প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্বৰ এক নম্বৰ খেলুৱৈঃ 
কিংবদন্তিত পৰিণত ছাইনা নেহৱাল!
ৰূপাংকৰ চৌধুৰী

বিবিচিয়ে এইগৰাকী ভাৰতীয় কন্যাৰ জীৱন-গাঁথাক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰিবনে নাই? সেই কথাকেই যেন সুধিব খুজিব খুজিছে আজি দেশবাসীয়ে। "ইণ্ডিয়াজ ডাটাৰ" নামৰ তথ্যচিত্ৰৰ বাবে ক্ষোভিত হোৱা ভাৰতীয় মানুহখিনি আজি সঁচাই গৰ্বিত, নিজৰ জীয়াৰীক লৈ। ছাইনা নেহৱাল, বিশ্বৰ এক নম্বৰ বেডমিণ্টন খেলুৱৈ হোৱাৰ সুখবৰে যেন দেশখনকে জোকাৰি গৈছে। সেই আপাহতে অসমীয়াৰ সুখ-দুখেও ছাইনাৰ কৰ্মময় যাত্ৰাৰ এক অন্বেষণ পাঠক ৰাইজৰ বাবে তুলি ধৰিব বিচাৰিছে।

১৯৯০ চনৰ ১৭মাৰ্চত হাৰিয়ানাৰ হিচাৰত হৰবীৰ সিঙ আৰু উষাৰাণীৰ কন্যা হিচাবে জন্মগ্ৰহণ কৰা আৰু বৰ্তমান হায়দৰাবাস নিবাসী ছাইনাৰ খেলৰ জীৱনত বহুতেই উত্থান পতন ঘটিছে। লণ্ডন অলিম্পিকত ২০১২চনত বেডমিণ্টনৰ পদক জিনি তেৱেঁই একমাত্ৰ অলিম্পিকৰ পদক জিকা একমাত্ৰ ভাৰতীয় হোৱাৰ গৌৰৱো অৰ্জন কৰিছিল। ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপৰ খিতাপ জিকাৰ উপৰিও তেওঁ ইণ্ডোনেচিয়ান অপেনৰ চিৰিজ জিকি চুপাৰ চিৰিজ জিকা প্ৰথম গৰাকী ভাৰতীয় হোৱাৰ খ্যাতি অৰ্জন কৰিছিল। পিছে দিন সদায় একে নাযায়, ছাইনাৰো খেলুৱৈ জীৱনলৈ যেন মাজতে বেয়া দিনহে আহিল।
পিছে, জীৱনৰ বাটত কেতিয়াবা উজুটি খাই পৰিলে আটাইতকৈ কঠিন কৰণীয় হৈছে, তাৰ পৰা উঠি নিজকে সক্ষম ভাৱে ঠিয় কৰা আৰু হেৰুৱা শক্তি ওভতাই সদম্ভে আগুৱাই যোৱাটো, আৰু ছাইনায়ো যেন তাকেই কৰিলে।
পৰিয়ালৰ সৈতে ছাইনা

অল ইংলেণ্ড চেম্পিয়নশ্বীপত যেতিয়া ফাইনেলত প্ৰৱেশ কৰিছিল সেইদিনটো এক সাধাৰণ দিনেই আছিল ছাইনাৰ বাবে। সেইদিনা ছাইনাৰ প্ৰতিদ্বন্দ্বী আছিল বিশ্ব চেম্পিয়ন স্পেইনৰ কেৰ'লিনা মেৰিন। কেৰ'লিনাই বেডমিন্টন জগতত ভৰি থৈছিলহে মাথোঁ। ২৫বছৰীয়া ছাইনাই ইতিমধ্যে বিশ্ব বিজয়ী স্পেইনৰ খেলুৱৈ গৰাকীৰ বিপক্ষে তিনিবাৰ মুখামুখি হৈ প্ৰতিবাৰেই বিজয়ী হৈছিল। সেইবাৰো কোনো ব্যতিক্ৰম নহ'ব বুলিয়েই সকলোৱে আশাবাদী আছিল। 

কিন্তু সেইদিনা অঘটন ঘটিছিল। প্ৰথম গেম বিজয়ী হোৱাৰ পিছত দ্বিতীয় গেমত ছাইনা আগবাঢ়ি আছিল, কিন্তু ছাইনাই শেষত ২১-১৬, ১৪-২১, ৭-২১ত পৰাজয়ৰ মুখ দেখিব লগীয়া হয়। 

"খেলুৱৈক ভাল খেলিবলৈ চিঞঁৰি বিব্ৰত কৰাৰ মই পৰিপন্থী।"- ছাইনাৰ প্ৰশিক্ষক বিমল কুমাৰে সেইদিনা খেল শেষ হোৱাৰ পিছত স্বীকাৰ কৰিছিল। "মই ছাইনাক সংযত হৈ খেলিবলৈ উপদেশ দিছিলোঁ। কিন্তু তাইৰ মগজুই কাম কৰা নাছিল। কোনো কথাৰে প্ৰতি তাই কাণসাৰ নাছিল।" 

সেইদিনা একেবাৰেই ব্যতিক্ৰম আছিল ছাইনা, যিয়ে নিজকে সহজেই এৰি নিদিয়াৰ বাবে খ্যাত। কিন্তু শীৰ্ষ ক্ৰম'ৰ খেলুৱৈৰ হাতত পৰাজিত হোৱাৰ শংকাই ছাইনাকো লম্ভিছিল কিজানি!! 

যোৱা এবছৰত, ছাইনাই কিছুমান কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। তাৰে কিছুমান সিদ্ধান্তই ছাইনাক অনুশোচিত কৰিব পাৰে কিন্তু নিজৰ অভিজ্ঞতাক সাৰোগত কৰি দিনে দিনে সুন্দৰ খেলৰ ধাৰা অব্যাহত ৰাখিছিল। 

যোৱা বছৰ জুনমাহত, ছাইনাৰ ৰেংকিঙ নৱম স্থানলৈ নামি গৈছিল। সেই সময়ত এনেকুৱা লাগি গৈছিল যে, পি৹ভি৹ সান্ধু, যাক প্ৰশিক্ষক গোপিচান্দে গুৰুত্ব সহকাৰে আগুৱাই লৈ গৈ আছিল, যেন ছাইনাক চেৰ পেলাই আগুৱাই যাব। বহুতৰে বাবে, আঘাত আৰু দুৰ্বল খেলেৰে জৰ্জৰিত, ছাইনা যেন পাহৰণিৰ গৰ্ভত সোমাই গৈছিল। 

"বহুতো কঠোৰ সিদ্ধান্তৰ জোৰত ইয়াত উপনীত হৈছোঁ। নিয়মীয়াকৈ শীৰ্ষ স্থানৰ খেলুৱৈৰ হাতত পৰাজিত হৈছিলোঁ। আনকি যোৱা বছৰ বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপৰ পিছত মই বেডমিন্টনৰ পৰা অৱসৰ লোৱাৰ কথা ভাবিছিলোঁ। সেয়া মোৰ খেলুৱৈ জীৱনৰ আটাইতকৈ 'অন্ধকাৰ' সময় আছিল। বহুতেই কোৱা আৰম্ভ কৰিছিল- "ছাইনা, তোমাৰ খেলুৱৈ জীৱন ইয়াতেই সমাপ্ত।" যোৱা ৰবিবাৰে দিল্লীৰ ছিৰি ফ'ৰ্টত 'য়োনেক্স ইণ্ডিয়ান ছুপাৰ ছিৰিজ প্ৰতিযোগিতা'ত এসময়ৰ বিশ্ব বিজয়ী থাইলেণ্ডৰ ৰাটচানোক ইন্টান'নক ২১-১৬, ২১-১৪ত হৰুৱাই ছাইনাই স্বীকাৰ কৰে। 

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত, প্ৰশিক্ষক গোপিচান্দৰ পৰা আঁতৰি প্ৰকাশ পাডুকন একাডেমীত বিমল কুমাৰৰ দ্বাৰা প্ৰশিক্ষণ লোৱা আৰম্ভ কৰে। ছাইনাৰ এই সিদ্ধান্তক বহুতেই প্ৰতৰাণাৰ নাম দিছিল। কিন্তু বেডমিন্টনৰ শীৰ্ষলৈ উভতি আহিবলৈ ছাইনা কাতৰ হৈ পৰিছিল। "মই অনুভৱ কৰিছিলোঁ যে মই কৰবাত ফচি গৈছো যাৰ বাবে মই বিশ্বৰ শীৰ্ষৰ তিনিটা স্থানত থকা খেলুৱৈক হৰুৱাব পৰা নাছিলোঁ। যদি কোনোবা এটা পন্থা মোৰ হকে কাম নকৰে তেন্তে নিশ্চিতভাৱে পৰিহাৰ কৰাই উচিত!" ছাইনাই কয়। 

