চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
বিফলতাও জীৱনৰ বাবে আশীৰ্বাদ হ’ব পাৰে
দীপাংকৰ মল্ল বৰুৱা
দশম আৰু দ্বাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰী সকলে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হয়। এই দুয়োটা পৰীক্ষাই বহু সময়ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ গতিপথ নিৰ্ণয় কৰে। সেয়েহে এই দুটা পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ ছাত্ৰী, পিতৃ মাতৃ, অভিভাৱক, শুভাকাংক্ষী সকলো যথেষ্ট উদ্বিগ্ন হৈ থাকে। ফলাফল ঘোষিত হোৱাৰ পিছত ভাল ফল দেখুওৱা ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছাৰে উপচাই দিয়া হয়। সেই ছাত্ৰ ছাত্ৰী সকলক লৈ সমাজৰ সকলোৱে গৌৰৱ কৰে। যিসকলে পৰীক্ষাত স্থান লাভ কৰে তেওঁলোকৰ ঘৰত উত্সৱ মুখৰ পৰিৱেশ হয়, তেওঁলোকে বাতৰি কাকত আৰু টেলিভিছনৰ বাতৰিৰ শিৰোনামত স্থান পায়, তেওঁলোকৰ সাক্ষাত্কাৰ ল’বলৈ সংবাদ মাধ্যমৰ লানি লাগে।

কিন্তু সফল ছাত্ৰ ছাত্ৰীৰ সাফল্যৰ উত্সাহ উদ্দীপনাৰ মাজত আমি প্ৰায়েই পাহৰি যাওঁ যে প্ৰতিটো পৰীক্ষাৰ ফলাফলে এচাম ছাত্ৰ ছাত্ৰীলৈ দুৰ্ভাগ্যৰ বতৰা লৈ আহে। এচাম ছাত্ৰ ছাত্ৰীয়ে মনে বিচৰা ধৰণে ভাল ফল দেখুৱাব নোৱাৰে। ভাল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীৰ ওচৰত সকলো উবুৰি খাই পৰে, কিন্তু ফলাফল ভাল দেখুৱাব নোৱৰা ল’ৰা ছোৱালীৰ ওচৰত সান্ত্বনা দিবলৈকো মানুহৰ অভাৱ হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে মনে বিচৰা ধৰণে সফলতা লাভ কৰিব নোৱাৰে, তেওঁলোকক এনে সময়ত মানসিক ভাৱে সহায় কৰাটো অতি প্ৰয়োজনীয়। কাৰণ তেওঁলোক মানসিক ভাৱে ভাঙি পৰাৰ সম্ভাৱনা থাকে। পৰীক্ষাৰ ফলাফলক লৈ পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ অসম্তুষ্টি আৰু গালি শপনিয়ে তেওঁলোকৰ মানসিক অৱস্থা অধিক বিষময় কৰি তুলিব পাৰে। পাৰ হৈ যোৱা পৰীক্ষাটোৰ বেয়া ফলাফলৰ বাবে সাধাৰণতে পৰীক্ষাৰ্থী জনকে সকলোৱে দোষাৰোপ কৰা দেখা যায়। পৰীক্ষাৰ বিফলতা তেওঁ ভালদৰে অধ্যয়ন নকৰাৰ ফল বুলি তেওঁক অপদস্থ কৰা হয়।

কিন্তু ইতিমধ্যে মানসিক ভাৱে আঘাতপ্ৰাপ্ত পৰীক্ষাৰ্থী জনক বাৰম্বাৰ চোকা ভাষাৰে আঘাত কৰাটো হ’ল একপ্ৰকাৰৰ মানসিক উত্পীড়ন। সকলোৱে অনুভৱ কৰা উচিত যে যিসকল পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে, তেওঁলোকৰ মানসিক যন্ত্ৰণা সৰ্বাধিক হয়। এই সকল পৰীক্ষাৰ্থীয়ে ঘৰত আপোন জনৰ পৰাও সহানুভূতি নাপালে তেওঁলোকৰ মনোবল চিৰদিনলৈ ভাঙি যাব পাৰে। ঘৰৰ মানুহ, বন্ধু বৰ্গ আৰু সমাজৰ আন মানুহৰ সন্মুখত লাঞ্চনা, গঞ্জনাৰ সন্মুখীন হৈ তেনে কিছুমান ছাত্ৰ ছাত্ৰীয়ে জীৱনটোকে অসাৰ বুলি ভাবিবলৈ ল’ব পাৰে। বহু বিফল পৰীক্ষাৰ্থীয়ে নিজৰ জীৱন নিজে শেষ কৰাৰ দৰে হৃদয় বিদাৰক ঘটনাও সংঘটিত হয়। সেয়েহে এই সকল পৰীক্ষাৰ্থীক আটাইতকৈ অধিক মানসিক সকাহৰ প্ৰয়োজন হয়। তেওঁলোকক উত্সাহিত কৰি অধিক পৰিশ্ৰমেৰে আকৌ এবাৰ পৰীক্ষাৰ সন্মুখীন হ’বলৈ সাজু কৰাটোহে অভিভাৱকৰ কৰ্তব্য।

পৰীক্ষাত মনে বিচৰা ধৰনে সফলতা নোপোৱা বা বিফল হোৱা পৰীক্ষাৰ্থী সকলৰ বাবে পিতৃ মাতৃকে ধৰি সমাজৰ সকলোৰে কিছু কৰণীয় আছে। বিফলতাৰ গ্লানিত ভূগি থকা এই ছাত্ৰ ছাত্ৰী সকলক পিতৃ মাতৃ, অভিভাৱকে গালি শপনি পাৰি মানসিক ভাৱে উত্পীড়ন কৰাটো অনুচিত। অতি চিন্তনীয় কথা যে বহুত পিতৃ মাতৃয়ে নিজৰ সন্তানৰ বিফলতা স্বীকাৰ কৰাৰ সত্সাহস কৰিব নোৱাৰে। সমাজৰ আগত তেওঁলোকে নিজেই লজ্জাবোধ কৰিবলৈ লয়। তেওঁলোকে অজানিতে এনে ভাৱ প্ৰদৰ্শন কৰে যেন এই বিফলতাৰ বাবে তেওঁলোকে সমাজৰ আগত মুখ উলিয়াব নোৱৰা হ’ব আৰু এই ব্যৰ্থতাই তেওঁলোকৰ সন্তানৰ জীৱন ধ্বংস কৰি পেলাব। তেওঁলোকে সন্তানক সান্ত্বনা দিয়াৰ সলনি নিজেই এনে এক পৰিস্থিতিৰ সৃষ্টি কৰি লয়, য’ত বিফল পৰীক্ষাৰ্থী জনে হতাশাৰ অটল গহ্বৰলৈ ধাৱমান হয়। এই সকল পিতৃ মাতৃয়ে এই কথা অনুধাৱন নকৰে যে এনে পৰিস্থিতিত নিজে স্থিৰ হৈ থাকি সন্তানক মানসিক সকাহ দিয়াটোহে তেওঁলোকৰ কৰ্তব্য। তেওঁলোকে সন্তানক উত্সাহিত কৰিব লাগে যাতে বিফলতাৰ পৰা শিকনি লৈ তেওঁ ভৱিষ্যতে সফল হ’ব পাৰে।

উল্লেখ্য যে পৰীক্ষাত বিফল হোৱা বহুতো ব্যক্তিয়ে পিছৰ জীৱনত অতি সফল ব্যক্তি হিচাপে পৰিগণিত হৈছে। প্ৰতিজন পৰীক্ষাৰ্থী, পিতৃ মাতৃ আৰু অভিভাৱকে এই কথা মনত ৰখা উচিত যে দশম বা দ্বাদশ শ্ৰেণীত পোৱা নম্বৰ কেইটাই জীৱনত সফলতাৰ মাপকাঠী নহয়। দ্বাদশ পৰীক্ষাৰ পিছত অভিযান্ত্ৰিক বা চিকিত্সা মহাবিদ্যালয়ত স্থান লাভ কৰাটোৱেই এজন ছাত্ৰৰ বাবে জীৱনৰ লক্ষ্য হোৱা অনুচিত। বৰং ছাত্ৰ জনৰ বৌদ্ধিক সামৰ্থ অনুসৰি তেওঁ নিজে ভালপোৱা বিষয়ত অধ্যয়ন কৰিবলৈ উত্সাহিত কৰা উচিত।

লগতে জীৱনত সফলতা লাভ কৰিবলৈ হ’লে আৱশ্যকীয় মানবীয় গুণ সমূহ যেনে একাগ্ৰতা, নিয়মানুৱৰ্তিতা, কষ্টসহিষ্ণুতা, অধ্যাৱসায় আদি আয়ত্ব কৰাটোহে অধিক প্ৰয়োজনীয়। এই গুণ সমূহ থকা ল’ৰাছোৱালীৰ বাবে পৰীক্ষাৰ নম্বৰ ভৱিষ্যত জীৱনৰ সফলতাৰ অন্তৰায় হ’ব নোৱাৰে। জীৱনত সফল হোৱাত পৰীক্ষাৰ নম্বৰৰ সলনি মানবীয় গুণ সমূহেহে বেছিকৈ সহায় কৰে। বিফলতাই মানুহক জীৱনৰ বিষয়ে এনে মূল্যবান শিক্ষা দিব পাৰে, যি শিক্ষা সফলতাই দিব নোৱাৰে। বিফলতাক স্বীকাৰ কৰি লৈ ভৱিষ্যতে আকৌ এবাৰ প্ৰয়াস কৰাৰ মানসিক শক্তি যিসকলে আহৰণ কৰে তেওঁলোকক ভৱিষ্যতে বিপদে সহজে টলাব নোৱাৰে। বিফলতাইহে মানুহৰ অন্তৰ্নিহিত সুপ্ত প্ৰতিভা জগাই তুলিব পাৰে। ব্যৰ্থতাই মানুহক জীৱনটোৰ প্ৰতি এক নতুন দৃষ্টিভংগী ল’বলৈ অনুপ্ৰাণিত কৰিব পাৰে। জীৱনৰ পংকিলময় পৰিস্থিতিৰ পৰা নিজকে উত্তৰণ কৰি সফলতাৰ পথত অগ্ৰসৰ হোৱাটো অতি কঠিন কাম।

জীৱনত বিফলতাৰ সোৱাদ নোপোৱা ব্যক্তিৰ বাবে বহু সময়ত এয়া সম্ভৱপৰ নহয়। সেয়েহে বিফলতা কেতিয়াবা জীৱনৰ বাবে আশীৰ্বাদ হ’ব পাৰে। আজিৰ সময়ত সফল ছাত্ৰ সকলৰ চৌদিশে গুণগাণৰ মাজত বিফল ছাত্ৰ সকলে হতাশাত ভোগাটো স্বাভাৱিক। আজিকালি টেলিভিছন আৰু মেডিয়াই সফল ছাত্ৰ সকলক দিনটোৰ ভিতৰতে একোজন নায়কত পৰিণত কৰে। এনে পৰিস্থিতিত সফল হ’ব নোৱাৰা সকলে হীনমন্যতাৰ সন্মুখীন হয়। সমাজত মানুহৰ লগত মুখামুখি হ’বলৈও কেতিয়াবা তেওঁলোকৰ সাহসৰ অভাৱ হয়। এই বয়সৰ ল’ৰা ছোৱালী যথেষ্ট সংবেদনশীল হয় বাবে সোনকালেই জীৱনৰ প্ৰতি নেতিবাচক ভাৱ তেওঁলোকৰ মনলৈ আহিব পাৰে। সেয়েহে পিতৃ মাতৃ সচেতন হ’ব লাগে যাতে সন্তানৰ লগত নিয়মীয়া কথা বতৰা আৰু আচাৰ ব্যৱহাৰত কেতিয়াও যতি নপৰে। আনৰ পৰা নহ’লেও অন্তত: পিতৃ মাতৃৰ পৰা সন্তানে মৰম আৰু সহানুভূতিৰ আশ্বাস বিচাৰে। বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ মুখামুখি হ’বলৈ যাতে সন্তানে ইতস্তত: কৰিবলগীয়া নহয়, তাৰ বাবে পৰিয়ালৰ সকলো যত্নপৰ হ’ব লাগে।

পৰীক্ষাৰ্থী এজন বিফল হ’লে বা মনে বিচৰা সাফল্য লাভ কৰিব নোৱাৰিলে পিতৃ মাতৃৰ কৰ্তব্য হ’ল তেওঁৰ লগত বহি, মুকলি ভাৱেৰে কথা পাতি ভৱিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰাটো। কি কি বিষয়ত সন্তানৰ দুৰ্বলতা আছে, সেই কথা পিতৃ মাতৃয়ে অনুধাৱন কৰি সেই বিষয় সমূহত ভৱিষ্যতে কেনেদৰে ভাল ফল দেখুৱাব পাৰে, সেই বিষয়ৰ পৰিকল্পনা কৰিব লাগে। প্ৰয়োজন সাপেক্ষে বিদ্যালয়ৰ শিক্ষকৰ লগত আলোচনা কৰি দুৰ্বল বিষয় সমূহত অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰিব লাগে। ইতিবাচক দৃষ্টিভংগীৰে সুসংহত পৰিকল্পনা আৰু অধ্যাৱসায়ে যিকোনো বিফলতাকে অতি সোনকালে স্বৰ্ণময় সাফল্যত পৰিণত কৰিব পাৰে।

এটা কথা ঠিক যে, পিতৃ মাতৃ আৰু অভিভাৱকৰ ওপৰতে সন্তানৰ ভৱিষ্যত আৰু সাফল্যৰ সম্ভাৱনা বহু পৰিমাণে নিৰ্ভৰ কৰে। ব্যৰ্থতাৰ সন্মুখীন হোৱা ল’ৰা ছোৱালীয়ে যাতে স্বাভাৱিক জীৱনৰ পৰা বঞ্চিত হ’ব লগীয়া নহয়, তাৰ বাবে পিতৃ মাতৃয়ে চকু ৰাখিব লাগে। খোৱা বোৱা, খেলা ধুলা, মনোৰঞ্জন আদি দৈনন্দিন জীৱনৰ লাগতিয়াল অংগবোৰ যাতে পৰীক্ষাৰ বিফলতাৰ বাবে বাধাপ্ৰাপ্ত নহয়, তাৰ বাবে সাৱধান হ’ব লাগে। সামাজিক মিলা মিচা বা সামাজিক অনুস্থানত অংশগ্ৰহণ আদিত যাতে পৰীক্ষাৰ ফলাফলে প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি সচেতন হ’ব লাগে। মুঠতে পৰীক্ষাৰ বিফলতাত ল’ৰা ছোৱালীয়ে এনে অনুভৱ কৰিব নালাগে যেন তেওঁলোকে কিবা অক্ষমণীয় অপৰাধ কৰিছে। পৰীক্ষাত বিফলতাৰ বাবে অপৰাধবোধৰ ভাৱ যিমান সোনকালে আঁতৰাব পাৰি সিমানেই পৰীক্ষাৰ্থী জনৰ বাবে মংগলজনক।

জীৱন বৰ বিশাল। দশম বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা কঠিন জীৱনৰ বাটত সন্মুখীন হোৱা প্ৰথম প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান হেলাৰঙে পাৰ হৈ যোৱাটোৱেই জীৱনৰ সাফল্য নুবুজায়। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অতি উত্কৃষ্ট ফলাফল দেখুওৱা ছাত্ৰ ছাত্ৰীও পিছৰ কালত বিফল হোৱাৰ উদাহৰণ আছে। সেইদৰে এই প্ৰথম প্ৰচেষ্টাতে পিচল খোৱা মানে জীৱনটোৱেই বৃথা হ’ব নোৱাৰে। বহু সময়ত প্ৰথমতে বিফল হোৱা সকলেহে পিছলৈ জীৱনৰ বাটত খৰকৈ দৌৰিব পৰা হয়। পদে পদে সফলতা বা বিফলতাক সহজ ভাৱে গ্ৰহণ কৰি স্থিৰ মনেৰে জীৱনৰ বাটত আগুৱাই যোৱাটোতেই মানৱ জীৱনৰ মহত্ব লুকাই আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages