চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
ব’হাগ, বিতৰ্ক আৰু ব্যৱসায়
ইন্দুকল্প শইকীয়া

মনটোৱে কেতিয়াবা নকৰিব লগীয়া কিছুমান চিন্তা আৰু কৰিব নোৱাৰা কিছুমান কামক লৈ শংকিত হৈ পৰে । আমাৰ দৰে পৰনিৰ্ভৰশীল মানুহৰ মনক যদি প্ৰয়োজনতকৈ কিছু বেছি অৱসৰ দিয়া হয়, তেতিয়াই উমি উমি মনৰ কোনো দ খাৱৈত জ্বলি থকা কিছুমান চিন্তাৰ ভমকনিয়ে মগজুক স্পৰ্শ কৰাৰ চেষ্টা কৰে চাগৈ !! এনে চিন্তাবোৰৰ কোনো স্থায়ী সমাধান নাথাকে, নাথাকে কোনো বাস্তৱিকতা। মাথো মনৰ শান্তিৰ বাবে “জুকাৰবাৰ্গ”য়ে দিয়া সুবিধাখিনিৰ পূৰ্ণ সুযোগ লৈ অ’ত-ত’ত আঁৰি দিয়া হয় । 

যোৱা বহুকেইটা দিন ধৰি তেনে এক চিন্তাই মনতে খু-দুৱাই আছিল । বিষয় – ব’হাগ । বহুদিন আগতে ক’ৰবাত পঢ়িছিল ব’হাগ হেনো বিসম্বাদী হ’ল আৰু এতিয়া তাতকৈয়ো এখোপ চৰি ক’ব পাৰি ব’হাগ এতিয়া “বিতৰ্কিত” হ’ল, ব’হাগ এতিয়া “ব্যৱসায়” হ’ল । বিতৰ্ক নোহোৱাকৈ বৰ্ত্তমান ব’হাগৰ সামৰণিটো বাদেই, আদৰণিয়েই নোহোৱা হ’ল । সেই বিতৰ্ক সমূহ সচাই বিতৰ্ক নে ব’হগী বিতৰ্কৰে ব্যৱসায় লাভা-লাভ সৃষ্টি কৰাৰ এক আহিলা সেয় চিন্তাইও মনত খু-দুৱনি লগাই ঠিক আগেয়ে কৈ অহাৰ দৰে এক অলাগতীয়াল চিন্তাই হ’ব নিশ্চয় এয়া । 

অসমৰ দৰে এখন ৰাজ্যত এটা মাথো উৎসৱ উদযাপন কৰিবলৈ মাত্ৰ এটা মাহত কিমান টকাৰ ব্যৱসায় হয় চাগৈ !! এনেই মনতে এটা হিচাপ কৰি চাইছিলো, গড়ে একোখন সাংস্কৃতিক সন্ধ্যাত যদি ১০ লাখ টকাকৈ খৰছ হোৱা বুলি ধৰা যায়, তেনে ৩০ দিনত অসমত ব’হাগৰ নামত ব্যৱসায় হয় ৩ কোটি টকাৰ । এদিনত অসমত যদি কমেও ৫ খন সাংস্কৃতিক সন্ধ্যা পাতে বুলি ধৰা হয়, তেনে ৩০ দিনত অসমত ব্যয় হয় ১৫০ কোটি টকা । এয়া কোনো কেন্দ্ৰীয় চৰকাৰে দিয়া পূজিৰ ধনৰ হিচাপ নহয়, এয়া অসমত থলুৱা ভাৱে সংগ্ৰহ কৰি খৰছ হোৱা ধনৰ হিচাপ । বছৰি সিমানখিনি টকা আনকোনো এক ব্যৱসায়িক ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা হয়, অসমত আন এক বিল্পৱে ঠিয় দি উঠিব পাৰিলে হয় নিশ্চয় । 

আন এক চিন্তা । বিনাদ্বিধাই স্বীকাৰ কৰো, অসমত অসমীয়া ইলেক্ট্ৰনিক মিডিয়াই এক বিল্পৱৰ সূচনা কৰিছে। বহু কলা-কুশলীক কমকৈ হ’লেও এটি চাকৰি দিছে । বহুতো নাম নজনা, লুপ্তপ্ৰায় সংস্কৃতিক ৰাইজৰ মাজত চিনাকি কৰাই পুনৰ্জীৱিত কৰি তুলিছে । কিন্তু সেই একেই মিডিয়াই ব’হাগৰ নামত ব্যৱসায় কৰাত জপিয়াই পৰিছে নেকি নে অসমীয়া দৰ্শক-শ্ৰোতাৰ মনৰ পছন্দ সলনি হ’ল ? মাথো দুজন বা তিনিজন শিল্পীৰ “লাইভ” গীতৰ অনুষ্ঠান গোটেই মাহতো চলি থাকে । তেওঁলোকে প্ৰায় ক্ষেত্ৰতেই একেখিনি গানেই পৰিৱেশন কৰি থকা দেখা যায়, আমনি নালাগেনে বাৰু ? তেনে আন কেইমাহটো সেইখিনি সময়ত কোনো টি.আৰ.পি. নাথাকেই যি আহে আহক বুলি লাগি থকা যায় ? সম্পূৰ্ণ এটা মাহ অসমৰ আন আন বহু ঠাইতো নিশ্চয় বহু অনুষ্ঠান আয়োজিত হয়, তাতো নিশ্চয়কৈ কোনো থলুৱা শিল্পীয়ে গীত পৰিৱেশন কৰে, তেওঁলোকৰ অনুষ্ঠান প্ৰচাৰ কৰাৰ পৰা বিৰত থকা হয় নে তেওঁলোকক ৰাইজৰ মাজলৈ উলিয়াই অনাত কোনোফালৰ পৰা হেচা প্ৰয়োগ কৰা হয় নে তথাকথিত যি কেইগৰাকী শিল্পীৰ অনুষ্ঠান গোটেই মাহতো চলাই থকা হয় তেওঁলোকে বন্দোৱস্ত কৰোতেই এক “পেকেজ” হিচাপে বিহু সমিতিৰ লগত চুক্তিৱদ্ধ হয় যে “মই অনুষ্ঠান কৰিলে অমুক অমুক টি.ভি. চেনেলে সম্প্ৰচাৰ কৰিব তাৰ বাবে মাত্ৰ ইমান খিনি টকা অধিক দিলেই হ’ল !!”

আগতেই কৈছো আমাৰ দৰে পৰনিৰ্ভৰশীল মানুহৰ মনটোক প্ৰয়োজনতকৈ অধিক অৱসৰ দিলে কৰিব নলগীয়া চিন্তাৰ ভমকণিয়ে মগজু স্পৰ্শ কৰাৰ প্ৰয়াস কৰে। তেনে চিন্তাৰ উদ্ৰেকত শংকিত হোৱাও দেখা যায় “এয়াই ব’হাগ নে”? হয়তো এই ধাৰাটোৰ প্ৰথম কেই বছৰমান এনে চিন্তা অহা নাছিল, কিয়নো আমিও অসমৰ বাহিৰত আছোহি, এনে সাংস্কৃতিক অনুষ্ঠান সমূহ চাই ভাল লাগিছিল, পিছে বছৰি বছৰি একেই ধাৰা ? ক’ৰবাত যেন ব’হাগৰ সংজ্ঞাই সলনি কৰাৰ এক ধাৰাৰ সৃষ্টি হৈছে । য’ত ব’হাগ মানে এমাহ ধৰি বিনামূলীয়া নৈশ সাংস্কৃতিক(??) সন্ধ্যা, ১৫০ কোটি টকাৰ এক ব্যৱসায়, নোৱাৰিলে নহয় বাবে থলুৱা দুবিধমান বাদ্যক সাঙুৰি বাকী সকলো “আমদানি” কৰা বাদ্যযন্ত্ৰ সম্বিলিত সংগীত ! সময়ৰ লগত সংস্কৃতি সলনি হয়, সেয়া অনস্বীকাৰ্য্য, পিছে সংস্কৃতিৰ নামত সামাজিক এক ধাৰাৰ সলনি কৰা সেয়া জানো শুদ্ধ !! 

আকৌ কওঁ এয়া নকৰিব লগীয়া কিছু চিন্তাৰেই হয়তো পৰিণতি । ভাৰতৰ আন কোনো ৰাজ্যত সংস্কৃতিৰ নামত ইমান দীঘলীয়া-ব্যয়বহুল অনুষ্ঠান হয় নে নহয় সেয়া আমাৰ সম্পূৰ্ণ অগোচৰ আৰু যিমান দূৰ জানো এনে আন কতো নহয় । কিন্তু এই একেই ধাৰাক, সৃষ্টিশীল ভাৱে, সাংস্কৃতিক ভাৱে বহু অনুষ্ঠানেই হয়তো আয়োজন কৰি আহিছে য'ত মৃত্যুমুখী কোনো সাংস্কৃতিক দিশক আকোৱালি জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে তুলনামূলক ভাৱে বহু কম খৰছত ।

(লেখাটি আজিৰ সংখ্যাৰ আমাৰ অসম কাকততো প্ৰকাশ পাইছে)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages