ৰসাল ডায়েৰী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গঁড়ৰ খৰ্গ বনাম বাইক ৰেলী
প্ৰতিভূ দত্ত

(১)
এজনৰ মতে সুৰক্ষা আন এজনৰ মতে সংৰক্ষণ ৷মানে তেওঁ এশিঙীয়া গঁড়ৰ কথা কৈছে। মানে শেষ কৰিব নোৱাৰাকৈ সুৰক্ষা দিব লাগে নে, থকা কেইটা দৰৱত দিব পৰাকৈ সংৰক্ষণ কৰিব লাগে!
নিউজ লাইভত দেখুৱাই আছে, ‘‘সৌৱা এনফিল্ডবোৰ সজাই থোৱা হৈছে ৷ অলপ পিছতে এনফিল্ডবোৰেৰে গোটেই গুৱাহাটীতে ৰেলী কৰি কেম্পেইন কৰিব ৷ গঁড় সুৰক্ষাৰ সজাগতা গঢ়ি তুলিব ৷’’

সঁচাকেয়ে গঢ়ি উঠিব নে ?
সঁচাকৈয়ে গঢ়ি উঠে নে ?
গুৱাহাটী মহানগৰীত কৰা ‘এনফিল্ড ৰেলি’য়ে যদি গঁড়ৰ সুৰক্ষা প্ৰদান কৰিব পাৰে / সংৰক্ষণ কৰিব পৰা যায় ময়ো এনে ৰেলীত যোগ দিবলৈ ইচ্ছা প্ৰকাশ কৰিছো। ইচ্ছা প্ৰকাশ নহয় অংশ গ্ৰহণেই কৰিম ৷

এই বাইক ৰেলীয়ে বাৰু গঁড়ৰ চিকাৰীকেইজনক কেনেকৈ প্ৰভাৱিত কৰে ?
এই বাইক ৰেলীয়ে বাৰু গঁড়ৰ খৰ্গ কিনোতাজনক কেনেকৈ প্ৰভাৱিত কৰে ?
এই বাইক ৰেলীয়ে বাৰু গঁড়ৰ খৰ্গৰ চীনদেশত থকা গ্ৰাহক কেইজনকৈ কেনেকৈ প্ৰভাৱিত কৰে ?
দৰৱত যে দিয়ে সঁচাই সেই দৰৱে কাম কৰেনে...

কথাবোৰ জানিবৰ বৰকৈ মন আছিল !....

(২)

এনেয়ে বন্ধু এজনে মোক কৰা প্ৰশ্ন এটা মনলৈ আহিছে
‘‘তই ইন্টাৰনেট ব্যৱহাৰ কৰিব জান ৷ তোৰ লিংক আছে ৷ ধৰ তোৰ হাতত এটা গড়ৰ খৰ্গ আহি পৰিল ৷ তই সেইটো বেছিব পাৰিবি ?’’
মোৰ খং উঠি গ’ল ৷
‘‘কি ফাল্টু কথা কৈছ অ ? মোৰ হাতলৈ গড়ৰ খৰ্গ কিয় আহিব ? মই কিয় বিক্ৰী কৰিম ?’’
বন্ধুৱে বুজালে, ‘‘ধেই সুধিছো হে কিবা ! ধৰি লয় তই বেয়া মানুহ ৷ ভাল বেয়াৰ কথা বাদ দে ৷ বিক্ৰী কৰিব পাৰিবি নে নাই ? মনত ৰাখিবি গড়ৰ খৰ্গৰ মাৰ্কেট চীন দেশত আছে ৷’’
মই লগে লগে গুগুল কৰিবলৈ আৰম্ভ কৰিলো ৷ কেনেবাকৈ কিবা সুৰুঙা কিবা লিংক দেখা পাওঁ নেকি বুলি ৷ একো নাপালো ৷ 
‘‘অলপ সময় লাগিব ৷ বিচাৰি পাম চাগৈ ৷’’, মই ক'লো ৷
বন্ধুৱে কলে, ‘‘এটা কথা মনত ৰাখিবি ED, IB, SIB আৰু কিমানে এই গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰী নেটৱৰ্কৰ ওপৰত চকু মাৰি থাকে ৷ গতিকে তই সাৱধানে কাম কৰিব লাগিব ৷ তই কোনো সন্দেহযুক্ত লিংকত ক্লিক কৰাৰ লগে লগে তোৰ IP Address তেওঁলোকৰ চকুলৈ আহি যাব ৷’’
মই লগে লগে লেপটপটো বন্ধ কৰিলো ৷ 
‘‘উফ্ ক’তো ক্লিক কৰা নাছিলো ৷ তই কোৱা নাছিলি কিয় আগতে ?’’, মোৰ খং উঠি গ’ল ৷
বন্ধুৰ প্ৰশ্ন, ‘‘পাৰিবি নে নাই ক ?’’
মই হাত দাঙি দিলো,‘‘নোৱাৰিম !’’

বন্ধুৱে প্ৰশ্ন কৰিলে,‘‘তই মোক কথা এটা ক ৷ এই যে কাজিৰঙা বা ওৰাঙত চোৰাং চিকাৰীয়ে গুলিয়াই গঁড় মাৰি খৰ্গ কাটি নিয়ে সেই চিকাৰীবোৰ কেনেকুৱা স্তৰৰ মানুহ জাননে ? একেবাৰে অশিক্ষিত ৷ দুটামানে সেইফালে জখলাবন্ধা, এইফালে নিমাতী, সিফালে দেওথৰৰ সিপাৰে একোকে দেখা নাই ৷ তেওঁলোকে কেনেকৈ চীন দেশত গড়ৰ খৰ্গ বিক্ৰী কৰে ? চাইনীজ কেইটা অসমলৈ আহে নে সিহঁত চীন দেশলৈ যায় ?’’
চিন্তাত পৰিলো ৷ ‘‘কেনেকৈ কৰে ?’’, মই প্ৰশ্ন কৰিলো ৷
বন্ধুৰ মুখত ৰহস্যজনক হাঁহি ৷ গম পালো সি উত্তৰটো জানিবও পাৰে ৷
সেই উত্তৰ নিদিয়াকৈ বন্ধুৱে চিগাৰেট এটা জ্বলালে ৷

তাৰ পিছত আমি ব্যস্তহৈ পৰিলো স্কটলেন্ডৰ পৰা অনা ২ লিটাৰৰ বটলটোৰ সৈতে ৷ প্ৰশ্নটোৰ উত্তৰ আজিও নাজানো ৷ আজি জুমলা পাৰ্টিয়ে গড় সুৰক্ষাৰ নাম চলোৱা বুলেট ৰেলিৰ কথা শুনি মনত পৰি গ’ল৷

No comments:

Post a Comment