যিবিধ খেলে ছাইনাক ইমানখিনি যশ আৰু সফলতা দিছে সেই খেলবিধৰ শীৰ্ষলৈ পুনৰ আগুৱাই যোৱাৰ পথ নিজেই বনাব লাগিব বুলি ছাইনা বিশ্বাসী আছিল। মাজবাটত আহি দিশহাৰা হোৱাৰ যন্ত্ৰণা বহুতো বিখ্যাত খেলুৱৈ সহিব লগাত পৰে। ইয়াৰ লগত শাৰিৰীক আৰু মানসিক, দুয়োটা দিশেই জড়িত হৈ থাকে। এইক্ষেত্ৰত আনতকৈ নিজেই নিজৰ ওপৰত ৰখা আশাই দৰৱত কাম কৰে। 

বেডমিন্টনৰ দৰে একক খেলত, নিজেই সকলো কথাৰ বাবে দায়িত্ব ল'ব লাগে। সকলোৰে কেন্দ্ৰবিন্দু হৈ থাকে একমাত্ৰ খেলুৱৈজন। কোনো বাহ্যিক সহায় পোৱা নাযায়। সময়ে সময়ে প্ৰশিক্ষক জনে উপদেশবোৰ চিঞঁৰি থাকিব পাৰে কিন্তু খেলুৱৈ জনে অকলে সকলো সিদ্ধান্ত ল'ব লগা হয়- আক্ৰমণ কৰিব নে, প্ৰতিৰক্ষা কৰিব নে, আগুৱাই গৈ খেলিব নে, অৰ্ধ-শ্মেছ মাৰিব নে, নেটৰ কাষত খেলিব? 

খেলুৱৈৰ অকলশৰীয়াৰ কথা আণ্ড্ৰে আগাছীয়ে তেখেতৰ আত্মজীৱনী 'অপেন'ত উল্লেখ কৰিছে। "টেনিছ খেলত খেলুৱৈজনে বিপক্ষৰ খেলুৱৈজনৰ মুখা-মুখিকৈ থিয় হয়, বিধ্বংসী শ্বট ল'ব লাগে, কিন্তু প্ৰতিপক্ষক বা আন কাৰোবাক কোনো দিনেই হাতেৰে চুব নোৱাৰে। টেনিছৰ নিয়ম অনুযায়ী খেলুৱৈজনে কোৰ্টত থকা সময়ত নিজৰ প্ৰশিক্ষকৰ লগত মত-বিনিময় কৰিব নোৱাৰে। বহুতেই কয় যে দৌৰবিদ সকলেই একমাত্ৰ অকলশৰীয়া খেলুৱৈ। কিন্তু সেয়া শুনিলে মোৰ হাঁহি উঠে। দৌৰবিদ সকলে অন্ততঃ তেওঁলোকৰ প্ৰতিদ্বন্দ্বীক অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ গোন্ধ পাই থাকে যিহেতু তেওঁলোকে কিছু ইঞ্চিৰ দূৰত্বত থাকে। টেনিছত খেলুৱৈজন এটা দ্বীপত অকলে থাকিব লাগে। পুৰুষ আৰু নাৰীয়ে ভাগ লোৱা খেলসমূহৰ ভিতৰত, টেনিছ হ'ল 'নিজান-ফাটক'ৰ সমকক্ষ।" 

তেখেতে নিজে অনুভৱ নকৰিব পাৰে কিন্তু তেখেতে কোৱা উপৰোক্ত কথাখিনি বেডমিন্টনৰ লগতো সমানে প্ৰযোজ্য। খেলৰ দৈৰ্ঘ্য সমান নহ'লেও নিয়মবোৰ প্ৰায় একেই দুয়োবিধ খেলতেই- গতিশীল আৰু কঠিন নিৰ্ণয়। 

ক'ৰ্টৰ বাহিৰত নিজৰ ব্যক্তিগত জীৱনৰ সংঘাতবোৰতো ছাইনাই নিজকে অকলশৰীয়া অনুভৱ কৰিছিল। কিন্তু ঠিক সেই সময়তে তেখেতৰ সহযোগী দল আৰু বিমল কুমাৰ কাষ চাপি আহিছিল। 

বিমল কুমাৰে ছাইনাক তেতিয়াও ভাল খেলি থকা বুলি কৈ উৎসাহ দিছিল। কিন্তু তেখেতে ছাইনাৰ খেলাৰ পদ্ধতিৰ কিছুমান সৰু-সুৰা সলনি কৰিছিল - সলনিবোৰ নতুনকৈ আয়ত্ব কৰাত প্ৰথম অৱস্থাত ছাইনাৰ কষ্ট হৈছিল। তেওঁলোকে 'ফিটনেছ'ৰ ক্ষেত্ৰত যথেষ্ট বেছি গুৰুত্ব প্ৰদান কৰিছিল। ছাইনাৰ খেল 'ফিটনেছ'ৰ ওপৰত মাত্ৰাধিক নিৰ্ভৰশীল, কিন্তু বিমলে অনুভৱ কৰিছিল যে ছাইনা ইমানেই বেছি মন্থৰ হৈ গৈছে যে বিপক্ষৰ খেলুৱৈৰ বাবে তেখেতৰ ৰণ-কৌশল বুজি পোৱা অতি উজু হৈ পৰিছিল। 

ছাইনাই নিজাকৈ কিছুমান কৌশল - লাইনৰ কাষত চিধাই মাৰি পঠিওৱা, ক্ৰছ-দ্ৰপ আৰু নেটৰ কাষত লাহেকৈ ঠেলি দিয়া- আদি কৌশল যোগ দিছিল। সৰু সৰু সলনি কিন্তু প্ৰতিদ্বন্দ্বীৰ মনত তাৰ প্ৰভাৱ যথেষ্ট। ৰণনীতি সমূহৰ সৰু সৰু সলনিৰ দ্বাৰা প্ৰতিপক্ষৰ মূৰৰ কামোৰণি হোৱাৰ বাবে যথেষ্ট। ছাইনাক বেডমিন্টনৰ শীৰ্ষ ৰেংকিঙলৈ আগুৱাই নিবলৈ যথেষ্ট। 

এছিয়ান গেমছত ব্ৰঞ্জৰ পদক, চীনত 'ছুপাৰ চিৰিজ'ত বিজয়ী, অল ইংলেণ্ডৰ ফাইনেলত প্ৰৱেশ। তাৰ পিছত ইণ্ডিয়ান অপেনৰ বিজয়ী মুকুট। যোৱা ৰবিবাৰে ইণ্ডিয়ান অপেন বিজয়ী হোৱাৰ পিছত ছাইনাৰ আনন্দৰ বহিঃপ্ৰকাশ নিষ্প্ৰভ আছিল কিন্তু এয়া সহজেই অনুমেয় আছিল যে ছাইনাই মানসিক ভাৱে কিমান প্ৰশান্তি লাভ কৰিছে। 

" মই ভাৱো এক প্ৰকাণ্ড বোজা মোৰ মূৰৰ পৰা নোহোৱা হৈছে। যোৱা চাৰি বছৰে, মই যথেষ্ট কষ্ট কৰি আছিলোঁ, প্ৰি-কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেলত হাৰৰ সন্মুখীন হৈ আছিলোঁ, এইবাৰ প্ৰথম বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰি বিজয়ী হৈছোঁ। সেয়েহে এই প্ৰতিযোগিতা খনে অনেক চমক কঢ়িয়াই আনিছে মোৰ বাবে- বিশ্বৰ শীৰ্ষস্থান, বিজয়ী মুকুট। মই নিজকে লৈ বহুত গৌৰবান্বিত। ইমান সংঘাতৰ পিছত মোৰ জীৱনলৈ এই দিনটো আহিব বুলি কোনো দিনে ভবা নাছিলোঁ। এয়া মোৰ জীৱনৰ আটাইতকৈ গুৰুত্ত্বপূৰ্ণ সময়।" ছাইনাই নিজৰ অনুভৱ এইদৰেই প্ৰকাশ কৰে সংবাদ মাধ্যমক। 

মোৰ জীৱনৰ আটাইতকৈ গুৰুত্ত্বপূৰ্ণ সময়... কথাখিনি তৰল ভাৱে কোৱা নহয়। ক্ষন্তেকৰ বাবে হ'লেও, ছাইনাই কিছু বিশ্ৰাম ল'ব পাৰিব। মাটিত ভৰি থৈ গৌৰৱ অনুভৱ কৰিব পাৰিব- হয় তেখেত ছাইনা নেহৱাল! বিশ্বৰ এক নম্বৰ খেলুৱৈ! কিংবদন্তি ছাইনা!

No comments:

Post a Comment