পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আগন্তুক ছমাহৰ ভিতৰতে অসমৰ ছয়টা জনগোষ্ঠীয়ে কৰি অহা দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীক ৰূপায়ণ কৰিব কেন্দ্ৰীয় চৰকাৰে। এই দিশত কাম কৰি থকা বুলি জানিবলৈ দি সৰ্বানন্দ সোনোৱালৰ সমুখতে কালি বিটিএডিৰ নিৰ্বাচনী সভাত এই সুখবৰ প্ৰকাশ কৰিলে কেন্দ্ৰীয় জনজাতি উন্নয়ন মন্ত্ৰী জুৱেল ওৰামে।

২. ৰাজ্যত ন্যায়িক আন্তঃগাঁথনি বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অতিৰিক্ত আৰ্থিক অনুদান দিবলৈ দাবী জনালে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। দেশৰ কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মঞ্চৰ পৰাই এই বিশেষ পেকেজ দাবী কৰি অসমত এশ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ চলি থকা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, ন্যায়িক একাডেমী, ই-কৰ্টৰ ব্যৱস্থা আদিৰ কাম সম্পূৰ্ণ কৰাৰ বাবেই অতি সোনকালেই এই অনুদান দিবৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে।

৩. অসম সাহিত্য সভাৰ নতুন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ সভাপতিত্বত যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন। এই অধিবেশনত অসমৰ পাঁচখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যয়ো অংশ লোৱাৰ সুখবৰ প্ৰকাশ পাইছে। ১০কোটি টকাৰ স্থায়ী নিধি গঠন, শিল্পী ৰুদ্ৰ বৰুৱাৰ নামত বঁটা প্ৰৱৰ্তন, অসমীয়া সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী প্ৰকাশ আৰু গ্ৰন্থ সম্পাদনাৰ পাঠ্যক্ৰম প্ৰৱৰ্তনককে ধৰি ভালে কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সাহিত্য সভাই গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে।

৪. অহা ৰঙালী বিহুৰ পূৰ্বেই অসমত মন্ত্ৰীসভাৰ পুনৰ ৰদ-বদলৰ সম্ভাৱনাৰ কথা প্ৰকাশ। চাৰিজনকৈ নতুন মন্ত্ৰীৰ অন্তভুৰ্ক্তিৰ বাবে নামৰ প্ৰস্তাৱ লৈ দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইনলি ফাউণ্ডেচনে আয়োজন কৰা বিহু নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰে আৰু ফাউণ্ডেচনলৈ পাঁচ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰাৰ সুখবৰ।

৫. অসমৰ শিক্ষাৰ ক্ষেত্ৰখনত সাৰ্বিক ৰূপান্তৰৰ বিশেষ অভিযান আৰম্ভ হোৱাৰ সুখবৰ প্ৰকাশ কৰিছে আমাৰ অসম কাকতে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনৰে পৰা আৰম্ভ হোৱা সৰ্বশিক্ষা অভিযানৰ পাছত এতিয়া এই ৰূপান্তৰৰ নেতৃত্ব গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অসমে। এই অভিযানৰ দ্বাৰা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহত উন্নত শিক্ষক, আন্তঃগাঁথনি আৰু শিক্ষা প্ৰদান সুনিশ্চিত কৰি এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ এখনি অগ্ৰণী ৰাজ্যত পৰিণত কৰাৰ লক্ষ্যৰে নতুন শিক্ষামন্ত্ৰীৰ অধীনতো কাম চলি থকাৰ সুখবৰ খবৰ।

৬. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় কবি আনিছ উজ জামানৰ নৱতম কবিতা সংকলন “স্বগৃহে কাব্যমৃত”। এই উন্মোচনী সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে কবি সমীৰ তাঁতীয়ে।

৭. অসমৰ ছবি প্ৰযোজনা সংস্থা আইদেউ টকীজে আৰম্ভ কৰা “মিছন ফাইভ ফৰ ৰিভাইভ” প্ৰকল্প কালি উন্মোচন কৰিলে বিশিষ্ট চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰীয়ে। এই প্ৰকল্পৰ অধীনত বিশিষ্ট পৰিচালকৰ অধীনত অহা বৰ্ষটোৰ ভিতৰেত তিনিখন অসমীয়া ছবি, এখন জনগোষ্ঠীয় ভাষাৰ ছবি আৰু এখন শিশু ছবি নিৰ্মাণ কৰিব বুলি সংস্থাটোৰ মুখ্য সমন্বয়ক ৰত্ন দাসে প্ৰকাশ কৰিছে। এক কোটি সত্তৰ লাখ টকাৰ বাজেটেৰে নিৰ্মাণ কৰিব লগা ছবি সমূহ ভ্ৰাম্যমাণ ছবিগৃহ যোগে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হব বুলিও প্ৰকাশ কৰিছে।

৮. কাঁহ শিল্পৰ উন্নয়নৰ বাবে সৰ্থেবাৰীত স্থাপন কৰা হব “স্কিল ডেভেলপমেণ্ট চেণ্টাৰ”। আজুৰ মধ্যকালীন অধিবেশনৰ মুকলি সভাত অংশ লৈ এই কথা ঘোষণা কৰে কেন্দ্ৰীয় খেল মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

৯. কালি গুৱাহাটী প্ৰেছ ক্লাৱত “সুৰঞ্জনা দীপালী” নামৰ এখনি ভিচি়ডি উন্মোচিত হয়। এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে শিল্পী নীলপৱন বৰুৱা, সুদক্ষিণা শৰ্মা আৰু কমল হাজৰিকাকে ধৰি সুধীজনে।

১০. অসম গণিত শিক্ষায়তনৰ দ্বাৰা আয়োজিত মেথেলেটিক্স পৰীক্ষা অহা ৩ মে’ত ৰাজ্যৰ ৪৭টা কেন্দ্ৰত অনুষ্ঠিত হব। চাৰিটা গোটত ভাগ কৰি পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অগতানুগণিক গাণিতিক অনুশীলনৰ এই পৰীক্ষাৰ বাবে সংস্থাৰ ৱেবচাইট অথবা সমন্বয়ক ডঃ প্ৰবীণ দাসৰ সৈতে ৯৪৩৫৭৩২৮১১ নম্বৰত যোগাযোগ কৰিবলৈকো আয়োজকে আহ্বান জনাইছে।

No comments:

Post a Comment