পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. চাওলুং চ্যুকাফাই অসমত প্ৰৱেশ কৰি প্ৰথম ৰাজধানী ৰূপে গঢ়ি তোলা ধেমাজি আৰু ঢকুৱাখনাৰ সীমাত থকা হাবুঙৰ ৭৭৫ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষত কালিৰে পৰা তিনিদিনীয়াকৈ উদযাপিত হৈছে হাবুং মহোসৱ। এই ঐতিহ্যমণ্ডিত ক্ষেত্ৰৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰচাৰেই মহোসৱখনিৰ মূল উদ্দেশ্য বুলিও জানিব পৰা গৈছে। 


২. গুৱাহাটীৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীক বিজেপি দলৰ কেন্দ্ৰীয় অনুশাসন সমিতিত নতুন দায়িত্ব অৰ্পণ কৰাৰ সুখবৰ। বেংগেলুৰুত হোৱা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ এবছৰ পূৰ্তি উপলক্ষে চৰকাৰৰ ইতিবাচক কাম-কাজৰ ব্যাপক প্ৰচাৰৰ সিদ্ধান্তৰ লগতে এই খবৰো প্ৰকাশ পাইছে। প্ৰতিখন জিলাতে দলটোক শক্তিশালী কৰিবলৈকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মী সকলক আহ্বান জনোৱা বুলিও জানিব পৰা গৈছে।

৩. অসমৰ তিনিজন দুৰ্ধষ এনডিএফবি(স)ৰ সদস্য উগ্ৰপন্থীক নবী-মুম্বাইত মহাৰাষ্ট্ৰ এণ্টি টেৰৰ স্কোৱাডে গ্ৰেপ্তাৰ কৰাৰ সুখবৰ। অসম আৰক্ষীৰ সহযোগত বিশেষ সূত্ৰৰ পম খেদিয়ে অসমত নৰ-সংহাৰৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এক বিশেষ অভিযান চলাই এই সফলতা লভিবলৈ সক্ষম হোৱাৰ বাতৰিও প্ৰকাশ পাইছে। 

৪. অবৈধ বাংলাদেশীৰ গ্ৰাসৰ পৰা খিলঞ্জীয়াক ৰক্ষা কৰাৰ বাবে অসমক এখন জনজাতি প্ৰধান ৰাজ্য হিচাবে ঘোষণা কৰাৰ কথা কেন্দ্ৰীয় চৰকাৰে বিবেচনালৈ আনি বিভিন্ন মন্ত্ৰণালয়ৰ সৈতে আলোচনা বিলোচনা আৰম্ভ কৰা বুলি সুখবৰ প্ৰকাশ কৰিছে ডিএনএ নামৰ ৰাষ্ট্ৰীয় সংবাদ পত্ৰই। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে এই পদক্ষেপ হাতত লোৱাৰ বাবে প্ৰধান দাবী হিচাবে আলফাৰ আলোচনাপন্থী সকলেও এই বিষয় তুলি ধৰিছিল। ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে এই ঘোষণাৰে খিলঞ্জীয়াৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ দীৰ্ঘদিনৰ পৰা দাবী জনাই আছিল বুলি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। 

৫. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পাঁচ জনীয়া দলে অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰী ১৬৯টকাকৈ নিৰ্ধাৰণ কৰাৰ দাবীত যোৱা দুই এপ্ৰিলৰ পৰা অনশন কাৰ্যসূচী পালন কৰিছে গুৱাহাটীৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত। এই অনশনে শান্তিপূৰ্বক চাৰি দিনত ভৰি দিছে আৰু এই বিষয়টোত চৰকাৰে কোনো সঁহাৰি নিদিয়াকলৈও এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে। 

৬. উত্তৰ গুৱাহাটীক এল.ই.ডি নগৰী হিচাবে গঢ়ি তুলি বিদ্যুত ৰাহিৰে এক আদৰ্শ গঢ়ি তোলা হব বুলি প্ৰকাশ কৰিছে স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ গুৱাহাটী নগৰ সমিতি আৰু পলাশবাৰী পৌৰ সভাত কংগ্ৰেছ দলে শাসনৰ দায়িত্ব লোৱাৰ সময়তে এই কথা প্ৰকাশ কৰে বিধায়কজনে। 

৭. অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থ কাৰ্যালয়ে সৰ্বাধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰি অভিলেখ গঢ়াৰ সুখবৰ। ৰাজ্যৰ ভিতৰেত সৰ্বাধিক প্ৰায় ১১০কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি বিগত বিত্তীয় বৰ্ষৰ আটাইতকৈ বেছি ৰাজহ সংগ্ৰহ কৰা কাৰ্যালয়ৰ কৃৰ্তি লাভ কৰিছে কাৰ্যালয়টোৱে। 

৮. শিল্পী ভূপেন উজীৰ, শান্তা উজীৰ, জে পি দাস আৰু দিগন্ত ভাৰতীৰ উপস্থিতিত গুৱাহাটীৰ প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় “বিজুলী” নামৰ নতুন অসমীয়া শ্ৰব্য সঁফুৰাখনিৰ।

৯. অসম ঔদ্যোগিক উন্নয়ন নিগম (এ.আই.ডি.চি)ৰ এটা ৱেবচাইট যোৱা ২ এপ্ৰিলত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। নিগমৰ পৰিচালন সঞ্চালক স্বপ্ননীল বৰুা আৰু বৰ্ডৰ সঞ্চালক মণ্ডলীৰ উপস্থিতিত ৱেবচাইটটো উদ্বোধন কৰিলে নিগমৰ অধ্যক্ষ ডঃ হৰেন দাসে।

১০. বিশিষ্ট লেখিকা ৰেখা বৰুৱাৰ উপন্যাস “যুগ্ম মাতৃৰ সোৱাদ” কালি আনুষ্ঠানিকভাৱে উন্মোচন কৰে লণ্ডন নিবাসী অসমীয়া ডঃ অনিল ৰঞ্জন বৰঠাকুৰে। গুৱাহাটীৰ পেৰেডাইজ হোটেলত এই উন্মোচনীৰ অনুষ্ঠান অনুষ্ঠিত হয়।

No comments:

Post a Comment