সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

এপিএচছিৰ কেলেংকাৰী আৰু প্ৰতিবাদ
অজয় লাল দত্ত

অসমত কাৰ্যপালিকাৰ নেতৃত্ব বহন কৰা স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰশাসনিক বিষয়া নিযুক্তিৰ বিষয়টোত কৰা তুলুঙা মন্তব্যৰ আমিও তীব্ৰ প্ৰতিবাদ জনাইছো। আমাৰ অসমৰ "প্ৰথম কলম"ত হোমেন বৰগোহাঞিদেৱে শুভাৰম্ভ কৰা এই মুকলি প্ৰতিবাদৰ প্ৰতি অসমৰ সচেতন ৰাইজে সৱল ৰূপত গণ-সমৰ্থন আগবঢ়োৱা উচিত। লগতে সামাজিক সংগঠন সমূহে বিষয়টোত সৱল স্থিতি লৈ ন্যায়পালিকাৰ হস্তক্ষেপেৰে এনে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা কৰিবলৈ বাধ্য কৰিবই লাগিব। মনত ৰাখিব, ঘূণে খোৱা বাচনি প্ৰক্ৰিয়াৰে কেতিয়াও মেৰুদণ্ড থকা নিকা প্ৰশাসনিক ব্যৱস্থা গঢ়ি উঠিব নোৱাৰে। অসম আৰু অসমীয়াৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থতে অসম লোকসেৱা আয়োগৰ সৰ্বাঙ্গীণ পৰিবৰ্তন হবই লাগিব।

আয়োগৰ প্ৰতি উঠা গুৰুতৰ অভিযোগৰ আঙুলিৰ পৰিপ্ৰেক্ষিতত আন তিনিজন সদস্য ডঃ ছামেদুৰ ৰহমান, ৰঞ্জিত বৰঠাকুৰৰ লগতে নিকা ভাবমূৰ্তিৰ বুলি নাম থকা ধেমাজি জিলাৰ বিশিষ্ট ব্যক্তি ডঃ বসন্ত কুমাৰ দলে ডাঙৰীয়াইও নিজৰ স্থিতি স্পষ্ট কৰা উচিত। অভিযোগৰ আঙুলি উঠা অধ্যক্ষৰ ছাঁত তেওঁলোকে এনে খেলিমেলি বাৰণ কৰিবলৈ যদি কিবা অসুবিধাৰ সন্মুখীন হৈছিল, সেয়াও ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ কৰা উচিত। এক নিকা প্ৰশাসনীয় ব্যৱস্থা গঠনৰ বাবে দায়িত্ব লোৱা সকলে নিজা দ্বায়িত্ব সঠিককৈ পালন নকৰা আৰু আয়োগত স্বজন-তোষণ, ধনৰ খেলা হোৱা অভিযোগ উঠাৰ সময়ত সদস্য কেইগৰাকীয়ে নিৰৱ ভূমিকা পালন কৰাটো কোনো পধ্যেই উচিত নহয়।

অসমৰ সকলো স্তৰৰ মেধাৱী শিক্ষাৰ্থী সকলক নিজা প্ৰতিভা প্ৰতিপন্ন কৰাৰ বাবে এখন নিকা মঞ্চ আয়োগে দিবই লাগিব। ৰাজনৈতিক বৈৰীতা পাহৰিও অসমৰ ভৱিষ্যতৰ সামগ্ৰিক স্বাৰ্থতে বিষয়টোত সকলো দল-সংগঠনে শক্তিশালী ভূমিকা গ্ৰহণ কৰক। নহ'লে ঘূণে-খোৱা প্ৰশাসনিক ব্যৱস্থাৰে ক্ৰমাত দুৰ্দশাৰ ফালেই ধাৱমান হোৱা অসমৰ ৰাইজে কাকোৱেই ক্ষমা নকৰিব, সেয়াও নিশ্চিত।

No comments:

Post a Comment