ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বাৰানসীত শুভাৰম্ভ মোদীৰ ৱাই-ফাইঃ 
বিনামূলীয়া সেৱাৰ সীমা কিমান?
এয়া তথ্য-প্ৰযুক্তিৰ যুগ। ইন্টাৰনেট সেৱা অবিহনে এখন সমাজৰ কল্পনা কৰাতো অসম্ভৱ। ঠিক তেনে এক সময়তে ভাৰত চৰকাৰৰ অধীনস্থ কোম্পানী- বি.এছ.এন.এল. য়ে লৈ আহিছে এক সুখৰ বতৰা! কিছু বিনামূলীয়া ৱাই-ফাই সেৱা! এই সেৱাৰ অন্যতম বৈশিষ্ট্য হ'ল ইয়াৰ তীব্ৰগতি। ২জি বা ৩জি নহয়! ৪জি মানদণ্ডৰ ইন্টাৰনেট সেৱা পোৱা যাব এই উন্নত ৱাই-ফাই ব্যৱস্থাত। 

সমগ্ৰ দেশৰ ২৫০০খন নগৰ আৰু চহৰত বিস্তাৰিত হ'ব লগা এই অভিলাষী বিনামূলীয়া ৱাই-ফাই সেৱাৰ শুভাৰম্ভ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ লোকসভা সমষ্টি বাৰানসীত। 

'ডিজিটেল ইণ্ডিয়া' কাৰ্য্যসূচীৰ অন্তৰ্গত এই সেৱা যোৱা ৮ফেব্ৰুৱাৰীত মুকলি কৰে দেশৰ যোগাযোগ আৰু তথ্য-প্ৰযুক্তিৰ কেন্দ্ৰীয়মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে। বি.এছ.এন.এল.ৰ দ্বাৰা বাৰানসীৰ দশাশ্বমেধ আৰু শীতলা ঘাটত স্থাপিত 'ৱাই-ফাই হটস্পট' উদ্বোধন কৰি মন্ত্ৰীজনে লগতে ঘোষণা কৰে যে জিলাখনৰ ইন্টাৰনেট সেৱাৰ মান উন্নত কৰাৰ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে ১০০কোটি টকাৰ আন এক অভিলাষী আঁচনি আৰম্ভ কৰিছে। তাৰোপৰি কেন্দ্ৰৰ সহায়ত উত্তৰ প্ৰদেশৰ প্ৰথমখন তথ্য-প্ৰযুক্তি পাৰ্ক অতি শীঘ্ৰে নিৰ্মাণ কৰা হ'ব বুলি তেখেতে ঘোষণা কৰে। 

দিনটোৰ ২৪ঘন্টাৰ ভিতৰত সৰ্বমুঠ ৩০মিনিট (যিকোনো সময়তে) সময়ৰ বাবে এই বিনামূলীয়া ৱাই-ফাই সেৱাৰ সুবিধা গ্ৰাহকে লাভ কৰিব। ৩০মিনিটতকৈ বেছি সময়ৰ সুবিধা লাভ কৰিবৰ বাবে পকেটৰ ধন ভাঙিব লাগিব। প্ৰতি বিশ টকা, ত্ৰিশ টকা, পঞ্চাছ টকা আৰু সত্তৰ টকাৰ বিপৰীতে ক্ৰমে ৩০মিনিট, ১ঘন্টা, ২ঘন্টা আৰু ২৪ঘন্টাৰ সীমাহীন ব্যৱহাৰৰ সেৱা গ্ৰাহকে লাভ কৰিব। এই সেৱা লাভ কৰিবৰ বাবে বি৹এছ৹এন৹এল৹ ৰ নিয়মীয়া গ্ৰাহক হোৱাটো প্ৰয়োজনীয় নহয়। যিকোনো ৱাই-ফাই সেৱা উপভোগ কৰিব পৰা ব্যৱস্থা থকা- মোবাইল ফোন, টেবলেট বা লেপটপত এই সেৱা সুলভ হ'ব। 

এই মাহৰ শেষলৈ বাৰানসীৰ ৰাজেন্দ্ৰ প্ৰসাদ ঘাট, মন-মন্দিৰ ঘাট, তৃপ্তি ভৈৰৱী ঘাট, মীৰ ঘাট, ললিতা ঘাট আৰু মনিকৰ্নিকা ঘাটতো ৱাই-ফাই সেৱা সুলভ হ'ব। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোম্পানীটোৱে বাৰানসীত মোবাইল সেৱা শক্তিশালী কৰিবলৈ ৬০কৌটি টকা খৰচ কৰিব বুলি ঘোষণা কৰিছে। 

লক্ষ্নৌ, চেন্নাই, ভূপাল, পাটনা, হায়দৰাবাদ, ইন্দোৰ, জয়পুৰ, পুনে, মাইছ'ৰ, ভদোদৰা, গান্ধীনগৰ, আহমেদাবাদ আৰু চন্দীগড়কে আদি কৰি দেশৰ আন-আন চহৰ সমূহতো অতি শীঘ্ৰেই বিনামূলীয়া ৱাই-ফাই সেৱা আৰম্ভ কৰা হ'ব বুলি বি৹এছ৹এন৹এল৹এ সদৰী কৰিছে। সৰ্বমুঠ ৬০,০০০ ৱাই-ফাই হটস্পট সাজু কৰিবলগীয়া এই অভিলাষী কাৰ্য্যসূচীৰ নামত ৰাজকোষৰ প্ৰায় ৭০০০ কোটি টকা খৰচ হ'ব। 

আমি আশাৰে বাট চাই আছোঁ। আহিব কেতিয়া সুদিন আমি বাস কৰা চহৰখনলৈ! কিছু বিনামূলীয়া তীব্ৰবেগী ৱাই-ফাইৰ ভালদিন!

-যুগুতালে ৰূপাংকৰ চৌধুৰীয়ে।

No comments:

Post a Comment