পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
পাখি কটা ৰাজনীতি, ব্যক্তিপূজন আৰু সুবিধাবাদ
অজয় লাল দত্ত
বিগত বিধান সভা নিৰ্বাচনত দিল্লীত এক ঐতিহাসিক বিজয় সাব্যস্ত কৰা আম আদমী পাৰ্টিৰ সফলতাই কেৱল দিল্লীবাসীকে নহয়, দেশৰ সচেতন আৰু বৰ্তমানৰ পাৰম্পৰিক ৰাজনীতিত অতিষ্ঠ হোৱা লোকসকলক উফুল্লিত কৰি তুলিছিল। নৰেন্দ্ৰ মোদীৰ নামত বিজেপিয়ে এখনৰ পাছত এখন ৰাজ্যত বিজয়ধ্বজ উৰুৱাৰ ধাৰাটোও যেন স্তব্ধ কৰিছিল সেই ফলাফলেই। ব্যক্তিত্বৰ নামত অশ্বমেধ ঘোঁৰা দৌৰোৱাতকৈ কামত মন-কান দিবলৈ যেন সঁকিয়নী দিছিল ভাৰতীয় জনতাই।  সেই সময়ত হোৱা বিশ্লেষণবোৰে এই কথাকেই প্ৰতিফলিত কৰিছিল যে কংগ্ৰেছৰ দিনৰ সীমাহীন দুৰ্নীতি আৰু অপশাসনৰ বিৰুদ্ধে গঢ় লোৱা জনমতে গুজৰাটৰ বিকাশৰ মডেলক দেশজুৰি প্ৰৱৰ্তন কৰাৰ বাবে যেনেকৈ মোডীদেৱৰ নেতৃত্বক অকুণ্ঠ জন সমৰ্থন দিলে, তেনেকৈ পাৰম্পৰিক ৰাজনীতিৰ সোঁতৰ বিপৰীতে এক বিকল্প ৰাজনৈতিক ধাৰাৰ সৃষ্টি তথা দুৰ্নীতিৰ বিৰুদ্ধে আগ্ৰাসী স্থিতিৰে অন্য এক আশাৰ সৃষ্টি কৰা অৰবিন্দ কেজৰীৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিৰ প্ৰতিও জনাদেশ প্ৰদান কৰিলে। জনমানসত দুয়োজনৰে প্ৰতি এই আশাই পোষণ কৰা হৈছিল যে, দুয়োজনেই নিজা নিজা কৰ্মৰে ৰাইজৰ দিয়া প্ৰতিশ্ৰুতি পালনেৰে আদৰ্শ শাসকৰ ৰূপত নিজকে প্ৰতিপন্ন কৰিব।

মোডী ডাঙৰীয়াই চৰকাৰৰ দ্বায়িত্ব লৈয়েই আদৱানি, মুৰুলী মনোহৰ যোশীকে ধৰি বয়োজ্যেষ্ঠ নেতা সকলৰ হস্তক্ষেপৰ পৰা দল আৰু চৰকাৰক মুক্ত কৰিবলৈ প্ৰচেষ্টা চলাই সমালোচিত হ’ল। “মাৰ্গদৰ্শক মণ্ডল” নামৰ এটি উপদেষ্টামূলক গোটৰ সৃষ্টি তথা নামাকৰণ কৰি সন্মানজনক ভাৱে বয়োজ্যোষ্ঠ নেতাসকলক সামাজিক প্ৰতিষ্ঠা লাঘৱ নোহোৱাকৈ ৰাখিও কাৰ্যকৰীভাৱে নিস্ক্ৰিয় কৰি অৱসৰ লোৱাৰ দৰে ব্যৱস্থা কৰা হ’ল। বেংগেলুৰুত এই কেইদিনতে হোৱা বিজেপি দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকতো আদৱানিদেৱক ভাষণ প্ৰদানৰো সুবিধা নিদিয়াক লৈও এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰশ্ন তুলিছে আৰু মৌনতাৰে মাৰ্গদৰ্শনৰ কি নতুন টেকনিক বুলিও বিশ্লেষক সকলে শ্লেষাত্মক মন্তব্য কৰা চকুত পৰিছে।


