জীৱন যৌৱন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
ঘোপমৰা আন্ধাৰত পোহৰৰ সন্ধান
দীপাংকৰ মল্ল বৰুৱা
জীৱন গতিশীল, বৈচিত্ৰতাৰে ভৰা। জীৱনে যেনেদৰে কেতিয়াবা আনে সুখ আৰু আনন্দৰ জোৱাৰ, সেইদৰে জীৱনে কেতিয়াবা দি যায় দুখ আৰু যাতনাৰ সাগৰ। কেতিয়াবা জীৱনে এজন মানুহৰ জীৱনলৈ আনে স্বৰ্ণময় কৃতিত্ব আৰু কেতিয়াবা কঢ়িয়াই লৈ আনে চৰম দুৰ্দশা আৰু দুৰ্যোগ। 

জীৱনলৈ অপ্ৰত্যাশিত ভাৱে অহা বিষময় পৰিস্থিতিয়ে মানুহক বিমৰ্ষ আৰু হতাশাগ্ৰস্ত কৰি তোলে। বহুতো মানুহে তেনে পৰিস্থিতিত ভাগ্যক ধিয়াই নিজৰ কপাল চপৰিয়ায়। কিন্তু আন এচাম মানুহে বিতত নহৈ তেনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি লয়। 

যিসকলক ব্যক্তিৰ সাফল্যই আমাক মোহিত কৰে, যিসকলক আমি মহান ব্যক্তি বুলি আমি শ্ৰদ্ধা কৰোঁ, সেই সকলৰ মাজত হয়তো এজনো এনে ব্যক্তি নোলাব যিজনে কেতিয়াও জীৱনত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। বৰং বেছিভাগ মহৎ লোকৰে জীৱন গাঁথা হ’ল প্ৰতিকূল পৰিস্থিতিৰ লগত নিৰন্তৰ সংগ্ৰাম কৰি নিজকে আগুৱাই লৈ যোৱাৰ কাহিনী। প্ৰতিটো স্বৰ্ণময় সাফল্যৰ আঁৰত আছে মানুহৰ সংগ্ৰাম, ত্যাগ আৰু কষ্টসহিষ্ণুতাৰ অলিখিত আখ্যান। এইসকল লোকে নিজৰ তমসাচ্ছন্ন জীৱনক সাহস আৰু ধৈৰ্যৰে আলোকিত কৰি উজ্বলাই তুলিবলৈ সক্ষম হৈছিল।

ফ্ৰেংকলিন ৰুজভেল্ট চাৰিবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল আৰু তেওঁ আমেৰিকাৰ এজন সৰ্বকালৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰপতিৰূপে পৰিচিত। কিন্তু তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ আগতেই কঁকালৰ পৰা তলৰ অংশ পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ অসাৰ হৈ পৰিছিল আৰু পিছৰ ওৰেটো জীৱন তেওঁ হুইল চেয়াৰত বহিয়েই কটাইছিল। বিশ্ববিখ্যাত নোবেল পুৰষ্কাৰ বিজেতা পদাৰ্থ বিজ্ঞানী আইনষ্টাইনক সৰুতেই বিদ্যালয়ৰ পৰা মন্দবুদ্ধিৰ ছাত্ৰ বুলি বাহিৰ কৰি দিয়া হৈছিল। তেওঁ পদাৰ্থ বিজ্ঞানক স্নাতক হোৱাৰ পিছতো দুবছৰলৈ কোনো চাকৰি পাবলৈ সক্ষম হোৱা নাছিল। আজিৰ সময়ত বিশ্ব বিখ্যাত অন্তৰীক্ষ বিজ্ঞানী ষ্টিফেন হকিঙে দুৰাৰোগ্য শাৰীৰিক ব্যাধিত আক্ৰান্ত হৈ কেৱল শৰীৰৰ দুটা আঙুলি লৰচৰ কৰিব পৰা অৱস্থাত আছে। কিন্তু তেনে অৱস্থাতো কম্পিউটাৰৰ সহায় লৈ তেওঁ কৰি গৈছে বিভিন্ন জটিল গৱেষণা আৰু লিখি উলিয়াইছে কেইবাখনো বিখ্যাত গ্ৰন্থ। বিশ্ববিখ্যাত সঙ্গীতজ্ঞ মোজাৰ্টে তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ সংগীত ৰচনা কৰা সময়ত তেওঁ আছিল সম্পূৰ্ণভাৱে বধিৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এসময়ত ৰেল ষ্টেছনত চাহ বিক্ৰী কৰিছিল। ৰিলায়েঞ্চ কোম্পানীৰ প্ৰতিস্থাতা ধীৰুভাই আম্বানিয়ে এসময়ত ফল বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিছিল। মানুহে নিজৰ জীৱনৰ দুৰ্লংঘ্য যেন লগা বাধা অতিক্ৰম কৰি জীৱনটোকে সফল ভাৱে গঢ়িবলৈ সক্ষম হোৱাৰ এনে শত সহস্ৰ উদাহৰণ আছে। 
এইখিনিতে আমাৰ মনলৈ প্ৰশ্ন অহাটো স্বাভাৱিক, কিছুমান মানুহে কেনেকৈ হাজাৰ দুৰ্যোগ, দুৰ্গতি নেওচি জীৱনত সফলতা লাভ কৰিব পাৰে। তেওঁলোকৰ কিবা দৈৱিক শক্তি থাকে নেকি যিবোৰৰ সহায়ত তেওঁলোকে এনে অসাধ্য সাধন কৰিব পাৰে। ঘোপমৰা আন্ধাৰে আৱৰা জীৱনত তেওঁলোকে কিদৰে কৰে পোহৰৰ সন্ধান? দুৰ্যোগৰ চাকনৈয়াৰ পৰা মুক্তি পাই সফলতা পথত অগ্ৰসৰ হোৱাৰ কিবা গোপন ফৰ্মূলা আছে নেকি?

বহুতেই বিশ্বাস কৰে যে যিসকল লোকে জীৱনৰ হেজাৰ বাধা নেওচিও সফল হ’ব পাৰিছে, সেই সকল লোক বেলেগ ধাতুৰে গঢ়া। এই কথাটো আংশিক ভাৱে সত্য। সেই সকল লোকৰ শাৰীৰিক গঠন আন মানুহৰ দৰেই, কিন্তু মানসিক গঠনত তেওঁলোক সাধাৰণ মানুহতকৈ পৃথক, তেওঁলোক মানসিক ভাৱে শক্তিশালী। শক্তিশালী মনটোৱেই হ’ল তেৰ্ওঁলোকৰ সফলতাৰ ছাবি কাঠি। শক্তিশালী মনৰ অধিকাৰী হোৱাৰ বাবেই তেওঁলোকে দু:সহ জীৱনৰ মুখামুখি হ’লেও ভাঙি নপৰে, জীৱনত অহা বিপত্তিৰ বাবে ভাগ্যক দোষি বহি নাথাকে। বৰং বিফলতাৰ বাবে বন্ধ হোৱা দুৱাৰখনৰ ঠাইত তেওঁলোকে সফলতাৰ এখন নতুন দুৱাৰৰ সন্ধান কৰে। 

এতিয়া প্ৰশ্ন হয়, এটা শক্তিশালী মন ঈশ্বৰ প্ৰদত্ত নে মানুহৰ নিজৰ চেষ্টাৰ ফল? বিজ্ঞানী আইনষ্টাইনৰ মতে মানুহৰ মানসিক শক্তিৰ কেৱল ৫% পৰ্যন্তহে হে ঈশ্বৰ প্ৰদত্ত বা জন্মসূত্ৰে লাভ কৰা হ’ব পাৰে। বাকী ৯৫%ই মানুহৰ নিজৰ চেষ্টা আৰু অধ্যাৱসায়ৰ ফল।

যেনেদৰে এটা শক্তিশালী শৰীৰৰ অধিকাৰী হ’বলৈ শাৰীৰিক ব্যায়াম কৰাটো জৰুৰী, সেইদৰে এটা শক্তিশালী মনৰ অধিকাৰী হ’বলৈ হ’লে মানসিক ব্যায়াম কৰাটো আৱশ্যকীয়। শাৰীৰিক ব্যায়ামত যিদৰে শৰীৰৰ চালচলন নিয়ন্ত্ৰিত কৰা হয়, মানসিক ব্যায়ামত মনৰ চালচলন নিয়ন্ত্ৰিত কৰাৰ প্ৰয়োজন হয়। মনৰ চালচলন নিয়ন্ত্ৰিত কৰিবলৈ হ’লে ভাল বেয়া সকলো পৰিস্থিতিকে সহজ ভাৱে স্বীকাৰ কৰি মনক বিচলিত নোহোৱাকৈ ৰখাটোৱেই আটাইতকৈ প্ৰয়োজনীয় কথা। প্ৰাপ্তিৰ আনন্দ বা অপ্ৰাপ্তিৰ বেদনা দুয়োটাতে মন বিচলিত হ’ব পাৰে। সেয়েহে দুয়োটা ক্ষেত্ৰতে মনক নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয়।

ৰাতিৰ আন্ধাৰ নাথাকিলে দিনৰ পোহৰৰ মাদকতা অনুভৱ কৰিব নোৱাৰি। সেইদৰে প্ৰতিকূল পৰিস্থিতিৰ অবিহনে অনুকূল পৰিস্থিতিৰ আনন্দও উপভোগ কৰিব নোৱাৰি। ৰাতিৰ পিছত পিছত দিন থকাৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ পিছতো অনুকূল পৰিস্থিতিৰ আগমণ হোৱাটো নিশ্চিত। সেয়েহে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত ধৈৰ্য নেহেৰুৱাই নিজকে সংযত কৰি নিজৰ কৰ্তব্য নিৰূপণ কৰাটো অতি প্ৰয়োজনীয়। মনক অশান্ত, উত্তেজিত হ’বলৈ দিলে মনে সঠিক পথ বিচাৰি নাপায়। শান্ত, সমাহিত মনেহে মানুহক প্ৰতিকূল পৰিস্থিতিৰ পৰা মুক্তি পোৱা পথৰ সন্ধান দিব পাৰে। 

দুৰ্যোগপূৰ্ণ পৰিস্থিতিতো নিজৰ মনক শান্ত, সমাহিত তথা অবিচলিত কৰি ৰাখিবলৈ যিসকল ব্যক্তি সক্ষম হয়, তেওঁলোকেই জীৱনত কৃতকাৰ্য হ’ব পাৰিছে। এইটোৱেই হৈছে মানুহৰ সাফল্যৰ মেজিক ফৰ্মূলা। প্ৰতিকূল পৰিস্থিতিত কাবু নোহোৱা আৰু কোনো পৰিস্থিতিতে মনৰ শান্ত আৰু সমাহিত অৱস্থা সলনি হ’বলৈ নিদিয়াটোৱেই সফল লোকৰ সাফল্যৰ মূলমন্ত্ৰ। এই সকল লোক মানসিক ভাৱে ইমানেই শক্তিশালী হয় যে কোনো দুৰ্যোগ, কোনো বাধাই, কোনো বিপত্তিয়ে তেওঁলোকক বিচলিত কৰিব নোৱাৰে।

আমাৰ দৰে সাধাৰণ মানুহৰ বাবে এই কথাটো বুজিবলৈ যথেষ্ট কঠিন যে, সকলো পৰিস্থিতিতে মনক শান্ত আৰু নিয়ন্ত্ৰিত কৰি ৰখাটো কেনেকৈ সম্ভৱ হ’ব পাৰে? মনৰ লগত মানুহৰ আবেগ, অনুভূতিৰ সম্পৰ্ক আছে। মানুহ কেনেদৰে ইমান আবেগ বিবৰ্জিত হ’ব পাৰে যে কোনো পৰিস্থিতিয়ে তেওঁৰ মন বিচলিত কৰিব নোৱাৰাকৈ ৰাখিব পাৰে? যেতিয়া পৰিয়ালত আপোনজনৰ মৃত্যু হয়, যেতিয়া এজন ব্যক্তি বৃহৎ লোকচানৰ সন্মুখীন হয়, যেতিয়া সামাজিক ভাৱে এজন মানুহ অপদস্থ হয়, যেতিয়া আপোন জনে দুৰাৰোগ্য ৰোগত ভূগি তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিবলগীয়া হয়, তেনে সময়তো মনক শান্ত কৰি ৰখাটো সম্ভৱ জানো? জীৱনত চৰম বিপৰ্যয়ৰ সন্মুখীন হৈয়ো মানুহ এজন অবিচলিত হৈ থকাটো সম্ভৱনে?

যুগে যুগে কঠিন পৰিস্থিতিত মনক নিয়ন্ত্ৰণ কৰি ৰখাটোৱেই মানুহৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে। প্ৰায় আটাইবোৰ ধৰ্মৰ বাণীতে মনক নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছে। ইয়াৰ পৰা সহজেই বুজিব পৰা যায় যে এজন মানুহৰ বাবে নিজৰ মনক নিয়ন্ত্ৰণ কৰাটো সহজসাধ্য নহয়। মনৰ পূৰ্ণ নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘদিনৰ তপস্যা আৰু সাধনাৰ প্ৰয়োজন। ধ্যান বা মেডিটেছনৰ জৰিয়তে মনৰ উচ্ছলতা ৰোধ কৰিব পাৰি বুলি প্ৰমাণিত হৈছে। মনক নিয়ন্ত্ৰণ কৰাৰ বাবেই গৌতম বুদ্ধই দীৰ্ঘদিন ধৰি তপস্যা কৰি বুদ্ধত্ব লাভ কৰিছিল। প্ৰাচীন কালৰ ঋষি মুনি সকলে মন নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যেই হিমালয়লৈ গৈ ধ্যান, তপস্যা কৰিছিল। মনক নিয়ন্ত্ৰণ কৰাৰ উপায় উলিওৱাৰ বাবেই সমগ্ৰ বিশ্বৰ মনোবিজ্ঞানী সকলে এতিয়াও নতুন নতুন গৱেষণা কৰি আছে।  

মানুহৰ মন প্ৰভাৱিত হয় চিন্তাৰ দ্বাৰা। মন নিয়ন্ত্ৰিত কৰিবলৈ হ’লে নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰাটো আটাইতকৈ উপযোগী উপায়। মনোবিজ্ঞানীসকলে প্ৰমাণ কৰি দেখুৱাইছে যে এজন মানুহে এটা দিনত ১৫ হাজাৰৰ পৰা ২০ হাজাৰ বিভিন্ন বিষয়ৰ চিন্তা কৰে। এই চিন্তা সমূহৰ সৰহভাগেই অপ্ৰয়োজনীয় বা অনিষ্টকাৰী চিন্তা। মানুহৰ মন সচৰাচৰ অতীতৰ স্মৰণ, ভৱিষ্যতৰ বাবে শংকা, আনৰ লগত তুলনা, বঞ্চিত হোৱাৰ বেদনা, প্ৰতিশোধপৰায়ণতা, নিজৰ দুখ কষ্টৰ যন্ত্ৰণা আদিৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ থাকে। মানুহৰ সহজাত আবেগ, অনুভূতি, ক্ৰোধ, ভয়, ঈৰ্ষা, অহংকাৰ আদিয়েও চিন্তাক প্ৰভাৱিত কৰে। মানুহে এই ক্ষতিকাৰী চিন্তা সমূহ জাৰি জোকাৰি মনৰ পৰা আঁতৰ কৰি ৰাখিব পাৰিলে চিন্তাক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হৈ পৰে। 

এই কথা স্বীকাৰ্য যে আমাৰ দৰে সাধাৰণ গৃহস্থী জীৱন যাপন কৰা লোকৰ বাবে চিন্তা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণত ৰাখি কেৱল ইতিবাচক চিন্তাৰে মন ভৰাই ৰখাটো সহজসাধ্য নহয়। কিন্তু আনক বুজনি দিয়াৰ দৰে আমি মনক যিকোনো পৰিস্থিতিতে ক্ষতিকাৰী চিন্তা আৰু দু:চিন্তাৰ পৰা আঁতৰি থাকিবলৈ অন্তত: বুজনি দিব পাৰোঁ। এনে বুজনি দিবলৈ হ’লে সকলো সময়তে সজাগ আৰু সচেতন হৈ থকাটো আৱশ্যকীয়। আনক বিপদত পৰিলে আমি যিদৰে বুজাওঁ, সেই একে ধৰণে নিজৰ মনকো মাজে মাজে বুজনি দিব লাগে, বিচলিত নহ’বা, শান্ত হৈ থাকা, শান্ত হৈ থকাতেই তোমাৰ মংগল।

মানুহৰ জীৱনত এনে ঘটনাও সংঘটিত হয়, যিবোৰ প্ৰথম দৃষ্টিত অতি দুৰ্ভাগ্যজনক যেন লাগে, মন অতিকৈ বিচলিত হয়, কিন্তু ভৱিষ্যতে সেই ঘটনাবোৰ মানুহৰ জীৱনৰ টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হয়। মহাত্মা গান্ধীক দক্ষিণ আফ্ৰিকাত ৰেলৰ ডবাৰ পৰা গঁতিয়াই উলিয়াই নিদিয়া হ’লে, সেই ঘটনাটোত তেওঁ চূড়ান্ত ভাৱে অপমানিত অনুভৱ নকৰাহেতেন হয়তো তেওঁ কেতিয়াও বগা ছালৰ শাসকৰ বিৰুদ্ধে আন্দোলন নকৰিলেহেতেন। এই আন্দোলনেই তেওঁক পিছলৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব ল’বলৈ প্ৰস্তুত কৰি তুলিছিল। মোৰ  ব্যক্তিগত জীৱনতো এনে ঘটনা সংঘটিত হৈছে যিবোৰ প্ৰথম দৃষ্টিত অতি দুৰ্ভাগ্যজনক আছিল, কিন্তু পিছলৈ মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি প্ৰমাণিত হৈছে। এসময়ত মোৰ এজন অতি ঘনিষ্ঠ সহকৰ্মী বন্ধুৱে ঈৰ্ষাৰ বশৱৰ্তী হৈ মোৰ বিৰুদ্ধে অপবাদ প্ৰচাৰ কৰি মোক লোকচক্ষুত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল। মই কাম কৰা প্ৰতিষ্ঠানটোৰ উৰ্ধতম কৰ্তৃপক্ষক মোৰ বিৰুদ্ধে মনে সজা অভিযোগ দাখিল কৰিছিল। এই ঘটনাটোৱে মোক প্ৰথম অৱস্থাত জোকাৰি গৈছিল, মন বিচলিত কৰিছিল যদিও মই মনত ঠিৰাং কৰিছিলোঁ যে মই নিজকে সংযত কৰি ৰাখিম আৰু নিজ প্ৰচেষ্টাৰে সেইজন ব্যক্তিতকৈ বহুদূৰ আগুৱাই গৈ সেই অপবাদ মিছা বুলি প্ৰমাণ কৰিম। সেই ঘটনাটোৱেই জীৱনত বহু পলমকৈ হ’লেও মোক হাতত কলম তুলি ল’বলৈ উত্সাহিত কৰিলে আৰু জীৱনত আগুৱাই যোৱাৰ এক নতুন বাট দেখুৱালে।

মই নিজৰ অভিজ্ঞতাৰ পৰা উপলব্ধি কৰিছোঁ যে দৈনন্দিন জীৱনত ঘটি থকা ঘটনাবোৰত বিচলিত নহ’বলৈ শিকাটো অতি প্ৰয়োজনীয়। আনৰ নিন্দা, অপবাদৰ সন্মুখত নিজকে সংযত কৰিবলৈ নিজকে প্ৰস্তুত কৰাই হ’ল আগুৱাই যোৱাৰ একমাত্ৰ উপায়। নিজৰ জীৱনৰ এটা লক্ষ্য স্থিৰ কৰি লৈ সেই লক্ষ্য প্ৰাপ্তিৰ বাবে অবিচলিত ভাৱে অহোপুৰুষাৰ্থ কৰিলে আন্ধাৰতো পোহৰৰ বাট দেখিবলৈ পোৱা যায়। এই লক্ষ্যপ্ৰাপ্তিৰ বাটত যাতে জীৱনৰ সৰু বৰ বিপৰ্যয়বোৰে, সৰু সৰু বিফলতাবোৰে মনক বিচলিত কৰিব নোৱাৰে তাৰ বাবে সজাগ আৰু সাৱধান হ’ব লাগে। আজিৰ সৰু সৰু বিপৰ্যয়বোৰ হয়তো ভৱিষ্যতে এদিন সফলতাৰ চিৰি বুলিও প্ৰমাণিত হ’ব পাৰে। ইংৰাজীত কোৱা হয় ‘Failures are pillars of success’। অৰ্থাৎ  যিবোৰ মানুহে জীৱনৰ বিফলতাবোৰো হাঁহিমুখে গ্ৰহণ কৰিব পাৰে আৰু বিপৰ্যয়ৰ পৰা শিক্ষা লৈ নিজকে নিৰন্তৰ শুধৰণি কৰিব পাৰে, তেওঁলোকেহে সাফল্যৰ শিখৰত উপনীত হ’ব পাৰে।

লেখক দুলীয়াজানত কৰ্মৰত, ফোন: ৯৪৩৫০৩৯৮২০


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages