মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাহিত্য সভাৰ পৰা আমি কি কি বিচাৰোঁ
ৰূপাংকৰ চৌধুৰী
অসম সাহিত্য সভাৰ ৭৩ সংখ্যক অধিৱেশনখন জাকজমকতাৰে কলিয়াবৰত চলি আছে। পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সভাপতিত্বত ১৯১৭চনৰ পৰা আৰম্ভ হোৱা সাহিত্য সভা অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান। সাতশৰো অধিক শাখা সাহিত্য সভা আৰু লাখ লাখ সদস্যৰে সংগঠিত এই অনুষ্ঠানটো এক কথাত ক'বলৈ গ'লে আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ অভিভাৱকৰ হিচাপে পৰিচিত হ'ব লাগিছিল। এক কথাত এসময়ত সেই সুকীয়া পৰিচয়ৰ ধ্বজাধাৰী আছিল এই অনুষ্ঠান। সেই বাবেই কিজানি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত কোনো লেখত ল'ব লগীয়া অৱদান নথকা সত্ত্বেও অসম সাহিত্য সভাক কোনেও সমালোচনা কৰিবলৈ সাহস কৰা নাছিল। কিয়নো সেই সময়ত সভাই নিজৰ প্ৰধান উদ্দেশ্য- অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত নিজৰ দায়িত্ব অতি নিয়াৰিকৈ পালন কৰিছিল। 

আজিৰ দিনত সভাৰ ভিতৰচ'ৰাত চলি থকা হাইউৰুমি আৰু বোকা দলিওৱা ৰাজনীতি তথা ক্ষমতাৰ লোভত কৰা নিকৃষ্টমানৰ উদ্ভণ্ডালিয়ে প্ৰতিজন অসমীয়া জাতি আৰু ভাষাক সন্মান কৰা ব্যক্তিক ভাবিবলৈ বাধ্য কৰিছে- পুনৰ ঘুৰি আহিব নে অসম সাহিত্য সভাৰ মজিয়াত সেই সোনালী সুদিন? পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, বানীকান্ত কাকতি, ছৈয়দ আব্দুল মালিক আদিয়ে বহুত কষ্ট কৰি এক উচ্চস্তৰলৈ লৈ যোৱা সভাৰ সেই গাম্ভীৰ্য্যতা আহিব নে ঘুৰাই? 

সাহিত্য সভাৰ স্বকীয়তা ঘুৰাই আনিবলৈ হ'লে সভাৰ সভাপতিজনকে আদি কৰি সকলো বিষয়ববীয়া তথা সকলো সদস্যই কেইটামান বিশেষ পদক্ষেপ লোৱা বাঞ্ছনীয়। সাহিত্য সভাৰ আন বিভিন্ন কাৰ্যসূচীৰ লগতে তলত উল্লেখ কৰা পদক্ষেপ কেইটা বিশেষ ভাৱে কাৰ্যকৰী কৰিলে অসমীয়া ভাষাৰ বিকাশৰ বাবে ফলপ্ৰসূ হ'ব বুলি আমি আশাবাদী। 

আজিৰ বিশ্বায়নৰ দিনত অসম সাহিত্য সভা আধুনিকীকৰণ হোৱাতো খুবেই প্ৰয়োজন। সময়ৰ লগত খাপ খুৱাই পৰিবৰ্তন হোৱাতো আবশ্যক। পৰিবৰ্তনৰ অৰ্থ এইটো নহয় যে সভাই নিজৰ মূল ভেটিৰ পৰা খহি পৰিব। অতি পৰিতাপৰ কথা যে আজিৰ তাৰিখত সভাৰ এটা সক্ৰিয় ৱেবছাইট নাই। ৰাজ্যৰ বাহিৰত থকা অসমীয়াসকলৰ লগত এক মজবুত যোগসূত্ৰ গঢ়ি তোলাৰ স্বাৰ্থতে সাহিত্য সভাৰ এটা নিজা ৱেবছাইট নথকাটো অতি দুখৰ কথা। আচলতে এখোজ আগুৱাই অসম সাহিত্য সভাই অনলাইন সদস্য ভৰ্তিৰ নিচিনা কাৰ্যসূচী হাতত ল'ব লাগে। এনেকুৱা কৰিলে আন বহুতো কথাই স্বচ্ছ হ'ব আৰু সভাৰ দিনক দিনে অধোগমন কৰা জনপ্ৰিয়তা ঘুৰাই অনাত সহায়ক হ'ব। 

জিলাই জিলাই থকা সাহিত্য সভাৰ শাখা সাহিত্য সভা সমূহৰ দৰেই এক নতুন শাখা খুলিব লাগে- অসম সাহিত্য সভাৰ ইউনিক'ড শাখা। পেচাগত তথা আন বিভিন্ন কাৰণত বহুতেই অসমীয়া ভাষাত চৰ্চা কৰাত বাধাৰ সন্মুখীন হৈছিল। যাৰ বাবে সেইসকল লোকে নিজৰ মনত বহুত ইচ্ছা থকা সত্ত্বেও চৰ্চা কৰিব পৰা নাছিল। কিন্তু যেতিয়াৰ পৰাই ইউনিক'ডৰ সহায়ত কম্পিউটাৰত অসমীয়া লিখিব পৰা হ'ল তেতিয়াই সেই সকল লোকৰ বাবে এখন নতুন পৃথিৱীৰ দুৱাৰ মুকলি হ'ল। মনৰ ভিতৰত উচপিচাই থকা অসমীয়া ভাষাত নিজৰ সাহিত্য চৰ্চাক এক নতুন মাত্ৰা দিয়াৰ হেঁপাহ বহুতৰে পুৰ হ'ল। বহুতৰে মনত এক শংকাবোধ জাগিছিল- বিশ্বায়নৰ দিনত কম্পিউটাৰৰ আগ্ৰাসনে অসমীয়া ভাষা সাহিত্য চৰ্চাৰ বাবে এক প্ৰত্যাহ্বানৰূপে চিহ্নিত হ'ব। কিন্তু ইউনিক'ডৰ সহায়ত অসমীয়াত লিখিব পৰা হোৱাৰ বাবে সেই প্ৰতিবন্ধকতা নিৰ্মূল হ'ল। 

লক্ষ্মীনাথ বেজবৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, ভবেন্দ্ৰনাথ শইকীয়া আদিয়ে তেওঁলোকৰ আন-আন লিখনিৰ লগতে শিশু সাহিত্য চৰ্চাৰ দ্বাৰা অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছিল। আজিৰ সময়ত শিশু সাহিত্যৰ চৰ্চা তাকৰীয়া। যাৰ বাবে আজিৰ প্ৰজন্মৰ শিশু সকলে অসমীয়াক বাদ দি ইংৰাজী বা হিন্দী শিশু উপন্যাস, গল্প, লিখনি আদিৰ প্ৰতি আকৃষ্ট হোৱাতো পৰিলক্ষিত হৈছে। অভিভাৱক সকলেও তেওঁলোকৰ শিশুক অসমীয়া সাহিত্যৰ লগত চিনাকী কৰাই দিবলৈ এতিয়াও উল্লেখিত স্বনামধন্য সাহিত্যিক সকলৰ লিখনিৰে আশ্ৰয় ল'ব লগা হৈছে। মৌচাক, সঁফুৰা আদি কৰি কেইখনমান আলোচনীয়ে আগবঢ়াই যোৱা শিশু সাহিত্য চৰ্চাৰ আন্দোলনত সাহিত্য সভাই সক্ৰিয়তাৰে যোগদান কৰাতো সময়ৰ আহ্বান। আজিৰ প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ চৰ্চা কমি গ'লে অনাগত দিনত ভাষাৰ চৰ্চা আৰু বিকাশ যে সম্পূৰ্ণৰূপে বিধবস্ত হ'ব সেয়া অপ্ৰিয় সত্য। অসমীয়া ভাষাৰ ভৱিষ্যতৰ স্বাৰ্থত এক বিশেষ আঁচনি হাতত লৈ শিশু সাহিত্যৰ বিকাশৰ বাবে অসম সাহিত্য সভাই হাত উজান দিয়াটো অসমীয়া ভাষাপ্ৰেমী প্ৰত্যেকেই কামনা কৰে।

অসম সাহিত্য সভাই সমগ্ৰ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰে। বৃহত্তৰ অসমীয়া জাতি গঠনত বড়ো, কাৰ্বি, ৰাভা, মিচিং, তিৱা আদি বিভিন্ন জনগোষ্ঠীৰ এক বৃহৎ অৱদান আছে। ঠিক তেনেদৰেই এই বিভিন্ন জনগোষ্ঠীয় ভাষা সমূহৰ স্বকীয়তা অব্যাহত ৰখাৰ যাত্ৰাত সঠিক পথ দেখুওৱাৰ দায়িত্বও ল'ব লাগিব অসম সাহিত্য সভাই। আজি এই জনগোষ্ঠীয় লোক সমূহে নিজ নিজ জনগোষ্ঠিয় ভাষা থকা সত্ত্বেও গৰ্বৰে অসমীয়া ভাষাক নিজৰ মাতৃভাষা বুলি চিনাকি দি বৰ অসম গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই সকলো জনগোষ্ঠীয় ভাষা সমূহৰ বিকাশত জাতিটোৰ মুখীয়া হিচাপে অসম সাহিত্য সভাই পথ প্ৰদৰ্শক হ'ব লাগিব তথা লগত লৈ আগবাঢ়িব লাগিব। পুৰণি ভুলৰ পৰা সাহিত্য সভাই শিক্ষা ল'ব লাগিব। এসময়ত আন বিভিন্ন কাৰকৰ লগতে অসম সাহিত্য সভাৰ কিছুমান সংকীৰ্ণ কৰ্মপন্থাৰ বাবেই সাতভনীৰ আন ৰাজ্যৰ বাসিন্দা সকলে অসমীয়া ভাষাক আঁকোৱালি লোৱাৰ পৰা আঁতৰি গৈছে। সেয়েহে অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থতে সকলো জনগোষ্ঠীয় ভাষাক উচিত মৰ্যদা দিব লাগিব। 

বাস্তবক্ষেত্ৰত প্ৰয়োজনীয় এই দাবীবোৰ প্ৰত্যাখ্যান কৰা কাণ্ডাৰী সভাৰ ভিতৰচ'ৰাত বহুত ওলাব। কিন্তু আমি আশাবাদী যে ডাঃ ধ্ৰুবজ্যোতি বৰা দেৱৰ নেতৃত্বত অসম সাহিত্য সভাই সুদূৰপ্ৰসাৰী কিছুমান গঠনমূলক সিদ্ধান্ত ল'ব। অসম সাহিত্য সভাক আমি অনুৰোধ জনাওঁ যে ভাষাটোৰ চৰ্চা আৰু যোগাত্মক বিকাশৰ বাবে ওপৰত উল্লেখ কৰা পন্থা কেইটা কাৰ্যকৰী কৰে।

No comments:

Post a Comment