পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১) অসমৰ বিশিষ্ট চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা, প্ৰখ্যাত সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰা আৰু 'ফৰেষ্ট মেন অব্ ইণ্ডিয়া' খ্যাত যাদৱ পায়েঙে কালি ৰাষ্ট্ৰপতিৰ পৰা পদ্ম সন্মান লাভ কৰাৰ সু-খবৰ। সৰ্বমুঠ ৫৪জন ব্যক্তিক দিয়া হয় এইবাৰৰ পদ্মসন্মান। অমিতাভ বচ্চন আৰু দিলীপ কুমাৰকে আদি কৰি ৬জন বিশিষ্ট ব্যক্তিক পদ্ম বিভূষণ, জাহ্নু বৰুৱাকে আদি কৰি ৮জন বিশিষ্ট ব্যক্তিক পদ্ম ভূষণ আৰু যাদৱ পায়েং, লক্ষ্মীনন্দন বৰাকে আদি কৰি ৪০জন বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰে।

২) দেশৰ ক্ষুদ্ৰ উদ্যোগীৰ বাবে সুখবৰ। দেশৰ ক্ষুদ্ৰ উদ্যোগীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য সন্মুখত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ২০ হাজাৰ কৌটিটকীয়া 'মুদ্ৰা বেংক' নামৰ এক বিত্তীয় প্ৰতিষ্ঠানৰ সূচনা কৰে। এই প্ৰতিষ্ঠানৰ দ্বাৰা একোজন ক্ষুদ্ৰ উদ্যোগীয়ে ১০লাখ টকা পৰ্য্যন্ত ঋণ লাভ কৰিব পাৰিব। দেশৰ বৃহৎ উদ্যোগ প্ৰতিষ্ঠান সমূহে ১৹২৫কোটি লোকক কৰ্ম সংস্থাপন দিয়াৰ বিপৰীতে ক্ষুদ্ৰ উদ্যোগ ক্ষেত্ৰই ১২কোটি লোকক সংস্থাপন দিব পাৰে বুলি মোদিয়ে জানিবলৈ দিয়ে। 

৩) ৭৫ শতাংশ ভোটদানেৰে প্ৰায় শান্তিপূৰ্ণ ভাৱে পাৰ হৈ যায় বড়োলেণ্ড স্বায়ত্ত পৰিষদৰ নিৰ্বাচন। 

৪) দেশৰ ৰাজধানীৰ এটা পথ মহাপুৰুষ শংকৰদেৱৰ নামত নামকৰণ কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অনুৰোধ জনালে অসম চৰকাৰৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ। অসম চৰকাৰৰ 'শংকৰদেৱ পথ'ৰ প্ৰস্তাৱ বিবেচনা কৰিব বুলি কেজৰিৱালে ঘোষণা কৰাটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ। 

৫) সংগীত নাটক একাডেমী, নতুন দিল্লী আৰু উত্তৰ প্ৰদেশৰ সাংস্কৃতিক অনু্ষ্ঠান চোনচিৰৈয়াৰৰ যুটীয়া উদ্যোগত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত লোক নৃত্য-গীতৰ সাংস্কৃতিক অনুষ্ঠান 'ধৰোহৰ'ৰ আয়োজন কৰা হৈছে। আজিৰ অনুষ্ঠান প্ৰদৰ্শিত হ'ব লগীয়া পৰিবেশ্য কলা সমূহ হ'ল- সংস্কাৰ গীত, চৌহাৰ, বান্না-বান্নী গীত। 

৬) তেজপুৰৰ মহাভৈৰৱ সমবায় গ্ৰাহক ষ্টোৰ নামৰ প্ৰতিষ্ঠানটোৱে সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে ৰাষ্ট্ৰীয় বঁটাৰে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমে প্ৰত্যকেৰ ৰাজ্যৰ একোখন সমবায় সমিতিক শ্ৰেষ্ঠ সমবায় সমিতি হিচাপে স্বীকৃতি প্ৰদান কৰে। তেজপুৰৰ মহাভৈৰৱ সমবায় গ্ৰাহক ষ্টোৰক ২০১৪ চনৰ বাবে ৰাজ্যখনৰ শ্ৰেষ্ঠ সমবায় সমিতি হিচাপে নিৰ্বাচিত কৰাৰ সুখবৰ। 

৭) প্ৰাকৃতিক দুৰ্যোগৰ চিকাৰ হোৱা কৃষকলৈ সুখবৰ। অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হৈ থকা প্ৰবল বৃষ্টিপাত, শিলা বৃষ্টিৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা খেতিয়কে লাভ কৰিব ৫০% পৰ্য্যন্ত ক্ষতিপূৰণ। ৩৩% খেতি বিনষ্ট হ'লেই কৃষকে ক্ষতিপূৰণ লাভ কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীৰ ঘোষণা। 

৮) বিলুপ্তিৰ পথলৈ গতি কৰা অসমৰ ২০০বিধ থলুৱা ধানৰ সংৰক্ষণ কেন্দ্ৰ স্থাপন কৰি বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰৰ প্ৰখ্যাত প্ৰকৃতিপ্ৰেমীৰ আগত অসমৰ কৃষি জীৱ-বৈচিত্ৰ পৰিচয় কৰাই দি অসমৰ সুনাম কঢ়িয়াই আনিছে মেলেং কাথগাঁৱৰ শিক্ষিত যুৱ কৃষক মহান চন্দ্ৰ বৰাই। দেশে বিদেশে 'সমল ব্যক্তি' আৰু পৰামৰ্শদাতা হিচাপে বিশেষ ভাৱে সমাদৃত হৈ আহিছে এই যুৱ কৃষকজ। অসমৰ কৃষক ৰাইজে থলুৱা ধানৰ বীজ সংৰক্ষণৰ বাবে মহানৰ 'Annapurna Seed Lending Library, Meleng, Jorhat, P.O.- Borkhelia-785101, e-mail- mahanprakriti@gmail.com phone no.- 9678944784 ত যোগাযোগ কৰিব পাৰে এই আদৰ্শৱান কৃষক গৰাকীক। 

৯) ৰেচন সামগ্ৰী কিনিবলৈ যাব সময় নথকা আৰ হেলা কৰা সকলৰ বাবে সুখবৰ।এতিয়া অনলাইন যোগে ৰেচন সামগ্ৰীৰ বিক্ৰীৰ পৰিকল্পনা কৰিছে ভাৰতবৰ্ষৰ আটাইতকৈ জনপ্ৰিয় অনলাইন ব্যৱসায়ীক প্ৰতিষ্ঠানটোৱে। ইতিমধ্যে বিগ বাস্কেট, জপ নাও, লোকেল বণিয়া, আমাজন আৰু স্নেপডীলে ইতিমধ্যে এই সেৱা আগবঢ়াই আহিছে। 

১০) তেজপুৰৰ বেছেৰীয়া বালিচাপৰিৰ শিক্ষত নিবনুৱাই দেখুৱাইছে স্বাবলম্বিতাৰ পথ। ছন পৰি থকা বালি-চাপৰিৰ তিনিহাজাৰ বিঘা মাটিত। বেছেৰিয়াৰ বালি-চাপৰিত ৫০টা পৰিয়ালৰ পুৰুষ,মহিলা আৰু শিক্ষিত নিবনুৱাই লগলাগি খেতি কৰিছে তিনিহাজাৰ বিঘা মাটিৰ বিশাল ব্ৰহ্মপুত্ৰৰ বালি-চাপৰিত। 

No comments:

Post a Comment