মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মই কিয় আম আদমী পাৰ্টিক সমৰ্থন কৰিছো ?

শ্ৰীমন্ত বৰদলৈ
সকলো ক্ষেত্ৰতেই সু-শাসন প্ৰৱৰ্তন কৰিবলৈ ভাৰতবৰ্ষৰ বৰ্তমান ব্যৱস্থাত যথেষ্ট অৱকাশ আছে। কিন্তু স্বাধীনতাৰ পৰৱৰ্তী ৬৭ বছৰত ভাৰতত হোৱা দুৰ্নীতিৰ অবাধ বিস্তাৰে সৰ্বসাধাৰণৰ সুশাসন প্ৰতি থকা স্পৃহাক ধূলিস্যাত কৰিছে আৰু গণতন্ত্ৰৰ প্ৰতি থকা আস্থা বহু পৰিমানে স্তিমিত কৰিছে। তাৰোপৰি আজিৰ তাৰিখত ধৰ্ম , জাতি , আঞ্চলিকতাবাদ , ভাষাৰ গণ্ডীৰ বাহিৰত ৰাজনীতি কল্পনা কৰাটো অসম্ভৱ , যাৰ ফলত এক ভাৰতৰ উদ্যম নিঃশেষ হোৱা যেন অনুভৱ হয় আৰু সৰ্বসাধাৰণ এই ৰাজনৈতিক পদ্ধতিৰ বলিৰ চিকাৰ হৈ আহিছে।


ভাৰতবৰ্ষত ৰাজনীতিৰ সংজ্ঞাৰ পৰিবৰ্তন হোৱাতো অত্যন্ত প্ৰয়োজন যাতে এই পৰিবৰ্তনে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক ধনাত্মক ভাবে আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু লগতে সমাজৰ সকলো স্তৰৰ মানুহৰ স্পৃহাক প্ৰতিবিম্বিত কৰে। এই পৰিবৰ্তিত ৰাজনীতিৰ ধাৰাক নেতৃত্ব দিব লাগিব এচাম সৎ আৰু দৃঢ় ব্যক্তিয়ে। আম আদমী পাৰ্টিয়ে অগ্ৰসৰ হোৱা পথ একেবাৰে মসৃণ নহয় কাৰণ স্বাধীনতাৰ পৰৱৰ্তী ৬৭ বছৰেও ভাৰতবৰ্ষ পৰিপক্ক হৈ উঠা নাই। ভাৰতবৰ্ষৰ এক বৃহৎ অংশ নাগৰিক আজিও বুনিয়াদী শিক্ষাৰ পৰা বঞ্চিত হৈ শিক্ষাৰ শক্তিক অনুধাৱন কৰিব পৰা নাই আৰু যাৰবাবে তেওঁলোকে ধৰ্ম , জাতি , আঞ্চলিকতাবাদ , জাতিগত , ভাষাগত সংঘাতৰ চক্ৰবেহুৰ মাজত সোমাই আছে। এনে এক জটিল বিন্যাসৰ মাজত থকা দেশখনক প্ৰণালীবদ্ধভাবে পৰিবৰ্তনৰ দিশত লৈ যাবলৈ প্ৰয়োজন বিশাল আয়োজন।


আম আদমী পাৰ্টিৰ ঘোষণাপত্ৰত উল্লিখিত জনলোকপাল এই পৰিবৰ্তনৰ দিশত আগবঢ়াৰ মাথো এটি সামান্য উপাদান। কেৱল মাথো জনলোকপালৰ অভিযানেৰে ভাৰতবৰ্ষ ৰ ভাগ্যক পৰিবৰ্তন কৰাটো কঠিন হব। বিভিন্ন ৰোগেৰে আক্ৰান্ত দেশখনক ৰোগমুক্ত কৰাতো অত্যন্ত আৱশ্যক হৈ পৰিছে আৰু এই ৰোগমুক্ত কৰাতো সম্ভৱ মাত্ৰ বিধানসভা আৰু সংসদৰ মজিয়াত সৎ আৰু দৃঢ় ব্যক্তিত্বৰ সক্ৰিয় অংশগ্ৰহণেৰে । ব্যক্তি , সংগঠন , অনুস্থান , প্ৰতিস্থান তথা প্ৰশাসন নিৰ্বিশেষে দুৰ্নীতিয়ে আমাৰ দেশৰ আৰ্থ-সামাজিক গাঁথনিটোক গ্ৰাস কৰি আহিছে আৰু দিনে প্ৰতিদিনে ইয়াৰ প্ৰসাৰ বনজুইৰ দৰে হব ধৰিছে। আজি দুৰ্নীতিৰ অবাধ্য গতিক প্ৰত্যক্ষ কৰি এনে এক সন্ধিক্ষণত উপনিত হৈছোহি যে আমি আমাৰ প্ৰতিৰোধ কৰিব পৰাৰ সামৰ্থক প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ।

ভাৰতবৰ্ষৰ গৰিষ্ঠসংখ্যক নাগৰিক দুৰ্নীতিৰ লগত প্ৰত্যক্ষ নতুবা পৰোক্ষভাৱে জড়িত - কোনোবাই দুৰ্নীতি আৰম্ভ কৰে, কোনোবাই মধ্যস্থতা কৰে, কোনোবাই বিস্তাৰ আৰু কোনোবা হয় ভুক্তভোগী আৰু এই সত্যক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আজিৰ প্ৰজন্মই ৰাজনীতিত প্ৰৱেশ কৰিব বিচাৰে সংস্থাপনৰ বিকল্প হিচাপে নতুবা নিজস্ব লাভালাভৰ কাৰণে, সমাজ আৰু জনসাধাৰণক সেৱা কৰাৰ মনোভাবেৰে ৰাজনীতিত প্ৰৱেশ কৰাৰ উদাহৰণ তেনেই নগণ্য । গৰিষ্ঠসংখ্যক মধ্যবিত্ত ভাৰতীয় নাগৰিক ৰাজনীতিৰ প্ৰতি উদাসীন আৰু ইয়াক কদৰ্য খেল বুলি গণ্য কৰে। সচেতন নাগৰিকৰ ধনাত্মক সক্ৰিয় অংশগ্ৰহণৰ অভাৱৰ বাবে ৰাজনীতিৰ বিষয়ে অজ্ঞ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ অজ্ঞানতাৰ সুযোগলৈ ধৰ্ম , অৰ্থনৈতিক অনগ্ৰসৰতা , জাতি , আঞ্চলিকতাবাদ , জাতিগত , ভাষাগত সংঘাত আদি দুৰ্বলতাবোৰক ভাৰতৰ বৰ্তমানৰ প্ৰায়বোৰ ৰাজনৈতিক দলে নিজৰ ৰাজনীতিৰ চালিকা শক্তি হিচাপে ব্যৱহাৰ কৰি আহিছে। ভাৰতৰ ৰাজনীতি এনেধৰণেৰে পৰ্যবসিত হৈছে ধনবল-বাহু বলৰ ৰাজনীতিলৈ। অতি পৰিতাপৰ বিষয় যে আমি প্ৰতি পাঁচ বছৰে কিছুমান অযোগ্য ব্যক্তিক ৰাজ্যৰ বিধানসভা আৰু সংসদলৈ নিৰ্বাচিত কৰি আহিছো মাথো দলৰ প্ৰতি অন্ধ সমৰ্থনেৰে। আমি প্ৰায়েই সঠিক প্ৰতিনিধি নিৰ্বাচন কৰি পঠাবলৈ ব্যৰ্থ হৈ আহিছো। সেই সকল নিৰ্বাচিত ব্যক্তিয়ে কেতিয়াও ৰাইজৰ আশা আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ সক্ষম নহয় । তেওঁলোক প্ৰশাসন চলোৱা , পৰিকল্পনাৰ ধনৰ সঠিক ব্যয়েৰে নিৰ্দিষ্ট প্ৰকল্পৰ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা ইত্যাদি আৰ্থ-সামাজিক উন্নয়নৰ লগত জড়িত সকলো দিশতে চূড়ান্তভাৱে ব্যৰ্থ হৈ আহিছে। তাৰবাবে আমি ৰাজনৈতিক দলবোৰক জগৰীয়া কৰিলে নহ'ব, আমি নিজৰ উদাসীনতা তথা ৰাজনৈতিক সচেতনতাকো সমানেই জগৰীয়া কৰিব লাগিব। তাৰোপৰি আমি নিৰ্বাচিত কৰি পঠিওৱা জনপ্ৰতিনিধি সকলক সোঁৱৰাই থাকিবলৈ পাহৰোঁ যে ৰাইজেই ৰজা আৰু তেওঁলোক সদায় ভোটাৰ ৰাইজৰ ওচৰত জবাবদিহি সেই কথাষাৰ। মন্ত্ৰী-বিধায়ক হোৱা মানে ৰাইজৰ ধন নিৰ্বিচাৰে ভোগ কৰিব পোৱা সুবিধা আৰু ক্ষমতাৰ নামান্তৰ নহয় , বৰঞ্চ দেশক সেৱা কৰিবলৈ পোৱা সুবিধাহে সেই কথাষাৰকো ৰাইজৰ প্ৰতিনিধিসকলক অনুধাৱন কৰাব পাৰিব লাগিব।

আম আদমী পাৰ্টিৰ ঘোষণাপত্ৰখনত সৰ্বসাধাৰণৰ বহুতো সমস্যা তথা বিষয়ক উল্লেখ কৰিছে, যিবোৰ সমাধানৰ কাৰণে দলটো বদ্ধপৰিকৰ। এই সুযোগতে আম আদমীৰো ( সৰ্বসাধাৰণৰ) কৰণীয়খিনিৰ বিষয়ে উনুকিয়াব খুজিছোঁ। যেনেকৈ চৰকাৰ তথা জনপ্ৰতিনিধিৰ দায়িত্ব আছে, ঠিক তেনেদৰে সৰ্বসাধাৰণ মানুহৰ দুৰ্নীতি নিবাৰণকে ধৰি সকলোক্ষেত্ৰতেই প্ৰয়োজন নিজস্ব সক্ৰিয় ভূমিকাৰ। আমি প্ৰতিজন সৰ্বসাধাৰণ নাগৰিকে শপত খাব লাগিব যে প্ৰত্যক্ষ নতুবা পৰোক্ষভাৱে কোনোক্ষেত্ৰতেই দুৰ্নীতিৰ দৰে ব্যাধিবোৰত নিজকে লিপ্ত নকৰো বুলি আৰু আমি আমাৰ সামাজিক তথা পেশাগত দায়িত্বখিনি সাধুতা আৰু কৰ্মনিষ্ঠাৰে পালন কৰিম। চুবুৰীয়াৰ ঘৰখন ঠিক কৰিবলৈ যোৱাৰ আগতে সদায় নিজৰ ঘৰখন প্ৰথমতে থানথিত লগোৱাটো প্ৰয়োজন, নিজৰ দায়িত্ববোধক প্ৰথমতে পালন কৰিব লাগিব আনলৈ আঙুলি দেখুৱাৰ আগতে । যদি সেইয়া সম্ভৱ হয়, তেতিয়াহে ৰাইজৰ প্ৰতিনিধিৰ কৰ্মপটুতা আৰু ৰাইজৰ নিজস্ব দায়িত্ব সচেতনতাৰ মণিকাঞ্চন সংযোগেৰে এখন বিকশিত তথা গতিশীল সমাজক আমি কল্পনা কৰিব পাৰো আৰু সেইয়াই প্ৰকৃত স্বৰাজৰ দিশত প্ৰথম খোজ।

ভাৰতবৰ্ষত ৰাজনীতিৰ সংজ্ঞাৰ পৰিবৰ্তন কৰিবৰ বাবে প্ৰথমে প্ৰয়োজন সমাজৰ সকলো মানুহক ধনাত্মক ৰাজনীতিৰ প্ৰতি আকৃষ্ট কৰাটো। এনে এটা পৰিবেশ সৃষ্টি কৰিব লাগিব যত দেশৰ সকলো স্তৰৰ নাগৰিকে ৰাজনীতিত অংশগ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰে। ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণক নিজৰ কৰণীয় এটা আনুষংগিক দায়িত্ব বুলি ভাবিব পৰাৰ এটি ইতিবাচক সামাজিক আন্দোলন গঢ়ি তুলিব লাগিব। ৰাজনীতিক অস্পৃশ্যতাৰ পৰিধিৰ পৰা উলিয়াই আনি এক আকৰ্ষণীয় সামাজিক দায়িত্ববোধলৈ পৰ্যবসিত কৰিব পাৰিব লাগিব। য'ত সংকীৰ্ণ ধৰ্ম , অৰ্থনৈতিক অনগ্ৰসৰতা , জাতি , আঞ্চলিকতাবাদ , জাতিগত, ভাষাগত সংঘাত আদি দুৰ্বলতাকেন্দ্ৰিক ৰাজনীতিৰ কোনো স্থান নাথাকিব । প্ৰশ্ন হয় তেনেধৰণে সৰ্বসাধাৰণক ৰাজনীতিলৈ আকৃষ্ট কৰিব পৰা উপাদান কোনো ৰাজনৈতিক দলৰ মতাদৰ্শত দেখা পোৱাটো আজিৰ তাৰিখত সম্ভৱ নে ? আম আদমী পাৰ্টিৰ ঘোষণাপত্ৰৰ বিশদভাৱে অধ্যয়ণ কৰাৰ পিচত, স্বৰাজৰ সৰলীকৃত ব্যাখ্যা বুজি উঠি আৰু তাৰ প্ৰয়োগৰ সম্ভাৱনীয়তা ভাৰতবৰ্ষৰ পটভূমিত হৃদয়ংগম কৰি মই আজি এই কথা কব পাৰো যে নতুন প্ৰজন্ম তথা পৰিবৰ্তনকামী ৰাজনীতি বিচাৰি থকা যিকোনো ব্যক্তিকে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিবলৈ বেছি সময় নালাগিব । ইয়াৰ জলন্ত উদাহৰণ সদ্য সমাপ্ত দিল্লী বিধানসভা নিৰ্বাচন, য'ত সমাজৰ সকলো স্তৰৰ , সকলো ধৰ্মৰ, সকলো পেশাৰ , সকলো ঠাইৰ মানুহে সকলো ৰাজনৈতিক, সামাজিক তথা জাতিগত গণ্ডীৰ বাহিৰলৈ আহি পৰিবৰ্তিত ৰাজনীতিৰ ধাৰাত নিজক অনুৰাগেৰে সংযোগ কৰি নিজৰ ৰাজনৈতিক দায়িত্ববোধক স্পষ্টভাৱে দাঙি ধৰিছিল।

যদিও এতিয়া এই স্বৰাজকেন্দ্ৰিক নতুন ৰাজনীতিৰ বিকল্প তেনেই চালুকীয়া , তথাপিও পৰীক্ষণ আৰু প্ৰয়োগেৰে ইয়াক আৰু অধিক বাস্তৱসন্মত আৰু গতিশীল কৰিব পৰা যাব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰো। গৰিষ্ঠসংখ্যক জনসাধাৰণে এই বিকল্পিত ৰাজনীতিক কল্পনাপ্ৰৱণ আৰু অবাস্তৱ বুলি অভিহিত কৰিব খোজে। আচলতে যোৱা ৬৭ বছৰজোৰা জনবল , বাহুবল তথা বিভাজনকামী ৰাজনৈতিক ভাবধাৰাৰ সাক্ষী হৈ অহা নাগৰিকে আজিৰ তাৰিখত গতিশীল পৰিবৰ্তিত নতুন ৰাজনৈতিক ধাৰা এটাক সহজতে আকোৱালি লোৱাতো সম্ভৱ নহয়। এই ধাৰণাৰ পৰীক্ষণ, প্ৰয়োগ আৰু সফল কাৰ্যকৰীকৰণেহে ইয়াক সৰ্বসাধাৰণৰ কাষলৈ যাব যি ভাৰতীয় ৰাজনীতিক কদৰ্যতাৰ মাজৰ পৰা উদ্ধাৰ কৰি অনাত সহায় কৰিব। দেশৰ নাগৰিকৰ ৰাজনীতিত অংশগ্ৰহণৰ জড়তাক ভাঙি পেলোৱাত ই এক যুগান্তকাৰী ভূমিকা লব বুলি মই ভাবো। 

ভাৰতবৰ্ষৰ ভাগ্যক পুনৰবাৰ সঠিক ভাবে লেখিবৰ বাবে সৰ্বসাধাৰণৰ ৰাজনৈতিক জড়তা ভঙাটো আজিৰ তাৰিখত অত্যন্ত প্ৰয়োজন। মই আম আদমী পাৰ্টিৰ বিকল্পিত ৰাজনৈতিক ধাৰাত যথেষ্ট পৰিমাণে ধনাত্মক কম্পন অনুভৱ কৰিছো যি ভাৰতবৰ্ষৰ ৰাজনীতিত এক যুগান্তকাৰী প্ৰভাৱ পেলাব বুলি বিশ্বাস হয়। মাথো প্ৰয়োজন অনুৰাগৰ প্ৰচণ্ড প্ৰয়োগ , নিৰ্ভুল পৰিকল্পনা , দৃঢ়তা , সৃজনশীল ভাৱ , শূণ্য অহমিকাভাব , তথ্য-প্ৰযুক্তিৰ বিশাল প্ৰয়োগ আৰু গভীৰ তথা আন্তৰিক জনসংযোগ। সেই কাৰণেই বিনাদ্বিধাৰে মুকলিকৈ মই আম আদমী পাৰ্টিক সমৰ্থন কৰিছো।

------------------------
লেখক উষা চিয়াম পিএলচি সংস্থাত প্ৰৱন্ধক ৰূপে থাইলেণ্ডত কৰ্মৰত ।

No comments:

Post a Comment