পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) 'হৱাট্‌চ-এপ (Whatsapp) ব্যৱহাৰকাৰীৰ বাবে সুখবৰ। আজিৰ পৰা এই 'মেচেজিং' আহিলাবিধ 'ভইচ কলিং'ৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব। বহুল ভাৱে জনপ্ৰিয় এই 'এপচ' বিধৰ 'ভইচ কলিং' সুবিধাৰ বাবে ব্যৱহাৰকাৰীয়ে বহুত দিনৰ পৰাই অপেক্ষা কৰি আছিল। আজিৰ আগলৈ নিমন্ত্ৰণ সাপেক্ষে 'ভইচ-কলিং' সেৱাৰ সুবিধা পোৱা গৈছিল যদিও আজিৰে পৰা কোম্পানীৰ এক বাৰ্তা যোগেদি জনোৱা মতে- 'হৱাট্‌চ-এপ'ৰ সহায়ত বিশ্বব্যাপী থকা ফোন নম্বৰত বিনামূলীয়াকৈ ৱাই-ফাই/৩জি/৪জি নেটৱৰ্ক ব্যৱহাৰ কৰি কথা পাতিব পৰা যাব। 

২) অজৈৱ সাৰত যেতিয়া জৈৱ দ্ৰব্যৰে প্ৰলেপ দিয়া যায় ই তেতিয়া দুগুণ প্ৰভাৱশালী হৈ পৰে। কৃষিত আটাইতকৈ বেছি ব্যৱহাৰ কৰা অজৈৱ সাৰ বিধ হ'ল ইউৰিয়া। এতিয়া এই ইউৰিয়াৰ ওপৰতে নিম তেলৰ প্ৰলেপ দি জৈৱ অজৈৱ সংমিশ্ৰণ কৰা হৈছে। দেশৰ আন আন ৰাজ্যৰ খেতিয়কসকলে কেইবা বছৰৰ পূৰ্বৰ পৰাই এই মিশ্ৰিত সাৰ ব্যৱহাৰ কৰি আহিছে যদিওঁ উত্তৰ-পূৰ্বাঞ্চলৰ খেতিয়কৰ বাবে প্ৰথম বাৰৰ বাবে এই অঞ্চলৰ নামৰূপ স্থিত একমাত্ৰ সাৰ কাৰখানা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বন লিমিটেডৰ তৃতীয় গোটত উৎপাদন কৰাটো অসমৰ কৃষক সকলৰ বাবে এক ভাল খবৰ। 

৩) দেশখনৰ অৰ্থনৈতিক সংস্কাৰৰ স্ৰষ্টা প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰ এটা স্মাৰক দিল্লীত নিৰ্মাণ কৰি প্ৰয়াত নেতাজনৰ কংগ্ৰেছে নিদিয়া সন্মান পুনৰ ঘুৰাই আনিবলৈ ভাৰত চৰকাৰে পৰিকল্পনা কৰিছে। 

৪) পৰিষ্কাৰ-পৰিচ্চন্নতাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰা তিনিটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনক গুৱাহাটী পৌৰ নিগমে আজি নেডফি হাউছত দিনৰ ১১৹৩০বজৰা পৰা অনুষ্ঠিত কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বাৰা বঁটা প্ৰদান কৰে। 

৫) গহপুৰ মহকুমাবাসীৰ সহযোগত দেশী-বিদেশী পৰ্যটকৰ বাবে গহপুৰক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে গহপুৰ হাইস্কুলৰ খেলপথাৰৰ কনকলতা ক্ষেত্ৰত কাইলৈৰ পৰা আৰম্ভ হ'ব 'গহপুৰ উৎসৱ-২০১৫'। 

৬) ২০১৩ চনৰ ৮ জুলাইত অসমৰ পৰম্পৰাগত বস্ত্ৰক ভৌগলিক নিৰ্দেশক চমুকৈ জি আই (Geographical Indicator) প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়। কিন্তু আজি প্ৰায় দুবছৰ পাৰ হোৱাৰ পিছতো সেয়া কাৰ্য্যকৰী হোৱা নাই। 'শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতি' ৰে হোৱা আলোচনাৰ পিছত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অচিৰেই জি আই প্ৰদানৰ কাম কাৰ্য্যকৰী কৰিব বুলি কথা দিয়ে। 

৭) বহু এলবামত কন্ঠদান কৰি জনপ্ৰিয়তা অৰ্জন কৰা দৰদী কন্ঠশিল্পী পংকজ বৰদলৈয়ে সুদীৰ্ঘ ২০ বছৰৰ মূৰত এটা শ্ৰব্য সঁফুৰাত কন্ঠদান কৰিছে। এই এলবামটো হৈছে পি এম প্ৰদাকশ্বনৰ প্ৰথম নিবেদন- 'ধুমুহা'। 

৮) এসময়ৰ জনপ্ৰিয় ঔপন্যাসিক কামাখ্যা সভাপণ্ডিতৰ ৮০ বছৰীয়া জন্মদিনটো যোৱা ৩০ মাৰ্চত ৰাজহুৱাকৈ পালন কৰা হয়। পৰিয়ালৰ উদ্যোগত আৰু চান্দমাৰী শাখা সাহিত্য সভাৰ উদ্যোগত তেখেতৰ কৃষ্ণনগৰস্থিত বাসগৃহত বহুতো গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত তেখেতৰ জন্মদিন পালন কৰা হয়। 

৯) এক ব্যতিক্ৰমী কাৰ্য্যসূচীৰে পাঠশালা নগৰত পহিলা ব'হাগৰ পৰা ৪ ব'হাগলৈ ৩৬সংখ্যক ৰঙালী বিহু পালন কৰা হ'ব। অন্যান্য কাৰ্যসূচীৰ লগতে পাঠশালা নগৰৰ কৃত্ৰিম বানপানী ৰোধৰ একমাত্ৰ সমল বিষণ্নলা জানটোত চলা অবৈধ দখলৰ প্ৰতিবাদকল্পে বিহু সন্মিলনীয়ে ২ ব'হাগত প্ৰতিকী ৰূপত 'বিষণ্নলা বচাওক' কাৰ্য্যসূচীত হাতত লৈছে। 

১০) বঙাইগাঁও জিলাৰ ঐতিহ্যমণ্ডিত নান্‌কাৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী ৩,৪ আৰু ৫৫ এপ্ৰিলত তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্য্যসূচীৰে পালন কৰা হ'ব।

No comments:

Post a Comment