Monday, May 25, 2015

সাময়িক প্ৰসংগ

আপোনজনৰ বিয়োগ, সংবাদ মাধ্যম আৰু চিকিৎসকৰ ভূমিকা 
ডা০ ভূপেন শইকীয়া 
লোকবাদ্যৰ প্ৰতিভাবান শিল্পী প্ৰসেন বৰাই ৫২ বছৰ বয়সতেই অকালতে নশ্বৰ দেহা ত্যাগ কৰিবলগীয়া হোৱাটো অত্যন্ত বেদনাদায়ক৷ তেওঁ জীৱিত থাকিলে অসমৰ সাংস্কৃতিক জগতখনলৈ আৰু অৰিহনা নিশ্চিতভাবে আগবঢ়ালেহেতেন৷ ঢোলৰ আন এজন ওজা  শিল্পী সোমনাথ বৰাৰ বিবৃতিৰ পৰা প্ৰসেন বৰাৰ প্ৰতিভাৰ উত্থানৰ বিষয়ে অসমৰ ৰাইজে বিতংকৈ অৱগত হৈছে নিশ্চয়৷

এনে কি দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিলনো শিল্পীজন ? 'অসমীয়া প্ৰতিদিন' বাতৰি কাকতত পঢ়ামতে ১৭মে দেওবাৰে প্ৰসেন বৰাই বাথৰুমত পিছলি পৰি মূৰত আৰু আঁঠুত আঘাত পায়৷ সেইদিনাই হায়াত হস্পিতেলত মূৰত দহটা আৰু আঁঠুত চাৰিটা চিলাই দি চিকিৎসকে বৰাক ঘৰলৈ আহিবলৈ দিয়ে৷ ২০মেৰ দিনা আঁঠুৰ আঘাতে জটিল ৰূপ লয় আৰু বাওঁ ভৰিখন ফুলিবলৈ ধৰে৷ সন্ধিয়া ৫বজাত নেমকেয়াৰ হস্পিতেলত নিয়াত তাত অস্ট্ৰোপচাৰ কৰা হয়৷ অসুখ গুৰুতৰ দেখি প্ৰসেন বৰাক চিকিৎসকে আইচিইউত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে৷ কিন্তু নেমকেয়াৰত আইচিইউত খালি চিট নথকাত গুৱাহাটী মেডিকেল কলেজলৈ ৰাতি ৯টা বজাত স্থানান্তৰ কৰা হয় আৰু কেজুৱেলিটি ৱাৰ্ডতে নিশা ১২-১৫ত তেওঁৰ দেহাবসান ঘটে৷ মেডিকেল কলেজত চিকিৎসকে পৰিয়ালৰ লোকক ৰোগী গুৰতৰভাবে চেপ্তিচেমিয়াত আক্ৰান্ত বুলি অৱগত কৰে৷ তিনিঘন্টাৰ জীৱন -মৰণৰ যুঁজত শিল্পী বৰাৰ এই বিয়োগত নিশ্চিতভাবে সকলোৱে মৰ্মাহত হৈছে৷ চিকিৎসকসকলে হয়তো চিট খালি নথকাত আইচিইউলৈ স্থানান্তৰ কৰিবলৈ সক্ষম নহলেও ৰোগীয়ে চিকিৎসা নোপোৱাকৈ পৰি থাকিল কথাটো অবিশ্বাস্য৷ কি কাৰণে সময়মতে খৰতকীয়াকৈ জীৱন ৰক্ষাকাৰী ৰক্তৰ যোগাৰ নহ'ল তাৰ অনুসন্ধানৰ প্ৰয়োজন৷

বাইশ হেজাৰটকীয়া মেৰুপেনাম (?) জাতীয় বেজী চেপ্তিক শ্বকত দিয়ে। গতিকে চিকিৎসকে (জুনিয়ৰ হলেও) সঠিক দিশতেই আগবাঢ়িছিল বুলিয়ে ধাৰণা হয়৷ ৰাতি ইমাৰজেঞ্চীৰ দায়িত্বত থকা কোনো অধ্যাপকে এই হেন চিৰিয়াচ ৰোগীক চাবলৈ এবাৰলৈ হলেও ভুমুকি মাৰিছিলনে নাই সেই বিষয়ে ৰাইজে অৱগত হোৱা নাই৷ ২১তাৰিখে পুৱাৰ টি ভি চেনেলৰ একপক্ষীয় বাতৰিত আমি হতভম্ব হলোঁ৷ এই অকাল মৃত্যুৰ সকলো দোষ জুনিয়ৰ চিকিৎসকৰ গাত জাপি দিয়া হ'ল৷ আপোনজনৰ, তাতে এজন লোকপ্ৰিয় শিল্পীৰ আকস্মিক বিয়োগত পৰিয়াল পৰিজন আবেগিক হোৱাটো একো অস্বাভাবিক কথা নহয়৷ কিন্তু প্ৰকৃত সত্য আৰু পৰিস্থিতিৰ অনুধাৱন নকৰাকৈ বাদানুবাদত লিপ্ত হোৱাটো সঠিক বুলিব নোৱাৰি৷

কোনোবাই কৈছেই এখন হাতে হাত চাপৰি নাবাজে৷ পৰিতাপৰ কথা চেনেলকেইটাই সত্যৰ অনুসন্ধান নকৰাকৈ জ্বলা জুইত ঘিউ ঢালিলে৷ ইয়াৰ ফলত সেই বিশিষ্ট ব্যক্তিজনক পৰোক্ষভাবে হলেও অনাদৰ প্ৰদৰ্শন কৰা হ'ল বুলি আমাৰ ব্যক্তিগত ধাৰণা৷ এই হেন বিশাল আৰু প্ৰচুৰ ভবিষৎতৰ সম্ভাৱনা থকা শিল্পীৰ অকাল বিয়োগত হোৱা অসমীয়া জাতিৰ ক্ষতিৰ তুলনাত চিকিৎসকৰ তথাকথিত অবহেলাক অধিক গুৰুত্ব দিয়াটো সাংবাদিকতাৰ দিশৰ পৰা অশুভ আচৰণ নহয় জানো ?

আজি চিকিৎসকৰ ওপৰত আক্ৰমন, চিকিৎসালয়ৰ আচবাব পত্ৰৰ ক্ষতিসাধন আদি ঘটনা দিনক দিনে বাঢ়ি যোৱাৰ অন্তৰালত এটা পক্ষৰ উচনিমূলক বিবৃতি বা প্ৰচাৰো হয়তো কিছু পৰিমানে জগৰীয়া৷ কোনোবাই ভাবিব পাৰে এজন চিকিৎসকে নিজৰ গোষ্ঠীৰ পক্ষত ঠিয় দিবই৷ কিন্তু প্ৰকৃত কথা সেইটো নহয়৷ মই আতৰৰ পৰাই এক নিৰপেক্ষ বিশ্লেষণৰ প্ৰয়াসহে কৰিছোঁ৷

এইটো সঁচা কথা ডাক্তৰসকল সমালোচনাৰ উৰ্ধত কেতিয়াও নহয়৷ ভাল বেয়া সমাজৰ সকলো লোকৰ মাজতেই থাকে৷ আজিকালি সহিষ্ণুতা কমি যোৱাটো যুগধৰ্মত পৰিণত হৈছে৷ ডাক্তৰ সকলো তেজ-মঙহৰ মানুহ৷ তেওঁলোকৰো আবেগ, অনুভূতি,খং ৰাগ,দুখ ভাগৰ থাকে৷একেৰাহে ১২ঘন্টা ডিউটি কৰি ক্লান্তিবোধ তেওঁলোকৰো আহে৷ ডিউটিৰ বাহিৰৰ সময়খিনিটো চিকিৎসকসকল ৰোগীৰ চিন্তাৰ পৰা কেতিয়াও মুক্ত নহয়৷ নিজৰ চিকিৎসাত এজন ৰোগী আৰোগ্য হলে এক অপ্ৰকাশ্য সুখানুভূতি তেওঁলোকৰো মনলৈ আহে৷একেদৰে যত্ন কৰিও বিফল হলে মনলৈ দুখ আৰু পৰাজয়ৰ গ্লানি চিকিৎসকৰো মনলৈ আহে৷ নানাধৰণৰ ব্যক্তিগত আৰু সাংসাৰিক চিন্তাৰ পৰা চিকিৎসক সকলো মুক্ত হব নোৱাৰে৷ তথপিও মুখত হাঁহিলৈয়ে চিকিৎসা সেৱা আগবঢ়াব লাগে৷ সকলোলৈ বিনম্ৰ অনুৰোধ চিকিৎসকসকলৰ এই দিশটোক আপোনাকে নাপাহৰিব৷

আৰু ডাক্তৰ ভাই বন্ধু সকললৈয়ো মোৰ সবিনয় গোহাৰি - পৰিয়াল পৰিজনসকল সদায় আত্মীয়ৰ অসুখত নানাধৰণে (শাৰীৰিক,আৰ্থিক আৰু মানসিকভাবে) পৰিশ্ৰান্ত হৈ থাকে৷ যি দৰে চিকিৎসকে মনে মনে বিচাৰে এটি শলাগৰ চাঁৱনি বা এটি সমাদৰসুলভ মাত - একেদৰে ৰোগীৰ আত্মীয়ই বিচাৰে এষাৰ সহানুভূতিৰ মাত, ৰোগীৰ বাবে প্ৰয়াসৰ এটি আশ্বাস৷
লেখকৰ ঠিকনাঃ ডোহা, কাটাৰ

No comments:

Post a Comment