মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসম সাহিত্য সভা আৰু কিছু প্ৰত্যাশা
কৌস্তুভমণি শইকীয়া দত্ত
অসম সাহিত্য সভা গঠনৰ উদ্দেশ্য আছিল অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি তথা অসমৰ থলুৱা ভাষা-সাহিত্য, সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰি যোৱাটো । অসমবাসীৰ বৌদ্ধিক প্ৰমূল্য, আশা, সন্মানৰ সৈতে গাঢ় সম্পৰ্ক থকা এই অনুষ্ঠানটিৰ নাম শুনিলেই অসমীয়াৰ অন্তৰত আবেগৰ ঢৌ উঠে, অনুদানৰ প্ৰসংগ ওলালেই দান-বৰঙণিৰ জোৱাৰ আহে । এককথাত ক'বলৈ গ'লে অসমবাসীয়ে বিপুল আদৰ-হেঁপাহেৰে জীয়াই ৰাখিছে অসম সাহিত্য সভাক । 

সকলোৰে হৃদয়ৰ আশা - উজলি উঠক চিৰ চেনেহী ভাষা জননী, জগত সভালৈ যাওঁক অসমৰ সাহিত্য । অনুভৱ কৰিছো, এতিয়া যুগৰ কিছু আহ্বান আছে সাহিত্য সভাৰ সমূখত , যেনে-

- অসম সাহিত্য সভা কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ তথা সমগ্ৰ বিশ্বৰে এক সাংস্কৃতিক অগ্ৰদূত হওঁক, স্বয়ংসম্পূৰ্ণ বিপ্লৱ হওঁক ।

- অসম সাহিত্য সভাই নতুন লেখকক সাহস দিয়ক, সপোন দেখুৱাওক, চিন্তাৰ খোৰাক যোগাওক, প্ৰতিভা বিকাশৰ সুযোগ দিয়ক ।

- আন্তঃজালৰ বহল, দ্ৰুত আৰু মেধাৱী জগতখনৰ লগত জড়িত হৈ প্ৰসাৰিত হওঁক বিশ্বজুৰি ।

- মাহেকীয়া আলোচনী ( মুদ্ৰিত আৰু আন্তঃজালিক) প্ৰকাশৰ ব্যৱস্থা কৰক ।

- সংগীত আৰু সাহিত্যই জাতিৰ পৰিচয় শক্তিশালী কৰে । সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ বৰ্তমানৰ "বহিৰাগত প্ৰতিমূৰ্ত্তি" সৰ্বজনজ্ঞাত । শক্তিশালী সাহিত্যৰে আৰু অসমীয়া সাহিত্যক ইংৰাজীলৈ অনুবাদেৰে নিজক শক্তিশালী ৰূপত বিশ্বদৰবাৰত প্ৰতিস্থা কৰক ।

- সৰ্বভাৰতীয় পাঠ্যক্ৰমৰ শিক্ষা-ব্যৱস্থাত অসমৰ মনোৰঞ্জক সাধুকথাসমূহ আৰু সাহিত্য, লোকসংস্কৃতিৰ কথা অন্তৰ্ভূক্ত কৰাত আগ-ভাগ লওঁক ।

- নৱপ্ৰজন্মৰ মাজত আৰু বহিৰ্ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত অসমৰ থলুৱা সাহিত্য-সংস্কৃতিৰ কৰ্মশালাৰ আয়োজন কৰক ।

- সৰ্বোপৰি অসম সাহিত্য সভাৰ কাম-কাজৰ প্ৰতিটো খতিয়ান জনসাধাৰণৰ আগত নিৰ্মল আৰু স্পষ্ট হওঁক, যাতে অসমীয়াৰ হিয়াৰ আমঠু অসম সাহিত্য সভা সদায় সমালোচনাৰ ঊৰ্ধ্বত থাকে ।

No comments:

Post a Comment