জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
চক্ৰেটিছ আৰু সৌন্দৰ্য্য
দেৱীকা ফুকন
ছোৱালী হৈ জন্ম লোৱাটো ভাল নে বেয়া সেই কথা ভাবি জুমিয়ে ওৰ পোৱা নাই৷ পিঠিত গধুৰ স্কুল বেগটো আৰু ডিঙিত মিল্টনৰ ফ্লাক্সটো আঁৰি সৰু সৰু খোজেৰে কেতিয়ানো তিনিটাকৈ তিনি আলি, চাৰি আলি পাৰ হৈ ঘৰ সোমালেহি, তাই গমকে নাপালে ৷ গেটৰ মুখত ৰৈ থকা মাকক দেখি চেতনা আহিল ৷ ইমান ধুনীয়া মাকজনীৰ তাইনো কেনেকৈ ইমান আপচু হ'ল ৷ লগৰ ছোৱালী, ভণীয়েক, স্কুলৰ বাইদেউবোৰ, আনকি চহৰৰ ট্ৰেফিক পইণ্টৰ পুলিচ গৰাকীও ধুনীয়া ৷ কেনেকৈ বাৰু ধুনীয়া হ'ব পাৰি! কোনে বাৰু ধুনীয়া বোলা কথাটো উলিয়ালে! জুমিয়ে সৰু থাকোতে জনা নাছিল, ধুনীয়া, আপচু এইবোৰৰ কথা৷

কিন্তু এই নতুন স্কুললৈ অহাৰপৰা লগত বহা, তথা ডাঙৰ ক্লাছৰ ছোৱালীবোৰে তাইক সন্মুখত দেখিলে ফিচিঙা ফিচিঙি কৰে ৷ যোৱা দেওবাৰে আৰ্টৰ স্কুলত সেই ইংৰাজী মাধ্যমৰ পৰা অহা ডাঙৰ বা কেইজনীয়েতো সকলোৰে আগত সুধি দিছিল, 'তোমাৰ চকু ইমান ফুলা কিয়? ' ৰঙত ডুবাই ৰখা ব্ৰাছডাল পেপাৰত বুলাই তাই ক'লে, 'আমাৰ মানুহবোৰৰ চকু ফুলায়ে থাকে ৷' বাকেইজনীয়ে খিটখিটাই হাঁহিছিল৷ সকলোৰে আগত তাই লাজ পাইছিল ৷ কন্দনামুৱা হৈ ঘৰলৈ আহোতে কাষৰ হাজৰিকানী বৰ্মাই বাৰাণ্ডাৰ পৰা চিঁয়ৰ দিছিল, 'নাগিনী, দেওবাৰেনো ক 'ত গৈছিলি '৷ এই মানুহগৰাকীক জুমিৰ ভাল নালাগে ৷ কথাই প্ৰতি ডাউন দিয়ে ৷ চাহ-তাহ খাবলৈ কেতিয়াবা সিহঁতৰ ঘৰলৈ আহিলে বা চুবুৰীটোৰ কাৰোবাৰ বিয়াই সবাহে তাইক দেখিলেই ক'ব - 'আমাৰ জুমিকহে ক'লৈ দিম বিয়া চিন্তা ৷ এনে আপচু জনীক নিবই বা কোনে! " বৰ্মাকক উত্তৰ নিদিয়াকৈয়ে তাই ঘৰ সোমাল ৷

এই নাগিনী, আপচু এইবোৰ শুনি শুনি জুমিৰ কাণ, মূৰ গৰম হৈ যায় ৷ তাতে আজি স্কুলত বাৰ্ষিক খেলধেমালিৰ শোভাযাত্ৰাৰ অনুশীলনতো তাইক আগৰ শাৰীৰ পৰা নি একেবাৰে শেষত পোৱালেগৈ স্কুলৰ জি, এচ এ ৷ দুজনী মানে জি, এচক উপদেশ দিয়া শুনিছিল, ধুনীয়া ধুনীয়া বাছি আগত দিবলৈ কোৱা ৷ জুমিয়ে ভোৰভোৰাই শোভাযাত্ৰাৰ অনুশীলনৰপৰা ওলাই আহিল " এতিয়া ধুনীয়া বিচাৰা , কৰবাত কুইজ, আৰ্ট কম্পিটিচন হ'লে মোক বিচাৰি চোৱাচোন, আহিম যদি চাবা ৷ " লগৰ বৰ্ষাই পিছফালৰপৰা থাপ মাৰি ধৰি ৰখাইছিল ৷ জুমিয়ে হাত এৰাই, ফিল্ডৰ কাষত থোৱা বেগটো পিঠিত লৈ কোবাকোবিকৈ ঘৰলৈ গুছি আহিল ৷



ঘৰ পাই কাপোৰকানি সলাই জুমি বিছনাতে উবুৰি খাই পৰিলগৈ ৷ মাকে মাতিলে ভাত খাবলৈ ৷ জুমিৰ মন নগ'ল উঠি যাবলৈ ৷ মাকক একো ক'বলৈ মন নগ'ল ৷ মাকে কয়, ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে ৷ চব্ মিছা এইবোৰ৷ আৰ্ট স্কুলৰ সেই তাইক দেখিবলৈ বেয়া বুলি হঁহা বাকেইজনীয়েটো তাই যে কিমান প্ৰাইজ্ জিকে সেয়া নাচাই তাইৰ মুখমণ্ডলহে চায় ৷ আৰু বৰ্মাৰ নিচিনা মানুহবোৰ! তেওঁলোকেটো স্হান কাল নাচাই য'তে ত'তে তাইক জোকাই অপমান কৰাৰ সুযোগতে থাকে ৷ ঘপহকৈ বিছনাৰ পৰা উঠি জুমি আইনাৰ সন্মুখত থিয় দিলেগৈ ৷হাতেৰে চুলিখিনি পোনাই চকু দুটা চুই চালে ৷ চকুটোৰ কাম কি বাৰু? দেখাৰ বাহিৰেও আৰু বেলেগ কাম আছেনে বাৰু! আছে, চকুৰে যি দেখো তাৰ ভাল বেয়া বিচাৰ কৰিবলৈ চকুৱে মগজুৰ লগত সহযোগিতা কৰিব লাগে ৷ থিক নাকেৰে উশাহ লৈ যি বায়ু সেৱন কৰো, সেই বায়ুৱেও বেয়া দিন, অথবা পৰিস্হিত নিজক চম্ভালি ল'বলৈ সাহস যোগায়৷প্ৰতিটো উশাহেই শৰীৰলৈ যোগাত্মক মনোভাৱ কঢ়িয়াই নিব লাগে ৷ তেন্তে জুমিৰ ফুলা চকু, সৰু নাকে দেখোন নিজৰ কাম থিকেই কৰি আছে ৷ পলকতে জুমিৰ মনটো মুকলি লাগিল৷ নিজৰ কোঠাৰ পৰা ওলাই গৈ বাঢ়ি থোৱা ভাত খালেগৈ ৷ পিছদিনা স্কুলৰ ফিল্ডখন পাৰ হ'বলৈ জুমিৰ অস্বস্তি নালাগিল ৷ যিবোৰে সদাই তাইক ডাউন দিয়াৰ ভাৱত কথা শুনাই, সিহঁতৰ আগেদি তাই হাঁহিমুখে আগুৱাই গ'ল ৷ প্ৰথম ক্লাছটো আছে ইংৰাজীৰ ৷ বিজয়া বাইদেউৱে নতুন পাঠ আৰম্ভ কৰিলে "চক্ৰেটিচ্ " ৷ প্ৰথম বেঞ্চত বহা জুমি য়ে বাইদেউৰ আদেশমতে ডাঙৰ ডাঙৰকৈ পঢ়ি গ'ল ..... "flat nose, bulging eyes, ..... " ৷ আজি জুমিৰ অলপো হীনমান্যতা অথবা অস্বস্তিবোধ নহ'ল ৷ কাৰণ, তাই ভালদৰে জানে, চক্ৰেটিচ কিহৰ বাবে আজিও চিৰস্মৰণীয় হৈ ৰ'ল৷

(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages