Friday, May 29, 2015

বিশ্লেষণ

ধৰ্ম আৰু বিজ্ঞান - এটি নিজস্ব পৰ্য্যালোচনা
ডা০ ভূপেন শইকীয়া

"মই সেই সকললোকহে শ্ৰদ্ধা কৰোঁ, যি ধৰ্মৰ ভয় নোহোৱাকৈয়ে নিজৰ বিচাৰ-বিবেচনাৰে যি কোনো বেয়া কাম কৰিবলৈ পিছ হুহুকি আহে" - স্কুলীয়া দিনতেই পঢ়া এই কথাফাকিয়ে মোৰ কৌশোৰ মনত গভীৰ ৰেখাপাত কৰিছিল৷ প্ৰশ্ন হয় এই অন্তহীন বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ ৰহ্স্য ভেদ কৰিব নোৱাৰি নেদেখা এক কাল্পনিক শক্তিক স্বীকৃতি দিয়াটোৱেই ধৰ্ম নেকি ? প্ৰসিদ্ধ বিজ্ঞানীৰ উক্তি চাওক - "Gravity explains the motions of the planets, but it can not explain who sets the planets in motion"- Isaac Newton.

যদি সেয়াই 'ধৰ্ম' হয় তেনেহলে ধৰ্মৰ ইমানবোৰ শাখা-প্ৰশাখা ক'ৰ পৰা কেনেকৈ ওলাল ? মানি ললোঁ এটা সময়ত এই বিশাল পৃথিবীত মানুহৰ এটা সমষ্টি আন এটা সমষ্টি বা গোটৰ পৰা যোগাযোগৰ অসুবিধা হেতু বিচ্ছিন্ন আছিল৷ সেয়ে স্থান ভেদে ধৰ্মৰ মতাদৰ্শ বেলেগ বেলেগ হ'ল৷ কিন্তু এটা সময়ত যেতিয়া গোটেই বিশ্ব পৰিণত হ'ল তেতিয়া সকলো ধৰ্ম মিলি 'এক মানৱ ধৰ্ম' কিয় সৃষ্টি হব নোৱাৰিলে-ইয়াৰ অন্তৰালত নিশ্চয় ক্ষুদ্ৰ স্বাৰ্থ আৰু ভয়ংকৰ কুটনীতি অন্তৰ্নিহিত আছে৷ আজি ধৰ্মৰ নামত অনেকজন এজেন্টৰ জন্ম হৈছে আৰু তেওঁলোকেই জন্ম দিছে চকু মুদি কৰা বিশ্বাসৰ ৷ যুক্তিবাদিতা বিপৰীতে মেলি দিছে অন্ধবিশ্বাসৰ পোহাৰ৷ মোহাচ্ছন্ন অশিক্ষিত এচাম অন্ধবিশ্বাসী লোককলৈ এচাম তথাকথিত ধৰ্মগুৰুৱে সৃষ্টি কৰিছে নিজৰ একো একোখন বিশাল সাম্ৰাজ্যৰ৷ এওঁলোকে পৃষ্ঠপোষকতা লাভ কৰে এচাম দূৰ্নীতিপৰায়ণ ধুৰন্ধৰ ৰাজনীতিকৰ৷


এতিয়া আহক বিভিন্ন ধৰ্মৰ শাখা প্ৰশাখালৈ - হিন্দু, মুছলিম, খৃষ্টান, বৌদ্ধ, শিখ, জৈন, বাহাই আৰু কত যে কি কি নাম৷কিন্তু কোনো ধৰ্মগ্ৰন্থই অসত্য,হিংসা-দ্বেষ আৰু দূৰ্নীতিক প্ৰশ্ৰয় দিয়া নাই৷তেনেহলে ধৰ্মৰ অপবাখ্যা এচাম সুবিধাবাদী লোকৰ দ্বাৰাই সৃষ্ট হব লাগিব৷ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবেই এচামে জাতি উপজাতিৰ মাজত, ধৰ্মৰ নামত ভেদাভেদৰ জাল পেলাই অসূয়া-অশান্তিৰ সৃষ্টি কৰে৷ মানুহক ডাইনী সজাই হত্যা কৰিবলৈ প্ৰৰোচিত কৰে৷

এতিয়া আহোঁ বিজ্ঞানৰ কথালৈ৷ ধৰ্মৰ আধাৰ হ'ল বিশ্বাস আৰু মনৰ পবিত্ৰতা ভাৱ ৰক্ষা কৰা ('বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ' বুলি প্ৰবাদ আছে)৷ ইয়াৰ বিপৰীতে বিজ্ঞান হ'ল যুক্তি, প্ৰমাণ আৰু সত্যৰ ৰহস্যোদঘাটনৰ ওপৰত প্ৰতিস্থিত৷ বিজ্ঞানৰ বিৰুদ্ধাচৰণ কৰিবলগীয়া একো নাই৷ বিজ্ঞানৰ আবিস্কাৰৰ দূৰোপ্ৰয়োগ কৰি যুদ্ধবিগ্ৰহত লিপ্ত হোৱা (এটম ব'ম ফুটোৱা বা ভাবুকি দিয়া ) এয়া মানৱ মনৰ সংকীৰ্ণতাৰ পৰিচায়ক৷ শক্তিৰ এনে দূৰোপ্ৰয়োগে মানৱ জাতিক ধ্বংসৰ মুখলৈ থেলি দিব পাৰে৷ ইয়াৰ বিপৰীতে বিজ্ঞানৰ ন ন আবিস্কাৰে মানৱৰ জীৱন নিৰ্বাহ সুখদায়ী, কম কষ্টপ্ৰদ কৰি তুলিছে৷ দূৰাৰোগ্য ৰোগৰ পৰা মৃত্যুমুখী মানুহক নৱজীৱন দিবলৈ সমৰ্থ হৈছে৷ মানুহে অমৰত্ব নাপালেও মৃত্যুৰ পিছত নিজৰ শৰীৰৰ অংগ-পত্যংগ দান কৰি অইনৰ মাধ্যমত হলেও এক প্ৰকাৰ পুনৰ জীৱন লাভ কৰিবলৈ সমৰ্থ হৈছে৷ মুঠতে বিজ্ঞানৰ জয়গান গাই শেষ কৰিব নোৱাৰি৷

সমাজ বিজ্ঞানে কয় খাদ্য, বস্ত্ৰ, বাসগৃহ হ'ল মানুহৰ প্ৰাথমিক আৱশ্যকতা ৷এটা সময়ত মানুহে উপলব্ধি কৰিলে কেবল উদৰ পূৰ্ণ হলেই মানুহ জীয়াই থাকিব নোৱাৰে (Man cannot live by bread alone )৷ কিয়নো মানুহ হ'ল এবিধ চিন্তা কৰিব পৰা প্ৰাণী (Man is a thinking animal )৷ মনৰ এই খালি ঠাই এটা সময়ত পূৰণ কৰিলেহি ধৰ্মই৷ শুনামতে এটা সময়ত ধৰ্ম কিছুমান মানুহৰ বাবে কানিৰ দৰে ৰাগিয়াল হৈ পৰিছিল ! সময়ৰ লগে লগে যুগ সলনি হোৱাৰ সৈতে সংগতি ৰাখি ধৰ্মৰ বিষয়ে মানুহৰ মতাদৰ্শও সলনি হব ধৰিলে৷ শিক্ষা, জ্ঞান-বিজ্ঞান, কৰ্মব্যস্ততা, অন্তৰ্নিহিত ক্ষুদ্ৰ স্বাৰ্থ আৰু বহুতবোৰ ফেক্টৰে ধৰ্মৰ ব্যৱহাৰিক ৰূপৰেখা বহুক্ষেত্ৰত সলনি কৰি পেলালে৷

এতিয়া অলপ ব্যক্তিগত কথালৈ আহোঁ৷ নিজৰ জন্মৰ ওপৰত কোনো মানুহৰ নিয়ন্ত্ৰণ নাথাকে৷ বিচাৰিলেই আপুনি বা মই বিলাতত বা আমেৰিকাত মুখত সোণৰ চামুচলৈ ওপজিব নোৱাৰোঁ৷ আকৌ নৱজাতকৰ থাকে জানো কোনো ধৰ্ম ? পৰিবেশ,পাৰিপাৰ্শ্বিকতাই সেই শিশুটিক 'মানৱ ধৰ্ম'ৰ সলনি আন এক ধৰ্মৰ লোকলৈ ৰূপান্তৰিত কৰে৷ এটা অপ্ৰিয় সত্য বেকত কৰোঁ - কোনেও মোক ইছলাম বিদ্বেষী বুলি নাভাবে যেন৷ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম আজাদে কৈছে -'ভাৰতৰ মাদ্ৰাছাবিলাকে শিক্ষাৰ নামত শিশুসকলক অবাটে পৰিচালিত কৰিছে বাবে এইবিলাক বন্ধ কৰি দিব লাগে'৷গতিকে কুমলীয়া মনত যি কোনো ধৰ্মৰেই নহওক কিয় গোড়ামি ভৰাই দিয়াটো এক অনুচিত কাৰ্য৷

মোৰ নিজৰ জন্ম হয় উজনি অসমৰ কালুগাঁৱত৷ শিক্ষকতা কৰা ককাদেউতা আছিল বৈষ্ণৱ পণ্ডিত৷ মা-দেউতায়ো বহুবছৰ শিক্ষকতাই কৰিলে৷ আমাৰ পৰিয়ালটো শংকৰদেৱৰ 'এক দেৱ এক সেৱ' নীতিত একনিষ্ঠ বিশ্বাসী আছিল৷ মূৰ্তি পূজা নকৰি এক নিৰ্গুণ নিৰাকাৰ ভগবানক আৰাধনা কৰিছিল৷ পুৱা গধূলি নামঘৰত কীৰ্তন পাঠ হৈছিল৷এজন ভকতৰ ওচৰত ময়ো শৰণ লৈছিলোঁ৷ মোক গুৰুৱে কিন্তু কাহানিও আন ধৰ্মৰ বিপক্ষে এটাও শব্দ কোৱা নাছিল৷ ইয়াৰ পিছত সময়ৰ লগে ডাঙৰ হলোঁ৷ মঠ-মন্দিৰ,মছজিদ-মাজাৰ, গুৰুদ্বাৰা, বৌদ্ববিহাৰ,শিখ-জৈন, বাহাই মন্দিৰ সকলোৱেই উদাৰ মনেৰে দৰ্শণ কৰি প্ৰশান্তি লভিলোঁ (পাণ্ডাৰ অত্যাচাৰখিনি এফলীয়াকৈ থৈ)৷ এতিয়া মই ভাবোঁ ধৰ্ম আৰু বিজ্ঞান দুয়োটাই মানুহৰ জীৱনৰ অপৰিহাৰ্য অংগ৷ বিজ্ঞান আমাৰ জীৱনৰ প্ৰতিটো খোজৰে এৰাব নোৱৰা অংশ আৰু ধৰ্ম হ'ল মনৰ এক বিশ্বাস (অন্ধবিশ্বাস নহয়), এক অনুভূতি, সজ কাম কৰি সৎপথত নিৰন্তৰ অগ্ৰসৰ হৈ যোৱাৰ বাবে এক অনুপ্ৰেৰণা – ইয়াক আপুনি ঈশ্বৰ বিশ্বাস বুলিবও পাৰে নুবুলিবও পাৰে৷ মুঠতে আমাক সংস্কাৰ আৰু শিক্ষাই দেখুৱা সৎপথেই হ'ল ধৰ্মৰ পথ৷

মোখনিত এটা স্বীকাৰোক্তি অসমত আৰু ভাৰতবৰ্ষত ব্যাপ্ত মানুহ 'ভগবান' এজনকো মই কাহানিও সন্মানেৰ বা আদৰেৰে চাব নিশিকিলোঁ - যদিও আমাৰ দেশত আৰু বিদেশতো তেৰাসবৰ লাখ লাখ অনুগামী/ভক্ত আছে !

(লিখনিত প্ৰকাশিত মতামত লিখকৰ সম্পূৰ্ণ নিজা - কাৰো ব্যক্তিগত মতাদৰ্শত আঘাত দিবলৈ তিলমানো ভবা নাই৷ পাঠকে বিতৰ্ক নকৰি সুস্থ মতামত আগবঢ়ায় যেন৷ ধন্যবাদ৷)

লেখক ডোহা, কাটাৰত বিশেষজ্ঞ চিকিতসক ৰূপে কৰ্মৰত।

No comments:

Post a Comment