চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আচলতে অসমীয়া জাতিয়ে যিবোৰ কৰা উচিত
বৃতুল শৰ্মা
কেন্দ্ৰীয় চৰকাৰৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা তথা উন্নয়নৰ প্ৰতি অনীহাৰ বিষয়টো এটা বহু চৰ্চিত, বহু চিন্তিত বিষয়। সময় আগবঢ়াৰ লগে লগে উন্নতিৰ পথত উত্তৰ পূৰ্বাঞ্চলেও লাহে লাহে খোজ দিছে। গতি মন্থৰ হʼলেও উন্নতিৰ জখলাত উত্তৰ পূৰ্বাঞ্চলেও বগাইছে। আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলৰ খবৰ মাজে সময়ে ৰাষ্ট্ৰীয় চেনেলত ভুমুকি মৰাও দেখা যায়। কিন্তু তথাপিও যেন সলনি হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি মনোভাৱ। বিগত বৰ্ষত বিধ্বংসী বানপানীয়ে জুৰুলা কৰা অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে একো মনোযোগেই দিয়া দেখা নগʼল। বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কথা চিন্তা কৰিলেও সততে এটা প্ৰশ্ন উদয় হয় যেন ইয়াৰ বাবেও ঘাইকৈ কেন্দ্ৰীয় চৰকাৰেই দায়ী নেকি?

অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে বৌদ্ধিক সম্পদৰ বিনিয়োগ অপৰিহাৰ্য্য। বহু-বিভাগীয় বৌদ্ধিক চিন্তাচৰ্চা, আৰু বৈজ্ঞানিক গৱেষণাৰ দ্বাৰাহে ইয়াৰ স্থায়ী সমাধান উদ্ভৱ কৰা সম্ভৱ। আনহাতে বৌদ্ধিক সম্পদৰ বিনিয়োগৰ পৰা লাভ কৰা সমাধানবোৰ সঠিকভাৱে কাৰ্য্যকৰী কৰিলেহে প্ৰকৃতাৰ্থত বানপানী নাইকীয়া হʼব। এতিয়ালৈকে নিশ্চয় বানপানী সমস্যাৰ লগত সংগতি ৰাখি ভালেসংখ্যক ভৌগোলিক আৰু ভূ-বৈজ্ঞানিক অধ্যয়ণ আৰু গৱেষণা সম্পন্ন কৰা হৈছে আৰু দৰকাৰ সাপেক্ষে আগলৈও কৰিব পাৰি। কিন্তু, সেই অধ্যয়ণ আৰু গৱেষণাৰ ফলাফল সমূহ সমস্যাটোৰ সমাধানৰ বাবে কিমানখিনি ব্যৱহৃত হৈছে সেয়া সন্দেহজনক। গৱেষণালব্ধ সমাধানবোৰ ত্ৰুটিহীন ভাৱে কাৰ্য্যকৰী কৰাটো সকলোৰে লক্ষ্য হʼলেহে প্ৰকৃতপক্ষে সমস্যাটো নাইকীয়া হব। তাৰবাবে লাগিব নিঃস্বাৰ্থভাৱে কাম কৰা গৱেষণাবিদ, মন্ত্ৰী, আমোলা, অভিযন্তা ইত্যাদি মানৱ সম্পদ। এই আটাইবোৰ অনুঘটকৰ উপস্থিতিয়েহে সমস্যাটো সমাধান কৰিব পাৰিব, নʼহলে নোৱাৰে। গতিকে এইক্ষেত্ৰত সমস্যাটো সমাধানৰ প্ৰতি মানুহৰ দৃঢ় সংকল্পবদ্ধ মনোভাৱহে প্ৰধান উপাদান হিচাপে দেখা যায়। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত আগভাগ লব লাগিব। কিন্তু বানপানী সমস্যাক লৈ ৰাজ্য চৰকাৰ সিমান তৎপৰ হোৱা এতিয়ালৈকে আমি দেখা নাই। কংগ্ৰেছেই হওক বা অগপই হওক বা আন কিবা, এতিয়ালৈকে বানপানীৰ সমস্যাটো কোনো এখন ৰাজ্য চৰকাৰেই গুৰুত্ব সহকাৰে লোৱা নাই। বোধহয় ইয়াক এটা ইছ্যু হিচাপে ৰাখি, নিৰ্বাচনৰ আগে আগে বানবিধ্বস্ত সকলৰ মাজত কম্বল আৰু আঁঠুৱা বিতৰণ কৰি ৰাজনৈতিক মাইলেজ হাচিল কৰাই সকলোবোৰ দলৰে লক্ষ্য। ৰাজ্য চৰকাৰৰ এনে মনোভাৱ পোষণ কৰিলে সমস্যাৰ সমাধান কেতিয়াও আশা কৰিব নোৱাৰি। গতিকে আপাত-দৃষ্টিত কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞাৰ মনোভাৱ বানপানী সমস্যাৰ সমাধানৰ হেঙাৰ যেন লাগিলেও প্ৰকৃতপক্ষে ই প্ৰধান কাৰণ নহয়।

অৱশ্যে বানপানী সমস্যাৰ সমাধানৰ বাবে ৰাজ্য চৰকাৰ তৎপৰ হʼলেও কিছু কিছু ক্ষেত্ৰত ই কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল। তেনে পৰিস্থিতিত, কেন্দ্ৰীয় চৰকাৰক সমস্যাৰ প্ৰকৃত প্ৰতিচ্ছবি দৃষ্টিগোচৰ কৰোৱা আৰু প্ৰয়োজনীয় পদক্ষেপৰ বাবে সৈমান কৰোৱাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। ক্ষমতাত যি দলেই নাথাকক কিয়, এই ক্ষেত্ৰত অসম চৰকাৰ দুখলগাকৈ ব্যৰ্থ। আজিলৈকে এনে কোনজন মুখ্যমন্ত্ৰী বা কোনখন ৰাজ্য চৰকাৰ ওলাইছে যিয়ে বানপানীৰ বিষয়টো কেন্দ্ৰীয় পৰ্য্যায়ত সবলকৈ উত্থাপন কৰিব পাৰিছে? বা কোনজন হিম্মতৱালা সাংসদ ওলাইছে যিয়ে অসমৰ বানপানী সমস্যাৰ বিষয়ে চিঞৰি চিঞৰি সংসদত তোলপাল লগাই দিব পাৰিছে? ভাৰতবৰ্ষৰ আন প্ৰদেশতো দুৰ্নীতিগ্ৰস্ত আমোলা, সাংসদ, মন্ত্ৰী, বিধায়ক নিশ্চয় আছে। কিন্তু ভাবি আচৰিত হওঁ অন্য ৰাজ্যৰ সমস্যাবোৰৰ প্ৰতি কেন্দ্ৰই মনোযোগ দিবলৈ বাধ্য হয় কেনেদৰে? অন্যান্য প্ৰদেশৰ সমস্যাবোৰ সঠিকভাৱে কেন্দ্ৰীয় পৰ্য্যায়ত উত্থাপিতও হয় আৰু নিষ্পত্তিৰ বাবে হেঁচাও পৰে। কিন্তু অসম ইয়াৰ ব্যতিক্ৰম কিয়? অসমৰ পৰা তেনে কোনো শক্তিশালী ৰাজনৈতিক ব্যক্তি ওলাবই পৰা নাই আৰু দুই এজন ওলালেও যদি সেইকেইজন নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণত ব্যস্ত থাকে তেন্তে সমস্যা সমাধানৰ আশা কৰিব পৰা যাব জানো? ব্ৰহ্মপুত্ৰ বʼৰ্ডেও নিজৰ কাম নিয়াৰিকৈ কৰা হʼলে অলপ সকাহ পোৱা গʼলহেতেন। কিন্তু অসমীয়া ৰাইজৰ ভাগ্যত সেয়াও নঘটিল।

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ব্ৰহ্মপুত্ৰ বʼৰ্ড ইত্যাদি সকলোতে বিভিন্ন প্ৰভাৱশালী পদত অধিষ্ঠিত হৈ আছে অসংখ্য অসমীয়া। তথাপিও কিন্তু বানপানী সমস্যাৰ অন্ত নপৰে। বাঘজৰী হাতত থকা আৰু বাঘজৰী হাতত থকা মানুহক প্ৰভাৱিত কৰিব পৰাকৈ ভালেসংখ্যক অসমীয়া ওলাল। কিন্তু তথাপিও সমাধান নহয় বানপানী সমস্যা। অতীজৰ কথা বাদেই দিছো, তেতিয়া হয়তো প্ৰভাৱশালী অসমীয়া মানুহৰ সংখ্যা নিচেই তাকৰ আছিল। কিন্তু আজিৰ পৰিপ্ৰেক্ষিতত সেইটো কথা কব পাৰি জানো? আজি অসামৰিক সেৱাৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা বাহিনী লৈকে সকলোতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ অৱস্থিতি। ক্ৰীড়াৰ ক্ষেত্ৰখনতো যোৱা কিছুবছৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ জয়জয়কাৰ হব লাগিছে। “মেৰী কম”ৰ বাহিৰেও সম্প্ৰতি অনুষ্ঠিত ইণ্ডিয়ান চুপাৰ লীগত অসমীয়া খেলুৱৈয়ে ফুটবলৰ যাদু দেখুৱাব লাগিছে। ভাৰতৰ মঙ্গল অভিযানতো অসমীয়া বিজ্ঞানী অৱদানেৰে অসমৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাইছে। সংগীতৰ ক্ষেত্ৰখনৰ কথা কʼবই নালাগে। গতিকে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৱস্থিতি অৱজ্ঞা কৰাটো দূৰৰে কথা আনকি দিনক দিনে বিভিন্ন ক্ষেত্ৰত নিজৰ অৱদানেৰে দেশৰ এক গুৰুত্বপূৰ্ণ অংগ বুলিহে পৰিগণিত হব ধৰিছে অসম তথা উত্তৰ-পূৰ্বাঞ্চল। কিন্তু ইমানৰ পিচতো অন্ত নপৰে বানপানী সমস্যাৰ আৰু তাৰবাবে আমি ধিয়াই থাকো কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞাক। কিন্তু আচলতে কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞা মাত্ৰ এক অনুঘটক হে। প্ৰকৃতপক্ষে, ৰাজ্যিক স্তৰতে সোমাই আছে ইয়াৰ প্ৰকৃত কাৰক।

কিন্তু বছৰৰ পিচত বছৰ ধৰি চৰকাৰৰ ফালে মুখ কৰি সহায়ৰ বাবে অপেক্ষাৰত হৈ বাৰে বাৰে প্ৰৱঞ্চনাৰ সম্মুখীন হোৱাটোৱেই আমাৰ ভাগ্যলিপি নেকি? চৰকাৰৰ অকৰ্মণ্যতাক ধিয়াই হাত সাৱতি বহি থকাটোও এটা জাতি হিচাপে আমাক নুশুৱায়। বানপানী সমস্যাটো এটা উদাহৰণ হে মাত্ৰ। যিকোনো কথাকে কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞাৰ ফলত হোৱা বুলি ধৰি লোৱাটো উচিত নহয়। অতীতত কেতিয়াবা অৱজ্ঞাৰ পাত্ৰ হৈছিল বুলিয়েই বছৰৰ পিচত বছৰ ধৰি একে ঘটনাৰেই পুনৰাবৃত্তি হৈ থাকিব বুলি ভবা উচিত নহয়। আৰু যদি কেতিয়াবা দুৰ্ভাগ্যবশতঃ তেনে মনোভাৱৰ সম্মুখীন হব লগা হয় তেন্তে এক স্বাভিমানী জাতি হিচাপে কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞাৰ মনোভাৱ আমাৰ কপালৰ লিখন বুলি মানি লৈ হাত সাৱটি বহি থকাটো লজ্জাজনক। অতীতৰ কথা পাহৰি ভৱিষ্যতটো যাতে নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰো তেনেধৰণে কাম কৰিব লাগিব। অন্যৰ পুতৌজনিত সহায়ৰ পৰাহে লাভান্বিত হʼম বুলি আশাপালি কিয় বহি থাকো? এটা জাতি হিচাপে বৌদ্ধিক, অৰ্থনৈতিক, সামাজিক ইত্যাদি সকলো ক্ষেত্ৰতে শক্তিমন্ত হৈ, কিয় আমি আমাৰ প্ৰাপ্য নিজে কাঢ়ি-ধুহি হাচিল কৰি লব নোৱাৰো?

ওঠৰ শতিকাৰ বিখ্যাত ফৰাচী দাৰ্শনিক জোচেফ মেৰী(Joseph Marie)ৰ এষাৰ কথা আমাৰ লগত খুবেই প্ৰযোজ্য – “In democrasy, people gets a government they deserve”। ৰাজ্যিক পৰ্য্যায়ত অকৰ্মণ্য চৰকাৰ আৰু বলিষ্ঠ ৰাজনৈতিক নেতাৰ অভাৱৰ অৱস্থাটো হয়তো উক্ত কথাষাৰেই সুন্দৰকৈ ব্যাখ্যা কৰে। হয়তো আমি ভাল চৰকাৰ এখনৰ তলত শাসিত হোৱাকৈ যোগ্য নহয়েই। কিন্তু ওপৰোক্ত ধৰণে “অসমীয়া জাতি” হিচাপে আমাৰ সামগ্ৰিক সত্তাৰ উত্তৰণ সাধন কৰিলে হয়তো সকলো সলনি হৈ যাব বুলি আমাৰ বিশ্বাস।

No comments:

Post a Comment