মিচা ক'লে কি ডাল হবঃ (ৰস ৰচনা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হবঃ (ৰস ৰচনা)

মিচা ক'লে কি ডাল হবঃ (ৰস ৰচনা)

Share This
কিচিম কিচিম ভাৱনাই, ধৰে হেঁচা মাৰি
অজয় লাল দত্ত

আজিকালি কোনো এটা ৱেব চাইট বা ইণ্টাৰনেটত কিবা এটা বিষয়ত সন্ধান কৰিলেই এফ.এ.কিউ বুলি এটা শিতান থাকে। তাতে বিষয়টোৰ সন্দৰ্ভত সততে মানুহৰ মনত টিপিক কৈ টিউব লাইট জ্বলাদি জ্বলি উঠা প্ৰশ্নবোধক বোৰৰ উত্তৰ সাঁচি থোৱা থাকে। সেইবোৰকে এফালৰ পৰা বখলিয়াই গলেই হ'ল, আপুনি হয়তো আপোনাৰ মনতে জাগি উঠা প্ৰশ্নটো উত্তৰৰ সৈতে হাতে-হাত ধৰি থকা তাতে বিচাৰি পাব পাৰে। বৰ ভাল, একদম ৰেডিমেট প্ৰশ্ন, ৰেডিমেট উত্তৰ, মাত্ৰ দুই মিনিট, সেই মেগীকনৰ দৰেই। আপোনাৰ মনলৈ অহা কিচিম কিচিম ভাৱনাৰ উত্তৰ কিন্তু ৱেবচাইটে দিবই বুলি কথা নাই দেই! যি পৰিবেশন কৰে, আপুনি তাকেহে গ্ৰহণ কৰিব লাগিব দেই, আগতীয়াকৈ কৈ থলো, পাছত হ'লে বিৰোধী দলৰ দৰে দায়-দোষ নধৰিব দেই! পৰচৰ্চাৰ বিয়নি মেলতো বিষয়টো নুলিয়াব। একদম বাটৰ কচুপাতৰ শপত!


আচলতে টিভিতো চালে বা বাতৰি কাকতখন পঢ়িবলৈ ললেও আমাৰ মনক বাৰে কিচিম ভাৱনাই হেঁচা মাৰি ধৰেই। এতিয়া ইউ-টিউব খুলিলেই চাব পৰা দেৱিজত বৰাৰ কণ্ঠত আমাৰ প্ৰিয়ংকা গগৈ ভনীটি আৰু উতপল দাস ককাইদেউৰ অভিনয় থকা সেইটো গানৰ ভিডিঅ'টোৰ দৰেই! অপূৰ্ব গানটোৰ দৰেই, প্ৰিয়ংকাৰ অপূৰ্ব অভিনয়। পিছে সেইটি চাওতেও মনলৈ অহা কিচিম কিচিম ভাৱনা নহাকৈ নাথাকে দেই। নথকাৰ কথাই, কাৰণ আজিকালি অসমীয়া গানত যিহে ডাবোল মিনিঙৰ ভূতে লম্ভিছে, কিবা এটা শুনিলেই তাৰ ডাৱল মিনিং মানে খাটি অসমীয়া উৰহীৰ গুৰি কৰবাত নেকি, গুঢ়াৰ্থ বেলেগ নেকি, এইবোৰ বাৰে কিচিম ভাৱনা আহিবলৈ ধৰেই। বতৰৰ বেমাৰ বুইছে, মোৰ হোৱাৰ দৰে আপোনাৰো হৈছে চাগৈ।

যেনে পেকেট গাখীৰকন খুলি গৰম কৰিবলৈ লওতেই, মনলৈ আহিছে, বোলে জুবিনে গোৱাৰ দৰে ক'লী গৰুৰ গাখীৰ হয় বা নহয়। চেহ পেকেটটো লিৰিক বিদাৰি চাওচোন, চেহ এই বিষয়ে একোৱেই লিখা নাইহে! সোৱাদ পোৱা যাবনে বাৰু ক'লী গৰুৰ নহলে গাখীৰকন? কাঁহ হৈছে বুলি ডাবৰ কোম্পানীৰ মৌকন চামুচত লৈও আকৌ চুহি চুহি খাবলৈহে মন যোৱা হৈছে! কি কৰিব, কিচিম কিচিম ভাৱনা বুইছে....

চালাড এখন বনাবলৈ লওতেও বিলাহী এটা হাতত ললে মনলৈ উৰি আহে, অ' টুলটুল বিলাহী, শৰাই দিলে দিলাহি, যদি শৰাই নিদিয়া আমাক বিদায় দিয়াহি বুলি সৰুতে হুচৰি মাৰোতে শৰাই খোজা গানটো। পিছে এতিয়াৰ বিলাহী, তেতিয়াৰ বিলাহীতো নহয়, কিবা হেনো অশ্লীল বিলাহীহে। টিভিত বৰ্ণনা কৰি থাকোতেই বিজুলী বাইজনীয়ে বৰদৈচিলা বাইটিক মাত এষাৰ দিবলৈ ওলাই গলত টিভিত দিয়া চুৰকাৰৰ বাখ্যাবোৰ বুজিবলৈ নাপালোৱেই নহয়। কিচিম কিচিম ভাৱনা বুইছেনে...। চোৰ কৰা সুৰক কেনেকৈ প্ৰেৰণাময় সৃষ্টি বুলি ঘঁহি পিতি নতুন পেকেটত ভৰাব লাগে, শ্ৰোতাক বুদ্ধু বনাব লাগে, সেই কিটিপটোও এই ডাংকাটি বিজুলী বাইৰ বাবেই টিভিৰ পৰা শিকি লব নোৱাৰিলো। নহলে আমি আৰু এনে ক'লা বগা আখৰ লিখি থাকোনে, একেকোবে ত্ৰিপুল, চাৰিপুল মিনিঙৰ গান বনাই ৰাতাৰাতি খ্যাতিমান হৈ গলোহেতেনদেই। বিজুলী বাইদেউৰ এনে সন্দেহজনক গতিবিধিৰ বাবে ৭২ঘণ্টামানৰ অসম বন্ধই দি দিবলৈ মন গৈছেহে..খেতিবাতি গগৈদালৈ বাৰ্তা এটা দিওৱেই নেকি..... কিচিম কিচিম ভাৱনা, কি কৰিব।

আমাৰ তেজপুৰীয়া চাংচদ মানে চাঙত উঠি ভাঙখোৱা ৰ.পি. শৰ্মাদাই হেনো এইবাৰ কেঞ্চাৰক লৈ তেওঁৰ লোকেল গৱেষণাৰ ৰিপৰ্ট দি দেশৰ চুকে-কোণে খিয়াতি পাইছে। বোলে চিগাৰেট খালে কেঞ্চাৰ নহয়, কোনোবা তেজপুৰীয়াই ৬০ডালকৈ জ্বলোৱাৰ ৰেকৰ্ড আছে। অথচ তেৰাৰ ভাগ্যত কেঞ্চাৰ নাই! মিচা ক'লে কি ডাল হবহে! শৰ্মাদাৰ এই খিয়াতি জগত জুৰি প্ৰচাৰ কৰিছে খোদ আমাৰ গোস্বামী বৰ্তাৰ লৰাটোৱে, তেওঁৰ চিঞৰ-বাখৰ নাও চেনেলত! শৰ্মাদাক এতিয়া বিশ্বৰ ধঁপাত-ৰত্ন বঁটা নিদিলেহে ৰক্ষা, ধূম্ৰদণ্ডিকা সৃষ্টিকাৰী কোম্পানীয়ে। কি পাত্তা, যিহে বঁটা দিয়াৰ ধুম উঠিছে...কিচিম কিচিম ভাৱনা বুইছে। কোনোবাই আকৌ শৰ্মাদাক লোকেল ফাটেকতে কেইদিন মান অতিথি কৰিবলৈহে দিহা দিছে। ৰাইজৰ অভিমত বুইছে, একদম বিশুদ্ধ গণতান্ত্ৰিক! শৰ্মাদাই মত প্ৰকাশৰ অধিকাৰ উপভোগ কৰাৰ বিৰুদ্ধে এইসকলেও কৰিছে। সমান কৰিছে কাজ, হাৰিলে জিকিলে নাই লাজ! কি কৰিবহে, কিচিম কিচিম ভাৱনা!

অ' হে হৰি আমাৰ ৰাহুলদা কলৈ গ'ল। মোমায়েকৰ ঘৰলৈ গ'ল নেকি বাৰু? নে কৰবাত ছোৱালী চাবলৈ গৈছে। নে কৰবাত অজ্ঞাতবাসত। আমাৰ দিল্লী দৰবাৰৰ চেনেলত হাহাকাৰ। আ-কাৰ ই-কাৰ চাবলৈ নাই, টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, গুগোল তহচ-নহচ কৰি দিছে। এই হেছ-টেগ, ক'ত গ'ল ৰাহুল দাদাৰ সোণালী বেগ!

তন্ত্ৰীয়ে বোলে ৰাহুল কত কিয় লাগে, মন্ত্ৰীয়ে বোলে বিচাৰি আনা ৰাহুল বাবাক! গূমশূদা তালাচ কেন্দ্ৰ দৰিয়াগঞ্জৰ ফোন নম্বৰটোও আজিকালি সেই কেৱোল লগোৱাৰ পৰা নেদেখা হলো নহয় হে, ৰাহুলদাৰ খবৰ এটা লবলৈকে! সঁচাই গ্ৰেট ইণ্ডিয়ান হাঁহিয়াতৰ পাত্ৰজনৰ এই অনুপস্থিতিয়ে হেনো ৰাইজকো ভয় খুৱাই দিছে। ডাঙৰ ঘৰৰ, অঁকৰা ল'ৰা, কৰবাত জটিলতাত ফচি নললেগৈহে ৰক্ষা। ইফালে তেওঁৰ পিতাকৰ নাম, গাৰ বৰণ ইমান দিনে সুৰক্ষা দিয়া দিল্লীৰ লালটুপি সকলে হেনো গমেই পোৱা নাছিল, প্ৰপত্ৰ পূৰাবলৈ নিওতেহে কেচুঁ খানোতে সাপ ওলাল। কাৰ পুতেকক সুৰক্ষা দি ইমান দিনে জেড প্লাছ জেড প্লাচ খেলখন খেলি আছিল বাৰু তেওঁলোকে। কোনোবা ৱেবচাইতত সততে উদয় হোৱা শিতানত প্ৰশ্নটোৰ উত্তৰ পামনে বাৰু? কি কৰিব, কিচিম কিচিম ভাৱনা বুইছে!

হেৰি নহয়, অখণ্ড পালনামৰ অখণ্ড অশান্তি সহ্য কৰি থাকোতে মনত এষাৰ কথা ৰৈ গ'ল। ৰাতি-বিয়লি কেতিয়াব নিৰলে থাকিলে তাকে বহি বহি ভাবো। বোলে ওম, জয় জগদীশ সাহা ৰে, বুলিযে বাৰে বাৰে গায়, ওম, জয়, জগদীশ বাৰু বুজিলো, এখন চিনেমাৰ নাম আছিল হিন্দীত, পিচে এই সাহাজন আকৌ কোন? গুগোল মাৰিলো বুইছে উত্তৰ নাই। সাহাজন বাংলাদেশী হিন্দু মইনা সাহা নহয়তো, হলে তেওঁ শৰণাৰ্থী, মইনুদ্দিন সাহা যদিটো খাটাং অনুপ্ৰেৱশকাৰী! কিচিম কিচিম ভাৱনা বুইছে।

ইফালে পুৱাই বৰগীত শুনিলো ৰেডিঅ'ত, বোলে উঠৰে কমলা পতি, পৰভাতে নিন্দ! মনলৈ আহিলেই নহয়, দুষ্ট ভাৱনাজনী, বোলে, কমলাৰ গিৰিয়েকে শুই উঠিয়েই লোকৰ বাবে বাহি থোৱা কৰ্কৰা ভাত সোপা খালেই বাৰু, ভাতৰ পাততনো আকৌ নিন্দাখন কৰিছে কিয়? ভাত খাওতে মুখেৰে কথা কৈ থাকিব নাপায় বুলি নাজানে নেকি বাৰু? কৰ্কৰা ভাতৰ কথা আন গীতত পোৱা নাযায়, সেয়েই চাগে এইবোৰ গীত বৰ ডাঙৰ গীত, কৰ্কৰা ভাতকো সামৰি লৈছে। সেই কাৰণেই বৰগীত বুইছে!

মৰ্নিং ৱাক কৰিবলৈ গৈছো, হঠাত দেখিলো সমুখৰ পৰা দলদোপ হেন্দোলদোপ কৰি এগৰাকী আহি আছিল, এগৰাকী সুন্দৰী! হঠাত চকু গ'ল, বুকুত বৰ বৰ হৰফেৰে লিখা আছে, কোকা-ক'লা! বুকুত কোকা-ক'লা, ফিলিং কনফিউজড! ষ্টেটাচ এটা দিওৱেই নেকি বাৰু ফেচবুকত...মনত হেন্দোলনি.... কি কৰিব কিচিম কিচিম ভাৱনা বুইছে...!

No comments:

Post a Comment