মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাহিত্য সভাৰ সাৰ্থকতা 

দীপাংকৰ মল্ল বৰুৱা
অসম সাহিত্য সভা অসমৰ সৰ্ব-বৃহৎ জাতীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ জন্ম হৈছিল বাংলা ভাষাৰ আগ্ৰাসনৰ পৰা অসমত অসমীয়া ভাষা আৰু সংস্কৃতিক প্ৰতিস্থিত কৰাৰ মহান উদ্দেশ্যত। সাহিত্য সভাৰ অধিৱেষন সমূহ পৰৱৰ্তী সময়ত অসমৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত লোক সকলৰ মিলন স্থলীত পৰিণত হৈছে। এতিয়াও সাহিত্য সভাৰ প্ৰতি অসমৰ মানুহৰ মৰম, অনুৰাগ, শ্ৰদ্ধা আছে।

অকল অসমীয়া মাতৃভাষাৰ লোক সকলেই নহয়, অসমত বাস কৰা বিভিন্ন ভাষা, ধৰ্ম, জাতি জনগোষ্ঠীৰ লোক সকল, যিসকলে অসমীয়া ভাষা ভাল পায়, অসমীয়া সংস্কৃতিক শ্ৰদ্ধা কৰে, অসমীয়া ভাষাৰ চৰ্চা কৰে, সেই সকল লোকৰ বাবেও সাহিত্য সভা হ’ল এক মিলন সেতু। অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান এটাই অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষণাবেক্ষণ আৰু উত্তৰণৰ গুৰু দায়িত্ব মুৰ পাতি লোৱা উচিত। অসমীয়া ভাষা সংস্কৃতিক সকলো শ্ৰেণীৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ সাহিত্য সভাই ফলপ্ৰসূ কাৰ্যসূচী হাতত লোৱা উচিত। 

অসমত থকা অনা অসমীয়া লোক সকলে যাতে সহজেই অসমীয়া ভাষা শিকিব পাৰে, অসমীয়া গীত-মাত-কৃষ্টি-সংস্কৃতিৰ লগত পৰিচিত হয়, তাৰ বাবে সাহিত্য সভাই উদ্যম লোৱা উচিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত সাধুকথা, গীত, লোক-গাঁথা আদি অসমীয়া ভাষাত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব লাগে। 

অসমৰ বিভিন্ন অঞ্চলৰ লোক সংস্কৃতি, নৃত্য গীতক বৃহৎ অসমীয়া সংস্কৃতিৰ অংশ হিচাপে আকোঁৱালি লৈ বৃহৎ অসমীয়া জাতি গঠনত সাহিত্য সভাই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে। কেৱল বছৰি একোখন প্ৰদৰ্শন ধৰ্মী, উৎসৱ মুখৰ অধিৱেশন অনুস্থিত কৰাতেই সাহিত্য সভাৰ ভূমিকা শেষ হোৱা উচিত নহয়। 


অসম সাহিত্য সভা অসমৰ ন পুৰণি সকলো কবি সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মীক সমানে আকৰ্ষণ কৰিব পৰা অনুস্থান হিচাপে পৰিগণিত হ’ব লাগে। নতুন কবি – সাহিত্যিক সকলক সমাজৰ আগত পৰিচয় কৰি দিয়াৰ লগতে তেওঁলোকক নতুন উ
ৎকৃষ্ট সাহিত্য সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰাটোও সাহিত্য সভাৰ এক মহান কৰ্তব্য। অসমীয়া ভাষা সংস্কৃতিক ভাৰতৰ আন যিকোনো ভাষা সংস্কৃতিৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ প্ৰতিস্থিত কৰিব পৰাটোৱেই হব ভৱিষ্যতৰ বাটত সাহিত্য সভাৰ সাৰ্থকতা।

No comments:

Post a Comment