প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মূল্যবোধৰ অৱক্ষয় বনাম আমাৰ সমাজ ব্যৱস্থা
ড০ অঞ্জল বৰা
ষ্টাৰপ্লাছ চেনেলত আমিৰ খান পৰিচালিত ‘সত্যমেৱ জয়তে’ ধাৰাবাহিকখনৰ যোৱা ৯ নৱেম্বৰ২০১৪ তাৰিখে সম্প্ৰচাৰিত হোৱা “When Masculinity Harms Men” শীৰ্ষক খণ্ডটোৱে পৰম্পৰাগতভাৱে চলি অহা পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই কিদৰে আমাৰ সমাজখনক ক্ষতি কৰিছে আৰু পুৰুষ জাতিৰ পুৰুষত্বতো প্ৰভাৱ পেলাইছে সেই বিষয়ে অনেক আলোচনা, বিতৰ্ক আদি সামৰি লৈছিল৷ গোটেই অনুষ্ঠানটোত আমিৰ খানৰ গৱেষণা আৰু উপস্থিত থকা দৰ্শকসকলৰ অভিজ্ঞতাৰ পৰা এটা কথা প্ৰতিপন্ন হৈছে যে আমাৰ সমাজ ব্যৱস্থা, ঘৰ এখনৰ পৰিৱেশ আৰু শিশু কালৰ মানসিক অৱস্থাৰ ওপৰতে এজন পুৰুষৰ মানসিকতা বহু পৰিমাণে নিৰ্ভৰ কৰে৷ কিছুমান পুৰুষতান্ত্ৰিক পৰম্পৰাই যে কেৱল সমাজখনকে ক্ষতি কৰে এনে নহয়, এজন পুৰুষৰ অন্তৰ্নিহিত মানৱীয় গুণসমূহকো চিৰদিনৰ বাবে অৱদমন কৰি ৰাখে৷ সততে এটা কথা দেখা যায় যে সমাজত ৯৫ শতাংশ হিংসা, অত্যাচাৰ, ধৰ্ষণ, গুণ্ডাগিৰী আদিৰ পিছতে এজন পুৰুষ থাকে৷ কিন্তু কিয়? কিয় পুৰুষসকল মহিলাসকলতকৈ অধিক অত্যাচাৰী হোৱাৰ লগতে সমাজ বহিৰ্ভূত কামত জৰিত হয়? কিয় পুৰুষ-মহিলাৰ প্ৰভেদ আজিও সমাজৰ সকলো শ্ৰেণী মানুহৰ মাজতে সোমাই আছে? কিয় আজিও পুৰুষ-মহিলাৰ সম অধিকাৰৰ প্ৰশ্নটো বাৰে বাৰে উত্থাপন হৈ আছে? এই সকলো প্ৰশ্নৰে উত্তৰ ‘সত্যমেৱ জয়তে’ৰ উক্ত খণ্ডটোত বিভিন্ন ব্যক্তিয়ে নিজ নিজ অভিজ্ঞতাৰে দিবলৈ চেষ্টা কৰিছিল৷ শেষত সকলো এই ক্ষেত্ৰত একমত হৈছিল যে মূল্যবোধৰ অৱক্ষয়ৰ লগতে আমাৰ সমাজ ব্যৱস্থাই ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া৷ 

যি বোধৰ দ্বাৰা আমি অন্য কোনো বস্তুৰ মূল্যায়ন কৰিব পাৰোঁ সেয়ে হৈছে মূল্যবোধ৷ অর্থাৎ মূল্য (মূল্যায়ন) + বোধ (বুদ্ধি/ব্যৱস্থা)। অৰ্থাৎ নিজৰ বুদ্ধি বা সক্ষমতাৰ দ্বাৰা প্ৰত্যেকটো কাম বা বস্তুৰ ভাল-বেয়া, দোষ-গুণ আদিৰ বিশ্লেষণ বা মূল্যায়ন কৰিব পৰা মানসিকতা৷ এতিয়া কথা হ’ল এই মানসিকতাৰ জন্ম কেনেকৈ হ’ব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫ আগষ্টত দেশবাসীক উদ্দেশি দিয়া ভাষণত কৈছিল যে প্ৰত্যেক অপৰাধৰ পিছত এজন ব্যক্তি থাকে আৰু প্ৰত্যেকজন ব্যক্তিৰ পিছত এখন ঘৰ আৰু অভিভাৱক থাকে৷ গতিকে যদিহে আমি এখন অপৰাধ মুক্ত সমাজ গঢ়িব বিচাৰো তেন্তে আমি আমাৰ ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব৷ নিশ্চয়কৈ ঘৰখনেই হৈছে শিশুৰ প্ৰথম শিক্ষাৰ ঠাই৷ ঘৰখনৰ পৰিৱেশ, মাক-দেউতাক আৰু আত্মীয়-স্বজনৰ আচৰণ আৰু ভৰণ-পোষণৰ ওপৰতে এজন শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে৷ ‘সত্যমেৱ জয়তে’ৰ উক্ত খণ্ডটোত ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ আদি বিভিন্ন ৰাজ্যৰ পৰা অহা কেইবাজনো ব্যক্তিয়ে এই কথা মুক্তভাৱে স্বীকাৰ কৰিছিল যে তেওঁলোকে শিশু অৱস্থাত নিজৰ ঘৰত দেখা পৰিৱেশ আৰু মাক-দেউতাকৰ পৰা লাভ কৰা শিক্ষাৰ বাবেই ডাঙৰ হৈ নিৰ্ভয়ে বহু অসামাজিক কামত জড়িত হ’বলৈ সাহস লাভ কৰিছিল৷ ইয়াৰ ভিতৰত অলপ কথাতে মাৰপিট কৰা, অলপ কথাতে পত্নীৰ ওপৰত হাত উঠোৱা, নাৰীক উপযুক্ত সন্মান নিদিয়া আদি উল্লেখযোগ্য৷ ৰাজস্থানৰ ব্যক্তিজনৰ মতে তেওঁ সৰু হৈ থাকোঁতে যেতিয়া ক’ৰবাত লগৰ বন্ধুৰ লগত কাজিয়া লাগি কান্দি-কাটি ঘৰলৈ আহিছিল, তেতিয়া তেওঁক মাক-দেউতাক বা আন আত্মীয়-স্বজনে তাৰ কাৰণ সোধাতকৈ মাথো কৈছিল যে ল’ৰা মানুহে এনেদৰে ছোৱালীৰ দৰে কন্দাতো অতি লাজৰ কথা৷ গতিকে তেওঁ এনেদৰে কান্দি-কাটি ঘৰলৈ অহাতকৈ সেই বন্ধুজনক মাৰি থৈ আহিবলৈ পৰামৰ্শ দিছিল৷ হাৰিয়ানাৰ ব্যক্তিজনৰো অভিজ্ঞতা আছিল একেই৷ তেওঁলোকৰ সমাজত নাৰীক এক বস্তুৰ দৰে ভবা হৈছিল৷ নাৰীৰ পিছত পুৰুষ যোৱা, নাৰীৰ লগত একেলগে বিদ্যালয়লৈ যোৱা (সেয়া লাগিলে ভনীয়েকেই হওক), নিজৰ সন্তানক মুকলিকৈ কোলাত লোৱা আদি কাৰ্যক হীন চকুৰে চোৱা হৈছিল৷ ফলত তেওঁলোকৰ মনত সৰুৰে পৰা এই কথা বদ্ধমূলভাৱে সোমাই পৰিছিল যে নাৰী কেতিয়াও পুৰুষৰ সমকক্ষ হ’বই নোৱাৰে৷ একেদৰে আন এজন ব্যক্তিয়ে নিজৰ অভিজ্ঞতাৰে দেখিছিল যে সৰু সৰু কথাতে তেওঁৰ ককাকে আইতাকক আৰু দেউতাকে মাকক ঘৰৰ পৰা উলিয়াই দিছিল বা মাৰপিট কৰিছিল৷ গতিকে তেওঁ বিবাহৰ পিছত একেদৰেই পত্নীৰ প্ৰতি আচৰণ কৰিছিল৷ তেওঁলোকৰ সমাজত এনে ধাৰণা আছিল যে নাৰীক বহোতে, উঠোতে এচৰ দিব পৰাজনহে আচল পুৰুষ৷ 

ওপৰত উল্লেখ কৰা পৰিৱেশ বা ধাৰণাসমূহ কেইটামান মাত্ৰ উদাহৰণহে৷ এনে ঘৰুৱা পৰিৱেশ প্ৰত্যেক সমাজতে বিৰাজমান৷ অসমতো এনে পৰিৱেশ নাই বুলি একেষাৰে ক’ব নোৱাৰি৷ আজিও আমাৰ পৰিৱেশত সৰু কালত ল’ৰাই কন্দা, ল’ৰাই ছোৱালীৰ হাতত মাৰ খোৱা আদি কাৰ্যক আমি হীন চকুৰে চাওঁ আৰু ‘কি ছোৱালীৰ দৰে কান্দিবলৈ আহিছ’, ‘ছিঃ ছিঃ ছোৱালীৰ হাতত মাৰ খালি’ আদি বাক্যৰে শিশু অৱস্থাতে ল’ৰা এটাৰ মনত নাৰী বিদ্বেষী এটা মনোভাৱ সৃষ্টি কৰি দিওঁ৷ একেদৰে ডাঙৰ হোৱাৰ পিছতো নাৰীৰ প্ৰতি সংবেদনশীল হোৱা পুৰুষক কাপুৰুষ, স্ত্ৰৈণ, তিৰোতা-সেৰুৱা আদি শব্দৰে পুৰুষক সদায় এটা পৃথক বৰ্গত ৰাখিবলৈ চেষ্টা কৰোঁ৷ নাৰী-পুৰুষৰ প্ৰভেদ আমাৰ সমাজ আৰু পৰম্পৰাই সুদূৰ কালৰ পৰা সৃষ্টি কৰি আহিছে৷ এই প্ৰভেদত কিছু সংখ্যক নাৰীয়েও যে সাৰ-পানী যোগোৱা নাই এনে নহয়৷ নাৰীৰ চিন্তা-চেতনাক মূল্য নিদিয়া, নাৰীৰ বস্ত্ৰক অসন্মানৰ চকুৰে চোৱা, নাৰীৰ প্ৰতিতো কথাকে আখৰে আখৰে পালন নকৰা (শুদ্ধ হ’লেও) আদি কাৰ্যবোৰ আমাৰ মন-মগজুত আজি এনেদৰে সোমাই পৰিছে যে যাৰ বাবে একবিংশ শতিকাতো নাৰী-পুৰুষৰ সম অধিকাৰৰ প্ৰশ্নটোৰ সমাপ্তি ঘটা নাই৷ ফলতে আজিও নানান সামাজিক অপৰাধ আমাৰ সমাজত ঘটিবলৈ ধৰিছে৷ সেয়ে এনে সামাজিক অপৰাধ নিৰ্মূলৰ বাবে আমাক প্ৰয়োজন সামাজিক মূল্যবোধৰ৷ যেতিয়ালৈকে আমি আমাৰ ঘৰ আৰু সমাজখনৰ লগতে আমাৰ মানসিকতা পৰিৱৰ্তন কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি কেতিয়াও এখন অপৰাধ মুক্ত সমাজৰ কল্পনা কৰিব নোৱাৰিম৷ এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দায়িত্ব নিশ্চয়কৈ মাক-দেউতাকৰ৷ এই কথা অনস্বীকাৰ্য যে মাক-দেউতাকৰ আচৰণ আৰু ঘৰুৱা পৰিৱেশ আৰু উচিত সামাজিক শিক্ষা এই তিনিটাৰ ওপৰতে এজন শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে৷ আনহাতে এজন পুৰুষে আনৰ দুখত মুকলিকৈ কন্দা বা কিছু সংবেদনশীল হোৱা, মুকলি স্থানত নাৰীক উচিত সন্মান দিয়া আদি কাৰ্যৰ দ্বাৰা পুৰুষজনৰ পুৰুষত্বত কেতিয়াও প্ৰভাৱ নপৰে৷ বৰঞ্চ পুৰুষৰ এনে আচৰণে বহু অপৰাধৰ পৰা আমাৰ সমাজখনক নিৰ্মূল কৰি ৰাখিব পাৰিব বুলিহে অনুষ্ঠানটোত থকা সকলোৱে একমত পোষণ কৰে৷

এটা কথা প্ৰায়ে শুনা যায় যে সময়ৰ পৰিৱৰ্তনে আজিৰ শিশু এজনক সৰু কালতে বহু কথা শিকাইছে৷ দূৰদৰ্শন, কম্পিউটাৰ, ম’বাইল আদিৰ মাধ্যমেৰে এজন শিশুৱে বয়সৰ আগতেই বহু কথা শিকিছে৷ গতিকে আগৰে দৰে আজিৰ শিশুক এটা নিৰ্দিষ্ট পৰিৱেশতে ডাঙৰ-দীঘল কৰিব নোৱাৰি৷ নিশ্চয়কৈ ই হ’ব পাৰে৷ কিন্তু আমি নিজেও যদি সেই পৰিৱেশ আৰু পৰিৱৰ্তনৰ বিষয়ে সজাগ হৈ থাকোঁ আৰু ভাল-বেয়াৰ প্ৰভেদ বিচাৰ কৰি শিশুৰ মনত আধুনিক সমাজখনৰ ন ন পৰিৱৰ্তনবিলাকৰ ভালবিলাকৰ লগত পৰিচয় কৰাই দিব পাৰোঁ তেন্তে নিশ্চয় পৰিৱৰ্তনে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিব৷ আনপিনে মূল্যবোধ স্থানভেদে, পৰিৱেশভেদে পৰিৱৰ্তন হ’ব পাৰে৷ কিন্তু কোনো এজন শিশু যি পৰিৱেশ আৰু মূল্যবোধৰ মাজত ডাঙৰ-দীঘল হয় সেইজন শিশুৱে ডাঙৰ হৈ হাজাৰ প্ৰতিকূল পৰিৱেশৰ মাজতো নিজৰ মূল্যবোধ নেহেৰুৱাই আৰু সদায় নিজকে ভিন্ন পৰিৱেশত হ’ব পৰা সামাজিক অপৰাধৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হয়৷ ইয়াক এটা উদাহৰণৰ দ্বাৰা আমি প্ৰতিপন্ন কৰিব পাৰোঁ৷ হস্তিনাপুৰৰ ৰাজসভাত দুৰ্যোধন আৰু মামা শকুনিৰ লগত পাশাত হাৰি পঞ্চ পাণ্ডৱ ১৩ বছৰ বনবাস আৰু এক বছৰ অজ্ঞাত বাসত থাকিবলৈ বাধ্য হয়৷ কথিত আছে যে বনবাসৰ কালত অৰ্জুন শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসৰি স্বৰ্গাধিপতি ইন্দ্ৰৰ কাষত যুদ্ধবিদ্যাৰ পাৰদৰ্শিতা অৰ্জনৰ বাবে স্বৰ্গলৈ যায়৷ স্বৰ্গত থকাৰ সময়ত উৰ্বশী নামৰ অপ্সৰা এগৰাকীয়ে অৰ্জুনক প্ৰেম নিবেদন কৰে৷ কিন্তু অৰ্জুনে অপ্সৰাৰ এই যৌনতা সৰ্বস্ব প্ৰেমক অস্বীকাৰ কৰে৷ কাৰণ অৰ্জুন পৃথিৱীৰ মানুহ৷ বিবাহ বহিৰ্ভুত যৌনতা অৰ্জুনৰ মূল্যবোধৰ পৰিপন্থী৷ কিন্তু উৰ্বশী স্বৰ্গৰ জীৱনৰ লগত অভ্যস্ত৷ অবাধ যৌনতা অপ্সৰাৰ মূল্যবোধৰ পৰিপন্থী নহয়৷ সেয়ে উৰ্বশীয়ে অৰ্জুনৰ এই অস্বীকাৰক সহজভাৱে ল’ব নোৱাৰিলে আৰু অৰ্জুনক কাপুৰুষ বুলি ভাবি অভিশাপ দিলে৷ যাৰ ফলত অৰ্জুন পৃথিৱীলৈ আহি এক বছৰ নপুংশকৰ জীৱন যাপন কৰিবলৈ বাধ্য হয়৷ অভিশপ্ত অৰ্জুনে সেই জীৱনকো হাঁহিমুখে গ্ৰহণ কৰিছে তথাপি তেওঁৰ মূল্যবোধক বিসৰ্জন দিয়া নাই৷ এনে ক্ষেত্ৰত পৰিৱেশভেদে অৰ্জুন আৰু উৰ্বশীৰ মূল্যবোধ দুয়োটাই শুদ্ধ৷ স্বৰ্গৰ অবাধ যৌনতাৰ মাজত ডাঙৰ-দীঘল হোৱা উৰ্বশীয়ে অৰ্জুনৰ অক্ষমতাক কাপুৰুষৰ দৰে দেখিছে কিন্তু পৃথিৱীৰ সংস্কাৰৰ মাজত ডাঙৰ হোৱা অৰ্জুনে তাক এক অপৰাধ বুলি অনুভৱ কৰিছে৷ যাৰ ফলত এটা বছৰ অভিশপ্ত হৈ থাকিও নিজৰ মূল্যবোধৰ বিসৰ্জন নিদি নিজকে শ্ৰেষ্ঠ পুৰুষৰ শাৰীলৈ লৈ যাব পাৰিছে৷

সত্যমেৱ জয়তেৰ উক্ত খণ্ডটোত উল্লেখ কৰা আন এটা গুৰুত্বপূৰ্ণ প্ৰসঙ্গৰে আমাৰ আলোচনা সামৰণি মাৰিব বিচাৰিছোঁ৷ হিন্দী বোলছবি জগতৰ চিন্তাশীল (serious) অভিনেতা তথা সত্যমেৱ জয়তেৰ পৰিচালক আমিৰ খানে একেষাৰে আমাৰ সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ এটা কাৰণ হিচাপে হিন্দী বোলছবিসমূহকো জগৰীয়া কৰিছে৷ বলীউদৰ অভিজ্ঞতা সম্পন্ন জেষ্ঠ অভিনেতা হিচাপে আমিৰ খানৰ এনে অভিযোগে নিশ্চয়কৈ বিষয়টোৰ গুৰুত্বতা বৃদ্ধি কৰিছে৷ সততে হিন্দী চিনেমাত দেখুৱাৰ দৰে নায়ক-নায়িকাৰ প্ৰেম, প্ৰথম অৱস্থাত নায়কৰ প্ৰেম নিবেদনৰ বাবে কৰা উশৃংখল আচৰণ, পিছত নায়িকাক পাবৰ বাবে কৰা হিংসাত্মক আচৰণ, নায়িকাই নায়কক পাবৰ বাবে কৰা ঘৰুৱা বিদ্ৰোহ, নায়িকাই প্ৰেম নিবেদন গ্ৰহণ নকৰাৰ ফলত নায়ক বা খলনায়কৰ নায়িকাৰ প্ৰতি কৰা আচৰণ আদি বিভিন্ন চিত্ৰসমূহক তেওঁ অতিকৈ অবাস্তৱিক আচৰণ বুলি মন্তব্য কৰে আৰু এনে আচৰণ সমাজত বেয়া প্ৰভাৱ পেলাইছে বুলিও অনুভৱ কৰে৷ যাৰ বাবে আমিৰ খানে নিজেও এটা সময়ত বুজিব নোৱাৰি এনে চিনেমাত অভিনয় কৰাৰ বাবে মুকলিভাৱে অনুতাপ কৰে৷ তেওঁ মঞ্চলৈ বৰ্তমান সময়ৰ হিন্দী বোলছবি জগতৰ তিনিগৰাকী জনপ্ৰিয় অভিনেত্ৰীক নিমন্ত্ৰণ কৰি আনি এনে আচৰণ ব্যক্তিগত জীৱনত ঘটিলে তেওঁলোকৰ কি প্ৰতিক্ৰিয়া হ’ব তাক জানিবলৈ চেষ্টা কৰে৷ তিনিওগৰাকী অভিনেত্ৰীয়ে একেমুখে এনে আচৰণ ব্যক্তিগত জীৱনত কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে৷ লগতে ব্যক্তিগত জীৱনত হোৱা অভিজ্ঞতাও বৰ্ণনা কৰে৷ তেওঁ শেহতীয়াভাৱে ‘দবং-২’ চিনেমাখনত কৰিণা কাপুৰে এটা আইটেম গীতত নিজকে তন্দুৰী মুৰ্গীৰ ৰূপত উপস্থাপন কৰি এলকহ’লৰ লগত খাবলৈ কোৱা উদাহৰণেৰে এনে আইটেম গীতসমূহত নাৰীক পণ্য সামগ্ৰীৰ ৰূপলৈ লৈ যোৱা বিষয়টোত গভীৰভাৱে আক্ষেপ কৰে আৰু এনে আইটেম গীতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে প্ৰত্যেকজন অভিনেতা আৰু পৰিচালকৰ কাষলৈ যাব বুলিও প্ৰকাশ কৰে৷

প্ৰত্যেক মানুহে লাভ কৰা মূল্যবোধৰ ওপৰতে সমাজ এখনৰ পৰিৱেশ নিৰ্ভৰ কৰাৰ সমান্তৰালভাৱে সামাজিক পৰিৱেশৰ পৰাও মানুহৰ মূল্যবোধ গঢ় লৈ উঠে৷ গতিকে এখন সুষ্ঠ-সবল সমাজৰ বাবে ব্যক্তি আৰু পৰিৱেশ দুইটাই পৰিপূৰক৷ এজন মূল্যবোধ সম্পন্ন ব্যক্তি গঢ়িবৰ বাবে যিদৰে আমি শিশু অৱস্থাৰ পৰাই চেষ্টা কৰিব লাগিব একেদৰে সেই শিশুটোৱে ডাঙৰ-দীঘল হোৱা পৰিৱেশটোকো আমি গঢ়ি তুলিব লাগিব৷ তেতিয়াহে আমি এখন অপৰাধ মুক্ত সমাজ গঢ়ি তুলিব পাৰিম৷ এই কাম প্ৰত্যেক মাক-দেউতাকেই নিজৰ সন্তান আৰু ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব৷ তেতিয়াহে প্ৰত্যেকখন ঘৰৰ পৰাই এখন উন্নত সমাজ বা ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ সূচনা হ’ব৷ 

No comments:

Post a Comment