যি কি নহওক, শাসন লাভৰ পাছত দলকো নিজা ঘনিষ্ঠ অনুগামীৰ হাতত অৰ্পণ কৰি দল আৰু চৰকাৰক নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰাটোক মোডী ডাঙৰীয়াৰ এক একনায়কত্ববাদী চৰিত্ৰৰ পৰিচায়ক বুলিও সমালোচনা কৰা পৰিলক্ষিত হৈছিল। আন আন পাৰম্পৰিক দলৰ ক্ষেত্ৰটো মাত্ৰ এজন নেতাই সৰ্বেসৰ্বা হোৱা বা হাইকামাণ্ড সংস্কৃতিৰে দলসমূহ পৰিচালিত হোৱাৰ অভিযোগ আজিৰ নহয়। ভাৰতৰ ৰাজনৈতিক ইতিহাসে নিজকে সৰ্বেসৰ্বা কৰি ৰখাৰ বাবে ৰাজনৈতিক প্ৰতিদ্বন্দী অথবা সহকৰ্মীৰ পাখি কটাৰ বিভিন্ন কাহিনী আৰু হয়-হুজুৰ সদৃশ তোষামোদকাৰীয়ে শাসন লাভ কৰাৰ পাছত ঘেৰি ধৰাৰ অলেখ উদাহৰণো উজ্বলাই ৰাখিছে। আনকি এনে তোষামোদকাৰীৰ বেষ্টনীত আবৰ্তিত হোৱাৰ পাছত নকৈ শাসক হোৱাজন ক্ৰমে গণ-বিচ্ছিন্ন হৈ পৰে। তোষামোদকাৰীৰ মন ভৰা কোহাহল ইমানেই বেছি হৈ পৰে যে, আন সাধাৰণ জনতাৰ আবেগ আৰু আৰ্তনাদে সেই বেৰা পাৰ কৰি সেই শাসকৰ কৰ্ণপটহত সোমাবগৈ নোৱাৰে। আৰু এনে উদাহৰণবোৰৰ শেষ ফলাফল সদায়েই ধ্বংসাত্মক হোৱাই দেখা যায়। যিটো সমাজ আৰু দেশৰ বাবে কোনো পধ্যেই সুখকৰ নহয়।



অসমতো পাখি কটাৰ ৰাজনীতি কৰিয়েই একান্ত অনুগত শ্ৰেণীৰ সৃষ্টি কৰি শাসন চলোৱাত তৰুণ গগৈদেৱৰ কাহিনী অসমৰ ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। দেৱানন্দ কোঁৱৰ, শৰত বৰকটকী, ভূমিধৰ বৰ্মন আদিৰ পাছত শেহতীয়াকৈ ভুৱনেশ্বৰ কলিতা, হিমন্ত বিশ্ব শৰ্মাৰ নামেই ইয়াৰ বাবে যথেষ্ট। অন্তঃদলীয় কন্দলতে ব্যতিব্যস্ত হোৱা অগপ দলৰ কথা আলোচনা নকৰাই ভাল! বিজেপিতো ৰাজ্য পৰ্যায়তো গোটবাজী অনুগামীৰ খলকনিয়ে ঢৌ নোতোলাকৈ থকা নাই। আজমল চাহাবৰ পাৰ্টিত তেওঁৰ পৰিয়ালেই সৰ্বেসৰ্বা। বাওপন্থী দলকেইটাত অন্ততঃ খাবলৈ নাই বাবেই চাগৈ এনেবোৰ খোৱা-কামোৰাৰ অভাৱ!


আন ৰাজ্যৰ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ পৰিয়ালতান্ত্ৰিক নেতৃত্ব, তোষামোদকাৰীৰ বেষ্টনী, অগণতান্ত্ৰিক সৰ্বে-সৰ্বা নেতাৰ দপদপনি আদিৰ বিপৰীতে এক আদৰ্শ গণতান্ত্ৰিক, স্বচ্ছ, মূল্যবোধৰ ৰাজনীতিৰ আদৰ্শ গঢ়ি তোলাৰ প্ৰাথমিক চৰ্তৰে গঢ় লোৱা আম আদমী পাৰ্টিও আজি সেই আন এটা সাধাৰণ দলতেই পৰিণত হোৱা বুলিও অভিযোগ উঠিছে। দেশৰ বিভিন্ন আলোচকৰ লেখা, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত মত-ভিন্নমতে এই ইংগিতকেই বহন কৰিছে। বিশেষকৈ দুজনকৈ শীৰ্ষ স্থানীয় আৰু প্ৰতিষ্ঠাপক সদস্য বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা সমাজ বিজ্ঞানৰ গৱেষক যোগেন্দ্ৰ যাদৱ আৰু উচ্চতম ন্যায়ালয়ৰ খ্যাতিমন্ত অধিবক্তা প্ৰশান্ত ভূষণক লৈ দলটোৱে গ্ৰহণ কৰা বিভিন্ন স্থিতি আৰু কাৰ্যাৱলীয়ে এই সন্দেহকেই ঘনীভূত কৰি আনিছে।

আম আদমী পাৰ্টিয়ে দিল্লীৰ নিৰ্বাচনত সফলতা লভিলেও প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত আগৰ দৰে স্বচ্ছ আৰু নীতিগত প্ৰত্যয়িতকৰণৰ প্ৰক্ৰিয়াৰে নোযোৱাকৈ প্ৰাৰ্থী ঠিক কৰা, নিৰ্বাচন এৰাই চলিবলৈ গোপনে কংগ্ৰেছৰ বিধায়কৰ সৈতে মিতিৰালি কৰি পুনৰ চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা, দেশৰ বিভিন্ন ৰাজ্যত পৌৰ-নিকায় তথা বিধান সভা সমূহত নিৰ্বাচনত অৱতীৰ্ণ হবনে নহয় এই বিষয়ত ৰাজ্য কমিটি সমূহে সিদ্ধান্ত লোৱাৰ অধিকাৰ বিষয়ত মূলত এই মতৰ ভিন্নতা আৰম্ভ হোৱা বুলি জনা গৈছে। প্ৰশান্ত ভূষণে শেহতীয়াকৈ অৰবিন্দ কেজৰীৱাললৈ বিদায় আৰু শুভেচ্ছা জনাই লিখা মুকলি চিঠিত দলৰ ভিতৰত যি কোনো সিদ্ধান্ত স্বেচ্ছাছাৰী তথা একনায়কত্ববাদী মনোভাৱেৰে কেৱল কেজৰীৱালে লবলৈ চেষ্টা চলোৱাৰ অভিযোগ তোলা হৈছে। কেজৰীৱালৰ কেইবাটাও ভাল গুণ থকাৰ পাছতো, নিজৰ সিদ্ধান্তই শেষ সিদ্ধান্ত বুলি ভবাৰ মানসিকতাই দলৰ সামগ্ৰিক ভাৱে ক্ষতি কৰিব বুলিও ভূষণে এই পত্ৰত উল্লেখ কৰিছে। স্বেচ্ছাসেৱক সকলেই এই দলটোৰ মেৰুদণ্ড বুলি আঙুলিয়াই দি স্বেচ্ছাসেৱক সকলৰ মতকো দলে গুৰুত্ব দিয়াৰ বাবে এক সাংগঠিক ব্যৱস্থা গঢ়ি তোলাৰো প্ৰস্তাৱৰ কথা প্ৰকাশ পাইছে। ৰাজ্য সমূহে ৰাজ্য সমূহৰ নিজা সমস্যা, সাংগঠনিক কাম-কাজ, স্থানীয় নিৰ্বাচন আদিত অংশগ্ৰহণৰ সিদ্ধান্ত লব পৰাকৈ সাংগঠনিক “স্বৰাজ” প্ৰদানৰ বিষয়টোও আছিল অন্যতম উল্লেখনীয় কথা।

কিন্তু এই বিষয়সমূহক দলীয় মঞ্চত আলোচনাৰ মাধ্যেমেৰে নিৰসন কৰা তথা সমাধানৰ পথ উলিওৱাত অৰবিন্দ কেজৰীৱাল বৰ বেয়াকৈ ব্যৰ্থ হোৱা দেখা গ’ল। তাৰ সলনি দল-বিৰোধী কাম-কাজৰ অভিযোগত ভূষণ আৰু যাদৱক দলৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ পৰা বহিস্কাৰ কৰা হ’ল। ইয়াৰ লগে লগেই কেজৰীৱালৰ বিৰুদ্ধে তোষামোদকাৰীৰ আবেষ্টনীত আৱদ্ধ হৈ পৰা এজন অসহায় মানুহ হৈ পৰাৰ অভিয়োগো ৰাজহুৱা হৈ পৰিল। দুৰ্নীতিৰ বিৰুদ্ধে সাধাৰণ মানুহক “ষ্টীং অপাৰেচন” চলোৱাৰ পৰামৰ্শ দিয়া কেজৰীৱালৰ বাবে ষ্টীং অপাৰেচন যেন বুমেৰাং হৈহে দেখা দিলে। এটাৰ পাছত এটা, গোপনীয় কথা বতৰা, ব্যক্তিগত কথোপকথন, টেলিফোনিক কথোপকথনত বিতৰ্কিত কথা বতৰাই কেজৰীৱালৰ বাহিৰৰ সৰল প্ৰতিচ্ছবিৰ বিপৰীতে ভিতৰৰ এক আচহুৱা, হিংসুক আৰু অহং চৰিত্ৰ ৰাজহুৱা হৈ পৰিল। সঘন প্ৰেছ মেল, ছ’চিয়েল মেডিয়াত চলা প্ৰচাৰ-অপ্ৰচাৰত আপ দলৰ সমৰ্থকতকৈ ইয়াৰ সাংগঠনিক দ্বন্দভেদত মজা-লোৱা বিৰোধী ট্ৰ’লে বেছি ভূমিকা পালন কৰিবলৈ ল’লে। ভূষণ আৰু যাদৱক ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ পৰা বাহিৰ কৰাৰ পাছত অহা ষ্টীং অপাৰেচন, প্ৰচাৰ-অপ্ৰচাৰে যেন কেজৰীৱালক অধিক প্ৰতিশোধ পৰায়ণ আৰু জেদী কৰি তুলিলে। তেওঁ ৰাষ্ট্ৰীয় সংযোজক পদৰ পৰা পদত্যাগ কৰাৰ আনুভূতিক ব্লেকমেইলিংৰ খেল লজ্জাজনক ভাৱে আৰম্ভ কৰিলে, ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকত দিল্লীত থাকিও উপস্থিত নাথাকিল।

তাৰ পাছত আনকি নেচনেল কাউন্সিলৰ বৈঠকতো এক আক্ৰমণাত্মক আৰু উত্তেজক ভাষণেৰে নিজৰ মনোমত ভাৱে দল পৰিচালনা কৰাৰ বাবে তেওঁ অথবা ভূষণ-যাদৱক বাচি লবলৈ আহ্বান জনোৱাৰ সাৱধানতাৰে সম্পাদনা কৰা এটি ভিডিঅ’ ৰিলিজ কৰি দিয়া হ’ল। কিন্তু বিভিন্ন সূত্ৰ, মত-পাৰ্থক্য থকা সকলৰ ভাষ্যৰ পৰা ৰাইজে নেচনেল কাউন্সিলৰ ভিতৰত কি কি নাটক কৰা হৈছিল, সকলো জলজল পটপটকৈ গম পালেই। আৰু পাব্লিকে একো নজনাকৈ নাথাকে, বিশেষকৈ গণতন্ত্ৰত। ৰাইজৰ পৰা যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক কিয় আচল বাৰ্তাটোৱেই কিবা প্ৰকাৰে ৰাইজে পাবলৈ সক্ষম হয়েই। প্ৰজাতন্ত্ৰ আৰু মত প্ৰকাশৰ অধিকাৰ থকা দেশ এখন আচলতে আজিৰ তাৰিখত ভুৱা গণতান্ত্ৰিক নাটক ৰচাটো একবাৰেই সম্ভৱ নহয়! সেই কথাও কেজৰীৱাল আৰু সংগীসকলে বুজি উঠা উচিত। আৰু যিটো বাৰ্তা ৰাইজে পালে, সেই বাৰ্তাই জনমানসত দেশজুৰি এক সাময়িক ৰাজনৈতিক হতাশাৰহে সৃষ্টি কৰিলে, যিটো অতি নেতিবাচক আৰু তাক পৰিহাৰ কৰাটো দেশৰ-দহৰ বাবে অপৰিহাৰ্য আছিল।

আচলতে কেজৰীৱাল তথা তেওঁৰ অন্ধ অনুৰাগী বা তোষামোদকাৰী বুলিয়েই কওক বা অনুগামী ফৈদৰ লোক সকলে এই মতৰ পাৰ্থক্যক ব্যক্তিৰ ইগ কেন্দ্ৰিক যুঁজলৈ ৰূপান্তৰিত কৰিলে। যিটোত কেজৰীৱালৰ একনায়কত্ববাদী মানসিকতাৰ অৰিহণা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আমি জানিব পৰা মতে, অসমকে ধৰি বিভিন্ন ৰাজ্য সমূহৰ পৰা বিভিন্ন বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰি লিখিত ভাৱে নেচনেল কাউন্সিললৈ যোৱা প্ৰতিনিধিৰ হাতত দি পঠোৱা হৈছিল। কিন্তু দিল্লীত দলটোৰ নেতৃত্বক নিজা বন্ধুবৰ্গৰে নিয়ন্ত্ৰণ কৰিব খোজা সকলে সেই সভাত সেইবোৰক কোনো গুৰুত্বই নিদিলে। কেজৰীৱালৰ ভাষণৰ পাছতে দহ মিনিটৰ ভিতৰতে ভূষণ-যাদৱক নেচনেল কাউন্সিলৰ পৰা বাহিৰ কৰাৰ প্ৰস্তাৱ তুলি ধৰা হ’ল। এশ ষাঠি গৰাকী সদস্যৰ হেনো তাত স্বাক্ষৰ আছিল। তেওঁলোকে উত্থাপিত বিষয় সমূহৰ আলোচনাৰ কোনো ব্যৱস্থা নহ’ল। ৰাজ্য সমূহে নিজা মত প্ৰকাশৰ বাবে পঠিওৱা প্ৰস্তাৱ সমূহ অনাদৃত হৈ পৰি ৰ’ল। হাত দাঙি খৰধৰকৈ কৰা ভোটিঙৰ নাটকত সেই প্ৰস্তাৱ বিপুল ভোটোৰে পাছ কৰি এক বন্য উল্লাসত যেন নাচি উঠিল কেজৰীৱালপন্থী।

