হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This

লোকেল গুজৱ.কম
১. অসমৰ টিভিত আৱিৰ্ভাৱ হোৱা ৰকেট কেপচুল বিচাৰি বজাৰত হাহাঁকাৰ। ঠেলা-হেঁচাত বয়োবৃদ্ধ আহত হোৱাৰ বাতৰি। কেপচুলৰ পেকেটৰ সৈতে বিচনা জোৰা দিয়া মিস্ত্ৰীৰ ঠিকনা সমৃদ্ধ কাৰ্ড বাধ্যতামূলক কৰাৰ দাবী জনাইছে নতুন হিতাধিকাৰীসকলে।


২. দৈনিক দুঘণ্টাকৈ ডিডি নৰ্থ-ইষ্টৰ প্ৰগ্ৰাম চোৱাৰ অভ্যাস কৰিলেই উত্তৰ-পূৱৰ মানুহৰ ধৈৰ্য শক্তি বৃদ্ধি হবই বুলি দাবী কৰিছে টিভি দৰ্শক গৱেষণা কেন্দ্ৰই। এই চেনেল চালে অসমীয়া-হিন্দী নামৰ ভাষাটোতো বিশেষজ্ঞ হব পাৰিব বুলি মানসিক প্ৰভাৱ বিভাগে ঘোষণা কৰাৰ সুখবৰ।


৩. এবছৰ সম্পূৰ্ণ কৰাৰ পাছত এতিয়া বিদেশ ভ্ৰমণৰ সংখ্যাক লৈ চিন্তাত পৰিছে আমাৰ নৰেন বৰদেউতা। এবছৰত মাত্ৰ একৈশখন দেশহে ভ্ৰমণ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰি এইটো গড়ত অহা চাৰি বছৰত পৃথিৱীৰ সকলো দেশত ভৰি দি এৰাউণ্ড দ্যা ৱৰ্ল্ড ইন পাঁচ বছৰ নামৰ অভিলেখ গঢ়াতো সম্ভৱ নহব বুলি জানিব পাৰিও মানুহজন চিন্তাত পৰাৰ খবৰ গোপন সূত্ৰত প্ৰকাশ।


৪. অসমৰ শিক্ষক সমাজে টিভি আৰু ৰেডিঅ’ত নতুন শিক্ষামন্ত্ৰীৰ “প্ৰতিপুৱাৰ বচন” প্ৰচাৰ কৰিবলৈ দাবী জনাইছে। দৰমহা কোন মাহৰ পাব, কেই বছৰ, দশক নাপাব, আন্দোলন কৰিব লাগিব নেকি আদি ৰাতিপুৱাই খোলোচাকৈ আপডেট পোৱাৰ ব্যৱস্থা হলেহে তেওঁলোকেও মনপুতি পাঠদান কৰিব পাৰিব বুলিও স্পষ্ট কৰি দিয়া বুলিও জানিব পৰা গৈছে।


৫. “কইনাধৰাত ল’ৰা ৰজা” নামৰ নাটকখন গগৈ প্ৰডাকচনে ৰাইজৰ মনোৰঞ্জনৰ বাবে দীৰ্ঘদিনৰ পাছত মঞ্চস্থ কৰা বুলি জানিব পৰা গৈছে। দালাল, চাতুকাৰ, গুণ্ডা সকলৰ সৈতে ল’ৰা ৰজাই বৈঠকখানাত পতা মন্ত্ৰনা সভাৰ ফটোখনেই এই সপ্তাহৰ সৰ্বাধিক জনপ্ৰিয় আৰু চৰ্চিত ফটো হোৱালৈ চাই গগৈ নিচাদেউলৈ শুভেচ্ছাৰ জোৱাৰ উঠা বুলিও গুজৱ প্ৰকাশ পাইছে।


৬. অসম লোকসেৱা আয়োগত চলা কেলেংকাৰীক লৈ সদৌ অসম বয়োবৃদ্ধ ছাত্ৰ সন্থাই মাত নমতাটো দৃষ্টিকটু হৈছে বুলি বাতৰি ওলাইছে। বৃদ্ধ নেতাৰ বিষয়া হোৱাৰ বাট বন্ধ নকৰিবৰ বাবে কিবা ভিতৰুৱা হিচাব নিকাচ থকাৰ বাবেই সকলো কথাৰে জাতীয় অভিভাৱক সকলে নিমাতী কইনাৰ স্থিতি গ্ৰহণ কৰা বুলি অসমৰ পানীকেচুৱা সকলেও অনুমান কৰিছে।


৭. আমাৰ গগৈ নিচাদেউৱে সংকীৰ্ণ ৰাজনীতি কৰি ছাফ গেমছ পতাৰ সম্ভাৱনাটোকে চাফ কৰি পেলালে বুলি জানিব পৰা গৈছে। নিকা অসম, চাফা অসমৰ কামত ব্যস্ত থকাৰ বাবেই বাহিৰৰ পৰা মানুহ আহি অসম লেতেৰা কৰাটো তেওঁ পচন্দ নকৰিলে কাৰণেই সম্ভাৱনাটোকেই চাফা কৰি পেলোৱা বুলি ভিতৰুৱা খবৰত প্ৰকাশ।


৮. চিবিএছইৰ ফলাফলত নব্বৈৰ ওপৰত নম্বৰ পোৱাৰ ইমান দীৰ্ঘ তালিকাই মিঠাই দোকানী সকলক আচৰিত কৰি তুলিছে। নব্বৈ শতাংশ পোৱাৰ পাছতো মিঠাই টোপোলা এটা নিকিনি মাক-বাপেক শোকমগ্ন হৈ থকাটো দেশৰ বাবে ভাল কথা নহয় বুলিও ছেবাত পুত্ৰই তৃতীয় বিভাগ পাওতে মিঠাই বিলোৱা মিঠাই দোকানী মিঠাৰাম দাসে মত প্ৰকাশ কৰিছে।


৯. অসমত অহা বৰ্ষটোত ৰাইজে বাটে-পথে “টোলগেট-টোলগেট” নামৰ ভ্ৰাম্যমান বাটৰ নাটখন চাবলৈ পাই থাকিবই বুলি নিশ্চিত কৰিছে সদৌ অসম থলুৱা প্ৰতিবাদী সংস্থাই। সংস্থাই ইতিমধ্যেই অসমৰ বিভিন্ন স্থানত লাঠি-জোং, তেল-কেৰাচিন আদিৰে এই নাটক মঞ্চায়নৰ বাবে সাজু হৈ থকাৰো গোপন খবৰ প্ৰকাশ পাইছে।

১০. অসমৰ শিক্ষামন্ত্ৰীয়ে কলেজ শিক্ষকৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিব বুলি গুজৱ ওলাইছে। দৰমহা বেছি হোৱাত তেখেতৰ চকুত পোৰণি উঠালৈ চাই তেখেতে অচিৰেই ঘণ্টা হিচাবত দা-দৰমহাৰ প্ৰস্তাৱ ৰখাৰ বাবে পুৱতি নিশা সপোন দেখাৰ কথাও ব্যক্তিগত জ্যোতিষে প্ৰকাশ কৰিছে।

No comments:

Post a Comment