Wednesday, April 8, 2015

প্ৰেৰণাময় ব্যতিক্ৰম

হত্যাকাৰী ধৰা সাহসী বাংলাদেশী কিন্নৰ গৰাকী 
ৰূপাংকৰ চৌধুৰী
বিভিন্ন ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকল ঢাপলি মেলিছে ঢাকালৈ, লগতে পুলিচ প্ৰশাসনৰ বিষয়া সকল, তেওঁলোক সকলোৱে কৈছে, তেখেতক হেনো সাহসিকতাৰ বাবে পুৰস্কাৰ দিব! যোৱা সোমবাৰ পৰা (৩০মাৰ্চ'২০১৫) তেখেতক ঢাকা মহানগৰীত সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে ঠিক যেতিয়াৰ পৰা তেখেতে বাংলাদেশৰ এজন যুক্তিবাদী 'ব্লগাৰ'ৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি সন্দেহযুক্ত দুজন ব্যক্তিক নিজ হাতে ধৰিবলৈ সক্ষম হৈছে লাৱণ্য হিজৰাই। একৈশ বছৰীয়া ব্যক্তি গৰাকীয়ে নিজৰ উপাধিটো জৈৱিক ভাৱে পুৰুষ, কিন্তু নিজকে মহিলা বুলি চিনাকি দিয়া কিন্নৰ সকলক দক্ষিণ এছিয়াত প্ৰচলিত বিশেষণৰ পৰা লোৱা বুলিও প্ৰকাশ কৰিছে।

তিনিদিন ধৰি বিচাৰ খোচাৰ কৰাৰ পিছত যোৱা ২৬ মাৰ্চ ২০১৫ত এজন সাংবাদিকে লাৱণ্যক উদ্ধাৰ কৰে, আৰু ঠিক তেতিয়াই তেখেতে সমগ্ৰ ঘটনাটো প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে বৰ্ণনা দিবলৈ মান্তি হয়। তেখেতৰ 'গুৰু-মা', অন্য এগৰাকী কিন্নৰ স্বপ্না হিজৰাৰ অনুমতি সাপেক্ষে লাৱণ্যই সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিবলৈ সাজু হয়। 

বাংলাদেশৰ জনপ্ৰিয় যুক্তিবাদী 'ব্লগাৰ' তথা ২৭ বছৰীয়া যুৱক আছিকুৰ ৰহমানক হত্যা কৰাৰ উদ্দেশ্যে তিনিজন ব্যক্তিয়ে আক্ৰমণ কৰিছিল। ৰহমানে বিভিন্ন সময়ত ইছলাম ধৰ্মৰ কিছুমান কথা যুক্তিৰে সমালোচনা কৰি বিভিন্ন 'ছ'চিয়েল মিডিয়া'ত যুক্তিবাদী লেখা-মেলা কৰিছিল। সেই সময়ত লাৱণ্য তাত উপস্থিত আছিল। তেখেতে হত্যাৰ উদ্দেশ্যে অহা যুবকত্ৰয়ৰ দুজনৰ চোলাত খামুচি ধৰে। সিহঁত কলেজীয়া ছাত্ৰ আছিল। লাৱণ্যৰ হাতৰ মুঠিত চটফটাই থাকি যুৱক দুজনে এৰি দিবলৈ ধমক দিয়ে। তেতিয়া সাহসী লাৱণ্যই ওলটাই সিহঁতক ধমক দিয়ে- 'চুপ থাক!' 

"আমি হিজৰা সম্প্ৰদায়ৰ হয়। এইখন সমাজত আমি কোনো ধৰণৰ কূটাঘাটমূলক ঘটনা সংঘটিত হোৱাটো নিবিচাৰো।"- লাৱণ্যই কয় - "আমি এনে এক সামাজিক পৰিবেশ বিচাৰোঁ য'ত, হিজৰা সম্প্ৰদায়কে আদি কৰি সকলোৱে শান্তিত বসবাস কৰি থাকিব পাৰে।"   

মাহজোৰা জংগী ৰাজনৈতিক প্ৰতিবাদী কাৰ্য্যসূচী আৰু বিধ্বস্ত সুৰক্ষা ব্যৱস্থাৰ পিচত, ঢাকা এখন এনেকুৱা নগৰলৈ পৰিবৰ্তিত হৈছিল য'ত সাক্ষীয়ে কথা পাহৰি যোৱা নিয়মত পৰিণত হৈছিল। যোৱা ২৬ ফেব্ৰুৱাৰীত, আন এজন বাংলাদেশী-মাৰ্কিন 'ব্লগাৰ', অভিজিত ৰয়ক গ্ৰন্থমেলাৰ পৰা উভতি আহি থাকোতে ঢাকাৰ জনবসতিপূৰ্ণ ৰাস্তাতে এদল যুৱকে নৃশংসভাবে হত্যা কৰিছিল। 

"অতি কমেও ১০ৰ পৰা ১২জন ব্যক্তিয়ে সেই আক্ৰমণৰ সাক্ষী আছিল।"- অভিজিতৰ পিতৃ, অজয় ৰয়ে কৈছিল, কিন্তু পুলিচে সাক্ষীৰ পৰা দোষীক ধৰিবলৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰিব নোৱাৰিলে। "তেওঁলোক হয়তো জনাবলৈ ইচ্ছুক নহয়, সাহস নাই নাইবা পুলিচে তেওঁলোকক ধৰিবই নোৱাৰিলে।" 

ঢাকা ট্ৰিবিউনে যোৱা মঙলবাৰে পৰিৱেশন কৰা বাতৰি মতে, স্থায়ী বাসিন্দা সকলে আছিকুৰ ৰহমানৰ হত্যাকাৰীকো কৰায়ত্ত কৰিবলৈ ইচ্ছুক নাছিল। লাৱণ্যই জানিবলৈ দিয়ামতে যি সময়ত সেই অঞ্চলৰ বাসিন্দা আৰু পুলিচে হাৰ মানি গৈছিল, তেতিয়া তেখেতে সেই যুৱক দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল। পিছত যেনিবা পুলিচে বিচৰাত তেখেতে যুৱক দুজনক হাতৰ পৰা এৰি দিছিল। তৃতীয়জন হত্যাকৰী কিন্তু পলাবলৈ সক্ষম হৈছিল।  

লাৱণ্যই আগুৱাই আহি নিজৰ চিনাকি ৰাজহুৱা কৰিবলৈ সংকোচ কৰি আছিল। ভয় হৈছিল, হত্যাকাৰীৰ সংগীজনে তেখেতক চিনি পাব! সেয়েহে তেখেতৰ জন্ম গাওঁলৈ উভতি যাব বিচাৰিছিল। 

কিন্তু পিচৰ কিছুদিনত লাৱণ্য হিজৰাই লক্ষ্য কৰিলে যে, নিজৰ পৰিচয় ৰাজহুৱা নকৰাকৈও তেখেতে সমাজত এক সন্মানজনক স্থান পাবলৈ সক্ষম হৈছে। যিটো সাধাৰণতে তেওঁলোকৰ সম্প্ৰদায়ৰ ব্যক্তিৰ লগত অস্বাভাবিক। 

"কিছুমান ব্যক্তিয়ে যেতিয়া মোক দেখে, কয়-'তুমি এক মহান কাম কৰিলা। তুমি আততায়ীক কৰায়ত্ত কৰিলা,'"- লাৱণ্যই স্বীকাৰ কৰে- " তেনেদৰে আমাৰ হিজৰা সম্প্ৰদায়ৰ প্ৰতি এক অনাকাংক্ষিত সন্মান প্ৰাপ্তি কৰিব পাৰিছিলোঁ।"  

দক্ষিণ এছিয়াৰ কিন্নৰ সম্প্ৰদায়ৰ ব্যক্তিক সমাজে এক বেলেগ চকুৰে চায়, য'ত গোড়া সমাজ ব্যৱস্থাই এতিয়াও সম-লিংগৰ মাজত যৌন-সম্বন্ধক এক অপৰাধ বুলি গণ্য কৰে কিন্তু একেখন সমাজে 'কাম সূত্ৰ'ৰ যুগৰে পৰা তৃতীয় লিংগৰ উপস্থিতিকো স্বীকৃতি দিয়ে। পাৰপত্ৰ আৰু অন্যান্য সকলো চৰকাৰী নথি-পত্ৰত কিন্তু নেপাল, পাকিস্তান, বাংলাদেশ আৰু ভাৰতবৰ্ষই তৃতীয় লিংগৰ অৱস্থিতিক ন্যায়িক স্বীকৃতি প্ৰদান কৰিছে। 

লাৱণ্য হিজৰাই নিজকে কিন্নৰ বুলি ৯বছৰ বয়সতে চিনি পাইছিল আৰু সেই কম বয়সতে অন্য এজনী কিন্নৰৰ লগত ঘৰ এৰি আহিছিল। ঢাকাত, তেখেতে স্বপ্না হিজৰা নিয়ন্ত্ৰণাধীন বংশানুক্ৰমে চলি অহা এক কিন্নৰ সম্প্ৰদায়ত যোগদান কৰে। স্বপ্না হিজৰাক তেওঁলোকে 'গুৰু-মা' বুলি সন্মান কৰে। দোকানীবোৰক আৰু ব্যক্তি বিশেষে নিম্ন পৰিমাণৰ ধন দাবী কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। কোনো ব্যক্তি বা দোকানীয়ে সেই ধন দিবলৈ অমান্তি হ'লে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি বাধ্য কৰে। তেওঁলোকৰ ব্যৱসায়ী মাত্ৰ এটি যুক্তিতে ইমান দিনে চলি আছে। সেয়া হ'ল- কিন্নৰ সকলৰ অভিশাপ দিয়াৰ শক্তি আছে! 

টিনৰ চালি ঘৰ এটাত বসবাস কৰা লাৱণ্যই ভিক্ষা মাগি দিনটোত প্ৰায় দুশ টকা উপাৰ্জন কৰে। "আমাৰ এক সাধাৰণ জীৱন প্ৰণালী নাই। আমি অইন সাধাৰণ ব্যক্তিৰ দৰেও নহও। কেতিয়াবা নিজৰ ওপৰতে মোৰ ঘৃণা ওপজে- নিজকে হিজৰা বুলি ভাৱি।" লাৱণ্যই কয়। 

কিন্তু আনহাতে তেখেতে কয় যে,-" বহুতো ব্যক্তিয়ে আমাক এইটো কথাৰ বাবেই মৰম কৰে যে,- আমি অসহায় আৰু পিছপৰা সম্প্ৰদায়ৰ।" 

যোৱা বৃহস্পতিবাৰে লাৱণ্যকৰ সোধা হৈছিল, তেখেতে পুলিচৰ পৰা 'ৰাজহুৱা অভিনন্দন' গ্ৰহণ কৰিব নে নাই? লাৱণ্যই সঁহাৰিৰ অপেক্ষাত 'গুৰু-মা', স্বপ্না হিজৰালৈ চাইছিল। স্বপ্নাই কৈছিল- "কিয় গ্ৰহণ নকৰিব?" "হয়। মই বঁটা গ্ৰহণ কৰিবলৈ সাজু। মই দুজনকৈ আততায়ীক কৰায়ত্ত কৰিছোঁ।" লাৱণ্য হিজৰাই হাঁহি মুখে প্ৰকাশ কৰে। এই সাহসী, ব্যতিক্ৰমী তথা প্ৰেৰণাময় কাহিনীটো পৃথিৱীৰ সমুখত তুলি ধৰিছে নিউয়ৰ্ক টাইমছে।



No comments:

Post a Comment