সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

 ৰবীন্দ্ৰ পাটিলঃ ছলমানক খলনায়ক সাব্যস্ত কৰা আচল নায়কজন
দীপাংকৰ মল্ল বৰুৱা
২০০২ চনৰ ২৮ ছেপ্তেম্বৰৰ পুৱতি নিশা প্ৰায় আঢ়ৈ বজাত মুম্বাইৰ আমেৰিকান এক্সপ্ৰেছ বেকাৰীৰ সন্মুখৰ পদপথত শুই থকা মানুহ কেইজনমানৰ গাৰ ওপৰেদি এখন ট’য়টা লেণ্ড ক্ৰুইজাৰ গাড়ী পাৰ হৈ বেকাৰীখনত খুন্দা মাৰি দুৰ্ঘটনাযুক্ত হৈছিল। সেই ঘটনাটোত থিতাতে এজন লোকৰ মৃত্যু হৈছিল আৰু কেইবাজনো আহত হৈছিল। নিচাসক্ত অৱস্থাত গাড়ী চলাই এই দুৰ্ঘটনাটো সংঘটিত কৰা অপৰাধত অলপতে মুম্বাইৰ এখন সত্ৰ ন্যায়ালয়ে দোষী সাব্যস্ত কৰিছে বলিউডৰ আগশাৰীৰ নায়ক অভিনেতা ছলমান খানক। 

ছলমান খানে যোৱা প্ৰায় কুৰিটা বছৰ ধৰি হিন্দী কথাছবি জগতত মহানায়কৰ স্থান দখল কৰি আছে। ছলমানে অভিনয় কৰা প্ৰতিখন ছবিয়েই বক্স অফিচত আলোড়নৰ সৃষ্টি কৰে। ৰূপালী পৰ্দাত অন্যায়, অপৰাধৰ বিৰুদ্ধে যুঁজি দাবাংগ ছলমান খানে মানুহৰ প্ৰচুৰ প্ৰশংসা লাভ কৰি আহিছে। সেইজন অভিনেতাই ১৩ বছৰ আগতে সংঘটিত হোৱা এটা গোচৰত দোষী সাব্যস্ত হৈ সশ্ৰম কাৰাদণ্ড লাভ কৰা বিষয়টোৱে দেশত খলকনিৰ সৃষ্টি কৰিছে। এহাতে এচামে ছলমান খানে শাস্তি পোৱাটোক দেশৰ ন্যায় ব্যৱস্থাৰ সাফল্য বুলি অভিহিত কৰিছে আৰু আনহাতে এচামে এজন নায়কক তেওঁৰ জনপ্ৰিয়তা আৰু সামাজিক কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি শাস্তিৰ পৰা ৰেহাই দিয়াৰ দাবী কৰিছে।

সেই অভিশপ্ত নিশা ছলমান খানে আকণ্ঠ সুৰাপান কৰি তীব্ৰবেগত গাড়ী চলাই এই দুৰ্ঘটনাটো সংঘটিত কৰাৰ কথা তেওঁৰ সেইদিনাৰ দেহৰক্ষী ৰবীন্দ্ৰ পাটিলৰ সাক্ষ্যত প্ৰমাণিত হৈছে। ২৪ বছৰীয়া ৰবীন্দ্ৰ পাটিল আছিল সেইদিনা হোৱা ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী। পাটিলৰ উপৰিও আন ২৭ জন ব্যক্তিয়ে এই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী হিচাপে পিছত আদালতত সাক্ষ্য প্ৰদান কৰিছিল। পাটিলে তেওঁৰ বক্তব্যত ষ্পষ্টভাৱে ছলমান খানক দোষী বুলি অভিযুক্ত কৰিছিল।

ভাৰতৰ দৰে দেশত ধনৰ বলত আদালতৰ ৰায়ো নিজৰ পক্ষত কৰিব পৰা যায় বুলি এটা ধাৰণা আছে। ধনী, প্ৰতিপত্তিশীল লোক সকলে ধনবল, বাহুবলেৰে অপৰাধ কৰিও শাস্তি নোপোৱাকৈ সাৰি যোৱাৰ কথা শুনিবলৈ পোৱা যায়। প্ৰত্যক্ষদৰ্শী সকলক প্ৰভাৱিত কৰি তেওঁলোকৰ বক্তব্য মন্তব্য সলনি কৰাৰ অলেখ উদাহৰণ আছে। সেই দৃষ্টিৰে চাবলৈ গ’লে মুম্বাই আৰক্ষীত কৰ্মৰত এজন দুখীয়া চিপাহী ৰবীন্দ্ৰ পাটিল আছিল এজন সহজ চিকাৰ। ধনৰ প্ৰয়োজন কাৰ নাথাকে? ৰবীন্দ্ৰ পাটিলকো ছলমান খানৰ অধিবক্তাৰ তৰফৰ পৰা আগবঢ়োৱা হৈছিল অনেক লোভনীয় উপঢৌকন। তেওঁৰ ওপৰত বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰা হৈছিল যাতে তেওঁ আৰক্ষীক প্ৰদান কৰা সাক্ষ্য সলনি কৰে। কিন্তু ৰবীন্দ্ৰ পাটিল আছিল অলৰ অচৰ। বলিউডৰ শীৰ্ষ অভিনেতা ছলমান খান তৰফৰ পৰা নানানজনৰ অনুনয়, ধনৰ লোভ, জীৱন নাশৰ ভাবুকি আদি একোৱে টলাব পৰা নাছিল পাটিলক।

ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰবীন্দ্ৰ পাটিল আছিল এখন দুৰণিবটীয়া গাৱঁৰ পৰা আহি মুম্বাই আৰক্ষীত চাকৰি কৰা এটা দুখীয়া পৰিয়ালৰ এজন ২৪ বছৰীয়া যুৱক। তেওঁক সেই নিশা মুম্বাই আৰক্ষীয়ে ছলমানৰ ব্যক্তিগত দেহৰক্ষী হিছাপে মোতায়ন কৰিছিল। নিশা ৯ বজাৰ পিছত ছলমান ওলাইছিল কামাল খানৰ লগত ৰেইন বাৰলৈ। মাজনিশাৰ পিছত দুয়োজন বাৰৰ পৰা ওলাই মেৰিয়ট হোটেলত সোমাইছিল। ৰবীন্দ্ৰ পাটিলে হোটেলৰ বাহিৰত দুয়োলৈ অপেক্ষা কৰিছিল। পুৱতি নিশা সম্পূৰ্ণভাৱে নিচাসক্ত ছলমানে যেতিয়া গাড়ী চলাবলৈ বহিছিল, পাটিলে তেওঁক বাৰে বাৰে সতৰ্ক কৰি দিছিল গাড়ী লাহে লাহে চলাবলৈ। ৰাষ্টাৰ কাষত পদপথত শুই থকা মানুহবোৰৰ বিষয়েও ছলমানক সাৱধান কৰি দিছিল তেওঁ। কিন্তু ছলমানৰ এইবোৰ কথা শুনিবলৈ ধৈৰ্য বা ইচ্ছা নাছিল। এজন সফল নায়ক ছলমানে প্ৰয়োজনবোধ কৰা নাছিল এজন সামান্য দেহৰক্ষীৰ কথাত গুৰুত্ৱ দিবলৈ। তেওঁ তীব্ৰ বেগত মুম্বাইৰ ৰাষ্টাত দৌৰাইছিল তেওঁৰ বিলাসী গাড়ীখন।

তীব্ৰ বেগত কেঁকুৰি এটা ঘূৰোঁতে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে পদপথত শুই থকা কেইজনমান মানুহক মহতিয়াই নি আমেৰিকান এক্সপ্ৰেছ বেকাৰীত খুন্দা মাৰিছিল। গাড়ীৰ চকাৰ তলত চেঁপা খোৱা মানুহৰ মৰণ কাতৰ আৰ্তনাদেৰে পুৱতি নিশাৰ সেই সময় আলোড়িত হৈ পৰিছিল। ৰবীন্দ্ৰ পাটিলে গাড়ীৰ পৰা নামি মানুহখিনিক সহায় কৰাত ব্যস্ত হৈ পৰিছিল। এজন মানুহৰ থিতাতে মৃত্যু হৈছিল। গাড়ীৰ খুন্দাত তেজে তুমৰলি হৈ যন্ত্ৰণাত চিঞৰি থকা মানুহবোৰক তেওঁ দেখি তেওঁ ছলমান খানক অনুৰোধ কৰিছিল মানুহবোৰক হস্পিতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ। ছলমান খান থৰক বৰক খোজেৰে চালকৰ আসনৰ পৰা নামি আহিছিল। গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল আৰু চলাই নিব পৰা অৱস্থাত নাছিল। তেজে তুমৰলি হোৱা মানুহবোৰক সহায় কৰাৰ সলনি ৰূপালী পৰ্দাৰ মহানায়ক, শত সহস্ৰ মানুহৰ চকুৰ মণি নায়ক ছলমান খানে ভীৰুৰ দৰে লৰ মাৰি পলাই গৈছিল নাতি দূৰত থকা তেওঁৰ বঙলালৈ। নায়কৰ পৰা খলনায়ক হৈ পৰা ছলমানৰ এই কাণ্ড দেখি ক্ষোভত ফাটি পৰিছিল ছলমানৰ দেহৰক্ষী পাটিল। উপায় নাপাই তেওঁ সহায় বিচাৰি দৌৰি গৈছিল বান্দ্ৰা আৰক্ষী চকীলৈ। সেই আৰক্ষী চকীতে তেওঁ এজাহাৰ আৰু ছলমান খানৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল।

ছলমান খানৰ দৰে বিখ্যাত ব্যক্তিৰ বিৰুদ্ধে এজন দুখীয়া চিপাহী ৰবীন্দ্ৰ পাটিলৰ অভিযোগ ছলমানৰ অনুৰাগী সকলে তাচ্ছিল্যৰ দৃষ্টিৰে চাইছিল। তেওঁলোকে ভাবিছিল এজন সামান্য চিপাহীয়ে ছলমান খানৰ নোম এডালো লৰাব নোৱাৰিব। মাত্ৰ কেইটামান টকা দলিয়াই দিলেই সকলো অভিযোগ ৰফা দফা হৈ যাব। কিন্তু ৰবীন্দ্ৰ পাটিল আছিল বেলেগ ধাতুৰে গঢ়া। পদপথত শুই থকা দুখীয়া মানুহবোৰৰ গাৰ ওপৰেদি গাড়ী চলাই যোৱা ছলমান খানৰ কঠোৰ শাস্তি হোৱাটো তেওঁ বিচাৰিছিল। সেয়েহে তেওঁ অকলশৰেই সংগ্ৰাম কৰি গৈছিল নায়ক ছলমান খানৰ বিৰুদ্ধে। ২৭ জন প্ৰত্যক্ষদৰ্শীয়ে প্ৰলোভন আৰু প্ৰৰোচনাত নিজৰ বক্তব্য সলনি কৰিছিল। ছলমানে সেইনিশা গাড়ী চলোৱা নাছিল বা নিচাসক্ত নাছিল বুলিও প্ৰমাণ কৰিবলৈ সাক্ষী তৈয়াৰ কৰা হৈছিল। সুৰাপান কৰি গাড়ী চলাই সংঘটিত কৰা হত্যাকাণ্ডটোক এটা সাধাৰণ ভুলৰ বাবে হোৱা দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু ইমানবোৰ চেষ্টাৰ পিচতো, দেশৰ বহুতো বিয়াগোম অধিবক্তাৰ আপ্ৰাণ চেষ্টাৰ পিছতো ছলমান খান দোষী সাব্যস্ত হ’লে কেৱল ৰবীন্দ্ৰ পাটিলৰ দৃঢ়তা আৰু সত্যনিস্থাৰ বাবে।

কিন্তু এই দৃঢ়তা আৰু সত্যনিস্থাৰ বৰ ডাঙৰ মূল্য ভৰিবলগীয়া হ’ল দুৰ্ভগীয়া ৰবীন্দ্ৰ পাটিলে। বিখ্যাত ব্যক্তি এজনৰ বিৰুদ্ধে নিজকে প্ৰত্যক্ষদৰ্শী সাক্ষী বুলি দাবী কৰাৰ বাবে পাটিলক মুম্বাই আৰক্ষীয়ে দেহৰক্ষীৰ কামৰ পৰা অব্যাহতি দিছিল। তেওঁক কৌশলগত ভাৱে কাম কৰিবলৈ নিদি তেওঁৰ পদমৰ্যদা অৱনমিত কৰিছিল। বিভিন্ন মহলৰ পৰা তেওঁৰ ওপৰত বিভিন্ন ধৰণে নিৰন্তৰ চাপ প্ৰয়োগ কৰা হৈছিল যাতে উপায় নাপাই তেওঁ নিজৰ বক্তব্য সলনি কৰে। তেওঁ বক্তব্য সলনি কৰিলেই নায়ক ছলমান খান নিৰ্দোষী বুলি প্ৰমাণিত হয়।

পৰিস্থিতিয়ে ৰবীন্দ্ৰ পাটিল মানসিক আৰু শাৰীৰিক ভাৱে বিদ্ধস্ত কৰি পেলালে। তেওঁক ইমানকৈ ভীতি প্ৰদৰ্শন কৰা হ’ল যে তেওঁ আদালতৰ শুননীৰ সময়ত হাজিৰ নহ’ল। তেওঁ নিজকে লোকচক্ষু আৰু সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিলে। মানুহৰ মুখে মুখে চৰ্চা হ’বলৈ ধৰিলে যে তেওঁক হয়তো হত্যা কৰা হ’ল বা তেওঁ এই যুঁজত স্বেচ্ছাই হাৰ মানিলে। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে খবৰ নিদিয়াকৈ কামত উপস্থিত নথকাৰ বাবে ৰবীন্দ্ৰ পাটিলৰ অনুসন্ধান আৰম্ভ কৰিলে। দীৰ্ঘদিন ধৰি কামত কৰ্তৃত্ববিহীন ভাৱে অনুপস্থিত থকাৰ অপৰাধত পাটিলক কামৰ পৰা বৰ্খাস্ত কৰা হ’ল।

বহুতো বিচৰাৰ পিছত পাটিলক এদিন মহাবালেশ্বৰৰ এখন হোটেলৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনি কাৰাগাৰলৈ নিক্ষেপ কৰিলে। তেওঁৰ ওপৰত অভিযোগ অনা হ’ল যে তেওঁ আদালতৰ শুনানীৰ সময়ত উপস্থিত নাথাকি আদালতৰ অৱমাননা কৰিছে। তদুপৰি তেওঁ কাকো নজনোৱাকৈ নিজৰ কামৰ পৰা আঁতৰি পলাতক হৈ আছে। এজন বিখ্যাত লোকৰ বিৰুদ্ধে গোচৰ তৰিবলৈ মৰসাহ কৰাৰ ফল পাটিলে যেন হাতে হাতে পালে।

কাৰাগাৰত থকা সময়তো পাটিলৰ ওপৰত চলি থাকিল তেওঁৰ মন্তব্য সলনি কৰিবলৈ অহৰহ মানসিক আৰু শাৰীৰিক অত্যাচাৰ। যি মুম্বাই আৰক্ষীৰ হৈ তেওঁ এদিন কাম কৰিছিল, সেই মুম্বাই আৰক্ষীৰ তৰফৰ পৰাই তেওঁৰ ওপৰত চলোৱা হ’ল অকথ্য নিৰ্যাতন। কিন্তু তীখাৰ দৰে মানসিক শক্তিৰ অধিকাৰী ৰবীন্দ্ৰ পাটিলে সেও নামানিলে। আৰক্ষীক দিয়া ভাষ্য সলনি কৰিবলৈ তেওঁ সন্মত নহ’ল।

অৱশেষত কিছুদিন কাৰাগাৰত ৰখাৰ পিছত মুম্বাই আৰক্ষীয়ে পাটিলক মুকলি কৰি দিয়ে। কিন্তু মুকলি হোৱাৰ পিচত কাকো একো নজনোৱাকৈ তেওঁ আকৌ অন্তৰ্ধান হ’ল। পিছত খবৰ পোৱা গ’ল যে তেওঁ চাকৰি অবিহনে মুম্বাই চহৰত তিস্থিব নোৱাৰি তেওঁৰ ধুলে জিলাত থকা গাৱঁৰ ঘৰলৈ গুচি গৈছিল। সেই সময়ত সৰ্বহাৰা ৰবীন্দ্ৰ পাটিলক তেওঁৰ পত্নীয়ে এৰি গুচি যায়। তেওঁৰ বিবাহ বিচ্ছেদ হয়। তেওঁক পৰিয়ালৰ লোকেও ধিক্কাৰ দিবলৈ লয় এইদৰে আঁকোৰগোঁজ হৈ ছলমান খানৰ দৰে ব্যক্তি এজনৰ বিৰুদ্ধে লাগি থকাৰ বাবে। পৰিয়ালৰ দ্বাৰাও পৰিত্যক্ত হৈ পুনৰ কামৰ সন্ধানত তেওঁ মুম্বাইলৈ আহে।

২০০৭ চনৰ ছেপ্তেম্বৰ মাহত পাটিলক ছেউৰীত থকা যক্ষ্মাৰোগ চিকিত্সালয়ত মুম্বাই আৰক্ষীয়ে বিচাৰি উলিয়ালে। দুৰাৰোগ্য যক্ষ্মাত আক্ৰান্ত ৰবীন্দ্ৰ পাটিলৰ দেহৰ অৱস্থা তেওঁক চিনিব নোৱাৰাকৈ বেয়া হৈ পৰিছিল। তেওঁৰ অস্থি চৰ্ম সাৰ হৈ পৰা দেহৰ ওজন মাত্ৰ ৩০ কিল’গ্ৰাম হৈছিলগৈ। তেওঁ মুম্বাইৰ ৰাষ্টাত ভিক্ষা কৰি দিন নিয়াইছিল। ভিক্ষা কৰি পোৱা ৫০ টকাৰে এখন অট’ ভাড়া কৰি কোনোমতে চুচৰি বাগৰি আহি তেওঁ চিকিত্সালয়ত উপস্থিত হৈছিল। সেই সময়ত খোজকঢ়াতো দুৰৰে কথা তেওঁ কথা ক’ব পৰা অৱস্থাতে নাছিল।

চিকিত্সকে কৈছিল যে পাঁচ বছৰ ধৰি তেওঁৰ ওপৰত হোৱা মানসিন নিৰ্যাতন আৰু অত্যাধিক মানসিক চাঁপৰ বাবে তেওঁৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা ধ্বংস হৈ গৈছিল আৰু তেওঁৰ জীৱন ৰক্ষা কৰিব পৰাৰ কোনো উপায় নাছিল। নিজৰ মতত অবিচলিত হৈ থাকিয়েই ৰবীন্দ্ৰ পাটিলে ২০০৭ চনৰ অক্তোবৰ মাহৰ ৪ তাৰিখে এজন সাহসী নায়কৰ দৰে পৰলোকলৈ গতি কৰিলে। 

কেইদিনমান আগতে ছলমান খানক দোষী সাব্যস্ত কৰি দিয়া ৰায়ৰ বিষয়ে মন্তব্য কৰি চৰকাৰী অধিবক্তা প্ৰদীপ ঘৰাতে কৈছে, “ৰবীন্দ্ৰ পাটিলৰ আপোচহীন সাহসী কাৰ্য আৰু সাক্ষ্যৰ বাবেই ছলমান খানক দোষী সাব্যস্ত কৰি পাঁচ বছৰ সশ্ৰম কাৰাদণ্ড বিহাটো সম্ভৱ হ’ল”। কিন্তু ছলমান খান দোষী সাব্যস্ত হোৱা চাবলৈ তেওঁ জীয়াই নাথাকিল।

মুম্বাই উচ্চ ন্যায়ালয়ে ছলমান খানৰ আবেদন গ্ৰাহ্য কৰি তেওঁক জামিন প্ৰদান কৰিছে। ফলত কাৰাগাৰলৈ নিক্ষেপিত হোৱাৰ পৰা তেওঁ সকাহ পাইছে। তেওঁ আকৌ ছবিৰ ছুটিঙত ব্যস্ত হৈ পৰিছে। আকৌ কেমেৰাৰ সন্মুখত তেওঁ হৈ পৰিছে এজন অপ্ৰতিদদ্বী নায়ক। 

ছলমান খান বহুদিনলৈ হয়তো ৰূপালী পৰ্দাৰ নায়ক হৈয়েই থাকিব আৰু ৰবীন্দ্ৰ পাটিলক কোনেও কেতিয়াও মনত নাৰাখিব। পিছে ৰূপালী পৰ্দাৰ নায়ক ছলমান খানক তেওঁৰ কৃতকৰ্মৰ বাবে খলনায়ক সাব্যস্ত কৰি ৰবীন্দ্ৰ পাটিলে প্ৰমাণ কৰি থৈ গ’ল পৰ্দাৰ বাহিৰৰ আচল জীৱনত তেওঁহে প্ৰকৃত নায়ক।

No comments:

Post a Comment