Saturday, May 30, 2015

চিন্তন

বৃদ্ধি পাইছে নেকি
 ধৰ্মীয় অসহনশীলতা?
দীপাংকৰ মল্ল বৰুৱা
 
কেইদিনমান আগতে ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জেছান আলী নামৰ যুৱক এজনক এটা প্ৰতিস্থানত চাকৰিৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল, কাৰণ তেওঁ আছিল এজন মুছলমান। সৌ সিদিনা মুম্বাইৰ এটা এপাৰ্টমেণ্টত ভাড়া লোৱা মিছবাহ কাড্ৰী নামৰ যুৱতী নামৰ এটা প্ৰতিস্থানৰ চাকৰিয়াল এগৰাকীক ঘৰ খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হ’ল কাৰণ তেওঁ হ’ল মুছলমান। এই দুয়োটা ঘটনাই তথাকথিত ধৰ্ম নিৰপেক্ষ উদাৰ ভাৰতীয় সমাজৰ কিছুমান অপ্ৰিয় সত্য উদঙাই দিছে।

এনে ধৰণৰ ঘটনাৰ বাবে সাধাৰণতে চৰকাৰ আৰু চৰকাৰৰ নীতি সমূহক জগৰীয়া কৰা হয়? কিন্তু সঁচাকৈয়ে কেৱল চৰকাৰ জগৰীয়ানে? হিন্দুপ্ৰধান ভাৰতীয় সমাজত উমি উমি জ্বলি থকা মুছলমান বিদ্বেষ কেৱল চৰকাৰৰ দ্বাৰা সৃষ্ট নে? সেইদৰে মুছলমান সকলৰ হিন্দু সকলৰ প্ৰতি থকা বৈৰী ভাৱ কেৱল সাময়িক নে? বহুতে হয়তো ক’বলৈ বিচাৰিব যে কেন্দ্ৰত ভাজপা চৰকাৰ অধিস্থিত হোৱাৰ পৰা আৰু হিন্দুত্ববাদী শক্তি সমূহ সোচ্চাৰ হোৱাৰ পৰা এইবোৰ ঘটনা বেছিকৈ সংঘটিত হৈছে। আন এচামে হয়তো ক’ব যে কেন্দ্ৰত অধিষ্ঠিত ভাজপা চৰকাৰক বদনাম কৰাৰ এয়া এক ষড়যন্ত্ৰ। আন কোনোৱে হয়তো ক’ব হিন্দু মুছলমানৰ মাজত সামাজিক বৈৰীতা ব্ৰিটিছৰ ‘ডিভাইড এণ্ড ৰুল’ আঁচনিৰ ফচল। কাৰোবাৰ ওপৰত দোষ জাপি দিব পাৰিলেই যেন সমস্যাৰ সমাধান হ’ব।

এনে সমস্যাৰ উত্সৰ বিষয়ে জানিবলৈ হয়তো অধিক গভীৰতালৈ যোৱাৰ প্ৰয়োজন আছে। কিন্তু উত্সৰ সন্ধান কৰিবলৈ গ’লেই বহুদিনৰ কটা ঘাঁ বোৰ আকৌ জিলিকি উঠে। কোনে কাক আগতে আঘাত কৰি থৈছে সেইবোৰ ইতিহাস আকৌ জাগ্ৰত হৈ উঠে। মুছলমানৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰুদ্ধে মুছলমান সকল জাঙুৰ খাই উঠে, সেইদৰে হিন্দুৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰুদ্ধে হিন্দু সকল জাঙুৰ খাই উঠে। বহু সময়ত এই সমস্যাটো আমি সাময়িক ভাৱে পাহৰি থাকিব বিচাৰোঁ। আমি এনে ভাৱ দেখুৱাব বিচাৰোঁ যে, এই সমস্যাটো আমাৰ নহয়, আন কাৰোবাৰহে সমস্যা। আমি ঠিকে আছোঁ, আনবোৰহে ঠিক নহয়।

আজি ভাৰত এখন তথাকথিত গণতান্ত্ৰিক, ধৰ্ম নিৰপেক্ষ দেশ হ’লেও এই কথা অপ্ৰিয় সত্য যে ধৰ্মৰ নামত দেশৰ মানুহ এতিয়াও মানসিক ভাৱে বিভাজিত হৈ আছে। সেইবাবেই আমাৰ সমাজত হিন্দুপ্ৰধান বা মুছলমান প্ৰধান অঞ্চল গঢ়ি উঠিছে। হিন্দুপ্ৰধান অঞ্চলত যিদৰে মুছলমানৰ প্ৰৱেশ নিষিদ্ধ, সেইদৰে মুছলমান প্ৰধান আঞ্চলতো হিন্দুৰ প্ৰৱেশ নিষিদ্ধ। সেইদৰে সৃষ্টি হৈছে কেৱল হিন্দুৰ বা কেৱল মুছলমানৰ বাবে কিছুমান প্ৰতিষ্ঠান। এনেবোৰ প্ৰতিষ্ঠানত আন ধৰ্মৰ লোকৰ বাবে প্ৰৱেশ নিষেধ কৰা হয়।

বাহ্যিক ভাৱে আমি সহনশীলতাৰ নাটক কৰি থাকিলেও মানসিক ভাৱে আমি ভাৰতীয় সকলে এতিয়াও সহনশীল হ’বলৈ নিশিকিলোঁ। অসমীয়া সমাজত হিন্দু মুছলমানৰ মাজত সহনশীলতাৰ বিৰল নিদৰ্শন দেখা পোৱাৰ কাৰণ আছিল, পোচাক পৰিচ্ছদ, আচাৰ ব্যৱহাৰ আৰু সাংস্কৃতিক আদান প্ৰদানত অসমীয়া হিন্দু আৰু মুছলমানৰ প্ৰভেদ কম আছিল। কিন্তু ‘অতি মুছলমান’ বাদ বা ‘অতি হিন্দু বাদ’ৰ প্ৰৱেশ হ’বলৈ লোৱাৰ পৰা এই সাতাম পুৰুষীয়া সহনশীলতাত যেন মামৰে ধৰিবলৈ লৈছে। আজিৰ সময়ত বহু সংখ্যক মুছলমানে সাজ পোচাক, আচাৰ ব্যৱহাৰত আৰৱী সংস্কৃতি অনুসৰণ কৰি 'অতি মুছলমান' হ’বলৈ চেষ্টা কৰিছে। সেইদৰে বহু সংখ্যক হিন্দুৱেও ‘অতি হিন্দু’ হৈ মুছলমান সকলক হেয় দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। সেইবাবে আজিৰ অসমীয়া বা ভাৰতীয় সমাজত একতাতকৈ ভাঙোনমুখী মনোভাৱ বেছিকৈ প্ৰকট হৈ উঠিছে। এনে ভাঙোনমুখী মানসিকতাৰ বাববেই এদিন বৃহত হিন্দুস্তান দুটুকুৰা হৈ ভাৰত আৰু পাকিস্তান হৈছিল।

এতিয়া প্ৰশ্ন হয়, এই সমস্যাটোৰ সমাধান আছেনে? হিন্দুৱে মুছলমানক বা মুছলমানে হিন্দুক অন্যায় কৰা বুলি ৰাষ্টাত আস্ফালন কৰিলেই সমস্যাৰ সমাধান হ’বনে? এই সমস্যাটোৰ সমাধানৰ বাবে আচলতে আমি প্ৰত্যেকেই ব্যক্তিগত ভাৱে দায়িত্ব ল’ব লাগিব। আমি প্ৰত্যেকেই ধৰ্মকেন্দ্ৰিক মানসিকতাৰ উৰ্ধলৈ আহি প্ৰতিজন মানুহকে, প্ৰতিজন ভাৰতীয়কে সমভাৱে গ্ৰহণ কৰিবলৈ শিকিব লাগিব। ধৰ্মীয় ভাৱনা ব্যক্তিগত জীৱনত সীমাবদ্ধ ৰাখি সামাজিক জীৱনত আমি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিবলৈ মানসিক ভাৱে প্ৰস্তুত হ’ব লাগিব। সকলো ধৰ্মই সমান আৰু সকলো মানুহেই ঈশ্বৰৰ চকুত একে এই মনোভাৱ ব্যক্তিগত ভাৱে প্ৰতিজন মানুহে গ্ৰহণ কৰিব পাৰিলে এসময়ত হয়তো সমাজত এক পৰিৱৰ্তন আহিব।

No comments:

Post a Comment