সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভূমি অধিগ্ৰহণ আইনৰ সংশোধন কাৰ স্বাৰ্থত?
দীপাংকৰ মল্ল বৰুৱা
প্ৰতিজন খেতিয়কৰ বাবে খেতি কৰা পথাৰৰ মাটিখিনি লখিমী স্বৰূপ। খেতিয়কে হাল বাই পথাৰত সোণগুটি উপজায়। খেতিয়কৰ মাটি যদি কোনোবাই ছল কৌশল কৰি কাঢ়ি নিব বিচাৰে, সেয়া অতি পৰিতাপৰ কথা। মাটিৰ লগত মানুহৰ সম্পৰ্ক থাকে। নিঃসন্দেহে খেতিয়কৰ বাবে সেই সম্পৰ্ক অতি গভীৰ। 
কিন্তু দেশৰ উন্নয়নমূলক আৰু কল্যাণকাৰী কামৰ বাবে খেতিৰ মাটি অধিগ্ৰহণৰ প্ৰয়োজন হয়। দেশৰ জনসংখ্যাৰ দ্ৰুত বৃদ্ধি হোৱা বাবে ভাৰতত কৃষিকাৰ্যত ব্যৱহাৰ নোহোৱা পতিত মাটি সহজতে পোৱা নাযায়। সেয়েহে চৰকাৰে বিভিন্ন প্ৰকাৰৰ নতুন নিৰ্মাণ কাৰ্যৰ বাবে খেতিৰ মাটি অধিগ্ৰহণ কৰে। খেতিয়কে মাটিৰ বিনিময়ত আৰ্থিক ক্ষতিপূৰণ লাভ কৰে।

১৮৯৪ চনত, ব্ৰিটিছৰ শাসন কালতে ভাৰতত ভূমি অধিগ্ৰহণ আইন বলবৎ হৈছিল। সেই আইন খনৰ যোগেদি দেশৰ চৰকাৰে বিভিন্ন অঞ্চলত ভূমি অধিগ্ৰহণ কৰি নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছিল আৰু ভূমি অধিগ্ৰহণৰ বিপৰীতে আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰি আহিছিল। অসমৰ বিস্তৃত ভূমি অধিগ্ৰহণ কৰি চাহ বাগিচা, কয়লা খনি আৰু খনিজ তেল উদ্যোগ ব্ৰিটিছ শাসন কালতে গঢ়ি উঠিছিল। স্বাধীনতাৰ পিছত দেশৰ বিভিন্ন অঞ্চলত বৃহৎ নদীবান্ধ, বৃহৎ উদ্যোগ, বৃহৎ প্ৰতিস্থানৰ দৰে বহু কেইটা বিয়াগোম আকাৰৰ প্ৰকল্প ৰূপায়িত কৰা হৈছে। যিকোনো প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ হ’ল প্ৰাৰম্ভিক পৰ্যায়ৰ কাম। মাটি নোহোৱাকৈ কোনো প্ৰকল্পৰ কাম কাজ আগবাঢ়িব নোৱাৰে। সেয়েহে এই বৃহৎ প্ৰকল্প সমূহৰ বাবে বৃহৎ পৰিমাণৰ কৃষি ভূমি অধিগ্ৰহণ কৰা হৈ আহিছে। প্ৰতিডোখৰ ভূমি অধিগ্ৰহণৰ লগত অৱধাৰিত ভাৱে সংযুক্ত হৈ থাকে ভূমিৰ অধিকাৰ হেৰুওৱা মানুহৰ স্থানান্তৰ আৰু পুনৰ সংস্থাপন। তথ্য অনুসৰি ১৯৫১ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত ভাৰতত প্ৰায় ২১.৬ নিযুত মানুহ বৃহৎ প্ৰকল্প সমূহৰ বাবে স্থানান্তৰিত হৈছে।

নিজৰ ভূমিৰ পৰা অপসাৰিত হোৱা লোক সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াটো সংশ্লিষ্ট চৰকাৰৰ দায়িত্ব। কিন্তু ব্ৰিটিছ ঔপনিৱেশ শাসনৰ সময়ত প্ৰৱৰ্তিত ১৮৯৪ চনৰ ভূমি অধিগ্ৰহণ আইনৰ অধীনত অধিকৃত ভূমিৰ বাবে যি আৰ্থিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছিল, সেয়া মুঠেও সন্তোষজনক নাছিল। পিছৰ কালত আইন খনৰ কেইবা বাৰো সংশোধন হয় যদিও ক্ষতিপূৰণৰ পৰিমাণে ক্ষতিগ্ৰস্থ সকলক সন্তুষ্ট কৰিব পৰা নাছিল। সেয়েহে বিভিন্ন প্ৰকল্পৰ বাবে চৰকাৰৰ ভূমি অধিগ্ৰহণে সদায় সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। সাধাৰণতে ভূমি অধিগ্ৰহণৰ ফলত সমাজৰ একেবাৰে দুখীয়া, দৰিদ্ৰ লোক সকল অধিক ক্ষতিগ্ৰস্থ হয়। এই ক্ষতিগ্ৰস্থ লোক সকলৰ ৪০ শতাংশই জনজাতি, আদিবাসী আৰু দলিত সম্প্ৰদায়ৰ বুলি সমীক্ষাত প্ৰকাশ পাইছে। অতি পিছপৰা এই লোক সকলে নিজৰ খেতিৰ মাটি আৰু জীৱিকা হেৰুওৱাৰ লগতে ল’ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ক্ষতি, বাস গৃহৰ পুনৰ নিৰ্মাণ, খাদ্যৰ সমস্যা আদিৰ বাবে অতি শোচনীয় পৰিস্থিতিৰ সন্মুখীন হয়। চৰকাৰী হিচাপ মতেই ১৯৫১ চনৰ পৰা স্থানান্তৰিত হোৱা ৭৫% লোকৰেই পুনৰ সংস্থাপনৰ ব্যৱস্থা হোৱা নাই। তদুপৰি পুনৰসংস্থাপন ব্যৱস্থাই ভূমি অধিগ্ৰহণৰ বাবে প্ৰভাৱিত হোৱা মাছমৰীয়া সকল বা ভূমিহীন কৃষি বনুৱা সকলক কেতিয়াও সাঙুৰি লোৱা নাই।

স্বাধীনতাৰ পিছৰ পৰা দেশৰ জনসংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ লোৱাৰ ফলত মাটিৰ ওপৰত মানুহৰ হেঁচা বাঢ়িবলৈ ধৰিলে। অৰণ্য, পাহাৰ ধ্বংস কৰিও জনবসতি গঢ়ি উঠিল। চৰকাৰী ভূমিত মানুহৰ অনাধিকাৰ অধিগ্ৰহণ চলিল। ফলত ভূমি অধিগ্ৰহণ এক সমস্যা হৈ পৰিল। চৰকাৰৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে পশ্চিম বংগ, কৰ্ণাটক, উত্তৰ প্ৰদেশ আদি ৰাজ্যত গণ আন্দোলন গঢ়ি উঠিল। টাটা মটৰ্চ কোম্পানীয়ে টাটা নেন’ প্ৰকল্পৰ বাবে পশ্চিম বংগৰ ছিংগুৰত অধিগ্ৰহণ কৰা ৯৯৭ একৰ ভূমি গণ আন্দোলনৰ বাবে পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল। সেইদৰে নৰ্মদা নদীৰ ওপৰত নিৰ্মিত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণক লৈয়ো গণ বিক্ষোভ হৈছিল। 

২০১৩ চনত সেই সময়ৰ ইউ পি এ চৰকাৰে ভূমি অধিগ্ৰহণ বিষয়টো গুৰুত্ব সহকাৰে লৈ ক্ষতিগ্ৰস্থ সকলক অকল ক্ষতিপূৰণ দিয়াই নহয়, তেওঁলোকৰ পুনৰ সংস্থাপনৰ বিষয়টোও আইনৰ অধীনলৈ আনিলে। ব্ৰিটিছ শাসনৰ সময়ৰ পৰা চলি থকা ভূমি অধিগ্ৰহণ আইনখনৰ সলনি “ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন অধিকাৰ আইন, ২০১৩” (Right to Fair Compensation and Transparency in Land Acquisition, Rehabilitation and Resettlement Act, 2013) সংসদত গৃহীত হয়। এই নতুন আইনখনৰ অধীনত ক্ষতিপূৰণৰ পৰিমাণ বজাৰ দৰৰ নিৰ্দিষ্ট গুণকৰ হিচাপত দিয়াৰ ব্যৱস্থা কৰা হয়। এই আইনখনে বছৰত এটাতকৈ বেছি শস্য উত্পাদন কৰা কৃষিভূমি অধিগ্ৰহণ কৰাটো বেআইনী বুলি ঘোষণা কৰিলে। সকলো প্ৰকাৰৰ ভূমি অধিগ্ৰহণৰ বাবে সামাজিক প্ৰভাৱ অধ্যয়ন (Social Impact Study) বাধ্যতামূলক কৰা হ’ল। যিকোনো ব্যক্তিগত খণ্ড বা ব্যক্তিগত – ৰাজহুৱা যুটীয়া খণ্ডৰ (Public Private Partnership) বাবে ভূমি অধিগ্ৰহণৰ আগতে প্ৰভাৱিত হোৱা ৮০ শতাংশ লোকৰ অনুমোদন লোৱাটো বাধ্যতামূলক কৰা হ’ল। ২০১৪ চনৰ এক জানুৱাৰীৰ পৰা দেশজুৰি এই নতুন আইন খন বলবৎ হয়। অৱশ্যে এই নতুন আইনখন ইউ পি এ চৰকাৰে দহ বছৰীয়া শাসন কালৰ শেষৰ বছৰত পৰৱৰ্তী নিৰ্বাচনত ভোটাৰক আকৃষ্ট কৰিবলৈ কৰা ৰাজনৈতিক উদ্দেশ্য সম্বলিত প্ৰচেষ্টা বুলি সমালোচিত হৈছিল।

এই নতুন আইন খনৰ জৰিয়তে ভূমি হেৰুৱাব লগীয়া হোৱা সকলক অধিক ক্ষতিপূৰণ আৰু সামাজিক ন্যায় প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হৈছে। কিন্তু একে সময়তে এই আইনখনে চৰকাৰে যিকোনো কামৰ বাবে নতুনকৈ ভূমি অধিগ্ৰহণ কৰাটো অতি কঠিন কৰি তুলিলে। ভূমি অধিগ্ৰহণৰ বাবদ দিবলগীয়া ক্ষতিপূৰণৰ পৰিমাণ আকাশলংঘী হৈ পৰিল। তদুপৰি ভূমি অধিগ্ৰহণৰ বাবে ক্ষতিগ্ৰস্থ সকলৰ ৮০ শতাংশ লোকৰ বাধ্যতামূলক সহমতিৰ প্ৰয়োজনে ভূমি অধিগ্ৰহণ ব্যৱস্থাটো অসম্ভৱপ্ৰায় কৰিলে। ব্যক্তিগত খণ্ড বা যুটীয়া খণ্ডত নতুন উদ্যোগ স্থাপন কৰাটো আকাশ কুসুম হৈ পৰিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত উন্নয়নৰ প্ৰতিশ্ৰুতিৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰ কেন্দ্ৰত শাসনলৈ আহিল। মোদীয়ে শাসনভাৰ লোৱাৰ পিছতে আৰম্ভ কৰিলে “মেক ইন ইণ্ডিয়া” আঁচনি। এই আঁচনিৰ জৰিয়তে দেশ বিদেশৰ উদ্যোগপতি সকলক ভাৰতৰ সামগ্ৰী নিৰ্মাণ কৰিবলৈ আহ্বান জনোৱা হ’ল। চৰকাৰে নিৰ্মাণ খণ্ডৰ বিকাশৰ জৰিয়তে ভৰতৰ মুঠ ঘৰুৱা উত্পাদন বৃদ্ধি কৰাৰ লগতে ব্যাপক পৰিসৰত কৰ্ম – সংস্থান সৃষ্টিৰ পৰিকল্পনা কৰিলে। প্ৰতিৰক্ষা শিতানত এশ শতাংশ বিদেশী পূঁজি বিনিয়োগৰ অনুমোদন কৰি নতুন চৰকাৰ খনে প্ৰতিৰক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী দেশতে নিৰ্মাণ কৰাৰ আঁচনি কৰিলে। কিন্তু এই আঁচনি সমূহ ৰূপায়িত কৰিবলৈ যাওঁতে ২০১৩ চনৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন অধিকাৰ আইনখনে হেঙাৰৰ সৃষ্টি কৰিলে। কেইবাখনো ৰাজ্য চৰকাৰে উন্নয়নমূলক কাৰ্যৰ বাবে ভূমি অধিগ্ৰহণ কৰিবলৈ সমৰ্থ নোহোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আপত্তি কৰিলে। উদ্যোগ জগতৰ পৰাও এই বিষয়ত ওজৰ আপত্তি আহিল।

দেশ এখনৰ উন্নয়নৰ লগত নতুন উদ্যোগ, কল কাৰখানা, শিক্ষানুস্থান, চিকিৎসালয়, বিজুলী উৎপাদন, বাটপথ নিৰ্মাণ, বিমান কোঠ নিৰ্মাণ আদি জড়িত হৈ থাকে। তদুপৰি দেশৰ প্ৰতিৰক্ষাৰ বাবেও ভূমি অধিগ্ৰহণৰ প্ৰয়োজন হয়। ভূমি অধিগ্ৰহণ অসম্ভৱপ্ৰায় হৈ পৰিলে দেশৰ উন্নয়নো স্তিমিত হৈ পৰে। সেয়েহে নতুন চৰকাৰে এই আইন খনৰ সংশোধনৰ কথা চিন্তা কৰিলে। মোদী চৰকাৰে এই আইনখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফাৰ সালসলনি হোৱাটো বিচাৰিছে। নতুন সংশোধনী অনুসৰি কেইটামান গুৰুত্বপূৰ্ণ বিষয়ত - প্ৰতিৰক্ষা আৰু প্ৰতিৰক্ষা বিষয়ৰ উৎপাদন, গ্ৰামীণ আন্ত:গাঁথনি উন্নয়ন আৰু বিদ্যুতিকৰণ, সুলভ গৃহনিৰ্মাণ, ঔদ্যোগিক ক’ৰিডৰ আৰু যুটিয়া খণ্ডকে ধৰি সকলো আন্ত:গাঁথনি উন্নয়ন প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ কৰিবলৈ ক্ষতিগ্ৰস্ত লোক সকলৰ কোনো সহমতৰ প্ৰয়োজন নহ’ব।

প্ৰস্তাৱিত নতুন সংশোধনীত সামাজিক প্ৰভাৱ অধ্যয়নৰ প্ৰয়োজনীয়তা নাকচ কৰা হৈছে। তদুপৰি এটাতকৈ বেছি শস্য উৎপাদন কৰা ভূমি অধিগ্ৰহণত থকা বাধা নিষেধ আঁতৰাবলৈ প্ৰয়াস কৰা হৈছে। আনহাতে প্ৰস্তাৱিত সংশোধনীত ২০১৩ চনৰ আইনখনে সামৰি নোলোৱা ৰাষ্ট্ৰীয় ৰাজপথ, মেট্ৰ’ ৰেল, আণৱিক শক্তি, বিদ্যুত উৎপাদন প্ৰকল্প আদি আন ১৩ টা ক্ষেত্ৰত ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ যোগেদি অধিক সংখ্যক কৃষকে ভূমি অধিগ্ৰহণ ক্ষতিপূৰণ পাবলৈ সক্ষম হ’ব বুলি চৰকাৰৰ তৰফৰ পৰা প্ৰচাৰ চলোৱা হৈছে।

এটা কথা ষ্পষ্ট যে প্ৰস্তাৱিত সংশোধনীত ইতিমধ্যে বাহাল থকা আইন খনৰ সামাজিক ন্যায় প্ৰদান ব্যৱস্থাটোক কিছু পৰিমাণে শিথিল কৰিবলৈ বিচৰা হৈছে। উন্নয়নৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা মোদী চৰকাৰে নিশ্চিতভাৱে ব্যক্তিগত আৰু যুটীয়া খণ্ডৰ উদ্যোগপতি সকলে ভূমি অধিগ্ৰহণত সন্মুখীন হৈ অহা আইনী অসুবিধা সমূহ আঁতৰ কৰাৰ বাবে তৎপৰ হৈ পৰিছে। যোৱা শীতকালীন অধিৱেশনত বিৰোধীয়ে আপোচহীন স্থিতিত অৱস্থান লোৱাৰ বাবে সংসদ অচল হৈ পৰিছিল। সেয়েহে চৰকাৰে উক্ত সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰিব পৰা নাছিল। কিন্তু বিনিয়োগকাৰী সকললৈ চৰকাৰৰ সদিচ্ছাৰ বিষয়ে ইতিবাচক সংকেত প্ৰেৰণ কৰাৰ স্বাৰ্থতে মোদী চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখে এখন অধ্যাদেশ জাৰী কৰি ভূমি অধিগ্ৰহণ আইনৰ প্ৰস্তাৱিত সংশোধন কাৰ্যান্বিত কৰিবলৈ প্ৰয়াস কৰে। কিন্তু সদনৰ মঞ্জুৰীৰ বাবে ২০১৫ চনৰ বাজেট অধিৱেশনত বিধেয়কখন উত্থাপন কৰিবলগীয়া হৈছে। ২৪ ফেব্ৰুৱাৰীত বিধেয়ক খন উত্থাপন কৰাৰ পিছতে সমগ্ৰ বিৰোধী পক্ষই একগোট হৈ সংসদত আৰু আন্না হাজাৰেৰ নেতৃত্বত কেইবাটাও সংগঠনে দিল্লীৰ যন্তৰ মন্তৰত বিধেয়ক খনৰ বিৰোধিতা কৰিছে। ভূমি অধিগ্ৰহণ আইন খনৰ সংশোধন কৰি চৰকাৰে পূঁজিপতি সকলক ৰঙা দলিচা পাৰি অহেতুক সুবিধা কৰি দিয়া বুলি অভিযোগ উঠিছে। ৰাজ্যসভাত সংখ্যাগৰিস্থতা নথকা শাসকীয় দলটোৰ বাবে বিধেয়কখন গৃহীত কৰাটো এতিয়া কঠিন হৈ পৰিছে। 

মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা আৰু জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি হোৱা ভাৰতৰ দৰে এখন দেশত চৰকাৰে যধে মধে ভূমি অধিগ্ৰহণ কৰিলে নি:সন্দেহে বহুতো লোক ক্ষতিগ্ৰস্ত হ’ব। ক্ষতিগ্ৰস্ত লোক সকলক উপযুক্ত ক্ষতিপূৰণ আৰু সামাজিক ন্যায় প্ৰদান কৰাটো প্ৰতিখন জনকল্যাণকামী চৰকাৰৰ কৰ্তব্য। আনহাতে দেশৰ অৰ্থনৈতিক সংস্কাৰ সাধন কৰিবলৈ হ’লে, দেশৰ উৎপাদন শক্তি বৃদ্ধি আৰু দেশৰ অগণন কৰ্মক্ষম লোকৰ বাবে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰাৰ স্বাৰ্থত দেশখনত ব্যক্তিগত আৰু যুটীয়া খণ্ডৰ বিনিয়োগৰ আৱশ্যকতা আছে।

উল্লেখ্য যে, ভাৰতত ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান সমূহৰ পাৰদৰ্শিতাৰ অভাৱ আৰু অপৰিপক্ক চৰকাৰী নিয়ন্ত্ৰণ ব্যৱস্থাই ৰাজহুৱা ধনৰ লুণ্ঠন আৰু অপচয় কৰাৰ লগতে দেশৰ অৰ্থনীতিত কুঠাৰাঘাট কৰিছে। লাখ লাখ কোটি টকাৰ বিত্তীয় কেলেংকাৰী আৰু সীমাহীন দুৰ্নীতিয়ে চৰকাৰী নিয়ন্ত্ৰণ ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। এনে পৰিস্থিতিয়ে দেশত ব্যক্তিগত খণ্ডৰ বিনিয়োগ আৰু প্ৰতিযোগিতামূলক বজাৰ কেন্দ্ৰিক অৰ্থনীতিৰ বাবে এখন সাৰুৱা ক্ষেত্ৰ তৈয়াৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে দেশৰ গণতন্ত্ৰ (Democracy), চাহিদা (Demand) আৰু জন-বিন্যাসে (Demography) ব্যক্তিগত খণ্ডৰ বাবে ভাৰতত বিনিয়োগ কৰাটো আকৰ্ষণীয় কৰি তুলিছে। কিন্তু ভাৰতত বৰ্তি থকা কঠোৰ সামাজিক ন্যায়কামী আৰু অতিশয় শ্ৰমিক হৈতিষী আইনবোৰৰ বাবে ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰী সকলে ভাৰতত বিনিয়োগ কৰিবলৈ সংকোচ কৰি আহিছে। বিনিয়োগৰ বাবে দেশী বিদেশী উদ্যোগপতিক আকৰ্ষিত কৰিবলৈ হ’লে এই আইন সমূহৰ সংস্কাৰ সাধন কৰাৰ প্ৰয়োজন আছে।

ভূমি অধিগ্ৰহণ আইনখন সংশোধন কৰি চৰকাৰে অধিক বিনিয়োগকাৰীক আকৰ্ষিত কৰিব বিচৰাটো ভাল কথা, কিন্তু এই কাৰ্যৰ দ্বাৰা দেশৰ কৃষকক যাতে বঞ্চিত কৰা নহয়, তাৰ বাবেও চকু ৰাখিব লাগিব। চৰকাৰে আইনখনৰ সংশোধন একপক্ষীয় ভাৱে নকৰি বিৰোধী পক্ষৰ মতামত গ্ৰহণ কৰি সকলোৰে সহমতত এক গ্ৰহণযোগ্য পন্থা অৱলম্বন কৰাটো আৱশ্যকীয় হৈ পৰিছে। বিৰোধী পক্ষয়ো কেৱল বিৰোধ কৰাৰ নামত বিৰোধিতা নকৰি গঠনমূলক পৰামৰ্শৰে সংশোধন বিধেয়ক খন চালি জাৰি চোৱা উচিত। এখন আইন দেশৰ উন্নয়নৰ পৰিপন্থী হৈ পৰাটো কোনেও কামনা নকৰে। কিন্তু এখন আইনৰ সংশোধনে কেৱল এটা পক্ষৰ স্বাৰ্থত হোৱা উচিত নহয়। এনে সংশোধন কেৱল ৰাষ্ট্ৰ আৰু নাগৰিকৰ বৃহত্তৰ স্বাৰ্থতহে হোৱা উচিত।
লেখকৰ ঠিকনাঃ দুলীয়াজান, ফোন: ৯৪৩৫০৩৯৮২০

1 comment:

  1. I doubt people who are saying that this bill is anti-farmer really went through it. They compare the existing bill and this proposed bill before coming to television shows and deliver their special comments.

    ReplyDelete