পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
                        আজিৰ ভাল খবৰবোৰ
১) আজি বিশ্ব গ্ৰন্থ দি‌ৱস (২৩ এপ্ৰিল )। এই দি‌ৱস প্ৰথমে ইং. ১৯৯৫ চনত উদযাপিত কৰা হৈছিল । মিগু‌ৱেল ড্য ছেৰভান্টে নামৰ লিখকজনৰ মৃত্যুত এই দিনটো বিশ্ব গ্ৰন্থ দি‌ৱস হিচাপে পাতিবলৈ বাছি লৈছিল ইউনেস্ক'য়ে আৰু তেতিয়াৰে পৰা এই দি‌ৱস বিশ্বৰ সকলো ঠাইতে পালন কৰি অহা হৈছে ।



২) যো‌ৱা ২০ এপ্ৰিল,২০১৫ তাৰিখে বাংলাদেশৰ ৰাজধানী ঢাকাত সম্পন্নিত হয় পেট্ৰলজাত সামগ্ৰীৰ ৰপ্তানী সন্দৰ্ভত এখনি ঐতিহাসিক চুক্তি । এই চুক্তি হয় বাংলাদেশ পেট্ৰলিয়াম কৰ্পৰেশ্বন আৰু নুমলিগড় শোধনাগাৰৰ মাজত । চুক্তি অনুযায়ী নুমলীগড় তেল শোধনাগাৰে ইয়াৰ উৎপাদিত পেট্ৰলজাত সামগ্ৰীসমূহ  শিলিগুড়িৰ মাৰ্কেটিং টাৰ্মিনেলৰপৰা বাংলাদেশৰ পাৰ্বতীপুৰলৈ 'ভাৰত-বাংলা বন্ধুত্বৰ পাইপলাইন' নামৰ ১৩০ কি.মি. দৈৰ্ঘ্যৰ পাইপলাইনৰদ্বাৰা যোগান ধৰিব । এই চুক্তিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ বন্ধত্ব আৰু অধিক গাঢ় কৰিব বুলি ধাৰণা কৰা হৈছে ।

৩) এটি কিশোৰক নৃশংসভা‌ৱে হত্যা কৰাৰ অপৰাধত কালি মৰিগাওঁ জিলা আৰু সত্ৰ ন্যায়াধীশ ইক্ৰামূল হুছেইনৰ আদালতে তিনিজন দোষীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে । উল্লেখ্য যে জাগীৰোডৰ অৰূপ দত্তৰ ১৭ বছৰীয়া পুত্ৰক ২০১১ বৰ্ষৰ ১৫ জুলাইৰ নিশা কোনো অজ্ঞাতকাৰীয়ে অপহৰণ কৰি নিছিল আৰু তাৰ পাছত মুক্তিৰ বিনিময়ত ৪০ লাখ টকাৰ ধন দাবী কৰিছিল -এই তিনিজন ব্যক্তি ক্ৰমে সঞ্জয় চন্দা, ভীম দাস আৰু মোহন টেৰণে । ন্যায়পালিকাৰ এনে তদন্ত আৰু ন্যায়ক বহু দল সংগঠন তথা স্থানীয় ৰাইজে আদৰণি জনাইছে ।

৪)  ৰাকেশ কলিতা নামৰ ৰঙিয়াৰ ২২ বছৰীয়া যু‌ৱক এজনক জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফেচবুকত য‌ৱতীৰ অশ্লীল ফটো আপলোড কৰাৰ অপৰাধত ।

৫) ষষ্ঠ ডা: টি . আও ফুটবল প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশত ৪-০ গ'লৰ ব্য‌ৱধানত পৰাস্ত কৰি অসমে ছেমি-ফাইনেলত পদাৰ্পণ কৰিছে । ছায়াৰাম বড়ো, মনেশ্বৰ মুছাহাৰী আৰু জীলেন্দ্ৰ ব্ৰহ্মৰ গ'লেৰে অসমে সুন্দৰ খেলা প্ৰদৰ্শন কৰে ।

৬) চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত কালি টিহুত গ্ৰেপ্তাৰ কৰা হয় দ্য ইউনিয়ন কো: অপাৰেটিভ বেংক লিমিটেডৰ দুজন উচ্চপদস্থ বিষয়াক ।

৭) ৭৫ মেগা‌ৱাট বিদ্যুৎ ক্ৰয় সন্দৰ্ভত যো‌ৱা ২০ এপ্ৰিল,২০১৫ তাৰিখে দামোদৰ ভেলী কৰ্পৰেশ্বনৰ লগত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এখনি চুক্তি সম্পন্ন হয় । ইয়াৰ ফলত অসমত বিদ্যুতৰ নাটনি কমিব বুলি আশা কৰা হৈছে ।



No comments:

Post a Comment