Friday, February 20, 2015

পৰ্যালোচনা

ৰাজনীতিৰ চেৰেকীপাকত অসম চুক্তি 

প্ৰশান্ত কুমাৰ দত্ত
স্বাধীনতা দিৱস মানেই অসমত এটা বিষয়ত চৰ্চ্চা আৰু আস্ফালনৰ অন্ত নাই । “অসম-চুক্তি”, অসমৰ পৰা বিদেশী বহিস্কাৰ কৰাৰ লগতে জাতিটোৰ অস্তিত্ব ৰক্ষাৰ্থে স্বাক্ষৰিত অসম চুক্তিয়ে এইবাৰ ৩০ বছৰ সম্পূৰ্ণ কৰিব। এটা জাতিৰ সামাজিক জীৱনৰ বাবে এই সময়চোৱা কম সময় নহয়। এফালৰ পৰা চাবলৈ গলে এই চুক্তিখনেই প্ৰকৃতাৰ্থত আঁসোৱাপূৰ্ণ আছিল যেন বোধ হয়! কিয়নো চুক্তি স্বাক্ষৰ কৰিবলৈ যোৱা সঁজাতি দলটোৰ পৰা থানেশ্বৰ বৰা আৰু পবিন্দ্ৰ ডেকা দুয়োজন নেতাই চুক্তিখন সমৰ্থন নজনাই পুনৰ গুৱাহাটীলৈ ঘূৰি অহা কাহিনী এটাও আছে, বিষয়তো আমাৰ সাংবাদিক জীৱনতে অৱগত কৰিছিল বৰ্তমান অসম গণ-পৰিষদ দলৰ পৰা বি.জে.পিলৈ অহা জেষ্ঠ অতুল বৰাই।

যি কি নহওক কিন্তু বাস্তৱ ক্ষেত্ৰত চুক্তিখন যে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো পথ মুকলি নাছিলেই। মূলতঃ আই.এম.ডি.টি আইনখনে এই প্ৰতিৱন্ধকতা আনি দিছিল । যি সময়ত বিদেশী অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বিতাড়ন হৱ লাগিছিল সেই সময়ত এই আইনখনে অনুপ্ৰৱেশকাৰীৰ বাবে সুৰক্ষা কবচ স্বৰুপ হৈ পৰিল। যাৰ গইনালৈ পাছৰ সময়চোৱাতো বছৰি হাজাৰ হাজাৰ বাংলাদেশী আমাৰ ৰাজ্যখনত অবৈধ অনুপ্ৰবেশ ঘটিল। যদিও ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অনুপ্ৰবেশ কৰা সকলক চিনাক্ত কৰি বহিস্কাৰ কৰা কথা ঘোষণা কৰা হৈছিল কিন্তু দুখৰ বিষয় যে ইয়াৰ পাছতো লাখ লাখ বাংলাদেশী অনুপ্ৰবেশকাৰী আগমন ঘটিল আৰু শাসনৰ বাঘজৰী ধৰি থকা চৰকাৰখনে নিধিৰাম চৰ্দাৰহৈ হাত সাবতি ঘূমোটিয়াই থাকোতেই দশকৰ পাছত দশক পাৰ হৈ গ’ল । কেৱল সেয়াই নহয় উন্মুক্ত সীমান্তইদি আমাৰ ৰাজ্যখন অশান্তজৰ্জৰ কৰিব বাবে আই.এছ্.আই. এজেন্ট প্ৰৱেশ কৰাৰো দৃষ্টান্ত পোহৰলৈ আহিছিল। এতিয়াও চকু মুদা কুলি ভাওঁলৈ সৰ্বভাৰতীয়, আঞ্চলিক ৰাজনৈতিক নেতাই অবৈধ অনুপ্ৰবেশকাৰীক ভোটবেংকৰ স্বাৰ্থত যে "নপঢ়ি কেৱল ঠগীত সজাই ৰখা কীৰ্তনত" পৰিণত  হৈছে অসম চুক্তি সেই কথাও সৰ্বজনবিদিত।

এসময়ৰ ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ গঠনলৈ যদি মন কৰা যায় পোনচাতে দেখা পাওঁ ক্ষমতালোভ আৰু আবেগৰ মাজত সীমাবদ্ধ থকা দলটোৰ নেতাসকলে চুক্তিখন কাৰ্যকৰীকৰণত কোনোধৰণৰ গুৰুত্ব নিদিলে । এই কথা প্ৰমান কৰে দলটোৰ প্ৰথম পাঁচ বছৰীয়া শাসনকালেই । যাৰ পৰিণতিত দ্বিতীয় নিৰ্বাচনত দলটোৱে মুখ-থেকেচা খাব লগা হ’ল । পুনৰ অসম গণ পৰিষদ শাসনলৈ আহিল আৰু কেলেঙ্কাৰী, দুনীতি, গুপ্তহত্যাৰে জড়িত হৈ অসম চুক্তিৰ কথা ভাবিবলৈ তেওঁলোকৰ সময় নহ’ল । অৱশ্যে এটা কথা স্বীকাৰ কৰিবই লাগিব অসম চুক্তি বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা কোনোকালে আশাপ্ৰদ ভাৱে দেখিবলৈ পোৱা নাই। যাৰ বাবে আজি ডেৰকুৰি বছৰ হোৱা চুক্তিখনে কেৱল বিফলতাৰ মুখহে দেখিব লগা হৈছে। ৰাজ্যখনৰ জনগাঁথনিত বিশৃঙ্খলতা ঘটোৱা অনুপ্ৰবেশকাৰীৰ সমস্যাই এতিয়া এনে এক পৰ্যায় আহি পালেহি যে বিষয়টোৱে জুই আহি হাত পুৰাৰ সময়তো গুৰুত্ব নাপালে।

বৰ্তমানৰ কথালৈ নাযাৱেও বাৰু, ২০০১ চনৰ পিয়লৰ মতেF অসমৰ মুঠ জনসংখ্যা ২,৬৬,৫৫,৫২৮ জন । ১৯৯১ চনৰ পূৰ্ণ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা আছিল ২,২৪,১৪,৩২২ জন । দশকীয় বৃদ্ধিৰ হাৰ আছিল ১৯৮১- ৯১ দশকত ২৪.২৪ শতাংশ ১৯৯১-২০০১ দশকত ১৮.৮৪ শতাংশ আৰু ২০১১ চনত ১৭.০৭ শতাংশ । ৯১ পিয়লত ধৰ্মীয় দৃষ্টিত ২,২৪,১৪,৩২২ জনৰ ভিতৰত ইছলামধৰ্মীয় আছিল ৬৩,৭৪০০০ (২৮.৪৩শতাংশ)ইয়াৰে ৭১ৰ লোকপিয়লৰ ভিত্তি কৰিলে কিমান অসমীয়াভাষী মুছলমান হব পাৰে সন্দেহ আছে । বহু এনেলোক আছে নিৰাপত্তা স্বাৰ্থতহে নিজকে অসমীয়াভাষী বুলি পৰিচয় দিয়ে । কেতিয়াবা এনে লাগে যেন অসম আন্দোলনৰ পাছ্ত অসমৰ চৰ-চাপৰি আদিত অবৈধ অনুপ্ৰবেশকাৰী বৃদ্ধি হ’ল । আনহে নালাগে অসমৰ মানচিত্ৰ শুৱনি কৰি ৰখা কাজিৰঙালৈ যদি মন কৰা য়ায়- ক’ৰ পৰা আহিল গাওঁবোৰ... সেয়া অ.গ্.পই হওঁক বৰ্তমানৰ চৰকাৰে হওঁক তালৈ কাৰো চকু দিবলৈ আহৰি নাই, কিয়নো ভোট বেংকৰ ৰাজনীতৰ ভূতটোৱে তেওঁলোকক গ্ৰাস কৰি আছে ।

অসম চুক্তিৰ দহ নং দফাত উল্লেখিত জনজাতি বেল্ট-ব্লক সমূহ সংৰক্ষণ আৰু বেআইনী বেদখলকাৰীসকলৰ পৰা মুক্ত কৰাৰ যি কথা আছিল তাৰ কিবা কৰ্যকৰী ব্যবস্থা হ’ল, এইবোৰ বিষয়ত গুৰুত্ব দিবলৈ কোনো এটা দলৰে চৰকাৰৰ নীতি-নিৰ্দ্দেশনা নাই। এন.আৰ.চি উন্নীতকৰণ, অসমতো আধাৰ কাৰ্ডৰ দৰে উন্নত পৰিচয় পত্ৰৰ ব্যৱস্থা, সীমা চীল কৰা বিষয়বোৰ কেতিয়া বাস্তৱায়িত হব, কেতিয়া অসমীয়া মানুহক আশ্বস্ত কৰিব সেয়া আজিৰ সময়ৰ এক জটিল প্ৰশ্নই।

No comments:

Post a Comment