পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
                          আজিৰ ভাল খবৰবোৰ ১)  উত্তৰ-পূৰ্বাঞ্চলত স্থাপন কৰিবলৈ লো‌ৱা মেগা ফুড পাৰ্কখনৰ আজি উদ্বোধন কৰিছে কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগমন্ত্ৰী হৰছিমৰাট কৌৰ বাদল আৰু মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে নলবাৰী জিলাৰ টিহুত । কো‌ৱা হৈছে যে 'ফুড ফ্ৰম ফাৰ্ম টু ড্য ফৰ্ক' আদৰ্শৰে এই পাৰ্কখনে খাদ্য সামগ্ৰী উৎপাদন থলীৰ পৰা খো‌ৱাৰ মেজলৈ আনিবৰ বাবে ল'বলগীয়া সকলো পদক্ষেপ হাতত ল'ব । ইয়ে ৰাজ্যবাসীলৈ সুখৰ বতৰা কঢ়িয়াই আনিছে ।

২)  অহা শনিবাৰে দিনৰ দহ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষনা কৰা হ'ব । এই ফলাফল জিলা সদৰসমূহৰ ওপৰিও www.ahsec.nic.in ‌ৱেচচাইটযোগে উপলব্ধ হ'ব । ইয়াৰ উপৰিও বি.এচ.এন.এল. মোবাইল সে‌ৱা থকা লোকসকলে এটা মেচেজ পঠিয়াই নিজৰ ফলাফল পাব পাৰিব । এই মেছেজটো হ'ল ASM15  <নিজৰ ROLL>  < নিজৰ NO>  আৰু পঠিয়াবলগীয়া নম্বৰটো হ'ল 57766

৩) কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগৰ অন্তৰ্গত গু‌ৱাহাটীস্থ Institute of Hotel Management Catering Technology & Applied Nutrition নামৰ অনুষ্ঠানটো‌ৱে ২০১৫-২০১৬ বৰ্ষৰ বাবে কিছুমান 'কম সময়ৰ পাঠ্যক্ৰম'ত নামভৰ্তিৰ বাবে আ‌ৱেদন বিচাৰিছে । এই পাঠ্যক্ৰমসমূহৰ পৰা স্বা‌ৱলম্বী হো‌ৱাৰ পথ মুকলি হ'ব পাৰে আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতাও বিশেষ নালাগে । উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বা স্নাতক সকলেও এনে ছমহীয়া আৰু দেৰবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব । সমুদায় পাঠ্যক্ৰমটো পঢ়ি সাং কৰিবৰ বাবে ইয়াত বহুত বেছি টকাৰো আ‌ৱশ্যকতা নহয় আৰু চৰকাৰী জলপানী তথা প্ৰমাণ-পত্ৰ পো‌ৱা যায় । স‌ৱিশেষ জানিবৰ বাবে ইচ্ছুকসকলে http://www.ihmctanghy.org.in/ ‌ৱেবচাইটটো চাব পাৰে ।

৪) এতিয়াৰে পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীজনক নিজৰ মতামত পোনপতীয়াকৈ জনাব পাৰিব দেশৰ জনগণই । এই সুবিধা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আগবঢ়াইছে ইয়াৰ ‌ৱেবচাইট http://pmindia.gov.in যোগেৰে ।

৫) আমেৰিকাৰ পৰা প্ৰকাশিত বিশ্বজুৰী সমাদৃত জনপ্ৰিয় 'ফৰ্বছ' আলোচনীয়ে চলো‌ৱা এটা সমীক্ষাৰ জৰিয়তে বাছি উলিও‌ৱা বিশ্বৰ ১০০ গৰাকী প্ৰভা‌ৱশালী মহিলাৰ তালিকাত স্থান পাইছে ৪ গৰাকী ভাৰতীয়ই । তেওঁলোক হৈছে ভাৰতীয় ষ্টেট বেংকৰ মূৰব্বী অৰুন্ধতী ভট্টাচাৰ্য , আই চি আই চি আই বেংকৰ মূৰব্বী চন্দা কোছাৰ, বায়'কণৰ প্ৰতিষ্ঠাপক কিৰণ মজুমদাৰ আৰু এইচ্চ টি মেদিয়াৰ অধ্যক্ষ শোভানা ভাৰ্টিয়াই ।

৬)  সাৰদা ছীট ফাণ্ড কেলেংকাৰীত জড়িত কোনো ব্যক্তিকে সাৰি যাবলৈ দিয়া নহ'ব বুলি নিজৰ স্থিতি ঘোষণা কৰিছে কালি বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই । তেওঁ কয় যে চিবিআইৰ শ্বাৰ্জছীট দিয়া সকলোৰে ওপৰত চৰ-জমীন তদন্ত বাহাল ৰখা হ'ব ।


৭) বায়'টেক্ন'লজী আৰু বায়ইনফৰমেটিকত ডিগ্ৰীধাৰীসকলৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ত গ‌ৱেষণামূলক পদবী আৰু 
বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা Management of Intellectual Property Rights বিষয়ত অভিজ্ঞতা থকা প্ৰাৰ্থীৰ বাবে অসম তথ্য বিজ্ঞান আৰু পৰি‌ৱেশ পৰিষদৰ অন্তৰ্গত বিজ্ঞানী-খ পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ হৈছে । স‌ৱিশেষ জানিব পাৰিব সংশ্লিষ্ট ‌ৱেবচাইটৰ পৰা ।

৮) তৃতীয় লিংগৰ প্মৰথমগৰাকী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে পৰিগণিত হৈছে পশ্চিমবংগৰ কৃষ্ণনগৰ ছো‌ৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ্য মান‌ৱী বন্দোপাধ্যায় । যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত হো‌ৱা এইগৰাকী তৃতীয় লিংগৰ এনে সাফল্যত সকলো‌ৱে সঁহাৰি জনাইছে ।

৯) অসম চৰকাৰে ২০১৪ চনৰে পৰা প্ৰযোজ্য হো‌ৱাকৈ প্ৰ‌ৱৰ্তন কৰিছে জ্ঞানপীঠ বিজয়িনী সাহিত্যিক 'মামণি ৰয়ছম গোস্বামী বঁটা '। এই বঁটাৰ বাবে প্ৰাৰম্ভিক বৰ্ষটিত মনোনীত হৈছে বিশিষ্টা সাহিত্যিক নিৰুপমা বৰগোঁহাঞি।  এই বঁটাত আছে নগদ এক লাখ টকা, প্ৰশস্তি পত্ৰ আৰু অংগ বস্ত্ৰ ।

১০) মূলত: খো‌ৱাপানী যোগান আৰু যাতায়তৰ উন্নীতকৰণত ব্যয় কৰিবৰ বাবে কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰালয়ৰ পৰা অসমে লাভ কৰিব ২০০ কোটি টকাৰ পেকেজ । এই কথা ঘোষণা কৰি কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী ডা: জীতেন্দ্ৰ সিঙে কালি গু‌ৱাহাটীত কয় যে   কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ নামত খৰছ কৰিবলগীয়া মুঠ ধনৰ ২৭% ধন অসমে লাভ কৰিব ।

No comments:

Post a Comment