জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো…
প্ৰতিম প্ৰতাপ বৰুৱা

“You say you want to die for love, but you know nothing about dying and you know nothing about love.” 
– Hector, Prince of Troy (Troy নামৰ ফিল্মখনৰ পৰা)

ভেলেন্টাইন্‌ছ্‌ ডে – প্ৰেমৰ নামত, প্ৰেমৰ বাবে এটা দিন। এই দিনটো/দিৱসটো আমাৰ অসমীয়া সমাজ-জীৱনলৈ কেনেকৈ আহিল, কোনোবাই নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বঢ়াবলৈহে এই দিৱসটো বা এনে ধৰণৰ দিৱসবোৰ বুদ্ধিৰে গোটেই পৃথিৱীতে বিয়পাই দিছে নেকি, এই দিৱসটো আমাৰ অসমীয়া/ভাৰতীয় সমাজত খাপ খায় নে নাখায়, বহুতে দাৱী কৰাৰ দৰে এই দিৱসটো নিষিদ্ধ কৰিব লাগে নে নালাগে, যদি লাগে কিয় লাগে আৰু যদি নালাগে কিয় নালাগে – আদি প্ৰশ্নবোৰ চিন্তা কৰাৰ আৰু তাৰ উত্তৰ বিচৰাৰ উদ্দেশ্যে এই ৰচনা লিখা হোৱা নাই। আমি প্ৰেমৰ বিষয়েহে কিছু কথা লিখিব খুজিছো আৰু আমি বিশ্বাস কৰো যে যেনেকৈ বন্ধুসকলৰ মাজত প্ৰতিটো দিনেই বন্ধুত্বৰ দিৱস, তেনেকৈ প্ৰেমাস্পদৰ ওচৰত প্ৰতিটো দিনেই প্ৰেমৰ দিন। 

প্ৰেমনো কি? এই প্ৰশ্নটো কাৰোবাক সুধিলে বা গুগুলত টাইপ কৰিলে ইয়াৰ যিমানখিনি উত্তৰ পোৱা যায় সেইখিনি শুনাৰ/পঢ়াৰ ধৈৰ্য্য কাৰ কাৰ আছে মই নাজানো, মোৰ হ'লে নাই। মই আবেগিক বা ৰোমান্টিক মানুহ নহয় বুলিও মই নিজেই জানো। কিন্তু তাৰ পিছতো প্ৰেমক লৈ মোৰ নিজা পৰিস্কাৰ ধাৰণা আছে আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবো কাৰণ মোৰ জীৱনলৈ প্ৰেম মই বিছৰা ধৰণেই আহিছিল, আৰু নিজে বিচৰা ধৰণেই প্ৰেম মোৰ জীৱনত আছে। হয়, ময়ো এজন প্ৰেমিক। মই জীৱনৰ, পৃথিবীৰ, মানৱতাৰ, আৰু “তোমাৰ“ প্ৰেমিক। 

প্ৰেম মানে মই কি বুজো? 
“মই তোমাক ভালপাওঁ। তোমাক নাপালে মই মৰি যাম।“ – এয়াই প্ৰেম নেকি? আৰু প্ৰেমত/মিলনত বিফল হৈ বা প্ৰেমৰ কাৰণে আত্মহত্যা পৰ্য্যন্ত কৰাটোক কি বুলি কোৱা যায়? একেসময়তে প্ৰেমত বিফল হৈ (অথবা প্ৰেম নিবেদন কৰি বিফল হৈ) সেই নাৰীগৰাকীক এচিদেৰে আক্ৰমণ কৰা বা সুযোগ উলিয়াই ধৰ্ষণ কৰা, প্ৰেমৰ নামত প্ৰতাৰণা কৰি প্ৰেমিকজনৰ বা প্ৰেমিকাগৰাকীৰ পৰা সৰ্বস্ব আদায় কৰি লোৱা আদি কামবোৰক কি বুলি কোৱা যায়? এইবোৰ কাম কৰিব পৰা মানুহবোৰ প্ৰেমিক/প্ৰেমিকা কেনেকৈ হ’ল? তেওঁলোক প্ৰেমিক বা প্ৰেমিকা নহয়। তেওঁলোকে প্ৰেমৰ অৰ্থ নাজানে। 

“জীৱন ধাৰণৰ বাবে মানুহৰ যিখিনি শাৰীৰিক, আৰ্থিক, বৌদ্ধিক, জৈৱিক আদি প্ৰয়োজনীয়তা আছে/থাকে, সেই সকলোখিনি প্ৰয়োজনীতা সম্পূৰ্ণ হৈ যোৱাৰ পিছতো বা সেই প্ৰয়োজনীয়তাখিনি অস্বীকাৰ কৰাৰ পিছতো আমাৰ হৃদয়ত যদি খালী ঠাই ৰৈ গৈছে, তেন্তে সেই খালী ঠাইখিনি যিয়ে পুৰণ কৰিব পাৰে সেয়াই প্ৰেম।“ – প্ৰেম সম্বন্ধে কোনোবাই কোৱা এই কথাখিনি মই মানি লওঁ। তেনে প্ৰেম মই দেখিছো। অকল দেখাই নহয়, তেনে প্ৰেম মই অনুভৱো কৰিছো। তেনে প্ৰেমৰ প্ৰাপ্তি হৈছে মোৰ জীৱনত। 

মই দেখা তেনে প্ৰেমৰ এটা সৰু উদাহৰণ দিছো। দিল্লীত ইমানবছৰ থকাৰ পিছতো দিল্লীৰ সৰহখিনি বাট-পথ আজিলৈকে ভালকৈ চিনি নাপালো। গুগুল মেপখন উলিয়াই লৈ গাড়ী চলালেও ভুল হয়। ক’ৰবালৈ গৈ আছো বা ক’ৰবাৰপৰা উভতি আহি আছো - মই উঠিব লাগে এখন মেট্ৰত, ভুল কৰি উঠি দিওঁ ওলোটা ফালে যোৱা মেট্ৰখনত। পিছত ভুলটো ধৰিব পাৰি নিজৰ ওচৰতে লাজ পাওঁ। এবাৰ তেনেকৈয়ে ভুল কৰি মেট্ৰ’ এখনত উঠি যাবলগীয়া দিশৰ ওলোটা দিশে গৈ আছো। গধুলি প্ৰায় ৭ মান বাজিছে। অলপ দূৰ গৈয়ে ভুলটো বুজিব পাৰিলো। তৎক্ষণাত পিছৰ ষ্টেচনটোত নামি দিলো। মই যাবলগীয়া মেট্ৰখনৰ বাবে বাট চাইছো। তেনেতে দূৰত দেখিলো এহাল বৃদ্ধ-বৃদ্ধা। প্লেটফৰ্মৰ যাত্ৰী বহিব পৰা ঠাইত দুয়ো বহি আছে। একো নভবাকৈ এনেয়ে তেওঁলোকৰ ওচৰ চাপি গ’লো। দেখিলো তেওঁলোকৰ ওচৰত দুটা সৰু সৰু বেগ। মেট্ৰখন আহিল। মই উঠিলো, একেটা বগিতে তেওঁলোকো উঠিল। মেট্ৰৰ ভিতৰত কাৰ্য্যালয়ৰ পৰা উভতি অহা ভাগৰুৱা মানুহৰ ভীৰ, বিৰক্তিকৰ মাত-কথা। (আজিকালি মোবাইল ফোনবোৰে এনে পৰিৱেশবোৰ আৰু বেছি বিৰক্তিকৰ কৰি তোলে।) বৃদ্ধাই ইফালে-সিফালে চালে। কোনেও বৃদ্ধাৰ বাবে নিজৰ আসনখন এৰি দিয়াৰ লক্ষণ দেখা নগ’ল। বেগ দুটা কাষতে লৈ বৃদ্ধাই ডবাটোৰ খুটা এটাৰ কাষতে মজিয়াখনতে বহি দিলে। বৃদ্ধই কাষতে একেটা খুটাত ধৰি থিয় হৈ ৰ’ল। মাজে মাজে বৃদ্ধাই বৃদ্ধলৈ চায়, দুয়ো চকুৱে-চকুৱে পৰে। বৃদ্ধাই নিজৰ ওৰণিখন ঠিক-ঠাক কৰি লয়। দুটামান ষ্টেচনৰ পিছত তেওঁলোকৰ নামিবৰ হ’ল। বৃদ্ধই এটা বেগ কান্ধত ওলোমাই লৈ বৃদ্ধাক কিবা এটা ক’লে। বৃদ্ধা বহাৰ পৰা উঠিল আৰু এখন হাতেৰে এটা বেগ তুলি লৈ ইখন হাতেৰে বৃদ্ধৰ এখন হাত খামুচি ধৰিলে। মেট্ৰখন ৰ’ল, দুয়ো হাতত ধৰা-ধৰিকৈ নামি গ’ল। মেট্ৰখন পুনৰ চলিল, দুয়ো তেতিয়াও হাতত ধৰা-ধৰিকৈয়ে প্লেটফৰ্মখনত খোজ কাঢ়ি আছিল। যিমানকণ সময় পৰা যায় সেই গোটেইখিনি সময় মই মেট্ৰখনৰ খিৰিকীয়েদি তেওঁলোক দুয়ো হাতত ধৰা-ধৰিকৈ খোজ কাঢ়ি গৈ থকা এই দৃশ্যটো চাই থাকিলো। প্ৰেমৰ দৃশ্য এনেকুৱাই। তেওঁলোকলৈ চাই চাই মই ভাবিলো মাজে মাজে এনেকৈয়ে ভুল মেট্ৰত উঠি দিয়া ভাল।

“মই তোমাক ভালপাওঁ।“ এই তিনিটা শব্দ মনলৈ আহিলেই একে সময়তে এজন মানুহৰ পৰা শুনা এটা পৌৰাণিক আখ্যানো মোৰ মনলৈ আহে। মই ধৰ্ম-ঈশ্বৰবিশ্বাসতকৈ মানৱতাবাদতহে বিশ্বাসী আৰু মোৰ বাবে মানৱতাই শ্ৰেষ্ঠ ধৰ্ম আৰু প্ৰেমেই ইশ্বৰ। কিন্তু প্ৰেমৰ ক্ষেত্ৰত মই ৰাধা-কৃষ্ণৰ সেই আখ্যানটোকেই সৰ্বশ্ৰেষ্ঠ বুলি বিশ্বাস কৰো। আখ্যানটো এনে ধৰণৰ - এবাৰ বৃন্দাবনত কেইজনমান গোপবালকে গৰু চৰাবলৈ গৈ খেলি আছিল। অলপ পিছত তেওঁলোকে মন কৰিলে যে কৃষ্ণ তেওঁলোকৰ মাজত নাই। ক’ত গ’ল কৃষ্ণ? গোটেইকেইজনে কৃষ্ণক বিচাৰি ওলাল। বিচাৰি বিচাৰি তেওঁলোকে কৃষ্ণক যমুনা নদীৰ পাৰৰ এঠাইত অকলে অকলে থিয় হৈ থকা পালেগৈ। কৃষ্ণৰ ওচৰ চাপি তেওঁলোকে ক’লে – “আৰে কৃষ্ণ! তুমি ইয়াত এই ভৰ দুপৰীয়া, ইমান গৰমত অকলে অকলে ৰ’দত এনেকৈ থিয় হৈ কি কৰি আছা? ইয়াৰপৰা যাওঁ ব’লা।” কৃষ্ণই তেওঁলোকক উত্তৰ দিলে – “মই ইয়াত এটা কাম কৰি আছো। তোমালোক যোৱা। আৰু ঘৰলৈ গৈ মোৰ মাতৃক ক’বাগৈ যে মই আজি দেৰীকৈ, বেলি ডুবাৰ পিছতহে ঘৰলৈ যাম।“ কৃষ্ণক বন্ধুকেইজনে বুজাবলৈ চেষ্টা কৰিছিল, ভৰদুপৰীয়া ৰ’দত তেনেকৈ থিয় হৈ থাকিবলৈ মানা কৰিছিল, কিন্তু কৃষ্ণই কাৰোৰে কথালৈ ভ্ৰুক্ষেপ নকৰি তেনেকৈয়ে থিয় হৈ থাকিল। উপায়হীন হৈ কৃষ্ণৰ কথামতে গোপবালককেইজন গুচি আহিল। কৃষ্ণই সেইদিনা ভৰদুপৰীয়া ৰ’দত যমুনাৰ পাৰত তেনেকৈ কিয় থিয় হৈ কি কৰি আছিল? কৃষ্ণই সেইদিনা যমুনাৰ বালিত ৰাধাৰ খোজৰ চিন এটা পাইছিল। সেই চিনটোত ভৰ দুপৰীয়াৰ ৰ’দ পৰি আছিল। কৃষ্ণই নিজৰ গাটোৰে সূৰ্য্যক আঁৰ কৰি ৰাধাৰ সেই খোজৰ চিনটোত ছাঁ দি আছিল। এয়াই প্ৰেম। 

মই যদি কোনোবা নদীৰ পাৰৰ বালিত “তোমাৰ” খোজৰ চিন এটা বিচাৰি পাওঁ তেন্তে ময়ো সেই চিনটোত নিজৰ গাটোৰে ছাঁ দি থাকিম।

-------------------------------
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌, ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment