পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ



১) অসমৰ মুৰ্গীৰ মাংস আৰু কণীৰ বজাৰখনত বহি:ৰাজ্যৰ ব্য‌ৱসায়ীৰ পয়োভৰক উৎখাত কৰি স্বনিৰ্ভৰশীল যু‌ৱক গঢ়ি তোলাৰ স্বাৰ্থত অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভা‌ৱণ কৰি উলিয়াইছে বৰ্ণসংকৰ প্ৰজাতিৰ কুকুৰা যাৰ নাম দিয়া হৈছে 'কামৰূপা' । প্ৰায় ৮০-৯০ লাখ টকা ব্যয়েৰে হো‌ৱা ৫ বছৰীয়া গ‌ৱেষণাৰ ফল এই 'কামৰূপা'ক অসম চৰকাৰে ইতিমধ্যেই স্বীকৃতি প্ৰদান কৰিছে আৰু প্ৰয়োজনীয় সাহাৰ্য প্ৰদান কৰিবলৈ সন্মত হৈছে । এই গ‌ৱেষণাৰ নেতৃত্বত আছে বিশ্ববিদ্যালয়খনৰ গ‌ৱেষণা সঞ্চালক অপূৰ্ব চক্ৰ‌ৱৰ্তী । প্ৰথম পৰ্যায়ত ৪ লাখ কণী আৰু ৩.২০ লাখ পো‌ৱালী উৎপাদন কৰিবলৈ হাতত লো‌ৱা এই প্ৰকল্পটো সম্পূৰ্ণ কাৰ্যকৰী হৈ গা‌ৱেঁ-ভূঞেঁ ৰাইজৰ ওচৰ চাপিবলৈ আৰু মাত্ৰ দুটা বছৰৰ প্ৰয়োজন হ'ব ।


২) পূৰ্বজ্যোতি অইল এণ্ড গেছ লিমিটেড ডেভেলপমেন্ট চেন্টাৰ নামৰ এটা সংস্থাক নিয়োজিত কৰা হৈছে ৰাজ্যখনৰ বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত যথাসাধ্য চেষ্টা চলো‌ৱাৰ অৰ্থে । তেওঁলোকৰ 'ব্ৰহ্মপুত্ৰ' নামৰ এই প্ৰকল্পটোৰ প্ৰস্তা‌ৱ অনুসৰি ব্ৰহ্মপুত্ৰৰ তলত খনন কৰি সেই মাটিৰেই ইয়াৰ দুই পাৰ বান্ধিব পৰা যাব । ২০০০ কোটি টকীয়া বাজেটৰ এই প্ৰকল্পটো কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কোম্পানীটোৰ যুটীয়া প্ৰচেষ্টাৰে সম্পন্ন হ'ব । এই উদ্দেশ্যে জাৰ্মানীৰ পৰা টাৰ্মিনাল ব'ৰিং মেছিন অনা হ'ব বুলি জনা গৈছে ।


৩) নেপালত হো‌ৱা বিধ্বংসী ভূমিকম্পত ভাৰতীয় বায়ুসেনাই পৰ্যাপ্ত সহায়ৰ হাত আগবঢ়াইছে । এতিয়ালৈকে মুঠ ১৯৩৫ জন ভাৰতীয় নাগৰিকক স্বদেশলৈ ওভোতাই আনিবলৈ সক্ষম হৈছে দেশৰ বায়ু সেনা । 'অপাৰেছন মৈত্ৰী' নাম দিয়া এই উদ্ধাৰ অভিযানত নিয়োজিত হৈছে ১৩ খন বিমান।


৪) মধ্য প্ৰদেশ চৰকাৰে দেশৰ বিশিষ্ট ১২ গৰাকী সাংবাদিকক প্ৰদান কৰা ৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা লাভ কৰিছে অসমৰ ধীৰেন্দ্ৰ নাথ চক্ৰ‌ৱৰ্তীয়ে । উল্লেখ্য যে ২০১৪ বৰ্ষৰ বিদ্যানি‌ৱাস মিশ্ৰ ৰাষ্ট্ৰীয় সাংবাদিকতা বঁটা লাভ কৰিছে 'ইণ্ডিয়ান এক্সপ্ৰেছ' কাকতৰ মুখ্য সম্পাদক শেখৰ গুপ্তাই আৰু ২০১৩ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে ধীৰেন্দ্ৰ  নাথ চক্ৰ‌ৱৰ্তীয়ে ।


৫) এদিনীয়া ক্ৰিকেটত দুবাৰ দ্বিশতক অৰ্জন কৰা একমাত্ৰ বেটছ্ মেন ২৭ বছৰীয়া ৰোহিত শৰ্মাৰ নাম সন্মানীয় অৰ্জুন বঁটাৰ বিবেচনাৰ বাবে বি.চি.চি. আয়ে প্ৰেৰণ কৰিছে ।


৬) ছিনে-আছা গু‌ৱাহাটী আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎস‌ৱৰ আজি তৃতীয় দিন । মহানগৰীৰৰ ৰবীন্দ্ৰ ভ‌ৱনত আৰু গু‌ৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত চলি থকা এই মহোৎস‌ৱত ভালেকেইখন দেশী-বিদেশী খ্যাতনামা চলচ্চিত্ৰৰ প্ৰদৰ্শনী হৈ আছে । এই উপলক্ষে আয়োজিত আলোচনাত স্থান পাইছে ৰাজ্যখনৰ চলচ্চিত্ৰ নীতিয়ে ।  


৭)  অসমৰ পৰা নেপাললৈ যো‌ৱা ভ্ৰমণকাৰীসকলৰ সুবিধাৰ্থে নতুন দিল্লীত অ‌ৱস্থিত অসম ভ‌ৱনত এটি হেল্পলাইন সে‌ৱাৰ ব্য‌ৱস্থা কৰিছে অসম চৰকাৰে । এই নম্বৰটি হ'ল ০১১-২৬১১৬৪৪৪/ ২৬৮৭১১১ সংযোজন নম্বৰ ৬০১ । 


৮) বেলতলা ব'হাগী উৎস‌ৱ সমিতিয়ে সদ্যহতে আয়োজিত কৰা ব'হাগী উৎস‌ৱত কোকিলকন্ঠী গায়িকা দীপালী বৰঠাকুৰক সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে । এই বঁটাত নগট দুই-লাখ টকা, মানপত্ৰ, শ্বীল্ড আৰু ড০ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি আছে ।


৯) পশ্চিম নলবাৰী ব্লকৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰি‌ৱেশ পৰিষদৰ সহযোগত যো‌ৱা ৭ এপ্ৰিলত বিজ্ঞান আৰ্হি তৈয়াৰী প্ৰতিযোগিতা অনুষ্ঠিত হয় । অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৌৰচাকি বিতৰণ কৰা হয় ।


১০)  বিটিএডিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ ডি.এফ.অ' আৰু যোৰাবাট বনাঞ্চলিক বিষয়াৰ যৌথ নেতৃত্বত পাঁচগৰাকী বনধ্বংসকাৰী বেদখলকাৰী আৰু চোৰাং ব্য‌ৱসায়ীক আটক কৰি কোকৰাঝাৰ জে'ললৈ প্ৰেৰণ কৰা হয় ।



No comments:

Post a Comment