চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সংজ্ঞা থাকিলেই "অসমীয়া" জাতি জীয়াই থাকিবনে?
ডাঃ বিৰাজ কুমাৰ শৰ্মা

পুনৰ আৰম্ভ হৈছে বিতৰ্ক অসমীয়াৰ সংজ্ঞাক লৈ। “অসমীয়া কোন ?” এইয়া যেন আজিৰ দিনত এক লাখটকীয়া প্ৰশ্ন। এই লৈ ৰাজ্যত বিভিন্ন মতবাদৰ সৃষ্টি হৈ আহিছে আৰু বিদেশী বহিষ্কাৰ আন্দোলনৰ ৩২ বছৰ পাৰ হৈ যোৱাৰ পিছতো অসমীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱাকৈ থকাটোৱে যেন প্ৰতীয়মান কৰে অসমবাসীৰ মাজত মিলাপ্ৰীতিৰ অভাৱৰ সুস্পষ্ট ছবিখন। আজি দেখা গৈছে যে অসমৰ বিভিন্ন জাতি-জনজাতিয়ে অসমীয়া বুলি পৰিচয় দিয়াৰ পৰিবৰ্তে নিজকে সুকীয়া সুকীয়াকৈ পৰিচয় দিব বিচাৰে। আনহাতে পূৰ্ববংগীয়া মুছলমান সকল অসমীয়া হ’ব নোৱাৰে বুলি এচামে কৰা মন্তব্য ইও যেন এই প্ৰক্ৰিয়াটো জটিল কৰি তুলিছে। অথচ তাহানিতেই ডঃ ভূপেন হাজৰিকা দেৱেই এইসকল ন-অসমীয়াক বৃহত্তৰ জাতিৰ অংশ বুলি কৈ গৈছে।

অসমীয়াৰ সংজ্ঞা নিৰূপণেৰে অকল সাংবিধানিক ৰক্ষা কৱচ প্ৰদানেৰে এটি জাতিক জীয়াই ৰাখিব পাৰিনে? যি জাতিয়ে নতুনত্ত্বক গ্ৰহণ কৰিবলৈ অনিচ্ছুক, ৰূপান্তৰ গ্ৰহণ কৰিবলৈ অনিচ্ছুকতা প্ৰকাশ কৰে, তেনেক্ষেত্ৰত অকল মাত্ৰ গোঢ়া জাতীয়তাবাদেৰে এটি জাতিক জীয়াই ৰখা সম্ভৱনে ? অসমীয়াৰ প্ৰকৃত সংজ্ঞা নিৰূপণ নোহোৱাৰ বাবেই অসমীয়াৰ পৰিবৰ্তে আজি খিলঞ্জীয়া শব্দই স্থান লৈছে আৰু অসমীয়াৰ অস্থিত্ত্ব সংকটত বাবে প্ৰধানকৈ বাংলাদেশী প্ৰবজনকে দোষাৰোপ কৰা হয় আৰু এই বাংলাদেশী সজাবলৈ গৈ যেতিয়া চৰ-চাপৰিৰ পমুৱা মুছলমান সকলকে জধে মধে বাংলাদেশী সজাই মিছা অপবাদ দিয়া হয়, তেতিয়া যেন সুস্পষ্ট হয় অসমীয়া জাতিৰ গোড়ামী তথা ৰূপান্তৰক গ্ৰহণ কৰিব নোৱাৰাৰ মানসিকতা। বাংলাদেশী প্ৰব্ৰজনেই যিহেতু অসমীয়াৰ জন-জীৱনলৈ ভাবুকি অনা বুলি কোৱা হয়, তথাপিও কিন্ত্ত বাংলাদেশী বুলিবলৈ গৈ চৰ-চাপৰিৰ পূৰ্ব-বংগীয় মুছলমান সকলকো বাংলাদেশী বুলি সন্দেহৰ আঙুলি টোৱালে সেইয়া অসহনীয় হৈ পৰে। অবৈধ বাংলাদেশী আৰু পূৰ্ববংগীয় মুছলমান দুয়োটাই পৃথক। বাংলাদেশী অপবাদ জাপি আৰু আধুনিক বিজ্ঞানসন্মত ধ্যান ধাৰনাৰ পৰা বহুযোজন আতৰাই ৰাখি অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিৰ বাবেই যেন এইয়া এক প্ৰত্যাহ্বান হৈ পৰিছে |

অসমৰ বিদেশী সমস্যা আজিৰ সৃষ্টি নহয় । তাহানিৰ ব্ৰিটিছ ৰাজত্ত্বৰ সময়ত অসমৰ তদনীন্তন মূখ্যমন্ত্ৰী চাৰ চৈয়দ চাদুল্লাৰ পৃষ্ঠপোষকতাতে পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজনেৰে অসমৰ চৰ-চাপৰি অঞ্চল ভৰাই তুলিছিল। তেনে এক সন্ধিক্ষণতে মুছলীম লীগ আৰু কংগ্ৰেছ দলে সালসলনিকৈ অসমৰ শাসনভাৰ দখল কৰাৰ হেতুকে সেই সময়চোৱাত কংগ্ৰেছ দলে ইয়াক লৈ যথেষ্ট সচেতন আছিল যদিও দেশ স্বাধীন হোৱাৰ পিচত ১৯৬০ চন মানৰ পৰা কংগ্ৰেছ দলে অকল ভোটবেংকৰ লালসাতেই হওক বা অন্য কিবা কাৰণতেই হওক, অসমৰ খিলজ্ঞীয়া ৰাইজৰ ভবিষ্যতক লৈ প্ৰশ্ন জড়িত হৈ থকা এই জলন্ত সমস্যাটোক লৈ কংগ্ৰেছ দলে ক্ৰমান্বয়ে উদাসীন হোৱাতো পৰিলক্ষিত হ’ল ।

১৯৬৭ চনৰ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘূ এলেকাত কংগ্ৰেছৰ বিশাল পৰাজয়ে তেওঁলোকক সন্দিহান কৰি তোলে আৰু আচৰ্যজনক ভাবে বিদেশী বিতাৰণৰ সংখ্যাটো হঠাতে কমি আহিলে । ইয়াৰোপৰি শাসকীয় পক্ষৰ অকল ভোটবেংকৰ লালসাৰ বলি হোৱা অসমে অসম আন্দোলনৰ পিছৰ পৰা ২০০৫ চনলৈ সহিব লগা হৈছিল ভাৰতবৰ্ষৰ অন্য ঠাইত প্ৰযোজ্য নোহোৱা আই.এম.ডি.টি আইনৰ বোজা আৰু ইয়াৰ পিছতো আই.এম.ডি.টি আইন উঠি যোৱাৰ পিছতো তৰুণ গগৈ চৰকাৰে ২০০৬ চনৰ পৰা ২০১২ চনৰ জুলাইলৈ মাত্ৰ ২২১ জন বিদেশীহে বহিস্কাৰ কৰিলে, যিটো সংখ্যা অত্যন্ত পুতৌজনক । ইয়াৰে পিছত এই অবৈধ অনুপ্ৰবেশকাৰী চিনাক্তকৰণ আৰু বহিস্কাৰ কৰণৰ ভেটিত গঢ় লৈ উঠা অসম আন্দোলনৰো কিন্ত্ত মূল উদ্দেশ্য আছিল সেই সময়ত কংগ্ৰেছ দলৰ এক বিকল্প সৃষ্টি কৰা আৰু ক্ৰমান্বয়ে গাঢ় হোৱা বাওঁপন্হীৰ আন্দোলন প্ৰতিহত কৰা। কিয়নো, অসম আন্দোলনৰ পিছত ভূমিষ্ঠ হোৱা অসম গণ পৰিষদ দলেও তেওঁলোকৰ দুটাকৈ কাৰ্যকালত তেওঁলোকৰ মূল লক্ষ্য বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্ত্ত এক সঠিক বিজ্ঞানসন্মত উপায়েৰে এই সমস্যাটোক চিৰদিনৰ বাবে বিদায় দিয়াত চূড়ান্তভাবে ব্যৰ্থ হ’ল। কিয়নো যাৰ কাৰ্যকালত মাত্ৰ ১০৬৮ জন বিদেশীকহে বহিস্কাৰ কৰা সম্ভবপৰ হ’ল । যাৰ বাবেই এসময়ৰ অসমীয়া ৰাইজৰ হিয়াৰ আমঠু অসম গণ পৰিষদৰ অস্তিত্ত্বই এতিয়া সংকটাপূৰ্ণ।

ইয়াৰোপৰি অকলমাত্ৰ পূৰ্ববংগ বা পূব পাকিস্থান আৰু আজিৰ বাংলাদেশৰ পৰা হোৱা প্ৰ যে অসমৰ জনগাঠনিৰ প্ৰতি ভাবূকি আনিছে তেনে নহয়, ব্ৰিটিছ শাসকৰ পৃষ্ঠপোষকতাতেই হওঁক বা আমাৰ কৰ্মবিমূখ অসমীয়া জাতিৰ নিষ্ক্ৰিয়তাৰ বাবেই হওঁক, ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ পৰা হোৱা প্ৰবজন, নেপালী, মাৰোৱাৰী, বাংলাভাষী তথা হিন্দীভাষীৰ অগ্ৰাসনো আমাৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্ত্বৰ প্ৰতি ভাবুকিস্বৰুপ হৈ ভবিষ্যত সংকটৰ গৰাহলৈ ঠেলি দিলে । অসমৰ মানুহৰ মাজত থকা বঙালী, অন্যান্য বহিৰাগত আৰু অভিবাসী মুছলমানৰ বিৰুদ্ধে থকা পঞ্জীভূত ক্ষোভে ১৯৭৯-৮৫ চনৰ ভিতৰত বিষ্ফোৰণৰ ৰুপ লৈছিল । ইয়াৰ বিপৰীতে আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে ভবিষ্যত ক লৈ উদাসীন হোৱাৰ বাবেই ক্ৰমান্বয়ে নিজৰ ভূমিৰ অধিকাৰ হেৰুওৱাৰ উপক্ৰম হৈছে । এই কথা হয়তো আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে, কেনেদৰে আজি আমাৰ পথাৰৰ সাৰুৱা ভূমিবোৰত অনা-অসমীয়া বনিকগোষ্ঠীৰ দপদপনী আৰু সহজলভ্য ধনৰ লালসাত পৰি আমাৰ খিলঞ্জীয়া মানুহে এইসকলৰ সৈতে হাত উজান দি নিজৰ পিতৃপুৰুষৰ সম্পত্তি এইসকলৰ হাতত অৰ্পণ কৰিছে ।

আমাৰ অসমীয়া জাতিৰ নিষ্ক্ৰিয়তা, অকৰ্মণ্যতা, নিজৰ ভৱিষ্যত্ক লৈ উদাসীন হোৱা আদিবোৰেই এনেবোৰ প্ৰব্ৰজনত ইন্ধন যোগাইছে । কেবল মাত্ৰ নিজৰ প্ৰয়োজনীয় খিনিৰ বাবে অসমীয়া মানুহে কৃষিকৰ্মত ধৰে আৰু প্ৰব্ৰজনকাৰী সকলে অধিক উৎপাদন আৰু আয় অৰ্জন কৰি তেওঁলোকৰ বাবে প্ৰয়োজনীয় কৃষিভূমি থলুৱা অসমীয়াৰ পৰা ক্ৰয় কৰে । অসমীয়া খেতিয়কে উপাৰ্জিত ধন লাহ-বিলাহত খৰচ কৰাৰ বিপৰীতে সেই সকল কৃষকে উপাৰ্জিত ধন অধিক মাটি সংগ্ৰহৰ বাবে খৰচ কৰিছিল | আমি আজিও দেখি আছো কেনেদৰে সহজলভ্য ধনৰ লালসাত পৰি নিজৰ পিতৃভূমি সমূহ অসমীয়া মানুহে বহিৰাগত ব্যবসায়ী সকলৰ হাতত নিঃসংকোচে অৰ্পন কৰিবলৈ ধৰিছে আৰু ভবিষ্যতৰ প্ৰতি হোৱা উদাসীনতাৰ প্ৰভাব যে অনাগত দিনত বাৰুকৈ্য়ে অনুভূত হব সেইয়া ধূৰূপ।

সহজ ধনৰ লোভে আজিৰ অসমীয়া মানুহক এনেদৰে আছন্ন কৰি পেলাইছে যে একেখিনি ভূমিয়েই একোজন অসমীয়া মানুহে ক্ৰয় কৰাৰ বাবে আগবাঢ়ি আহিলেও দিবলৈ সংকোচ কৰে অথচ বহিৰাগত ব্যবসায়িক ওচৰত অৰ্পণ কৰিবলৈ কুন্ঠাবোধ নকৰে। এনেবোৰ কাৰকে সোৰোপা অসমীয়া জাতিৰ নবপ্ৰজন্মৰ মাজত সহজলভ্য ধনৰ লালসাত পৰি সৃষ্টি কৰিছে এনে এক দালাল তথা মধ্যভোগী শ্ৰেণী যিয়ে দুয়োপক্ষৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহন কৰি মাটি ক্ৰয়-বিক্ৰয়ত হোতা হৈ পৰে। এনেদৰেই আজি অসমীয়াই অসমীয়াৰ শত্ৰু হৈ পৰিছে। আনহাতে ক্ৰেতা সকলেও মাটিৰ প্ৰকৃত মূল্যতকৈ দুই তিনিগুণকৈ মূল্য দিয়াৰ বাবে সেই টোপ গিলি আজি পৈত্ৰিক মাটি ভূমি বিক্ৰী কৰাৰ বাবে অনুশোচনা কৰিব ল’গা হৈছে আৰু এচামে এনে প্ৰলোভনত ভোল যোৱাৰ বাবে বাধ্যত পৰি আনসকলেও অনিচ্ছাস্বত্তেও এই জালত ভৰি দিবলৈ বাধ্য হৈ পৰিছে | অৰ্থাৎ অসমীয়াই হৈ পৰিছে অসমীয়াৰ শত্ৰু। এনে এটি নিৰ্লজ চৰিত্ৰ্হীন নিজস্বতা নোহোৱা জাতিক অকল মাথো সাংবিধানিক ৰক্ষা কৱচ প্ৰদানেৰে জীয়াই ৰাখিব পাৰিনে | এনে এটি সোৰোপা পৰনিৰ্ভৰশীল জাতি তথা সদায়ে নিজৰ ভুলটো নেদেখি সদায়ে আনৰ গাত দোষ জাপি থাকিব খোজাৰ প্ৰবণতাই বাৰু অকল সাংবিধানিক ৰক্ষাকৱছৰ মাজতে জীয়াই ৰাখিবনে সদায়ে।

যদিহে আমাৰ অসমৰ সকলো জাতীয় অনুষ্ঠান, সমূহ ৰাজনৈতিক দলে ইতিবাচক দৃষ্টিভংগীৰে অসমৰ ভবিষ্যতৰ স্বাৰ্থত একগোট হৈ এক সুস্থ বিজ্ঞানসন্মত অধ্যায়নৰ ভিত্তিত এই সমস্যা সমাধানৰ পথ গ্ৰহণ কৰে, তেন্তে ই হ’ব আমাৰ অসম তথা থলুৱা জাতি-জনগোষ্ঠীসমূহৰ বাবেও হ’ব মংগলজনক| আনহাতে অসমীয়া সকলে নিজকে এবাৰ আত্মসমালোচনা কৰাৰ সময় সমাগত| আনৰ ওপৰত অপবাদ জাপি দিয়াতকৈ নিজে কিমান সঠিক পথত আছোহক, সেই কথা এবাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন।

 আনহাতে কোনোবাই সমালোচনাৰে ভুল আঙুলিয়াই দিলে প্ৰতিবাদ, পুত্ত্লিকা দাহ, পথ অবৰোধ, অসম বন্ধ আদিৰ দৰে নেতিবাচক দৃষ্টিভংগীৰে গ্ৰহনণকৰাৰ পৰিবৰ্তে ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি এক বিজ্ঞানসন্মত বিশ্লেষণেৰে চালিজাৰি চাই কেৰোণবোৰ আতৰাই এক শুদ্ধ পথ গ্ৰহণেৰে আগবাঢ়ি আহিলেহে জাতিটোৰ বাবে মংগলজনক হ’ব।

আজিৰ দিনত কোনে শোষণ কৰি আছে সেইয়া ডাঙৰ কথা নহয়, কি কি কাৰণত শোষিত হ’ব ল’গা হৈছে তাৰ কাৰণ অনুধাৱন কৰাটোহে আজিৰ দিনত অতিশয় প্ৰয়োজনীয় | কিহৰ বাবে এক উৰ্বৰ উপত্যকাৰ বাসিন্দা হোৱাৰ পিছতো য’ত খাদ্য-শস্য, মাছ, মাংস, কণী, গাখীৰকে আন সকলো ক্ষেত্ৰতে বাহিৰৰ ৰাজ্যৰ ওপৰত নিৰ্ভৰ নহলে নচলে, তেনে এখন ৰাজ্যৰ এটি জাতি অকল মাথো সাংবিধানিক ৰক্ষাকৱচৰ মাজত বেছিদিন জীয়াই থাকিব নোৱাৰে, সেয়াও কিন্তু নিশ্চিত।

No comments:

Post a Comment