গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
“মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা”
অনামিকা বৰুৱা

গল্প সংকলন : মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা

লেখক : অৰূপা পটঙ্গীয়া কলিতা
প্ৰথম প্ৰকাশ : ২০১২; দ্বিতীয় প্ৰকাশ : ডিচেম্বৰ ২০১৪
প্ৰকাশক : চন্দ্ৰ প্ৰকাশ
ISBN : 978-93-244-0036-9
মূল্য : ২০০.০০ টকা

……“মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” অৰূপা পটঙ্গীয়া কলিতাৰ নৱতম গল্প সংকলনখন। এই গ্ৰন্থখনে ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। কৰ্মসূত্ৰে ওদালগুৰিৰ বাসিন্দা ড. কলিতা বৰ্তমান টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত। “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ গল্প সংকলখনত সৰ্বমুঠ দহোটা গল্প সন্নিবিষ্ট কৰা হৈছে। গল্পসমূহ হৈছেঃ-

# অশ্ৰুলিপি
# পুতগ্নি
# পুত্ৰৰ বাবে এটা গৰম জেকেট
# আৰ্তি
# চহৰখনত মাজনিশা সোমোৱা আধাপোৰা গাড়ীখন
# শুভদিন
# তাল গছৰ পুলি লগোৱা মানুহজন
# বৃন্দা খুৰীৰ হাতৰ একাপ কফি
# নিজৰা
# মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা

…….এই সংকলনত অন্তৰ্ভুক্ত গল্লসমূহে অৰূপা পটঙ্গীয়া কলিতাৰ সৃষ্টিশীলতাৰ অনন্যতা, বৈশিষ্ট্য আৰু বৈচিত্ৰ্য কোনো ছেদ নোহোৱাকৈ বহন কৰিছে। প্ৰতিটো গল্পৰে পটভূমি সুকীয়া, পৰিবেশ সুকীয়া। চৰিত্ৰসমূহে পাঠকক কাহিনীৰ সৈতে একাত্ম হ’বলৈ বাধ্য কৰে। প্ৰতিটো কাহিনীতে আছে পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাৰ একো একোটা ৰূপ। 

……’অশ্ৰুলিপি’ত কেইবাটাও সৰু সৰু কাহিনী আছে। আশ্ৰয় শিবিৰৰ বেশ্যাকেইগৰাকী, কেশৱতী কন্যা মাইনাও, পদূলিত দুজোপা বকুল গছেৰে ঘৰটোৰ নিভা বৌ, শিলপৰা কপৌ আয়েংলা, পিঠাখোৱা ৰাক্ষসীৰ সাধু কোৱা সুৱাগমণিৰ মাক, ঘোঁৰাৰ চেঁকুৰৰ ছন্দৰ কবিতা ভাল পোৱা সুৰভি বৰুৱা। টুকুৰা টুকুৰ কাহিনীবোৰ ভিন্ন, কিন্তু প্ৰতিটো কাহিনী একেধাৰাৰ। প্ৰতিটোৱে বুকত তীব্ৰভাৱে দুখৰ অনুভৱ এটা আঁকি যায়। দুখ-বেদনা-অশ্ৰুৰ কোবাল সোঁতত ঠান-বান হৈ যায় জীৱনৰ উৎস। তথাপি জীৱন চলি থাকে অতীত-বৰ্তমান সামৰি ভৱিষ্যত অভিমুখে। এইয়া সমাজৰ ৰীতি-নীতি অথবা জীৱনৰ দাবী ……

……’পুতগ্নি’য়ে কৰ্কশভাৱে চকুৰ আগত দাঙি ধৰে অতি আধুনিকতাই গ্ৰাস কৰা সমাজখনৰ নগ্ন ৰূপ, ধনৱান পিতৃ-মাতৃৰ আলসুৱা সন্তানৰ বিধস্ত ছবি। যুৱ পুত্ৰ সন্তানৰ বাবে –MY DAD IS AN ATM, আৰু গাভৰু কন্যা সন্তানে I AM SEXY বুলি নিজৰেই বিজ্ঞাপন দিয়ে। সন্তানে দাবী কৰা বুলিয়েই কোনো চিন্তা-ভাৱনা নোহোৱাকৈ সকলো দি দিব পাৰিনে? নিজকে চেক্সী বুলি গোটেই পৃথিৱীখনকে জনাই ফুৰা ছোৱালীজনীয়ে ক’ত কি কৰে মাক-দেউতাকে এবাৰো তাৰ একো ভূ নাৰাখেনে? যুৱ পু্ত্ৰই অবাবতে পানীৰ দৰে কৰা খৰৱৰ হিচাপ কোনোবা পিতৃয়ে ৰাখেনে? নে সেইয়া সন্তানৰ স্নেহত অন্ধ পিতৃ-মাতৃৰ এক বিলাসী অভিলাস! ভঙা চাইকেলত বান্ধি থোৱা এখন দা’ত যুৱ পুত্ৰৰ কঠোৰ দাবীত উপায়হীন হৈ ভয়াতুৰ পিতৃয়ে পুত্ৰৰ কথাতে হয়ভৰ দিয়ে। অন্যথা পু্ত্ৰৰ হাতত পিতৃৰ প্ৰাণনাশৰ ভয়। ‘I M NOT SELFISH BUT I WANT EVERYTHING’ত সৰুৰে পৰা আটোল-তোলকৈ তোলা একমাত্ৰ ছোৱালীজনীয়ে অকণমানো কুণ্ঠাবোধ নকৰাকৈ হেলাৰঙে অভিজাত্যৰ পাছে পাছে দৌৰ মাৰে। এবাৰো নাভাবে মাক-দেউতাকৰ কথা। জোনাকীৰ পৰা জিকি হোৱা ছোৱালীজনীয়ে নিঝাতে মোহাৰি পেলায় মাক-দেউতাকৰ বুকুৰ পৰা পোহৰৰ শেষ বিন্দুকণ। ঐতিহ্যৰ শিকলি চিঙি সহজেই হেৰায় যায় তাই ধনৰ চিকমিকনিয়ে আনি দিয়া সুখ-সুবিধাৰ কৰাল গ্ৰাসত। তাত মাক-দেউতাকৰ মৰম অথবা ককাক –আইতাকৰ গুণ-গৰিমাৰ স্থান নাই।

………’পু্ত্ৰৰ বাবে এটা গৰম জেকেট’ত এগৰাকী মাতৃৰ নিঃস্বাৰ্থ মমতাৰ উমান আছে। যিয়ে নহওক, যেনেকুৱায় লাগে মাকৰ বাবে পুত্ৰপ্ৰেম আপুৰূগীয়া। এক আবেগ, এক স্নেহে অহৰহ আবৰি ৰাখে পুত্ৰৰ দৈন্যতা। ‘আৰ্তি’ত আছে প্ৰায় প্ৰতিদিনে বাঢ়ি অহা অন্যায়-অনিয়ম, দুৰ্য্যোগ-দুৰ্নীতি, পাপ-ব্যভিচাৰে কোঙা কৰি পেলোৱা মানুহৰ মনবোৰৰ এখন জীৱন্ত অথচ ভয়ংকৰ ছবি। ঘৰৰ ভিতৰত অথবা বাহিৰত, দিনত অথবা ৰাতি, সাৰে থকা অৱস্থাত বা নিদ্ৰিত অৱস্থাত প্ৰতি মুহূৰ্তে বুকুত কঢ়িয়াই লৈ ফুৰা অস্থিৰতাৰ ধ্বনি। মষ্তিস্কত ওলমি থাকে ছিদ্ৰহীন অন্ধকাৰৰ এখন আৱৰণ। অকণো খোকোজা নলগোৱাকৈ তেওঁ নিখুঁতভাৱে আঁকি পেলাইছে যন্ত্ৰণাৰ চিহ্নবোৰ। দুঃস্বপ্নৰ দৰে খেদি ফুৰে এইবোৰে সুস্থ মানুহক! ‘চহৰখনত মাজনিশা সোমোৱা আধাপোৰা গাড়ীখন’ত আছে সৰু সৰু মানুহৰ কথা। কোনেও কাৰো প্ৰতি অভিযোগ নৰখাকৈয়ে পেটে-ভাতে খাই জীয়াই থকা মানুহখিনি বলি হয় অস্তিত্বহীনতাৰ। বিপ্লৱীসকলৰ বিপ্লৱৰ ভাষা নুবুজাকৈয়ে প্ৰাণৰ মায়াত নিজৰ ঘৰ-ভেটি এৰি আন এঠাইলৈ গৈ আকৌ সন্ধান কৰে জীৱন আৰু জীৱিকাৰ। এটি কলি দুটি পাত বঢ়াৰ দৰেই লাহে লাহে জীৱন মুকলি হয়। কিন্তু অকস্মাৎ এদিন অৰ্ধদগ্ধ এখন গাড়ীৰ প্ৰবেশে শুহি নিয়ে সৰু চহৰখনৰ নিৰীহ মানুহখিনিৰ জীৱনস্পৃহা। কাৰণ অৰ্ধদগ্ধ গাড়ীখনে লগত কঢ়িয়াই আনে আধাপোৰা গলিত এগাড়ী মানুহৰ বিষময় দেহ-আত্মৰ বিষাক্ত বায়ু। ‘শুভদিন’ৰ আৰম্ভণি হয় মহানগৰ এখনৰ জাকজমকতাৰে। শুভদিন এটাত শুভপৰিণয়ৰ সপোন দেখা মানুহবোৰে পৰিয়াল-পৰিজনেৰে পৰিবেষ্টিত হৈ ধুমধামেৰে বিয়াৰ আয়োজন কৰে। হিন্দু জ্যোতিষ শাস্ত্ৰমতে বিশেষ দিনটোত সকলোৱে সংসাৰৰ পাতনি মেলিব খোজে। সেই উপলক্ষে সমগ্ৰ মহানগৰখনেই আনন্দৰ উলাহত উদুলি-মুদুলি! চাৰিওপিনে ৰং-ৰহইচ পোহৰৰ মেলা। তাৰ বিপৰীতে এটি বাৰ বছৰীয়া কিশোৰৰ নিৰ্মম জীৱন সংগ্ৰাম। জীৱনৰ তাড়নাত পাঁচশ টকা এটাৰ মোহত বন্দী হৈ ৰাজুলে ৰেলগাড়ীখনে খণ্ড-বিখণ্ডকৈ কাটি পেলোৱা শৰীৰ এটা বস্তাটোত ভৰাবলৈ লয়। বিনিময়ত সি হেৰুৱায় পেলায় জীৱন মৰণৰ পাৰ্থক্য। ‘তাল গছৰ পুলি লগোৱা মানুহজন’ত আছে সম্ভ্ৰমেৰে মূৰ তুলি জীয়াই থকা এজন বৃদ্ধ কিন্তু প্ৰাণ-পাচুৰ্যৰে ভৰপূৰ মহান লোকৰ কথা। যি গোটেই পৰিয়ালটোৰ বাবে এজোপা বিশাল বৃক্ষৰ দৰে। যাৰ ছত্ৰ ছায়াত পৰিয়ালৰ পুত্ৰ-পৰিবাৰ, বোৱাৰী-নাতি সম্বলিতে সকলোৱে প্ৰাণভৰি উশাহ লয়। যি আলফুলে সযতনে সকলোৰে বাবে কলিজাত সঁচি ৰাখে এবুকু সেউজীয়া। যি জীৱনৰ বিয়লি বেলাতো তাল গছৰ পুলি ৰোৱাৰ সপোন দেখে।

‘বৃন্দা খুৰীৰ হাতৰ একাপ কফি’ এগৰাকী বৃদ্ধা মাতৃৰ এটা একান্ত বাধ্য পুত্ৰ সন্তানৰ জীৱন্ত সমাধিৰ খতিয়ান। গাৰ কাপোৰৰ দৰেই প্ৰেমিক সলোৱা ছোৱালীজনীয়ে খুউব সন্তৰ্পনে পাতিছিল জালখন। তাইৰ শিক্ষাৰে যে তাই এটা আৰামদায়ক ভাল চাকৰি নাপায় তাক ভালকৈ জানিয়ে ছোৱালীজনীয়ে বেঢ়ি পেলাইছিল সিদ্ধাৰ্থক। ক্ৰুৰ ছলনাৰ আওভাও নোপোৱা সিদ্ধাৰ্থই উপায়হীন হৈয়ে ঘৰ পাতিলে তাইৰ লগত। কিন্তু তাইৰ উচ্চাকাংক্ষাৰ ওচৰত মূৰ নোদোঁৱালে। যেতিয়া সিদ্ধাৰ্থই বিদেশলৈ যোৱাৰ সকলো পথ নিজেই ৰুদ্ধ কৰি পেলালে তেতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলালে ছোৱালীজনীয়ে। প্ৰকাশ্যে মাক-দেউতাক আৰু সিদ্ধাৰ্থৰ মৃত্যু কামনা কৰি তাই আঁতৰি গ’ল। যোৱাৰ আগতে মাতৃ-পুত্ৰৰ চৰিত্ৰত কালিমা সানি থৈ যাবলৈ নাপাহৰিলে। দিক-বিদিক হেৰুৱাই ডেকা লৰাটো জঠৰ হৈ গ’ল। পু্ত্ৰক হেৰুৱালেও বৃন্দা খুৰীয়ে নাতিয়েকৰ তাগিদাতে সংসাৰৰ সমস্ত দুখ অকলেই গা পাতি লয় নাতিকণক ভাল মানুহ কৰিবলৈ।

‘নিজৰা’ত আছে এক সুখপাঠ্য অনুভৱ। যেন সঁচাকৈয়ে নিজৰাৰ কল্ কল্ সুৰে সমগ্ৰ সত্তা আগুৰি ধৰিছে। এগৰাকী সত্তৰোৰ্ধৰ মহিলাৰ খোৱা খাদ্যক লৈয়ে এক বিশাল আয়োজন। এই আয়োজনৰ মাজেৰেই লেখিকাই কি সুনিপুনভাৱে এগৰাকী মানুহৰ ৰিক্ততা, ব্যস্ততা, উদাসীনতা অথবা জীৱনে আনি স্থবিৰতা ফুটাই তুলিছে তাক নিজে নপঢ়িলে বুজিব নোৱাৰি। সুক্ষ্মাতিসুক্ষ্ম বিতং বৰ্ণনাৰে প্ৰতিপদ ব্যঞ্জন এনে উপাদেয় কৰি তুলি ধৰিছে যে তাৰ আঁৰে আঁৰে শৰীৰৰ দুখ-বেদনা, মনৰ দৈন্যতাকো চেৰ পেলাই নিজৰ মাজতেই কিদৰে মজি উঠে মহিলাগৰাকী তাক নিৰ্ভুলভাৱে অংকন কৰিছে। 

……’মৰিয়ম আষ্টিন এগৰাকী বিদেশী মহিলা। একেবাৰে অকলশৰীয়া। কৰ্মসূত্ৰে পুত্ৰ-কন্যা দূৰৈত থাকে। স্বামীহাৰা হোৱা নব্বৈ বছৰীয়া বৃদ্ধা গৰাকীয়ে কুকুৰ এটাৰ সৈতে অকলে থাকে। সৰুতে মোমায়েকৰ মুখত শুনা এই বৃদ্ধাৰ কাহিনীয়ে এদিন জীৱন্ত হৈ উঠেগৈ হীৰা বৰুৱাৰ কপালত। পতিৰ মৃত্যুৰ পাছত নীৰৱে একাকীত্বৰ বোজা মূৰ পাতি ল’বলগীয়া হীৰা বৰুৱাৰ কাহিনীয়ে বৰ কৰুণভাৱে দাঙি ধৰে সমাজৰ স্বাৰ্থাম্বেষী লোকৰ লুলুপতা আৰু জীৱনৰ বিয়লি বেলাত মুখামুখি হ’ব লগীয়া আশ্ৰয়হীনতাৰ বেথা।……

অৰূপা পটঙ্গীয়া কলিতাৰ লিখনশৈলী যথেষ্ট শক্তিশালী আৰু আকৰ্ষণীয়। বিশ্বায়নৰ ফলত বাঢ়ি অহা পৰিৱৰ্তনে কেনেকৈ আমাৰ সমাজ ব্যৱস্থাক ধুৱাই পেলাইছে তাক লেখিকাই সুস্পষ্ট আৰু তীব্ৰ ভাষাৰে ব্যক্ত কৰিছে। বিপন্ন, বিপৰ্যস্ত মানুহৰ কাহিনী। অসহায়তা, অস্থিৰতা আৰু হাহাকাৰত কাতৰ হোৱা মানুহৰ কাহিনী। গতানুগতিকতাক ঠেলি পৰিৱৰ্তন আহিছে, দিনবোৰ সলনি হৈছে। কিন্তু সেইয়া এমুঠি মানুহৰ বাবেহে। দেশৰ নব্বৈ শতাংশৰো অধিক মানুহৰ বাবে শুভদিন কেতিয়া আহিব তাৰ উত্তৰ পাবলৈ এতিয়াও বাকী আছে। লগতে পাবলৈ বাকী এক সুস্থ বিকল্পৰ সন্ধান। য’ত মানুহে মানুহৰ কথা ভাবিব। সংকলনখনিৰ গল্পবোৰে পাঠকক যন্ত্ৰণা দিব, ভবাই তুলিব আৰু শেষ পৰ্যন্ত উদ্বুদ্ধ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages