Friday, February 27, 2015

পৰ্যবেক্ষণ

প্ৰযুক্তিৰ পৃথি‌ৱীয়ে আমাক কি দিছে, কি নিছে...
অৰুণজ্যোতি দাস
“হয়, ফেচবুকত মোৰ বন্ধুৰ তালিকাখন বিৰাটেই দীঘলীয়া । মোৰ বৰ্তমানে ১৫৬৮ জন বন্ধু আছে আৰু এই সংখ্যা দৈনিক বাঢ়ি আছে। কিন্তু তথাপিও মই অকলশৰীয়া। মই তেওঁলোকৰ লগত সদায়েই সময় কটাওঁ, সদায়েই গল্প-গুজ‌ৱ কৰোঁ, মোৰ সুখ-দুখৰ মুহুৰ্তবোৰ বিলাওঁ; কিন্তু কোনো এজনেও মোক বুজি নাপায়।” –এয়া বৰ্তমান সময়ৰ প্ৰতিজন ডেকা-গাভৰুৰ যেন এক স্বগতোক্তি । 

ফে’চবুক-হো‌ৱাটছআপৰ দৰে বিশ্বব্যাপি জনপ্ৰিয় সামাজিক যোগসূত্ৰৰ প্ৰযুক্তিপ্ৰদত্ত আহিলাই অসমত গা‌ওঁ-ভূঁই পৰ্যন্ত বৰ্তমানে খলকনি লগাইছে । ছাত্ৰ-ছাত্ৰীয়েই হওঁক অথবা শিক্ষক, দোকানীয়েই হওঁক অথবা গ্ৰাহক, ৰিক্সা‌ৱালাই হওঁক অথবা ৰাজনীতিবিদ - সকলো‌ৱেই আজি চ’ছিয়েল-মেডিয়াত নিজৰ নিজৰ ‘একাউন্ট’ খোলাত ব্যস্ত । কোনো সন্দেহ নাই, কালিলৈকে যিটো কথা আমাৰ সপোনৰো অগোচৰ আছিল, এই ধৰক- পৃথি‌ৱীৰ এটা মূৰত ঘটি থকা ঘটনাৰাজীৰ চলচ্চিত্ৰ অথবা আলোকচিত্ৰ মুহুৰ্তৰ ভিতৰতে আহি আপোনাৰ হাতৰ মুঠিত পাব পৰা হো‌ৱা ব্য‌ৱস্থাটো-- সেই অসম্ভ‌ৱকো যেন সম্ভ‌ৱ কৰি তুলিছে আজিৰ এই প্ৰযুক্তি প্ৰদত্ত আহিলাবোৰেই । 

বিজ্ঞান-প্ৰযুক্তিৰ এনেহেন জয়জয়-ময়ময় বিজয়-যাত্ৰাত আমি সকলো‌ৱেই চামিল হৈ আমাৰ জী‌ৱন-ধাৰণৰ মান কিছু হ’লেও যে উন্নীত কৰিব পৰিছো, তাত নিশ্চয় কাৰো দ্বিমত নাই। কোনো‌ৱে লিপষ্টিকৰ বোলেৰে যদি উন্নয়ণৰ মাপ জুখিব পাৰে, তেন্তে আমিও ক’ব পাৰো যে হাতে হাতে মোবাইল ফোন হো‌ৱা মানেই ‘অসম আকৌ উন্নতিৰ পথত’ ধা‌ৱমান ! এটা মাথো স্পৰ্শতেই ব্ৰহ্মাণ্ডৰ নানানটা ৰঙীন খবৰে আহি আপোনাৰ চোতালত হেন্দোলদোপ-দোলদোপ কৰেহি আজিৰ এই প্ৰযুক্তিৰ জৰিয়তেই । কিন্তু সেই একেটা সময়তে একেবিধ প্ৰযুক্তিয়েই আমাৰ পৰা কি কি কাঢ়ি নিছে তাৰ খেয়াল ৰখাটোও আজি অতিকেই প্ৰয়োজনীয় বুলি বিবেচিত হৈ পৰিছে ।

মোৰ হেৰু‌ৱা বন্ধুজনক আজি মই বিচাৰি পাওঁ চ’ছিয়েল-মেডিয়াৰ যোগেদি । অচিনাকিজনকো সোধো-‘তুমি মোৰ বন্ধু হ’বা নেকি?’ । বন্ধু বিচৰাৰ এই অন্বেষণৰ বাবে আমি মুকলিলৈ দৌৰি নাযাওঁ, বৰঞ্চ আমি লেপটপ বা মোবাইল লৈ সোমাই যাওঁ আমাৰ বন্ধ কোঠালীলৈহে । আমি সকলো বন্ধুৰ সতে কথা পাতোঁ, গল্প কৰো, আনন্দ-উল্লাস কৰো কে‌ৱল আমাৰ বন্ধ কুঠৰীত, য’ত নিজৰ বাদে আন কোনো পাৰ্থি‌ৱ প্ৰাণীৰ অস্তিত্বই নাই । আৰু এনেদৰেই আমি এখন কাল্পনিক পৃথি‌ৱীৰ সতে উঠা-বহা কৰিবলৈ লওঁ । আজিৰ সময়ত এই অনুভ‌ৱ হৈছে যেন- ‘ভোক লাগিছে, মোক খাবলৈ দিয়া’- বুলি মানুহৰ নিতান্তই স্বাভা‌ৱিক এই মুখৰ মাতষাৰো আমি কম্পিউটাৰ, লেপটপ বা মোবাইলৰ কিবা এটা ‘কামাণ্ড’ অথবা বাৰ্তাৰে ক’বলৈ পো‌ৱাহ’লেহে কিজানি ভাল পালোহেঁতেন! আমি চ’ছিয়েল-মেডিয়াৰ প্ৰতি ইমানেই নিচাসক্ত যে ৰাতিপু‌ৱা শুই উঠিয়েই অথবা ৰাতি শো‌ৱাৰ সময়তো আমি কে‌ৱল তাকেহে বিচাৰো ।

আচলতে, আমাৰ কাষতে থকা যেন অনুভূত হো‌ৱা এই সকলো প্ৰকাৰৰ চ’ছিয়েল-মেডিয়াবোৰ হৈছে একপ্ৰকাৰৰ ‘Illusion’ বা যেন মৰিচীকাহে। মোবাইলৰ স্ক্ৰীণত দেখা পো‌ৱা কাৰোবাৰ স্বীকাৰোক্তি, আ‌ৱেগ, অনুভুতি, দুখ-শোক, হতাশা, আনন্দোল্লাস –এই সকলোবোৰ যেন প্ৰকৃততে ভূৱা। যেতিয়া লেখোতাজনৰে কোনো প্ৰকৃত পৰিচয় নাথাকে, তেন্তে তেনে লিখা-মেলাৰ কি বাস্ত‌ৱ মূল্য থাকিব পাৰে ? বিভিন্ন সময়ত বাৰে বাৰে প্ৰমাণিত হৈ আহিছে যে চ’ছিয়েল-মেডিয়া হৈছে ছদ্মবেশী ঠগ দগাবাজ আৰু কূটাঘাটকাৰীৰ কু-মন্ত্ৰণা ৰচাৰ ঘাটি । অপৰাধী, নিপীড়ণকাৰীয়ে পাতি থো‌ৱা ফান্দত পৰি বহু যু‌ৱতীয়ে ককবকাই ছটফটো‌ৱা খ‌ৱৰবোৰ বহুদিনৰেপৰা প্ৰতিখন বাতৰি-কাকতৰে শিৰোনামা হৈ আহিছে। কিন্তু ইয়াৰ পাছতো আমি প্ৰতিদিনে স্বপ্নৰ দৰে মৰীচীকা খেদি ঘুৰ্মুটিয়াই ফুৰোঁ, ডিজিটেল ফটোৰ প্ৰেমতে হাবু-ডুবু খাওঁ ।

যিজন বন্ধু‌ৱে আপোনাক কৈছে যে তেওঁ চলচ্চিত্ৰ জগতৰ তাৰকা, মেট্ৰ’ চহৰত তেওঁৰ ফ্লেট আছে, আছে বিলাসী গাড়ী – তেওঁ হয়তো আপোনাৰ গলিটোৰেই ভিক্ষা খুজি খো‌ৱা মগনীয়াজনো হ’ব পাৰে । কাৰণ প্ৰকৃত-অপ্ৰকৃত যিকোনো ফটোকে সালসলনি কৰি অন্য ৰূপ দিয়াটো আজিকালি অলপ–অচৰপ কম্পিউটাৰ জনা সকলো মানুহৰে বাবে ‘বাওঁহাতৰ খেলা’ । এনেহে নালাগে, তেনে চফ্ট‌ৱেৰ আজিকালি মোবাইল ফোনতো উপলব্ধ হ’ল। “ভাৰ্ছু‌ৱেল মে’কঅভাৰ”ৰ দ্বাৰা আজি বান্দৰীও সুন্দৰী হ’ব পৰা হ’ল । ঠিক একেদৰেই যি বন্ধু‌ৱে ফে’চবুকত আজি নিজকে আটাইতকৈ সুখী বুলি ঘোষণা কৰিছে, ‌ৱাস্ত‌ৱত হয়তো তেওঁৰে আজি চৰম দুৰ্দশাৰ দিন হ’ব পাৰে। এনে লাগে, প্ৰত্যেকেই প্ৰত্যেকক আভুঁৱা ভৰাবলে যেন অঘোষিত প্ৰতিযোগিতাতহে নামিছে! সঁচাকৈয়ে বহু যেন জটিল হৈ পৰিছে জগতখন । ‌দুখনকৈ পৃথি‌ৱীত বাস কৰে আজিৰ প্ৰতিজন মানুহেই- ‌বাস্ত‌ৱ আৰু অ‌‌বাস্ত‌ৱ ।

আমি বিশ্বাস কৰিবলৈ লৈছো যে, আমাৰ কাষত নথকাকৈয়ে কোনোবাই আমাৰ কথা শুনিছে, আৰু আমি সুখীও হৈছে তেনেকৈয়ে । কিন্তু সেই মৰিচীকাৰ পৃথি‌ৱীৰপৰা ওলাই আহি যদি চাওঁ, তেন্তে দেখিম যে মোৰ কাষত কে‌ৱল মইহে আছো, আন কোনো‌ৱেই নাই । যেতিয়া সেই মায়াবী ছন্দৰ পতন ঘটে, দিবাস্বপ্ন যি সময়ত ভংগ হয় আৰু বাস্ত‌ৱ পৃথি‌ৱীত যি মূহুৰ্তত আমি খোজ পেলাওঁ, তেতিয়া কিন্তু সেই ক্ষণিকৰ সুখানুভূতিৰো হৰলুকি ঘটে। বাস্ত‌ৱৰ সতে মুখামুখি হো‌ৱাৰ ভয়তেই কিজানি, যেতিয়া আমি মানুহৰ মাজত থাকো, সমাজত থাকো, মেল-মিটিঙত থাকো, তেতিয়াও আমি আমাৰ হাতেৰে সেই অদৃশ্য বন্ধুসকলক খেপিয়াই থাকিব বিচাৰো ! মায়ানগৰীৰ আকুল আহ্বানত যেন আমি দিশহাৰা হৈ দিক‌্-বিদিগ্ বিচাৰি নাপাওঁ ! আমাৰ কাষত থকাজনে কি কৰিছে বা ভা‌ৱিছে সেয়া লক্ষ্য কৰাতকৈ, আমি বিচাৰ কৰিবলৈ লওঁ সেই অদৃশ্য হৈ থকাজনে কি ভা‌ৱিছে, তাকহে। 

সোঁশৰীৰে উপস্থিত থকাজনৰ অস্তিত্বও কোনো কোনো সময়ত আমি পাহৰি পেলাবলৈ লৈছো । কোনখন পৃথি‌ৱীলৈ তেন্তে গৈ আছো আমি? কেনে এখন সমাজ বিচাৰিছো আমি? নিজৰ মাতৃ, পত্নী অথবা অতিকেই আপোনজনৰো উপস্থিতি আমাৰ বাবে মোহনীয় নহয় কিয়? এনে কি দিছে সেই মায়ানগৰীয়ে যাৰ ৰূপত আমি তন্দ্ৰাছন্ন ? যিদৰে আমাৰ কাষতে বাজি থকা বেহেলা বা পেঁপাটিৰ সুৰ কাণত নুসুমু‌ৱা হৈছে, সেইদৰেই কাণত নপৰা হৈছে হতভগা নাৰীগৰাকী অথবা শিশুটিৰ হিয়াভগা কান্দোনৰ ৰোল নাইবা আঘাটপ্ৰাপ্ত পুৰুষজনৰ কাতৰ চিৎকাৰ । আমিপ্ৰিয়তমৰ চকুলৈ চাবলৈ পাহৰি গৈছো কাহানিবাই– তাৰ সলনি চাওঁ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণলৈ । চকুৰ ভাষা কি ফুটি উঠিব পাৰে নে কাহানিবা যন্ত্ৰবৎ এখনি পৰ্দাত ?

আজিৰ দিনত এটি শিশুক মোবাইল ফোনটো গুজি দিলেহে সি কন্দা বন্ধ কৰে । এই পৃথি‌ৱীত ইয়াৰ আগতেও কৌটি কৌটিটা মান‌ৱ-শিশুৰ জন্ম হৈছিল যাৰ সতে অনুৰূপ ঘটনা দেখা নগৈছিল । এনেকি মাত্ৰ আঠ-দহ বছৰ আগেয়ে জন্ম লো‌ৱা শিশু এটাইও মাকৰ নিচুকনিতেই খেলিবলৈ শিকিছিল । গতিকে ইয়াৰ অৰ্থ এয়ে যে, প্ৰযুক্তিয়ে আমাৰ জী‌ৱনলৈ আনি দিয়া কিছুমান পাৰ্থি‌ৱ সামগ্ৰীৰ মোহত বন্দী হৈ আমি আমাৰ ন-প্ৰজন্মৰ হাততো একেটা ভা‌ৱাদৰ্শকেই তুলি দিছো- জন্মৰ একেবাৰে পাছমুহূৰ্তৰপৰাই । সিহঁতকো আমাৰ দৰে যন্ত্ৰৰ পাছত দৌৰা একো একোটা যন্ত্ৰ কৰি তুলিবলৈ আমি উঠি-পৰি লাগিছো । আজিৰ কিশোৰে খেল খেলিবলৈ ভালকৈয়ে শিকিছে, কিন্তু সেয়া শাৰিৰীক পৰিশ্ৰম হো‌ৱা খেল নহয় । মানসিক বিনোদনৰ খেলতহে সি সিদ্ধহস্ত হৈছে । আইপদ, মোবাইল ফোন, ভিডিঅ’ গেমত ব্যস্ত শিশুটিৰ অপেক্ষাত আজি বাহিৰৰ ঝুলনাৰ ৰচীকেইডাল অকলেই দুলি থাকে বতাহত ।

প্ৰযুক্তিয়ে আনি দিয়া সৰঞ্জামবোৰ আমি যে ব্য‌ৱহাৰ কৰিব নালাগিব, এনে নহয়। সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সিবোৰ আমাৰ জী‌ৱন ধাৰণৰ অত্যা‌ৱশ্যকীয় আহিলা হৈ পৰাটোও কোনো নতুন কথা নহয় । আমি ভা‌ৱোঁ, সৰঞ্জামবোৰে কৰি দিয়া সুবিধাকণ উপভোগ কৰোতে এবাৰলৈ মন দিয়া উচিত তাৰ বেয়া গুণটোকো আমি আয়ত্ব কৰিবলৈ লৈছো নেকি । আমি ‘এডিক্টেড’ হৈ পৰিছো নেকি তাৰ প্ৰেমত ? অথবা সি আমাৰ ব্যক্তিগত জী‌ৱনৰ অনুভূতিক ব্যঘাট কৰিছে নেকি? সেইদৰে চ’ছিয়েল-মেডিয়াকো আমি তাৰ যথোপযুক্ততাৰেই ব্য‌ৱহাৰ কৰিবলৈ শিকা উচিত । তাক ব্য‌ৱহাৰ কৰা উচিত কোনো খবৰ বিয়পাবলৈ, কোনো মোহনীয় বিজ্ঞাপন দিবলৈ, তথ্যৰ আদান-প্ৰদান কৰিবলৈ অথবা কোনো গঠনমূলক সমালোচনাৰ বাবে। কিন্তু সেই একেটা আহিলাকেই যদি সময় নষ্ট কৰিবলৈ ব্য‌ৱহাৰ কৰা হয়, যদি তাৰ ব্য‌ৱহাৰ পথ-দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে, যদি সি পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰিব পাৰে অথবা আপোনাৰ জী‌ৱনলৈ দুৰ্ঘোৰ অমানিশা নমো‌ৱাৰ কাৰণ হ’ব পাৰে , তেন্তে তেনে অসুবিধাজড়িত সুবিধাকণৰপৰা বঞ্চিত হৈ থকাই শ্ৰেয় । কে‌ৱল উচিত ব্য‌ৱহাৰ নজনাৰ বাবেই এনে বহু বিজ্ঞান-প্ৰদত্ত সা-সুবিধাই আমাক এতিয়াও প্ৰকৃতাৰ্থত লাভান্বিত কৰিব পৰা নাই ।

আমি এতিয়া এক দুৰ্বোধ যুগত বাস কৰিছো– য’ত ‘স্মাৰ্ট’ হৈছে যন্ত্ৰবোৰ আৰু ক্ৰমাত যেন মুকবধিৰ হৈছে মানুহ। আহক, এবাৰ মুকলি আকাশৰ তললৈ যাওঁ– দুবাহু মেলি গোন্ধ লওঁক সেউজীয়া ঘাঁহনিজো‌পাৰ, কাষৰ ফুলথুপিৰ । ভালপো‌ৱা আপোনজনৰ সংগসুখ কিমান প্ৰেৰণাময় হ’ব পাৰে তাৰ এবাৰ উমান লওঁক । বতাহত শুনি চাওঁক জুৰিটিৰ কুলু-কুলু ধ্বনি, আনকি অনুভৱীৰ বাবে সংগীতো হ’ব পাৰে হেনো মেঘৰ গাজনিও !
----------------------------------------
লেখক ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ সংস্থাত কৰ্মৰত এগৰাকী তথ্য-প্ৰযুক্তিবিদ। তেখেতৰ ঠিকনাঃ ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২ (দূৰভাষ-৯৪৩৫১৫২৭৬৮)

No comments:

Post a Comment