Wednesday, February 4, 2015

মনৰ কথা

সাহিত্য সভাঃ হতাশা আৰু প্ৰত্যাশা 
মানসী গোস্বামী

অসম আৰু অসমীয়াৰ বাবে আজিৰ তাৰিখত একেসময়তে আটাইতকৈ হেঁপাহৰ আৰু আটাইতকৈ নিৰাশাজনক অনুষ্ঠানটো “অসম সাহিত্য সভা” বুলি ক’লে বঢ়াই কোৱা হয়তো নহয়। এফালেদি যিদৰে শতবৰ্ষত ভৰি দিয়া জাতীয় অনুষ্ঠানটোৰ সতে গোটেই জাতিটোৰ আৱেগ-আগ্ৰহ-আশা জড়িত, আনফালে যোৱা কিছুবছৰত সাহিত্য সভাৰ ভিতৰে-বাহিৰে হৈ থকা ঘটনাবোৰে ৰাইজক অতিষ্ঠ কৰি তুলিছে। এতিয়া এনেহেন অৱস্থা হৈছে যে যিসকল সৎ, প্ৰকৃতাৰ্থত জাতিৰ হকে চিন্তা কৰা লোক, তেওঁলোকেও অনুষ্ঠানটোৰ পৰা দূৰত অৱস্থান কৰাটোকে শ্ৰেয় বুলি জ্ঞান কৰি আঁতৰি আছে। অথচ, একে সময়তে এই কথাও সত্য যে অসম সাহিত্য সভাক আওকাণ কৰি থকাটোও জাতিটোক ভাল পোৱা মানুহখিনিৰ বাবে সম্ভৱ নহয়।

এনে পৰস্পৰ বিপৰীতমুখী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম সাহিত্য সভাক লৈ আমাৰ প্ৰত্যাশা কি? কথাষাৰ চিন্তনীয়।ব্যক্তিগত ভাৱে আমি এটা কথা ভাৱোঁ যে এতিয়াও সমগ্ৰ জাতিটোক পুনৰ এক নতুন দিশে লৈ যাব পৰাকৈ সম্ভাৱনা সাহিত্য সভাৰ মাজত বিৰাজমান। কিন্তু সেয়া হৈ উঠিবলৈ হ’লে সমগ্ৰ সাহিত্য সভাৰ গাঁঠনিগত আৰু কৰ্মপদ্ধতিগত পৰিৱৰ্তন অনাটো দৰকাৰী । সাহিত্য সভাৰ অধিবেশন যোৱা কিছুবছৰত সাহিত্যিক চিন্তাতকৈ বাণিজ্য আৰু ৰাজনীতিৰ মেলালৈ ৰূপান্তৰিত হোৱাৰ কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কেৱল মেলামুখী কৰাৰ পৰিৱৰ্তে অধিবেশনখনক বস্তুনিষ্ঠ সাহিত্য চৰ্চাৰ থলী কৰি তোলাৰ প্ৰয়োজন আছে।

দেশ তথা বিশ্বৰ সাহিত্যজগতখনলৈ অহা পৰিৱৰ্তনক ভালদৰে ফঁহিয়াই চাই, তাক আলোচনা কৰি জাতিটোৰ সাহিত্যক আন্তৰ্জাতিক তথা মানুহমুখী কৰি তোলাৰ বাটটো সাহিত্য সভাই নিঃসন্দেহে কাটিব পাৰিব বুলি আমি আশা কৰোঁ। অন্যহাতে বিশ্বায়ন আৰু ইংৰাজী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰে ক্ৰমান্বয়ে সংকুচিত কৰি অনা অসমীয়া তথা অসমৰ অন্যান্য স্থানীয় ভাষাক দৃঢ়ভাৱে পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে সাহিত্যসভাই কাৰ্য্যকৰী পদক্ষেপ আগবঢ়াব লাগিব এই অধিবেশনৰ মঞ্চতে। অন্যহাতে অসমীয়া স্থানীয় সাহিত্য, লোক কথা, অসমৰ মানুহৰ মনৰ কথা এই সকলোবোৰ আন্তৰ্জাতিক ক্ষেত্ৰলৈ অসমীয়া ভাষাৰ জৰিয়তে লৈ যাব পৰাকৈ ইউনিকোডত অসমীয়া ভাষাৰ চৰ্চাক ব্যাপক কৰি তুলিবলৈও অসম সাহিত্য সভাই আৰু বহুখিনি কৰাৰ প্ৰয়োজন আছে । আনপিনে অসমীয়া ভাষা আৰু সাহিত্যক অধিক সমৃদ্ধ কৰি তুলিবলৈ সকলো জনগোষ্ঠীয় ভাষা আৰু সাহিত্যিক সমলক সামৰি লোৱাৰ প্ৰক্ৰিয়াটো অধিক ব্যাপক কৰি তোলাত সাহিত্য সভাই আগভাগ ল’ব বুলি আমি আশা কৰোঁ। 

আজিকোপতি অসমীয়া ভাষাৰ নানা শব্দৰ বানানৰ ক্ষেত্ৰত, ইংৰাজী ভাষা বা কাৰিকৰী শব্দৰ ক্ষেত্ৰত “নানা মুনিৰ নানা মত” সদৃশ অৱস্থা এটা চলি আছে। এই অৱস্থাটো নোহোৱা কৰি এক সৰ্বসন্মত আখৰ-জোঁটনিৰ প্ৰচলন, ব্যৱহাৰিক পৰিভাষাৰ প্ৰণয়ন আদিৰ কামো সাহিত্য সভাৰ জৰিয়তে উমৈহতীয়াভাৱে আৰম্ভ হোৱা দৰকাৰ। অৱশ্যে ইয়াকে কৰিবলৈ যাওঁতে ভাষাৰ সৰলীকৰণৰ নামত ভাষাটোৰ কালিকাখিনিক জাতে বিসৰ্জন দিয়া নহয়, সেই কথাটোতো সাহিত্য সভাই চকু দিব লাগিব। 

সাহিত্য সভা বা সভাৰ অধিবেশনক লৈ আমাৰ প্ৰত্যাশা এইখিনিয়েই। কিন্তু প্ৰশ্ন হয়, আজিৰ তাৰিখত আৰু বৰ্তমান চলি থকা প্ৰক্ৰিয়াত সাহিত্যসভাই আমাৰ দৰে অনেকৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিব নে ? ৰাজনীতিকৰ অযথা হস্তক্ষেপ , ভিতৰচৰাৰ দুৰ্নীতি আৰু গোটবাজী, কেইজনমান মুষ্টিমেয় ব্যক্তিৰ মইমতালি আৰু একছত্ৰী নিয়ন্ত্ৰণৰ দৰে ঘূণবোৰ নিৰাময় কৰিব নোৱাৰিলে অসম সাহিত্য সভাই এই প্ৰত্যাশা পূৰণ কৰিব পাৰিব বুলি আশা কৰাও দূৰুহ । গতিকে অসম সাহিত্য সভাৰ অধিবেশন থলীতে এই ৰোগবোৰৰ চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ হওক, তাকেই আশা কৰোঁ !

No comments:

Post a Comment