পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত পশ্চিম ভাৰত অধিবক্তা সংস্থাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কালি দেশত ১৭০০ আওপুৰণি আইনৰ পুনৰীক্ষণ কৰি সয়মৰ সৈতে সালসলনি কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। যুগোপযোগী আইন সমূহ বনোৱাৰ ক্ষেত্ৰত দেশৰ অধিবক্তা সমাজেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলিও তেখেতে মত প্ৰকাশ কৰে।

২. ব্যক্তিগত খণ্ডৰ টেলিকম সংস্থা সমূহত বৰ্ধিত কল ড্ৰপৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ টেলিকম মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে। স্পেকট্ৰাম নিকিনি স্পেকট্ৰামৰ অভাৱত টেলিকম সেৱাৰ দ্বাৰা ৰাইজৰ লোকচান কৰাটো কোনো পধ্যেই সহ্য কৰা নহব বুলিও মন্ত্ৰীজনে সতৰ্ক কৰি দিয়ে।

৩. গুগোলে আকাশত বিভিন্ন উচ্চতাত বেলুন স্থাপন কৰি তাৰ দ্বাৰা কম খৰছত বিশ্বৰ বিভিন্ন ভিতৰুৱা অঞ্চলত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিবলৈ দুবছৰ পূৰ্বে শুভাৰম্ভ কৰা প্ৰজেক্ট লুনৰ জৰিয়তে ভাৰততো সেৱা আগবঢ়াবলৈ ভাৰত চৰকাৰৰ সৈতে কথা-বতৰা আগবঢ়োৱাৰ সুখবৰ। তাৰোপৰি “উৰণীয়া চিলা”ৰ জৰিয়তে অপৰম্পৰাগত শক্তি উতপাদনৰ প্ৰকল্পও গুগোলে ভাৰতত আৰম্ভ কৰিবলৈ বিচাৰিছে বুলি সুখবৰ প্ৰকাশ পাইছে।

৪. গুৱাহাটী মহানগৰীৰ গড়চুক আহোমগাঁৱৰ বাথৌপুৰীত কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈ বড়ো সাহিত্য সভাৰ ৫৪ সংখ্যক বাৰ্ষিক অধিবেশন। লগতে আয়োজিত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী উদ্বোধন কৰিলে গুৱাহাটী মহানগৰ জিলাৰ উপায়ুক্ত ডঃ এম অংগমুথুৱে। “খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ সংকট আৰু অসমৰ ভৱিষ্যত” শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰে ডঃ উপেন ৰাভা হাকাচাম, ডঃ বসন্ত কুমাৰ দলে, প্ৰমোদ বড়োৱে।

৫. অসম লোকসেৱা আয়োগে ২০১৪ চনৰ ১-২৭ জুলাইৰ ভিতৰত অনু্ষ্ঠিত কৰা অসম প্ৰশাসনিক সেৱাৰ মূল পৰক্ষীৰ ফলাফল কালি ঘোষণা কৰাৰ সুখবৰ। অসম প্ৰশাসনিক সেৱা কনিষ্ঠ গ্ৰেডৰ বিষয়াৰ বাবে মৌখিক সাক্ষাতকাৰ অহা ৯ মাৰ্চৰ পৰা আৰম্ভ হব, সবিশেয www.apsc.nic.in ৰ পৰা জানিব পাৰিব।

৬. অহা ১৮-২০ মাৰ্চলৈ শিৱসাগৰৰ ৰাঙলীত অনুষ্ঠিত হব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় অধিবেশন। এই অধিবেশনৰ কেন্দ্ৰীয় কাৰ্যনিবাহক বৈঠকতে ২০১৬চনৰ বিধান সভাৰ নিৰ্বাচনত ৰাজনৈতিক দল হিচাবে অংশ লোৱা-নোলোৱাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। একক ভাৱে প্ৰতিদ্বন্দিতা কৰিবনে বাওঁ তথা আঞ্চলিকতাবাদী শক্তিসমূহৰ সৈতে একজোঁট হৈ নিৰ্বাচন খেলিব সেই সিদ্ধান্তও সেই সভাতহে লোৱা হব বুলিও জানিব পৰা গৈছে।

৭. অহা এপ্ৰিল মাহত অসমত মুক্তি লাভ কৰিব এম মণিৰাম প্ৰযোজিত-পৰিচালিত নতুন অসমীয়া ছবি “সন্ধিখন”য়ে। এটা অপহৰণৰ কাহিনীৰে বাস্তৱ পৰিবেশৰ সংযোজনাৰে ৩৫ লাখ টকা বাজেটৰ ছবিখনৰ প্ৰীমিয়াৰ প্ৰথমে টিভি যোগে কৰাৰ কথাও পৰিচালকে বিবেচনা কৰি থকা বুলিও জানিব পৰা গৈছে।

৮. গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী “নতুন দিনৰ প্ৰত্যাহ্বান”য়ে সদৌ অসম ভিত্তিত আয়োজন কৰিছে এক গল্প আৰু উপন্যাস প্ৰতিযোগিতাৰ। চল্লিশ বছৰৰ তলৰ লেখক লেখিকাই ১৫জুনৰ ভিতৰত এই লেখা জমা দিব পাৰিব। নগদ ধন, বঁটা, কিতাপৰ টোপোলাৰ পুৰস্কাৰ থকা প্ৰতিযোগিতাখনিৰ সবিশেষ জানিবৰ বাবে ৯৮৫৯২-০৯৩৯২ বা ৮০১১৫-৩২৩০৫ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

৯. প্ৰগতিশীল চিন্তা-চৰ্চাক নাটকৰ মাধ্যমেৰে আগুৱাই নিয়াৰ বাবে সত্তৰৰ দশকতে প্ৰতিষ্ঠিত “নক্সা নাট্য পৰিষদৰ” ৰ ন-ৰূপ “ঐক্যতান”ৰ উদ্যোগত কালি আৰু আজি সন্ধিয়া গুৱাহাটীৰ “সূৰ্যৰ অন্তৰংগ প্ৰেক্ষগৃহ”ত মঞ্চস্থ কৰা হৈছে ৰূপাৰ্ট ব্ৰুকৰ নাটক “অপেক্ষাত”। নাটকখনিৰ অসমীয়া ৰূপান্তৰ প্ৰদ্যুত কুমাৰ ডেকাৰ আৰু পৰিচালনা পংকজ কলিতাৰ। নয়ন শইকীয়া, প্ৰগতি দেৱী, মৃনাল কলিতা, নীলম শৰ্মা আদিৰ অভিনয়েৰে সমৃদ্ধ নাটকখনিৰ মঞ্চসজ্জা মিহিৰ বস্কীৰ আৰু সংগীত দেৱাশীষ গোস্বামীৰ।

১০. মৰাণ বাণিজ্য মহাবিদ্যালয় প্ৰাংগণত চলি থকা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৩৪ সংখ্যক অধিবেশনৰ দ্বিতীয়দিনা চাওলুঙ চ্যুকাফা ক্ষেত্ৰৰ মূল মঞ্চত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত ৯খনকৈ গ্ৰন্থ উন্মোচিত হয়। অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডঃ সুখ বৰুৱাৰ সভাপতিত্ব কৰা সভাখনতে স্মৃতিগ্ৰন্থ খে-মান-তি লাও (বৰলুইত)ৰো উন্মোচন কৰা হয়। ভৰত সন্দিকৈৰ “থলুৱা জীৱনৰ বাখৰুৱা মাদকতা”, দয়মন্তী বৰগোহাঞিৰ “আজৰি সময়ৰ অনুভৱ”, প্ৰদীপ গগৈৰ “অসম তথা আহোম কালৰ অতি সংক্ষিপ্ত বুৰঞ্জী”, ধীৰেন কুমাৰৰ বৰঠাকুৰৰ কবিতা সংকলন “কুঁহি”, মেদিনী মহনৰ “টাই ভাষাৰ হাতপুথি” আৰু লোকেশ্বৰ ফুকনৰ “টাইনম্যানৰ পৰা মুঙডুন টুন খামলৈ” উন্মোচিত হোৱাৰ সুখবৰ।

No comments:

Post a Comment