Wednesday, April 1, 2015

চিন্তন

চোৰ মন্ত্ৰী আৰু দগাবাজৰ ৰাজনীতি
দীপাংকৰ মল্ল বৰুৱা
ইংৰাজীতএষাৰ কথা আছে Politics is the last resort of a scoundrel, অৰ্থাৎ ৰাজনীতি হ’ল এজন দগাবাজৰ শেষ আশ্ৰয়। অৱশ্যে এইষাৰ কথা সকলোৰে ক্ষেত্ৰত সমানে প্ৰযোজ্য নহয়। নিষ্ঠাৰে, সেৱাৰ মনোভাৱেৰে আদৰ্শগত ৰাজনীতি কৰা ব্যক্তি এতিয়াও যথেষ্ট আছে। সেই কাৰণেই হয়তো গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনতাৰ আস্থা বৰ্তি আছে। 

কিন্তু বৰ্তমান সময়ত অনুভৱ হয়, ৰাজনীতি যেন সঁচাকৈয়ে দগাবাজ সকলৰ চৰণীয়া পথাৰ হৈ পৰিছে। ৰাজনীতিৰ পথাৰত অপৰাধীয়ে ভিৰ কৰিছে। এচাম জন প্ৰতিনিধিৰ পৃষ্ঠপোষকতাতে ৰাজহুৱা ধন উদৰস্থ হৈছে, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দুখীয়াৰ ভাগৰ অন্নৰ হৰলুকি হৈছে। সেই সকলৰ কৃপা দৃষ্টিতে বণিক শ্ৰেণীয়ে জন সাধাৰণৰ ওপৰত অবাধ লুণ্ঠন চলাই গৈছে। চিণ্ডিকেট আৰু গুণ্ডাৰাজৰ জৰিয়তে কৃত্ৰিম মূল্যবৃদ্ধিৰ সৃষ্টি কৰি জনতাৰ মূৰত মাধমাৰ সোধাইছে। বহু ক্ষেত্ৰত পুলিচ, আমোলা, দালাল সকলেও এই কাৰ্য্যত সহযোগ কৰিছে। এচাম ৰাজনৈতিক নেতাৰ সমৰ্থনতে দুৰ্নীতি সমাজ জীৱনৰ প্ৰতিটো স্তৰতে গভীৰলৈ শিপাই গৈছে। ধনৰ টোপোলাৰ অবিহনে চৰকাৰী কাম কাজ আগ নবঢ়া হৈ পৰিছে। মন্ত্ৰী, ৰাজনৈতিক নেতাৰ লাখ, কোটি টকাৰ বিয়াগোম দুৰ্নীতিৰ খবৰ পোহৰলৈ আহিছে। অতি এজন সাংসদ বা বিধায়কে পাঁচ বছৰৰ ভিতৰতে কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হৈ পৰাটো সাধাৰণ কথা হৈ পৰিছে। দগাবাজি নকৰিলে, ৰাজহুৱা ধনৰ চুৰি নকৰিলে এজন জন প্ৰতিনিধিৰ আৰ্থিক অৱস্থাৰ এনে উৰ্ধগতি কেতিয়াও সম্ভৱ হ’ব নোৱাৰে।

অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী চন্দন চৰকাৰে তেওঁ এখন সমবায়ৰ সভাপতি হৈ থাকোঁতে সমবায়ৰ চেনি, চাউল চুৰ কৰিছিল বুলি ৰাজহুৱা সভাত অকপটে স্বীকাৰ কৰিছে। কিন্তু অতি আচৰিত কথা এয়ে যে মন্ত্ৰীজনৰ এই স্বীকাৰোক্তিৰ পিছত চৰকাৰী ভাৱে তেওঁৰ ওপৰত কোনো ব্যৱস্থা লোৱাতো দূৰৰে কথা, শাসনাধিস্থ দলটোৰ নেতা সকলে তেওঁক ৰক্ষণাবেক্ষণ দিবলৈহে চেষ্টা কৰিলে। আমোদজনক ভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্তই এই চুৰিকাৰ্যক সমৰ্থন কৰি কৈছে যে চুৰি কৰা ধন চন্দন চৰকাৰে কোনো এখন বিদ্যালয়ত অনুদান হিচাপে আগবঢ়োৱা বাবে এনে কাৰ্য দোষণীয় নহয়। শেহতীয়াকৈ এই মন্ত্ৰীজনে তেওঁৰ বিভাগত কমিছনৰাজৰ দ্বাৰা মুকলিকৈ দুৰ্নীতিৰ দোকান খোলা বুলি বাতৰি প্ৰকাশিত হৈছে। এই মন্ত্ৰীজনৰ এই অশোভনীয় কাৰ্যকলাপত মূখ্যমন্ত্ৰী তৰুণ গগৈও নিমাত হৈ আছে। এনেবোৰ ঘটনাই ৰাজনীতি আৰু অপৰাধীৰ নিকট সম্পৰ্ক উদঙাই দেখুৱাইছে।

ভাৰতৰ ৰাজনীতিত দগাবাজ আৰু অপৰাধীৰ প্ৰৱেশ নতুন কথা নহয়। দেশত বৃটিছৰ শাসন কালত বা স্বাধীনতাৰ সময়ত ৰাজনীতিৰ লগত অপৰাধীৰ সম্পৰ্কৰ কথা হয়তো ভাবিব নোৱাৰা কথা আছিল। সেয়ে হয়তো সংবিধান প্ৰণয়ন কৰা ব্যক্তি সকলেও সাংসদ বা বিধায়ক হ’বৰ বাবে অপৰাধী বা দুৰ্নীতিগ্ৰস্থ নোহোৱাটো যোগ্যতামাপক বুলি নিৰ্ধাৰণ কৰা নাছিল। পিছে স্বাধীনতাৰ পিছৰে পৰা অত্যাধিক চৰকাৰী নিয়ন্ত্ৰণৰ আউটিত স্বজনতোষণ, চৰকাৰী ধনৰ অপব্যৱহাৰ আদিৰ যোগেদি ৰাজনীতি আৰু দুৰ্নীতিৰ যোগ সূত্ৰ স্থাপন হৈছিল। ষাঠি আৰু সত্তৰৰ দশকত গান্ধী বাদী আদৰ্শত দীক্ষিত নেতা সকল ৰাজনৈতিক কৰ্মক্ষেত্ৰৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ভাৰতীয় ৰাজনীতিলৈ এটা নতুন ধাৰাৰ আগমন হ’ল। নতুনকৈ আগমন হোৱা এচাম নেতাই আদৰ্শবাদী ৰাজনীতিৰ পথ পৰিহাৰ কৰি হিংসা - সন্ত্ৰাসৰ আশ্ৰয় লৈ, জোৰ জুলুম কৰি হ’লেও ভোটৰ ৰাজনীতিত জয়ী হোৱাৰ নতুন পথ অৱলম্বন কৰিলে। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ বলবৎ থকা ‘জৰুৰীকালীন ব্যৱস্থা’ৰ সময়ত চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ আৰু বিৰোধী দল সমুহক নিপাত কৰিবলৈ আৰু ভীতি প্ৰদৰ্শনেৰে জনতাক বাকৰুদ্ধ কৰি ৰাখিবলৈ শাসনাধিস্থ দলটোৰ প্ৰয়োজন হৈছিল কিছুমান গুণ্ডা জাতীয় ব্যক্তিৰ। সেই সময়তে ৰাজনীতিৰ পথাৰত দলে দলে অপৰাধীৰ আগমন ঘটিছিল। ৰাজনীতিৰ পথাৰত অপৰাধীয়ে ভিৰ কৰিবলৈ লোৱাৰ পৰা ৰাজনীতি আৰু অপৰাধীৰ সংযোগ যেন আৰু কটকটীয়া হৈ পৰিল। 

অতি পৰিতাপৰ কথা এয়ে যে বৰ্তমান লোকসভাৰ প্ৰায় এক তৃতীয়াংশ সাংসদ বিভিন্ন অপৰাধত অভিযুক্ত। এই সকলৰ কিছু সংখ্যক সাংসদ হত্যা, অপহৰণ, বলাত্কাৰ, ডকাইতি আদি ঘৃণনীয় অপৰাধৰ লগতো জড়িত। সৰলীকৰণ কৰা যদিও উচিত নহয়, তথাপিও এটা কথা নিশ্চয়কৈ ক’ব পৰা যায় যে ক্ষমতাৰ জৰিয়তে আইনক নিজৰ হাতৰ মুঠিত লোৱাৰ আৰু ব্যাপক দুৰ্নীতিৰ সুবিধা কৰি ল’ব পৰাৰ কাৰণে ৰাজনীতিৰ পথাৰলৈ বহু সংখ্যক অপৰাধীৰ আগমন ঘটিছে। দেশত আইন প্ৰণয়ন কাৰ্যত অংশীদাৰ সাংসদ সকলেই যেতিয়া অপৰাধী হয়, ৰাজনীতিৰ অপৰাধীকৰণ স্বাভাৱিক ভাৱেই সংঘটিত হয়।

এটা কথা মন কৰিব লগীয়া যে ভাৰতত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে কোনো শিক্ষাগত অৰ্হতা বা অভিজ্ঞতাৰ প্ৰয়োজন নাই। লিখিব পঢ়িব নজনা বা নামমাত্ৰ শিক্ষা থকা ব্যক্তি এজনো নিৰ্বাচিত হৈ জনতাৰ হিতৰ বাবে বিভিন্ন আঁচনি, ভৱিষ্যত পৰিকল্পনা প্ৰস্তুত কৰা কামত নিয়োজিত হ’ব পাৰে। বিশেষ শিক্ষাগত অৰ্হতা নথকা মন্ত্ৰী এজনে কোটি কোটি মানুহৰ জীৱনক প্ৰভাৱান্বিত কৰিব পৰা সিদ্ধান্ত লোৱাৰ অধিকাৰ পায়। শিক্ষাগত অৰ্হতাৰ অভাৱ এজন মানুহৰ পাৰদৰ্শিতাৰ মাপকাঠী হ’ব নোৱাৰে যদিও ইয়াৰ ফলত বহু সময়ত চৰকাৰী কামৰ গুণগত মানৰ অৱনতি হয়। জন সাধাৰনৰ বাবে লোৱা চৰকাৰী আঁচনি সমুহত জন কল্যানতকৈ ভোটাৰক আকৃষ্ট কৰাৰ ৰাজনীতিয়ে প্ৰাধান্য পায়। শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নোহোৱা বাবেই ৰাজনীতিত অপৰাধীৰ প্ৰৱেশ সুচল হৈ পৰিছে। 

আনহাতে উপযুক্ত শিক্ষাগত অৰ্হতাৰ অভাৱত একোটা গুৰুত্বপূৰ্ণ দপ্তৰ পৰিচালনা কৰিবলৈ মন্ত্ৰী সকলৰ সক্ষমতাৰ ওপৰতো সন্দেহৰ আঙুলি উঠিছে। উল্লেখ্য যে, বৰ্তমান কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। আমোদজনক ভাৱে বিবাদিত চুৰি কাৰ্যত জড়িত মন্ত্ৰী চন্দন চৰকাৰে মন্ত্ৰীত্বৰ বাবে তেওঁৰ উপযুক্ত শিক্ষাগত অৰ্হতাৰ অভাৱ আকবৰ, শংকৰদেৱ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ শিক্ষাগত অৰ্হতাৰ লগত ৰিজাইছিল। 

ৰাজনীতিৰ অপৰাধীকৰণ বন্ধ কৰাটো বৰ্তমান এক প্ৰত্যাহ্বান হৈ পৰিছে। সময়ে সময়ে চৰকাৰে ৰাজনীতিৰ পৰা অপৰাধীৰ নিৰ্মূলকৰণৰ ব্যৱস্থা হাতত লৈ আহিছে যদিও সেইবোৰ এতিয়াও ফলপ্ৰসূ হোৱা নাই। বাৰম্বাৰ সকীয়নিৰ পিছতো বহুতো জন প্ৰতিনিধিয়ে সম্পত্তিৰ হিচাপ দাখিল কৰা নাই। নৰেন্দ্ৰ মোদী চৰকাৰে ফৌজদাৰী গোচৰত অভিযুক্ত সাংসদ সকলৰ বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি এবছৰৰ ভিতৰত আদালতৰ ৰায় দান পোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আদালতৰ দ্বাৰা দোষী সাব্যস্ত সাংসদ সকলে সদস্য পদ হেৰুৱাব লগীয়া হ’ব বুলি ঘোষণা কৰা হৈছে। উল্লেখ্য যে ইতিমধ্যে বিভিন্ন দুৰ্নীতিৰ গোচৰত আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা কেইবাজনো ৰাজনীতিকক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। তেওঁলোকৰ ভিতৰত লালু প্ৰসাদ যাদৱ, জয়াললিতা আদি অন্যতম। সাৰদা কেলেংকাৰীৰ তদন্তত কেইবাখনো ৰাজ্যৰ ৰাজনৈতিক নেতা জড়িত হৈ থকাৰ কথা পোহৰলৈ আহিছে। দুৰ্নীতিত জড়িত বুলি প্ৰমাণিত হ’লে ৰাজনৈতিক নেতা সকলৰ দৃষ্টান্তমূলক শাস্তি হোৱাটো বাঞ্ছনীয়।

যি কোনো দেশত জনতাৰ বাবে প্ৰস্তুত কৰা আইন, আঁচনি, পৰিকল্পনা, সিদ্ধান্ত সমুহত জন প্ৰতিনিধি সকলৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয়। চৰকাৰী ধনৰ অপপ্ৰয়োগ, দুৰ্নীতি, জনতাৰ স্বাৰ্থ বিৰোধী সিদ্ধান্ত আদিৰ বিৰুদ্ধে জন প্ৰতিনিধি সকল সৰৱ হোৱাটো জনতাই আশা কৰে। জন প্ৰতিনিধি সকলৰ হাতত ৰাজহুৱা ধনৰ ব্যৱহাৰ বা অপব্যৱহাৰৰ ক্ষমতা থাকে। সেয়েহে তেওঁলোকৰ জনতাৰ প্ৰতি দায়িত্বও অপৰিসীম। সংকীৰ্ণ ব্যক্তিগত স্বাৰ্থত ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ অধিকাৰ কাৰো থাকিব নোৱাৰে। 

আব্ৰাহাম লিংকনে গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰক জনতাৰ চৰকাৰ বুলি কৈছে। অৰ্থাৎ গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰ এখনে এনে ভাৱে কাৰ্য্য কৰিব লাগে যে সেই কাৰ্য্য জনতাৰ হিতৰ বাবেহে হয়। চৰকাৰ আৰু জনতাৰ মাজৰ সম্পৰ্ক ইমান নিবিড় হ’ব লাগে যে জনতাই চৰকাৰ খনক নিজৰ চৰকাৰ বুলি উপলব্ধি কৰিব পাৰে। জন প্ৰতিনিধি সকল জনতাৰ সেৱক হৈ কাম কৰাৰ মনোভাৱ ৰখাটো সফল গণতন্ত্ৰৰ লক্ষণ। আজিৰ সময়ত ভাৰতীয় গণতন্ত্ৰৰ এক চৰম দুৰ্ভাগ্য যে সৰহ সংখ্যক জন প্ৰতিনিধিয়ে নিৰ্বাচিত হোৱাৰ পিছত জনতাৰ সেৱক হোৱাৰ সলনি ক্ষমতাৰ অপপ্ৰয়োগ কৰি শোষকৰ ৰূপতহে অৱতীৰ্ণ হয়। এনে দগাবাজি ৰাজনীতিৰ অৱসান হ’লেহে দেশত গণতন্ত্ৰ সফল হ’ব। 
লেখক দুলীয়াজানত কৰ্মৰত, ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment