মিছা ক'লে কি ডাল হব (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিছা ক'লে কি ডাল হব (হাস্য ব্যংগ)

মিছা ক'লে কি ডাল হব (হাস্য ব্যংগ)

Share This
ফলাফলৰ দিনৰ জ্বলন্ত সমস্যা
ঈশানজ্যোতি বৰা

“হয়, হয় গোবিন্দ৷ মই এতিয়া এক্স্ ৱাই জেড্ জুনিয়ৰ কলেজৰ চৌহদত উপস্থিত আছোঁ আৰু ইয়াত চাৰিওফালে এতিয়া উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে আৰু মোৰ লগত এইমুহূৰ্তত আছে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ পোৱা এইখন কলেজৰে এজন মেধাৱী ছাত্ৰ শ্ৰীমুক্তকণ্ঠ হাতীবৰুৱা৷

-হাতীবৰুৱা,কেনে লাগিছে?”
“ইমান গৰম লাগিছে !”
“সোণটো,তোমাক ৰিজাল্টৰ কথাহে সুধিছে ৷”- কাষতে থকা মাকে হাতীবৰুৱাৰ কাণতে ফুচফুচাই ক’লেহি৷
“অ’ ছ’ৰি ছ’ৰি ৷ ভাল লাগিছে৷ ভাল লাগিছে৷ একজামৰ কাৰণে বহুত হাৰ্ড-ৱৰ্ক কৰিছিলোঁ৷”

“পৰীক্ষাৰ কাৰণে তুমি কেইঘণ্টাকৈ পঢ়িছিলা?”
“পোন্ধৰ ঘণ্টামান পঢ়িছিলোঁ৷”
“তুমি ৰাজনীতি বিজ্ঞানত লেটাৰ পাইছা৷ আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ৰাজনীতিত এক নতুন ৰাজনৈতিক শক্তিৰ উত্থান হ’ব বুলি তুমি ভাবা নেকি?”
“বাপৰে ! ইমান টাফ কুৱেইছন৷ নাজানো দেই৷”

“নৰেন্দ্ৰ মোদীৰ নতুন বৈদেশিক নীতিয়ে ভাৰতৰ অৰ্থনীতিত কেনে প্ৰভাৱ পেলাব ?”
“অ’ এম জি ! ইমান টান টান কুৱেইশনৰ কাৰণে মই প্ৰিপেয়াৰ কৰি অহাই নাই নহয় ! প্লিজ অলপ ইজি কুৱেইশ্যন সোধক৷”

“তুমি অংকত নবৈ নম্বৰ পাইছা৷ বাৰু কোৱাচোন, এক কেজি চাউলৰ দাম এশ টকা হ’লে এপোৱা চাউলৰ দাম কিমান? ৷”
“এই কুৱেছনটো আপুনি মাকে সোধক৷ মাহে বজাৰলৈ গৈ থাকে৷ এনিৱে,গুগুলত পাম নেকি এনচাৰটো?”

“অসমীয়াত তুমি পছাশী নম্বৰ পাইছা৷ আধুনিক অসমীয়া সাহিত্যত ব্যাকৰণৰ প্ৰায়োগিক দিশটোক প্ৰায়েই অৱহেলা কৰা পৰিলক্ষিত হয়৷ এই বিষয়ে তোমাৰ মতামত৷”
“ ইমান টান টান প্ৰশ্ন নুসুধিব ৷ গ্ৰামাৰ ই এনেও বেয়া পায়৷” –এইবাৰ মাকে সাংবাদিকক সঁকীয়াই দিলে৷

“অকে৷ অকে৷ বৰ্তমান অসমৰ জ্বলন্ত সমস্যা কি বুলি তুমি ভাবা? মানে বাৰ্ণিং প্ৰবলেম৷”
“অসমত ইন্টাৰনেটৰ স্পীড বিৰাট শ্ল’৷ ছ’ আমাৰ হুৱাটছ আপ,ফেইচবুক কৰিবলৈ বৰ প্ৰবলেম হয়৷ আমি বাহিৰৰ ৱৰ্ল্ডখনৰ লগত কানেক্টেড হৈ থাকিব বিচাৰোঁ৷ বাট শ্ল’ স্পিডৰ কাৰণে প্ৰফাইল পিক,কাভাৰ পিক সলাবলৈ দিগদাৰ হয়৷ ফৰেইনৰ ফ্ৰেইণ্ডছবোৰৰ সমুখত বিৰাট লাজ পাওঁ৷ এটা কমেন্ট কৰিবলৈ দহ-পোন্ধৰ মিনিটছ্ ওৱেইট কৰিব লাগে৷ ট’ মই আমাৰ মুখ্য মন্ত্ৰী গৌৰৱ গগৈক ৰিকুৱেষ্ট কৰিছোঁ-কাইন্ডলি নেটৰ স্পিডটো বঢ়াই দিয়ে যাতে আমাৰ ফেইচবুক,হুৱাটছ আপ কৰাত ইজি হয়৷”

“দেখিলে মোৰ সোণটোৰ অসমৰ ওপৰত কিমান ইন-ডেপথ্ নলেজ আছে ! ব’লা সোণটো,কথা কৈ কৈ চাগে তোমাৰ ভাগৰ লাগি গৈছেগে৷ কিবা এটা খাই ল’বা৷ সিপিনে ফেইচবুকত কমেন্টবোৰৰ ৰিপ্লাই দিবলৈ আছেই৷ ঘৰলৈ সোনকালে যাব লাগিব৷” পুতেকৰ দুখন গালত টপৰ টপৰকৈ দুটা চুমা খাই মেধাৱী ছাত্ৰজনক মাকে আঁতৰাই নিলে৷

“এটা বিগ ব্ৰেকিং নিউজ ! মেধাৱী ছাত্ৰৰ বক্তব্যত পুনৰ অসমৰ উন্নয়নৰ ফোপোলা স্বৰূপটো ওলাই পৰিল৷ কি হ’ব অসমৰ ! অসমৰ উন্নতি নহ’বই নেকি ! অসমৰ জ্বলন্ত সমস্যাসমূহৰ স্থায়ী সমাধান কেতিয়া হ’ব...... ”-সাংবাদিকৰ চিঞৰ অব্যাহত থাকিল৷

No comments:

Post a Comment