Friday, February 27, 2015

সৃষ্টিশীল ৰচনা

ভূপেন হাজৰিকাৰ "সুৰাত মগন” আৰু 
ভেন গখৰ “ছানফ্লাৱাৰ” 
আবিদ আজাদ

"সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল,
মই যেন এক ৰ’দৰ বিলাপ
শব্দৰ সমদল।
চন্দ্ৰ তৰাক থাপ মাৰি আনি
থেকেচি পেলাবৰ হ’ল,
সূৰ্যমুখীয়ে সজাব কাহানি
বেথাৰ সমাধি তল।"- 
[বোলছবি: বৃষ্টি; ১৯৭৪] 

... ... জয়ন্ত হাজৰিকাৰ কন্ঠত অমৰ হোৱা এই গীতটি ভূপেন হাজৰিকাই যি সময়ত ৰচনা কৰিছিল, সেয়া আছিল অসমৰ এক অন্ধকাৰ যুগ। চাৰিওদিশে হতাশা আৰু নিৰাশাই ছানি ধৰিছিল। বিশেষকৈ অসমৰ ডেকা শক্তিক নিৱনুৱা সমস্যাই বেয়াকৈ কোঙা কৰি পেলাইছিল। আশাহীনতাই গ্ৰাস কৰা অন্ধকাৰ-আচ্ছন্ন অসমৰ সমাজ জীৱনত বহু ডেকাৰ বাবে সুৰাই হৈ পৰিছিল দিশহাৰা মনক মৌন কৰা একমাত্ৰ মাৰ্গদৰ্শক! সিয়ে খন্তেকৰ বাবে শান্তি দিছিল উশৃংখল কোলাহলময় মগজটোক। 

“সুৰাত মগন ভয়াল ৰাতি” বুলি গীত-ফাকি বাজি উঠাৰ লগে লগে সেই গোমাময় ভয়াবহ পৰিবেশৰ এক ধূসৰ চিত্ৰ শ্ৰোতাৰ মনৰ কেনভাচত নিমিশতে ভাহি উঠে। সুধাকন্ঠই গীতটিত “মই যেন এক ৰ’দৰ বিলাপ” বুলি কয় নিজকেও সেই নিবনুৱা ডেকাচামৰ মাজৰেই এজন বুলি বুজাব খুজিছে যাতে গীতটি শুনি যাওঁতে শ্ৰোতাই প্ৰতিটো পংক্তি সহজেই হৃদয়াংগম কৰিব পাৰে। গীতটি প্ৰথম পুৰুষত গোৱা বাবে নিবনুৱা ডেকা এজনৰ বাবে এনেকুৱা লাগে যেন সেয়া প্ৰকৃততে নিজৰ হৃদয়ৰে অভিব্যক্তি।

ভয়াল ৰাতি আকাশৰ জোন আৰু তৰাই মানুহৰ একমাত্ৰ পথ প্ৰদৰ্শক। ঘোৰ নিশা জোন আৰু তৰাৰ আলোকেই মানুহৰ বাবে (ইয়াত পথিকৰ বাবে) আশাৰ ৰেঙণি। কিন্তু তমশাচ্ছন্ন অসমত আশাৰ ৰেঙনি কঢ়িয়াই লৈ আনিবলৈ কেৱল তৰা বা জোনৰ আলোকেই বিফল হোৱা নাই; প্ৰৱল শক্তিশালী সূৰ্যৰ পোহৰো বিফল হৈছে। সূৰ্যৰ প্ৰভাতী কিৰণ সদৃশ অসীম সম্ভাৱনাৰ অসমীয়া তৰুণ-তৰুণীৰ প্ৰতিভা আৰু শক্তি-সামৰ্থবোৰ বেথাৰে সমাধিস্থ হৈ পৰিছে। শিক্ষিত যুৱকৰ উৰ্বৰ চিন্তাৰ ফচলক ৰ’দৰ সৈতে তুলনা কৰা হৈছে যদিও সেই চিন্তাৰ পৰা সৃষ্ট শব্দৰ সমদল বোৰো ৰূপান্তৰিত হৈছে কেৱল বিলাপলৈ। 

সুধাকন্ঠই সেয়ে ৰাতিৰ আকাশত ভুৱা আশাৰ পোহৰ বিলাই থকা চন্দ্ৰ আৰু তৰাক থেকেচি পেলোৱাৰ কথা কৈছে। চন্দ্ৰ আৰু তৰাৰ ওপৰত আস্থা হেৰুৱাই কবিয়ে এইবাৰ “সূৰ্যমুখীয়ে সজাব কাহানি, বেথাৰ সমাধি তল” বুলি নিজকে প্ৰশ্ন কৰিছে। অৰ্থাৎ, হতাশা আৰু বেথাই সমাধি নিৰ্মাণ কৰা অসমীয়া ডেকাৰ হৃদয়ত আশাৰ স্বপ্ন কেতিয়া উদিত হ’ব! 

ভিনছেন্ট ভেন গখৰ জীৱন অতি যন্ত্ৰনাময় আৰু নিৰাশাপূৰ্ণ আছিল। তেওঁৰ জীৱনৰ শেষৰ চোৱা কাল ইমানেই যন্ত্ৰনা কাতৰ আছিল যে তেওঁ স্বেচ্ছাই ছেইন্ট-ৰিমিৰ (ফ্ৰান্স) এখন এছিলামত ভৰ্তি হৈছিল। এই চিত্ৰ-বিশাৰদ জনৰ প্ৰকৃত যন্ত্ৰনা আচলতে কি আছিল সেয়া অজিও ৰহস্যাবৃত। গখৰ জীৱন যন্ত্ৰনাৰে তিক্ত আছিল যদিও তেওঁৰ হৃদয়ত কিন্তু আশাৰ প্ৰাচূৰ্যতা অহৰহ বিৰাজ কৰিছিল। তাৰ প্ৰমাণ আমি পাওঁ উজ্জল হালধীয়া ৰঙৰ প্ৰতি থকা তেওঁৰ অদম্য প্ৰীতিত। তাৰ প্ৰয়োগো আমি তেওঁৰ অসংখ্য চিত্ৰত দেখিবলৈ পাওঁ। গখৰ অতি জনপ্ৰিয় চিত্ৰবোৰৰ ভিতৰত “The Sunflower” (সুৰ্যমূখী) বুলি অঁকা চিত্ৰবোৰ তাৰেই প্ৰমাণ। ইউৰোপৰ জনমানসত এসময়ত আটাইতকৈ বেছি প্ৰভাম্বিত কৰা সৃষ্টিবোৰৰ ভিতৰত “দ্য ছানফ্লাৱাৰো” চিত্ৰখনো এখন হয়। এই চিত্ৰখনক "Symbol of Happiness" বুলিও জনা যায়। চৰম ব'ৰডোম আৰু অনিশ্চয়তাত ভুগা ভেন গখে যেতিয়া নিজৰ প্ৰিয়তম চিত্ৰকৰ বন্ধু প'ল গ'গিনক বহু দিনৰ অন্তত লগ পাব বুলি গম পাইছিল তেতিয়া এই চিত্ৰখন বন্ধুক "সুখ বা আশাৰ সংকেত" হিচাপে উপহাৰ দিবলৈ হেপাহেৰে আঁকিছিল। আমাৰ আলোচিত গীতটিতো “সুৰ্যমূখী” শব্দটো আশা বা সুখৰ সাংকেতিক অৰ্থ হিচাপেই ব্যৱহৃত হোৱা যেন বোধ হৈছে। 

বন্ধু গ'গিনক লগ পোৱাৰ পিছতো কিন্তু গখৰ আশা ভবা ধৰণে পুৰণ নহ'ল আৰু মনৰ অৱস্থাও আগৰদৰেই একে থাকিল। জীৱনৰ একেবাৰে শেষ কালছোৱাত অৰ্থাৎ ছেইন্ট-ৰিমিৰ এছিলামত নিজকে আবদ্ধ কৰি ৰখা সেই সময়ছোৱাত; কোনোবা এটা কোঠাৰ খিড়িকেৰে নিশাৰ আকাশখন চাই চাই (বা কল্পনা কৰি) তেওঁ নিজৰ মনকে শান্তি দিবলৈ আঁকি উলিয়ালে চন্দ্ৰ-তৰাৰে ভৰি থকা আন এখন আলোড়নকাৰী বিখ্যাত চিত্ৰ- “The Starry Night”! 

ভূপেন হাজৰিকাৰ ইউৰোপীয় চিত্ৰকলাৰ ওপৰত অসামান্য দখল আছিল। অৱধাৰিতভাৱে ভেন গখৰ উজ্জ্বল চিত্ৰবোৰেও তেওঁৰ মনত গভীৰভাৱে প্ৰভাম্বিত কৰিছিল। গখৰ চিত্ৰশৈলীৰ ওপৰত আলোচনা কৰি তেওঁ লিখিছিল- “হলেণ্ডত উপজি ফ্ৰান্সত জীৱন কটোৱা ভেন গখৰ বৈশিষ্ট হ’ল- ৰঙৰ খেলা। তেওঁ কেনভাছত ৰং সানিলে এচাম এচামকৈ। আৰু পাচত, সেই ৰঙৰ ভেটিৰ ওপৰত দীঘল দীঘল সূতাৰ দৰে ৰঙৰ ৰেখা টানি ছবিত পোহৰৰ বৈশিষ্ট্য ফুটাই তুলিলে।... গখৰ ছবিত যেনেকৈ ৰঙৰ প্ৰাচূৰ্য্য আছে, তেনেকৈ আছে এটি গতিৰ আৱেগ”। [গতি: বসন্ত সংখ্যা, ১৯৫৮ চন] 

চৰম হতাশা আৰু অনিশ্চয়তাৰে ভৰা অসমখনক ভেন গখৰ যন্ত্ৰনাময় নিৰাশাভৰা জীৱনৰ সৈতে তুলনা কৰিব পৰাটো বিপুল জ্ঞানৰ ভাণ্ডাৰ ড° ভূপেন হাজৰিকাৰ বাবে তেনেই সাধাৰণ কথা। তাৰোপৰি, মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিব নোৱাৰা “The Starry Night” ৰ চন্দ্ৰ-তৰাক থাপ মাৰি আনি থেকেচি পেলাই, বেথাৰ সমাধি তলত উজ্জল আশাৰে ভৰা সুৰ্যমূখীৰ (Sunflower) স্বপ্ন দেখাটো গীতিকাৰৰ কল্পনা প্ৰসূত মনৰ এক উজ্জ্বল নিদৰ্শন।

****** 
দিনবোৰ আমাৰ মৃত হৰিণৰ বেঁকা শিং যেন হ’লঃ 

"শগুণে সদায় সভাকে পাতে
ভাষণ পৰি ৰ’ল,
দিনবোৰ আমাৰ মৃত হৰিণৰ
বেঁকা শিং যেন হ’ল।"
হাজৰিকাৰ গীতসমূহ ৰংগ-নিৰংগ ৰূপকৰ ভাণ্ডাৰ। “দিনবোৰ আমাৰ মৃত হৰিণৰ বেঁকা শিং যেন হ’ল”-ও তেনেকুৱা এক অপৰম্পৰাগত অসাধাৰণ ৰূপক। ৰাইজৰ প্ৰতিনিধি সকলক শগুণৰ জাত বুলি কয় তেওঁ এই গীতৰ পটভূমিত উল্লেখ কৰিছিল- “নিবনুৱা, নিবনুৱা, নিবনুৱা। চৌপাশে নিবনুৱা। আজিৰ পুৰুষক গালি পাৰে পুৰণি পুৰুষে। বিধায়ক সকলে গালি পাৰে। সভা পাতে। ভাষণ দিয়ে। সেই শগুণৰ জাকৰ বিৰূদ্ধে এই প্ৰতিবাদ”। [ গীতাৱলী: ভূপেন হাজৰিকাৰ গীত সমগ্ৰ]

হৰিণৰ শিংবোৰ সিহঁতৰ জীৱন সংগ্ৰামৰ এবিধ অত্যাৱশ্যকীয় আহিলা। মূৰত জোঙা জোঙা বেকা শিং থকা বাবে বাঘ বা আন কোনো হিংস্ৰ জন্তুই সিঁহতক পোনপোটিয়াকৈ আক্ৰমণ কৰিবলৈ সমীহ কৰে। জীৱিত কালত শিংবোৰ হৈছে সিহঁতৰ জীৱনৰ এবিধ শক্তিশালী অস্ত্ৰ- যিদৰে যোদ্ধা এজনৰ বাবে তৰোৱালখন তেওঁৰ বাবে এপাত অস্ত্ৰ। কিন্তু যোদ্ধা জনৰ মৃত্যুৰ পাছত, তৰোৱালখন মৃতদেহটোৰ বাবে অৰ্থহীন হৈ পৰাৰ দৰে হৰিণৰ মৃত্যুৰ পাছতো সেই মৃতদেহটোৰ বাবে শিংবোৰ অৰ্থহীন হৈ পৰে। শিং নথকা হৰিণৰ অৰ্থই বা কি! 

কলা-সাহিত্যত শগুণৰ উপমাই সাধাৰণতে ঋণাত্মক চৰিত্ৰকে চিত্ৰায়িত কৰে। সভা পাতি বৰ বৰ ভাষণ দিয়া সৰহভাগ জন প্ৰতিনিধিৰ ভাষণবোৰৰ এটা সময়ত অৰ্থহীন হৈ বতাহত বিলীন হৈ যায়। এইবোৰাৰ দ্বাৰা বেছিভাগতেই সমাজৰ কোনো গঠনমূলক কাম নহয়। শগুণৰ লক্ষ্য এটাই- মৰা শ। তাৰ কামনাও এটাই— কেতিয়া মানুহ বা জন্তু মৰিব আৰু কেতিয়া চিৰি-ফালি খাব পাম! মাটিৰ পৰা যিমানেই উচ্চতাত নাথাকক কিয়, দৃষ্টি তাৰ সদায় তলত। অসমৰ এক অন্ধকাৰ যুগক উপস্থাপন কৰিবলৈ গৈ কেৱল কথাৰ মালিহা মৰা অকামিলা জন-প্ৰতিনিধি সকলক তীব্ৰ ঘৃণা আৰু আক্ষেপেৰে আক্ৰমণ কৰিছে তেওঁৰ আমোঘ অস্ত্ৰ গীতৰ মাধ্যমেৰে। 

চাকৰি-বাকৰিহীন ঘন কুঁৱলীয়ে আবৰা দিন-কালবোৰ পোনপটীয়াকৈ অৰ্থহীন হোৱা বুলি কোৱাৰ পৰিৱৰ্তে ৰূপকৰ প্ৰয়োগেৰে “দিনবোৰ আমাৰ মৃত হৰিণৰ বেঁকা শিং যেন হ’ল” বুলি কওঁতে ই গীতফাকিক আকৰ্ষনীয় কৰাৰ উপৰিও শ্ৰোতাৰ মনকো কল্পনাৰ সাগৰত সাতুৰিবলৈ বাধ্য কৰাইছে। মন কৰিবলগীয়া কথাটো হ'ল, এইবোৰ কথা উপলব্ধি কৰিছে সুৰাত মগন মাতাল মদাহী এজনেহে!! সেয়াও এক আন ৰূপক!! 

ড° ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই আমাক চিন্তাৰ খোৰাক দিয়ে। গীতৰ মাজেৰে তেওঁ ক'ব বিচৰা প্ৰতিটো অনুভৱ অভিব্যক্তি অনুধাৱন কৰাৰ ক্ষমতা আমাৰ নাই। তথাপিও অৰ্থোদ্ধাৰৰ সামান্য চেষ্টা কৰি মধূৰ আমেজ পোৱা যায়। এয়াই হয়োতো শ্ৰোতাৰ প্ৰাপ্তি!! 
***** 
লেখক আৰ,বি,আই, পাণবজাৰত কৰ্মৰত এগৰাকী অৰ্থনীতিবিদ । মোবাইল নং ৯৮৫৪২-০২৯৬৪, ই-মেইল: abiidz@gmail.com

No comments:

Post a Comment