সুখ-দুখৰ আড্ডা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ আড্ডা

সুখ-দুখৰ আড্ডা

Share This
প্ৰসঙ্গঃ অসম সাহিত্য সভা কাৰ 
আৰু কোন দিশে?
মৃদুল কুমাৰ সন্দিকৈ আৰু প্ৰশান্ত কুমাৰ দত্ত

পূৰ্বৰ দৰে অসম সাহিত্য সভাই অসমীয়া জাতিৰ বিকাশ আৰু সাহিত্য উৎকৰ্ষ সাধনত সক্ৰিয় ভূমিকা লোৱা দেখিবলৈ পোৱা নাযায়। অসম সাহিত্যসভা মজিয়াত যি বৌদ্ধিক আন্দোলন গঢ়লৈ উঠিছিল সেয়া যেন ক্ৰমাৎ স্থবিৰ হৈ পৰিছে । ইয়াৰ বিপৰীতে এচাম স্বাৰ্থান্বেষী ব্যক্তিৰ ব্যক্তিগত অনুষ্ঠানলৈ এই জাতীয় অনুষ্ঠানতো পৰিণত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। 

আমাৰবোধেৰে সাহিত্য সভাৰ অধিৱেশনত বাহ্যিকতাৰ প্ৰয়োভৰ পৰিহাৰ নকৰাৰ মানসিকতা গঢ়া লৈ উঠাটো অতিশয় দৃষ্টিকটু হৈ ধৰা দিছে।  প্ৰয়োজনীয় কামবোৰৰ প্ৰতি যেন উদাসীনতাহে প্ৰদৰ্শন হৈচে। আনহে নালাগে হোমেন বৰগোহাঞিদেৱে নেতৃত্বত বিশ্বকোষ যি আন্দোলন গঢ়লৈ উঠিছিল সেই আন্দোলনৰ ধাৰাবাহিকতা ৰক্ষা কৰা  নহ'ল । নিজৰ ঘৰখনতে বিবাদ হোৱাৰ দৰে এতিয়া এই জাতীয় অনুষ্ঠানতোক সাধাৰণলোকে জাতীয়তাৰ গোন্ধ নোপোৱা যেন বোধ হয় ।

১৯১৭ চনত পদ্মনাথ গোহাঞিবৰুৱা সভাপতিত্বত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাই আৰু মাত্ৰ কেইটামান বৰ্ষ পাচতে শতবৰ্ষ গৰকিব, সেয়েহে অসমৰ সমাজ সাংস্কৃতিক ক্ষেত্ৰলৈ বিশেষ অবদান আগবঢ়াব পৰাকৈ বিশেষ কৰ্মমুখী পৰিকল্পনা প্ৰয়োজন আছিল । নৱ-নিৰ্বাচিত সভাপতি ডা° ধ্ৰুৱজ্যোতি বৰাদেৱৰ নেতৃত্বত পুনৰ এই অনুষ্ঠানটিৰ এক নিকা ভাবমুৰ্তিৰে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে উদ্যম গ্ৰহণ কৰাটো একান্তই বাঞ্ছনীয় ।

যি সকল লোকৰ ল'বিকেন্দ্ৰিক আৰু ব্যক্তিগত লাভালাভৰ বাবে অসম সাহিত্য সভাৰ মৰ্যদা ম্লান হ'ল সেই সকলকো সাহিত্য সভাৰ মজিয়াৰ পৰা আঁতৰাই সঁচা অৰ্থত সাহিত্য সভাক মনে প্ৰাণে ভাল পোৱা শিল্পী-সাহিত্যিক সকলক সভাৰ মজিয়ালৈ ঘূৰাই আনিবলৈ বিশেষ ব্যবস্থা গ্ৰহণ কৰিব লাগে ।

শেহতীয়াকৈ কলিয়াবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ মজিয়াত যি দৃশ্য দেখা পোৱা গ'ল সেয়াও গ্ৰহণীয় নহয় । আমি পাহৰিলে নহব, ৬০ দশকৰ বৰপেটাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ এক দৃশ্য কথা । সেইবাৰ সাহিত্য সভাৰ মুকলি অধিৱেশনলৈ আয়োজক সমিতিয়ে নিমন্ত্ৰণ কৰিছিল,  ভাৰতৰ 
তদানীন্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদক । সভাস্থলীৰ নিলগত ৰাষ্ট্ৰপতিৰ আগমনৰ নিৰ্মাণ কৰা হৈছিল বাবে অস্থায়ী হেলিপেড । ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ আহি উপস্থিত হোৱাৰ সময়ত অসম সাহিত্য সভাৰ মুল অধিৱেশন অনুষ্ঠিত হৈ আছিল। অকস্মাতে হেলিপেডত হেলিকপ্টাৰ দেখি মুকলি অধিবেশেনৰ অস্থায়ী প্ৰেক্ষাগৃহ পৰা অভাৱনীয় ভাবে সকলো দৌৰি আহিল হেলিপেডৰ দিশে। এক অকল্পনীয়ভাৱে পৰিস্থিতি,  মঞ্চত প্ৰাক্তন সভাপতি আৰু নৱ-নিৰ্বাচিত সভাপতি অকলশৰে বহি থকাৰ বাদে বাকী সকল ব্যক্তি হৈ পৰিছিল ৰাষ্ট্ৰপতি হেলিপেড চোৱাৰ বাবে!

সাম্প্ৰতিক সময়তো বহুতো ৰাজনৈতিক নেতা অসম সাহিত্য সভালৈ অংশগ্ৰহণ কৰিবলৈ যায়। তেওঁলোকৰ উদ্দেশ্য সাহিত্য সভাৰ প্ৰতি আন্তৰিকতা আৰু নিষ্ঠা প্ৰদৰ্শন কৰাটোতকৈ নিজৰ প্ৰভূত্ব আৰু ক্ষমতা সভাস্থলীত জমা হোৱা লক্ষাধিক লোকৰ আগত ভাষণ প্ৰদান কৰাটোহে। সভাৰ মজিয়াত ৰাজনৈতিক নেতাৰ উপস্থিতি বাঞ্ছনীয় হব নোৱাৰে ।

অসম সাহিত্য সভাই যি কৰিব পাৰে সেয়া আন অনুষ্ঠানে কৰিব নোৱাৰে। সেই কথা অসমীয়া ৰাইজে বুজে। সেয়ে তেনে ৰূপত সভাৰ শ্ৰীবৃদ্ধি বাবে অসম সাহিত্য সভাক গঢ় দিবলৈ সকলোৱেই মনে প্ৰাণে লাগিবৰ হ'ল । অসম সাহিত্য সভাক লৈ জিন্দাবাদ বা মুৰ্দাবাদ শ্লোগান দিয়া সকলে সভাক এৰিথৈ স্বাৰ্থ সিদ্ধি বা অভিলাষ পূৰ্ণ হোৱাৰ পাচত আঁতৰি যাব, কিন্তু অসম আৰু অসমীয়াৰ জাতীয় অনুষ্ঠান হিচাপে থাকি যাব অসম সাহিত্য সভাহে । সেই কথা আমি সকলোৱেই অনুভৱ কৰিব লাগিব।

জাতি জনগোষ্ঠীৰ মাজত স্ব-অধিকাৰলৈ যি বিবাদৰ সূত্ৰপাত হৈছে ইয়াক নিৰাময় কৰিবৰ বাবে অসম সাহিত্য সভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । জাতিক নেতৃত্বত আৰু চৰকাৰক বাধ্য কৰিব পৰাকৈ সাহিত্য সভাৰ জনমত গঠনৰ ক্ষমতা আছে । ইয়াক সু প্ৰয়োগ কৰি পুনৰ সুসংগত ৰূপত অসম সাহিত্য সভাক বিশ্ব সৰ্ব শ্ৰেষ্ঠ জাতীয় অনুষ্ঠান ৰূপে গঢ়ি তুলিবলৈ আমি সকলোৱে একহৈ থিয় দিব লাগিব । চিৰ চেনেহী মোৰ ভাষা জননী বুলি অঙ্গীকাৰ কৰি অসম সাহিত্য সভাক কোনো বিষয়-ববীয়াৰ একচ্ছত্ৰী অনুষ্ঠান হবলৈ এৰি নিদিব। আহক আমি এই মহান অনুষ্ঠানটিক আমাৰ নিজৰ আৰু অসমীয়া জাতিৰ প্ৰাণৰ অনুষ্ঠান ৰূপত গঢ়ি তোলো ।

সম্পাদকৰ টোকাঃ  'অসম সাহিত্য সভা কাৰ?' শীৰ্ষক গ্ৰন্থৰে অসমীয়া সাহিত্য সন্মিলনীৰ যুৱ সাহিত্যিকৰ সন্মান লাভ কৰা সাংবাদিক, লেখক মৃদুল কুমাৰ সন্দিকৈয়ে সদ্য সমাপ্ত অসম সাহিত্য সভাৰ অধিবেশনত উজ্বলি উঠা বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি, অসমীয়াৰ সুখ-দুখৰ প্ৰশান্ত কুমাৰ দত্তৰ সৈতে অংশ গ্ৰহণ কৰে 'সুখ-দুখৰ আড্ডাত'। এই লেখাত আড্ডাৰ পৰা উন্মোচিত বিভিন্ন দিশৰ নিৰ্বাচিত অংশক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে।

No comments:

Post a Comment