আচলতে কি কৰা উচিত আছিল? এইখিনিতে প্ৰশ্ন হয়, ৰাজ্য সমূহৰ প্ৰতিনিধিৰ যদি কোনো মতেই সুধিব লগা নাছিল, তেন্তে সেই মিটিঙৰ আয়োজন কৰিছিল কিয়? নেচনেল কাউন্সিলৰ সকলো সদস্যক সোমাবলৈ দিয়া নহ’ল কিয়? নিৰ্বাচিত কেতবোৰ মানুহক মাতি অনা, কেতবোৰক নাহিবলৈ কোৱা আদিয়ে সঁচাই সন্দেহৰ সৃষ্টি কৰিলে। ভিতৰত বাউন্সাৰ লগাই মাৰপিট কৰা, নেচনেল কাউন্সিলৰ দৰে ৰাষ্ট্ৰীয় বৈঠকত এখন ৰাজ্যৰ বিধায়ক সকলক অবৈধ ভাৱে উপস্থিত কৰাই হাংগামা কৰা আদি কথাই দলটোৰ ছবিক লৈ বহুতো ক্ষতি সাধিলে। মাত্ৰ এই দুজনকে নহয়, আন কেতবোৰ নেতাক, তেওঁলোকৰ সৈতে সহমত প্ৰকাশ কৰাৰ বাবেই এই কাউন্সিলৰ পৰা বাহিৰ কৰি দিয়া হ’ল। আনকি লোকপাল বিধেয়কৰ দাবীৰে ৰাজনীতিলৈ অহা কেজৰীৱালে নিজা দলৰ লোকপাল প্ৰাক্তন নৌ-সেনাৰ মুৰব্বী এল ৰামদাসকো প্ৰথমে মিটিঙলৈ নাহিবলৈ সঁকিয়নী দি, পাছত তেওঁক পদচ্যুত কৰি নিজা দলৰ সংবিধানৰ বিৰুদ্ধে অন্য এক গৰ্হিত কাম কৰিলে। নিজা মানুহেৰে সকলো কমিটিৰ পুনৰ গঠন কৰা হ’ল, অনুশাসন কমিটি নতুন নিজা অনুগামীৰে গঠন কৰি এতিয়া মত-বিৰোধ থকা সকলক পাৰ্টিৰ পৰাই বহিস্কাৰ কৰাৰ কুচকাৱাজত লাগি থকাৰ কথাও বাতৰি কাকতে প্ৰকাশ কৰিছে।

সেই সভাত কুমাৰ বিশ্বাসৰ ভাষণৰ সম্পাদিত ৰূপৰ যিটো ভিডিঅ' ৰাজহুৱা কৰা হৈছে আৰু তাত সুবিধাবাদ স্পষ্টকৈ জিলিকি উঠিছে। কেজৰীৱালক ৰাস্তাত শুই ধৰ্ণা দিয়া, অনশন কৰা, সন্তানক লৈ গঞ্জনা শুনাৰ বাবে মহান কৰি, তেওঁৰ সেই ত্যাগৰ বাবেই এতিয়া সাত-খুন মাফ নীতিৰ পোষকতা কৰাৰ বিপৰীতে অধিবক্তা ভূষণক কোটি টকীয়া বাংলোৰ পৰা ওলাই আহিবলৈ আহ্বান জনোৱা হৈছে। যি গৰাকী লোকৰ পৰা ২কোটি টকাৰ দান গ্ৰহণ কৰি দলটো গঢ়া হৈছিল, এতিয়া তেওঁকেই কোটি টকীয়া মানুহ মানুহ, পইচাৰে দলটো কিনিব খুজিছে নেকি ধৰণৰ সুবিধাজনক অপলাপ কুমাৰ বিশ্বাসে কৰিছে। ইমান দিনে সাধাৰণ মানুহৰ কল্যাণ, স্বৰাজ আদিৰ ভাষণ দি নিকা ৰাজনীতিৰে সামাজিক উন্নতিৰ ভেটি গঢ়িব খোজা যাত্ৰাত সহযোদ্ধা যাদৱৰ পিঠিত হঠাত "এৰাই চলিব লগা বাওঁপন্থী"ৰ টেগটো মাৰি দিছে! অথচ নিজৰ বিপক্ষে উঠা যৌন কেলেংকাৰীৰ বিষয়ত সুবিধাজনক ভাৱে তেওঁ হৈছে নিশ্চুপ!

 যি মিটিঙত আপুনি কেজৰীৱালৰ পক্ষে নে তেওঁৰ বিপক্ষে ধৰণৰ সিদ্ধান্ত লবলৈ উত্তপ্ত পৰিবেশৰ আয়োজন কৰা হৈছে, তাত হাত দাঙি বিৰোধিতা কৰা আৰু বাহিৰ হোৱা পৰিস্থিতিৰেই আয়োজন কৰা নাছিল নে কেজৰীপন্থীয়ে। কিন্তু তাত গণতন্ত্ৰৰ অন্যতম আহিলা গোপন ভোটৰ অৱলম্বন নকৰাটো আৰু একপ্ৰকাৰৰ সুবিধাবাদেই নহয়নে। আপুনি চহী কৰক কাৰ পক্ষত বুলি শক্তিশালী লবীয়ে চহী কৰিবলৈ দিলে, আপুনি-মই কোনো না কৰিব পাৰিম? এই সভাত দলৰ মজিয়াত গণতন্ত্ৰক সুবিধাবাদৰ চুৰিৰে হত্যাৰ কৰাৰ অভিযোগটো নিশ্চয়কৈ সত্যই!

আচলতে এই সময়ত কৰাৰ প্ৰয়োজন আছিল কি? দলটোৱে পোৱা বিপুল সমৰ্থনৰ আধাৰত, সেই জোৱাৰতে সমগ্ৰ দেশতে সাংগঠনিক স্থিতি সৱল কৰি বিকল্প আৰু মূল্যবোধৰ ৰাজনীতিৰ এক ভেটি গঢ়াৰ বাবে কুচ-কাৱাজ চলাব লাগিছিল দলটোৱে। আজি কেজৰীৱালে যিমানেই জেদ নেদেখুৱাওক কিয়, আত্ম-অহংকাৰত স্বেচ্ছাচাৰীতা প্ৰদৰ্শন নকৰক কিয়, এই ঘটনাৱলীৰে তেওঁ দল আৰু ৰাইজৰ আশাত সঁচাই চেঁচা পানী ঢালিলে। এই আশাহত বেদনাৰ আৱাজ আজিও ছচিয়েল মেডিয়াৰ পাতে পাতে অনুৰণিত হোৱা দেখিবলৈ পোৱা গৈছে।

সাধাৰণ মানুহে ভাবিছিল শাসনৰ জৰী পাই কেজৰীৱালে দুৰ্নীতিমুক্ত শাসন ব্যৱস্থাৰ এক মডেল গঢ়ি তুলিব। সুশাসনৰ এই মডেলক লৈ দেশজুৰি নতুন শাসন ব্যৱস্থা গঢ় দিয়াৰ ভেঁটি হব ই। মানুহৰ এই আশাক বাস্তৱায়িত কৰাৰ বাবে কেৱল দিল্লীত শাসনৰ গাদীত বহা কেজৰীৱালেই যথেষ্ট নহয়। তাৰ বাবে এই সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তত, আনে শাসন কৰা ৰাজ্য সমূহত তথ্য জনাৰ অধিকাৰ আইনৰ প্ৰয়োগেৰে দুৰ্নীতি ফাদিল কৰা, গণতান্ত্ৰিক প্ৰতিবাদেৰে জনমত গঠন কৰাৰ বাবে প্ৰয়োজন আছিল ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰত কেইবাটা দশক কাম কৰা যোগেন্দ্ৰ যাদৱৰ দৰে বহু লোকৰ। সেইদৰেই প্ৰতিখন জিলাতে প্ৰয়োজন আছিল, টু-জি, কয়লা, কমনৱেলথ আদিকে ধৰি বিভিন্ন কেলেংকাৰীৰ বিৰুদ্ধে আইনী যুঁজ দি মানুহক ন্যায় আৰু সততাৰ পক্ষত থিয় দিবলৈ সহায় আৰু সাহস যোগোৱা অনেক প্ৰশান্ত ভূষণৰো। তেহে দেশৰ সকলো প্ৰান্তৰ লোকৰে আশা আকাংক্ষাক প্ৰকৃত গতি দিব পৰা সৰ্ব-সাধাৰণ লোকৰ দল হব পাৰিলেহেতেন এই দলটো।

অসমৰ সমস্যাৰ কথা অসমৰ মানুহে জানিব, হিমাচল বা কাশ্মীৰৰ সমস্যাৰ কথা তাৰ নাগৰিকে। এই সমস্যাৰ সমাধানৰ পথ বিচৰা আৰু সেই অঞ্চলৰ ৰাজনৈতিক ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰো পাব লাগিব, সেই অঞ্চলৰ নাগৰিকেই। তাৰ অবিহনে বন্ধু-বৰ্গৰ সৈতে দিল্লীত এটা পাৰ্টি খুলি, তেওঁলোকৰ সিদ্ধান্তত হয়ভৰ দিয়া ফ্ৰেঞ্চচাইজি ব্যৱসায়ৰ আৰ্হিৰ দল চলাব আৰু স্বৰাজৰ বাণী বিক্ৰী কৰিব বুলি কল্পনা কৰা সকল নিশ্চয়কৈ মুৰ্খৰ স্বৰ্গত বাস কৰিছে। দিল্লীৰ নিৰ্বাচনত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধনে-জনে গৈ লাগি দিয়া সেচ্ছাসেৱক সকলেও এতিয়া নিৰাশা আৰু হতাশাৰ সন্মুখীন হব লগাত পৰিছে। সেই কথা কিন্তু আজি শাসনৰ গাদীত বহি হঠাত “ভিআইপি”ত পৰিণত হোৱা দলটোৰ কেচেলুৱা নেতাসকলে অনুভৱ কৰিব পৰা নাই। ষ্টেলিন, হিটলাৰৰ দৰে শাসকে শাসন পোৱাৰ পাছতে "সখা সকলৰ দশা বেয়া" কৰাৰ ইতিহাসৰ সৈতেও বিশ্লেষক সকলে এই ঘটনাৱলী ৰিজাবলৈ এৰা নাই।পদচ্যুত নেতা আৰু আশাহত ভিন্ন ৰাজ্যৰ কৰ্মীসকলে অনাগত দিনত কি স্থিতি গ্ৰহণ কৰে সেয়াও নিশ্চয়কৈ লক্ষণীয় হব।

ৰাজনৈতিক দলক তথ্য জনাৰ অধিকাৰ আইনলৈ অনা, দলীয় সাংগঠনিক কথাত গণতান্ত্ৰিক ভাৱে আলোচনা, শেষত গোপন ভোটৰ ভিত্তিত সিদ্ধান্ত লোৱা, বিষয়ক লৈ আলোচনা কৰা, দলৰ মঞ্চত প্ৰথমে আদৰ্শ ব্যৱস্থাৰ সৃষ্টি কৰা, সমালোচনা কৰা সকলৰ কথালৈ কান দিয়াৰ সাহসো বিকল্প ৰাজনীতি দিব বিচাৰিলে একোটা দলৰ নেতৃত্বই কৰিব লাগিব। সমালোচনা কৰা ব্যক্তিক বাহিৰ কৰা, তোষামোদকাৰীক ৰক্ষণাবেক্ষণ দিয়াটো এৰিব লাগিব। যদি গঠনমূলক পদক্ষেপ লৈ ৰাইজৰ মাজত এবাৰ আশাৰ সঞ্চাৰ কৰা দলটো যদি আজি পৰিচালিত নহয়, তেন্তে সময়ৰ পৰীক্ষাত ভৱিষ্যতে ই কেতিয়াও পাছ কৰিব নোৱাৰিব সেয়া নিৰ্ঘাত। ভাৰতত মূৰ্তি-পূজনে সৃষ্টি কৰা মানসিক সাঁচৰ ফলতে ব্যক্তিপূজনৰ এক বেয়া পৰম্পৰা গঢ় লৈ উঠিছে। ব্যক্তি পূজাৰ নামত অন্ধ-ভক্তৰ সৃষ্টিত ধৰ্ম গুৰুৱেই হওক বা ৰাজ নেতা কোনো পিছ পৰি থকা নাই। আমি সেইবোৰৰ ক'লা ছায়াৰ পৰা আঁতৰি তথ্য আৰু যুক্তিৰে কথাবোৰ বিচাৰ কৰিব পৰা সচেতন নাগৰিক হব লাগিব। ব্যক্তিপূজনৰ পৰা উৰ্ধলৈ উঠি আদৰ্শ পূজনত মনোনিৱেশ নকৰিলে কোনো দলেই কেতিয়াও দেশৰ ৰাজনৈতিক ভৱিষ্যত সলাব নোৱাৰে, সেয়াও নিশ্চিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages