰনেটত চাই আগতীয়াকৈ মিলাই লৈছিলোঁ আৰু মোবাইলত ভাৰতীয় সময় মিলাই ৰাখিছিলোঁ৷ কোৱা বাহুল্য যে - বিদেশত মোৰ মাইক্ৰোমেক্স মোবাইলটোই কেৱল ঘড়ীৰেই কাম কৰিছিল, ছিমে কাম দিয়া নাছিল৷

নিশা ১২ বজাত এয়াৰপোৰ্ট পাই ইফাল-সিফাল চাই ৰাতি শুৱা ব্যৱস্থাটো তাতেই কৰিলোঁ৷ হোটেলত থকাৰ ব্যৱস্থা (বুকিং) পাছ দিনাখনৰ পুৱা ১০ বজাৰ পৰাহে কৰা হৈছিল৷ ইতিমধ্যে বৰ ভোক লাগিছিল৷ বেগত আপেল-চাপেল আছিল যদিও ভাত খাবলৈ মন গৈছিল৷ পুৱা ৭ টাতেই গুৱাহাটীৰ পৰা ওলোৱা৷ কলকাতা এয়াৰপোৰ্টতো তেনেকৈ বিশেষ খোৱা হোৱা নাছিল৷ এয়াৰপোৰ্টত যি হে দাম বস্তুৰ! পেট কলমল কলমল কৰিলত ইফাল-সিফাল ঘূৰি, মেনুত দামবোৰ চাই চাই এখন ৰেষ্টুৰেন্টত ইণ্ডিয়ান খানা (ভাত) পালোঁ৷ দেখাত এক বাটি ভাত! তাকে খাই এয়াৰপোৰ্টৰ মজিয়াত কুকুৰ পৰাদি পৰি থাকিলোঁ৷ মোৰ দৰে বহু মানুহেই নিশাটো তাত তেনেকৈ কটাইছিল৷ আশে-পাশে থকা কেইগৰাকীমান যুৱক-যুৱতীয়ে লেপটপ-মোবাইল আদিত টাইম পাছ কৰি আছিল৷ 'ৰাক-চেক' বেগটোত ভাগৰুৱা মূৰটো থৈ মনত কৰিছিলোঁ আমাৰ ৰেল-ষ্টেচনবোৰৰ প্লেটফৰ্মৰ দৃশ্য৷ ঘৰলৈও মনত পৰিছিল৷

পুৱা টেক্সী এখন লৈ ৬ মান বজাতে কুৱালা-লামপুৰ মেইন চিটিৰ 'জালান টুন'ত অৱস্থিত মোৰ বুক কৰি থোৱা গেষ্ট-হাউচখন পালোঁ৷ নাম- ৰেইজ্জিচ গেষ্ট হাউচ৷ বেছি ডাঙৰ নহয়, কিন্তু পৰিপাতি আৰু ধুনীয়া৷ প্ৰতি নিশা ৪৩০ টকাকৈ (২৩ ৰিংগিত) বুক কৰিছিলোঁ গুৱাহাটীৰ পৰাই৷ ক্ৰেডিট কাৰ্ডৰ দ্বাৰা৷ গেষ্ট হাউচখনৰ আশে-পাশে তেনেকুৱা ভালে কেইখন গেষ্টহাউচ আৰু ইউথ হোষ্টেল আছিল৷ নেট খুচৰি থাকোতে দেখা ভালেকেইখন গেষ্ট হাউচ ওচৰে-পাজৰে দেখিলোঁ৷ কালিলৈকে গুৱাহাটীত নেটত দেখি থকা হোটেলবোৰ চকুৰ সন্মুখত দেখি কিছু শিহৰণ কিছু নতুন আনন্দৰ এক মিশ্ৰিত অনুভৱ জাগিছিল৷

পুৱা ৬ বজাত গেষ্টহাউচ পালোঁ হয়, কিন্তু চেক-ইন কৰোঁ কেনেকৈ! ১০ বজাতহে চেক-ইনৰ সময়৷ ৰিচিপচনত গৈ কথা পাতিলোঁ৷ ল'ৰাজনে বেগখন থ'বলৈ দিলে আৰু ফ্ৰেচ হৈ প্ৰথমে ব্ৰেক-ফাষ্ট কৰি ল'বলৈ দিলে৷

চেক-ইনলৈ ভালেমান সময় বাকী আছিল৷ বেগখন তেনেকৈয়ে মজিয়াত থৈ (চেইন ল'ক কৰা আছিল) অলপ সময় জিৰণি লৈ ওলাই গ'লোঁ বাহিৰলৈ৷ মোৰ বেগখন থোৱাৰ আগতেই তাত আৰু কেইখনমান বেগ পৰি আছিল৷ মানে মোতকৈও আগত অহা ব্যক্তি আছিল৷ চোৰৰ দেশৰ পৰা গৈছোঁ বেলেগ এখন নজনা দেশলৈ৷ টোপোলাটো কোনোবাই নিব নেকি নিব নেকি বুলি মাজে মাজে জন্মগত শংকা এটা হৈছিল পিছে৷ যি নহওক, ওচৰতে চাউথ-ইণ্ডিয়ান মন্দিৰ এখন আছিল৷ বাটৰ দাঁতিত বগা বগা ফুল আৰু ফুলৰ মালা পূজাৰ বাবে বুলি সজাই থোৱা আছিল৷ একেবাৰে শান্ত পৰিবেশ৷ দেখি মনটো ভাল লাগিছিল৷ হাতত থকা মেপখন চাই বাট-পথবোৰ মিলাই মিলাই অলপ ইফাল-সিফাল ঘূৰিলোঁ৷ 'পথ'ক মালয় ভাষাত 'জালান' বুলি কয়৷ সেয়ে চাইন বোৰ্ডবোৰত 'জলান' নামটো যেনিয়ে তেনিয়ে দেখা যায়৷ আমাৰ হোটেল থকা ঠাইখনৰ সম্পূৰ্ণ নাম জালান টুন এইচ এছ লী আছিল৷

পাঠকসকলক এটা কথা কোৱা হোৱা নাই এতিয়ালৈ৷ মোৰ এই ভ্ৰমনটোৰ ভিজাৰ কামটোৰ বাদে বিমানৰ টিকেট কটা, হোটেল বুক কৰা, আইটিনেৰাৰী বনোৱা সকলোবোৰ কাম গুগল বাবাৰ সৈতে লগলাগি অকলেই কৰিছিলোঁ৷ ভিজাৰ কামটোহে কেৱল কৰিবলৈ দিছিলোঁ গুৱাহাটীৰ ট্ৰেভেল কোম্পানী এখনত কাম কৰা বন্ধু এজনীক৷ কাৰণ মালেয়িছাৰ ভিজা ইছু কৰে দিল্লী অৱস্থিত মালেছিয়ান এম্বেছীৰ পৰা৷ ভিজা ফিচ ২০০০ টকা আছিল৷ সমগ্ৰ যাত্ৰাত আমি আছিলোঁ একলা মুচাফিৰ আৰু পিঠিৰ বেগখন আছিল মোৰ 'ফ্ৰেইণ্ড-ফিলোচোফাৰ-গাইড'!

মন কৰিব- কুৱালা লামপুৰত মই দুনিশা থাকিম৷ অৰ্থাৎ, হোটেল খৰচ প্ৰতি নিশা ৪৩০ টকাকৈ ৮৬০ টকা, ফ্লাইট ভাড়া ৪৭০০ টকা আৰু তিনিদিনত আহাৰ খোৱাৰ বাবদ খৰচ হ'ব খুব বেচি ২০০০ টকা৷ তৃতীয় দিনাখন কুৱালা লামপুৰৰ পৰা বাছেৰে ৰাওনা হ'ম ছিংগাপুৰলৈ৷ বাছ ভাড়া ১৫০০ টকা৷ এইখিনিলৈ হিচাপ কৰিলে মুঠ ৯০৬০ টকা৷ আৰু ছয়-সাত হাজাৰ টকা ধৰক ঠাই চোৱাৰ নামত৷ তাতকৈ বেচি টকা মই ঠাই চোৱাৰ নামত খৰচ নকৰোঁ৷ বেচি ভাগ ঠায়েই মই হয় খোজ কাঢ়ি নতুবা পাব্লিক ট্ৰেন্সপোৰ্টত ঘূৰিছিলোঁ৷ হোপ-অন, হোপ-অফ বাছ বোৰত উঠি চিটিখন ফ্ৰীতে ঘূৰিছিলোঁ দুপাকমান৷ মন'-ৰেল, মেট্ৰ' ট্ৰেইন এইবোৰত যে একেবাৰে কম টকাত ঘূৰিব পাৰি৷ খুব ঘূৰিলোঁ৷ টিকেট দিয়া কাম মানুহৰ উপৰিও মেচিনেও কৰে৷ ষ্টেচনবোৰৰ কম্পিউটাৰ মেচিনবোৰত চহৰখনৰ বিভিন্ন ঠাইৰ নাম মেপত ডিচপ্লে হৈ থাকে৷ ক'ৰ পৰা ক'লৈ যাব কম্পিউটাৰ স্ক্ৰীণত চুই দিলেই হ'ল৷ কিমান টকা লাগিব কম্পিউটাৰে দেখুৱাই দিব৷ কম্পিউটাৰ মেচিনটোত টকাখিনি ভৰাই দিয়ক৷ লগা টকাখিনি ৰাখি বাকীখিনি খুচুৰা অট'মেটিক ঘূৰাই দিব আৰু টিকটোও ওলাই আহিব৷

[পৰৱৰ্তী সংখ্যাত পেট্ৰোনাছ টাৱাৰ, গেন্টিং হাইলেণ্ড, লণ্ডনৰ তিনিজনী ছোৱালী, ইৰানৰ পৰা অহা এটি পৰিয়াল, চাইনা টাউন, ছিংগাপুৰ বাছ যাত্ৰা আদিৰ কথা লিখিম৷ ]

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages