পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) আকাশবাণীত প্ৰচাৰিত হোৱা প্ৰধানমন্ত্ৰীৰ বক্তৃতাৰ অনুষ্ঠান 'মন কি বাত'য়ে লাভ কৰিছে বিপুল জনপ্ৰিয়তা। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ দ্বাৰা আকাশবাণীয়ে অভূতপূৰ্ব ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। সাধাৰণতে ১০ছেকেণ্ডৰ বিজ্ঞাপনৰ বাবে নিৰ্ধাৰিত নিৰিখ ৫০০টকাৰ পৰা ১৫০০টকা। তাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ এই বক্তৃতা অনুষ্ঠানটোৰ আগে-আগে আৰু পিছৰ সময়ত দিব লগা বিজ্ঞাপনৰ বাবে প্ৰতি ১০ছেকেণ্ডৰ বিজ্ঞাপনৰ বাবে নিৰ্ধাৰিত নিৰিখ হৈছে ২লাখ টকা! এই অনুষ্ঠানটোৰ বাবে আকাশবাণীয়ে ইতিমধ্যে ১০৫ ছেকেণ্ড বিজ্ঞাপনৰ সময় বিক্ৰী কৰি ২৫লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। 

২) বিশ্বৰ লগতে অসমতো বিভিন্ন ঠাইত কালি পালন কৰা হয় 'আন্তৰ্জাতিক মাতৃভাষা দিৱস'। এই দিৱসৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই আটাইবোৰ আঞ্চলিক কাৰ্য্যালয়ত সংকল্প দিৱস পালন কৰে।


৩) শিৱসাগৰ জিলাৰ বেতবাৰী কাষৰীয়া বকতা মৌজাৰ জাপিসজীয়া অঞ্চলৰ নন্দেশ্বৰ গগৈয়ে অসমীয়া সমাজ তথা সাংস্কৃতিক জীৱনত ক্ৰমাৎ লুপ্ত হৈ আহিব ধৰা মধ্যযুগৰ সাঁচিপতীয়া পুথি তৈয়াৰ কৰাৰ লগতে বহুবোৰ মূল্যবান প্ৰাচীন সাঁচিপতীয়া পুথি সংৰক্ষণৰ কামত নিজকে যুক্ত কৰি ৰাখি অসমৰ সত্ৰীয়া সংস্কৃতিৰ বিকাশ, চৰ্চাৰ লগতে পুথিত চিত্ৰপট অংকনৰ দ্বাৰা সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

৪) বিশিষ্ট সাংবাদিক তথা ক্ৰীড়া সংগঠক প্ৰয়াত অপূৰ্ব কুমাৰ শৰ্মাৰ সোঁৱৰণত ৰাজ্যখনৰ শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিকলৈ অপূৰ্ব কুমাৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হ'ব বুলি প্ৰয়াত সাংবাদিক গৰাকীৰ পৰিয়ালবৰ্গই ঘোষণা কৰিছে।

৫) মানুহৰ মাজত ঈশ্বৰৰ সন্ধান কৰা প্ৰখ্যাত চিত্ৰশিল্পী প্ৰয়াত প্ৰণৱ বৰুৱাৰ ২২ ফেব্ৰুৱাৰীৰ জন্মদিনটো 'ৰং আৰু তুলিকাৰ দিন' হিচাপে প্ৰতিবছৰে পালন কৰা হয়। এই দিনটোতে প্ৰদান কৰা হয় প্ৰণৱ বৰুৱা শিল্পী বঁটা। এই বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব মনিপুৰৰ যশস্বী চিত্ৰশিল্পী কুলচন্দ্ৰ এম য়েমক। 

৬) নতুন প্ৰযুক্তিৰে কেন্দ্ৰীয় চৰকাৰে বিচাৰি উলিয়াব দেশৰ নিৰুদিষ্ট শিশু। নোবেল বিজয়ী ভাৰতীয় কৈলাশ সত্যাৰ্থীৰ বচপন বচাও আন্দোলনৰ আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত ভাৰত চৰকাৰে এই প্ৰতিশ্ৰুতি দিছে। 

৭) লোক-সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয় শ্ৰেণী সমূহৰ অৱসৰ প্ৰাপ্ত সচিৱ তথা প্ৰাক্তন ছাত্ৰ কল্যাণ সঞ্চালক ড৹ প্ৰবীন চন্দ্ৰ দাসৰ জন্ম দিনটো প্ৰত্যেক বছৰৰ দৰেই যোৱা ১৬ তাৰিখে 'সেউজ মনৰ দিন' হিচাপে পালন কৰা। হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰা দেৱ। 

৮) মধ্য প্ৰদেশৰ ইতিহাস আৰু পুৰাতত্ত্ব সৌধ-সংস্থান সংগ্ৰহালয়ৰ দ্বাৰা যোৱা ১৫ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশৰ বালাঘাটত অনুষ্ঠিত এক অনুষ্ঠানে অসমৰ মালবিকা ৰায়মেধি দাসক 'কুল-ভূষণ শ্ৰী' উপাধি প্ৰদান কৰে। তেখেত গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক' স্কুলৰ ভাষা অধ্যাপিকা (হিন্দী)। 

৯) গুৱাহাটীৰ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় শিশু নাট মহোৎসৱৰ যোৱা কালি শুভ উদ্বোধন কৰে বিশিষ্ট পৰিচালক দুলাল ৰয়। 

১০) দৰং জিলাৰ বেচৰকাৰী অনুষ্ঠান দৰং জনকৃষ্টি সমাজৰ উদ্যোগত তথা মঙলদৈ মহাবিদ্যালয় মান নিৰূপণ শাখাৰ সহযোগত মঙলদৈত যোৱা শুকুৰবাৰে অনুষ্ঠিত হৈ যায়- 'স্থানবাচক শব্দৰ অধ্যয়ন- ইতিহাস চৰ্চাৰ এক চিত্তাকৰ্ষক বিষয়' শীৰ্ষক এখন আলোচনা চক্ৰ। 

১১) শেখৰ ধাৱানৰ ১৩৭ৰাণ আৰু ৰাহানেৰ দৰ্শনীয় অৰ্ধ-শতকৰ সহায়ত ভাৰতে চলন্ত ক্ৰিকেট বিশ্বকাপৰ আজিৰ খেলত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে প্ৰথমে বেট ধৰি ৩০৮ ৰাণৰ লক্ষ্য ৰাখিছে। বাতৰি যুগুতোৱাৰ সময়লৈ দক্ষিণ আফ্ৰিকাই তিনিটা উইকেট হেৰুৱাই ২৫ অভাৰত ১১৬ৰাণ সংগ্ৰহ কৰিছে।

No comments:

Post a Comment