পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) প্ৰথিতযশা সাংসদ, সাহিত্যিক তথা শিক্ষাবিদ হেম বৰুৱাৰ স্মৃতি ৰক্ষাৰ্থে প্ৰতিষ্ঠিত হেম বৰুৱা ন্যাসে প্ৰদান কৰিব হেম বৰুৱা বঁটা।সমাজত নিঃস্বাৰ্থভাৱে মানবীয় অৱদান আগবঢ়াই অহা মুম্বাইৰ অসম ভৱনৰ আৱাসিক উপ-আয়ুক্ত  তথা দীপশিখা ফাউণ্ডেচনৰ দেৱাশিস শৰ্মা আৰু মৰিগাঁও জিলাৰ মধ্যম মায়ং স্কুলৰ প্ৰধান শিক্ষক গোবিন্দ চন্দ্ৰ বৰদলৈক হেম বৰুৱা ন্যাসে এই বঁটা প্ৰদান কৰিব। 

২) আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভাৰতীত দবা খেলুৱৈ বিশ্বনাথ আনন্দৰ নামেৰে নামাকৰণ কৰা হ'ল এটি গ্ৰহ! মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা ৬৫০,০০০ টা গ্ৰহাণুপুঞ্জৰ এটি ক্ষুদ্ৰ গ্ৰহৰ নাম ৰখা হৈছে- ৪৫৩৮ বিশ্ব্যানণ্ড। জাপানৰ কেঞ্জো ছুজুকীয়ে ১৯৮৮চনৰ ১০ অক্টোবৰত আবিষ্কাৰ কৰা এই ক্ষুদ্ৰ গ্ৰহটো ইমানদিনে নামাকৰণ হোৱা নাছিল।  

৩) অভিলেখ গঢ়াৰ লক্ষ্যৰে তিনিটা ভাষাৰ সংমিশ্ৰণেৰে সহস্ৰাধিক শব্দৰ গাঁথনিৰে এটা কবিতা লিখি উলিয়ালে নগাঁওৰ ফৌজদাৰীপট্টীৰ ভাস্কৰ্য শিল্পী গনেশ বৰাই। ইতিমধ্যে একাধিকবাৰ নিজৰ ভাস্কৰ্য কলাৰে ৰেকৰ্ড বুকত নিজৰ নাম লিপিবদ্ধ কৰা বৰাই এই কবিতাটোত- অসমীয়া, ব্ৰজাৱলী আৰু বাংলা ভাষাৰ সংমিশ্ৰণ ঘটাইছে। 

৪) অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত দৃশ্যমান হ'ব আজি হ'বলগীয়া পূৰ্ণগ্ৰাস চন্দ্ৰ-গ্ৰহণ। আজি বিয়লি ৩৹৪৫ বজাৰ পৰা সন্ধিয়া ৭৹১৫ বজালৈ এই চন্দ্ৰগ্ৰহণ হ'ব। 
৫) সমগ্ৰ দেশৰ লগতে আজি অসমৰো বিভিন্ন স্থানত উদ্‌যাপন কৰা হ'ব হনুমান জয়ন্তী। কিছুমান ঠাই বিশেষে, চন্দ্ৰগ্ৰহণৰ বাবে অহাকালি পালন কৰা হ'ব হনুমান জয়ন্তী। 

৬) সলনি হ'ব পাৰে অসম বুৰঞ্জীৰ বহুতো তথ্যৰ পাত! ইতিহাস প্ৰসিদ্ধ 'তলাতল ঘৰ'ত আৰ্কিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ উদ্যোগত চলা প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে বিৰল তথ্য। অনুসন্ধানৰ পৰা তথ্য মতে, তলাতল ঘৰটোৰ চাৰি মিটাৰ তলত পোৱা গৈছে এক নিৰ্মাণশৈলী। যি আহোম ৰাজত্বকালৰ পূৰ্বৰ কোনো নিৰ্মাণশৈলী হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে আৰ্কিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই।
   
৭) অসম সাহিত্য সভাই ২০১৫-১৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সন্মানীয় সদস্য পদ এইবাৰ অসমৰ ৭খন বিশ্ববিদ্যালয়ৰ ৭ গৰাকী উপাচাৰ্যলৈ আগবঢ়াইছে।  

৮) ইতিহাস প্ৰসিদ্ধ বেলশৰৰ বিল্লেশ্বৰ দেৱালয়ত কালিৰে পৰা আৰম্ভ হৈছে মহাৰুদ্ৰ যজ্ঞ। এই যজ্ঞ তিনিদিনীয়া কাৰ্যসূচী অহাকালি সমাপ্তি হ'ব।

৯) অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নগাঁও ৰহাস্থিত মীন মহাবিদ্যালয়ত ১ এপ্ৰিলত বিশ্ববিদ্যালয় খনৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।

১০) মাউণ্ট এভাৰেষ্ট জয়ৰ লক্ষ্যৰে পৰ্বতাৰোহনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি যাত্ৰাৰম্ভ কৰিলে অসম পৰ্বতাৰোহী সংস্থাৰ এঘাৰ জনীয়া এটা দলে। পৰ্বতাৰোহী মানস বৰুৱাৰ নেতৃত্বত এই দলত প্ৰবীণ সাংবাদিক প্ৰণয় বৰদলৈয়েও অংশগ্ৰহণ কৰিছে। কালি নেপালত উপস্থিত হোৱা দলটোলৈ অসমীয়া লোক সকলে শুভেচ্ছা জনাইছে।

No comments:

Post a Comment