চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

"মন কী বাত" আৰু আকাশবাণীলৈ সঞ্জীৱনী সুধা
দীপাংকৰ মল্ল বৰুৱা
“এয়া আকাশবাণী, বাতৰি কৈছোঁ লিলি দাস মালিকে”। ৰেডিঅ’ৰ কথা মনত পৰিলে প্ৰায়ে নষ্টালজিক হৈ পৰোঁ। আমাৰ শৈশৱৰ জীৱন যাত্ৰাত ৰেডিঅ’ আছিল অতি আদৰৰ সহচৰ। ৰাতিপুৱা “বন্দে মাতৰম”গোৱাৰ লগে লগে দেউতাই জগাই দিছিল। আকাসবাণী গুৱাহাটী কেন্দ্ৰৰ ‘বন্দনা’ অনুস্থানত লোকগীত, বৰগীত, জিকিৰ শুনি ৰাতিপুৱাৰ আহাৰ কৰিছিলোঁ। গীতিমালিকা আৰম্ভ হ’লেই গা ধুবলৈ গৈছিলোঁ আৰু পুৱাৰ আঞ্চলিক বাতৰি শেষ হোৱা আছিল বিদ্যালয়লৈ ওলোৱা সংকেত। ঘড়ীতকৈ ৰেডিঅ’ আছিল সময়ৰ সাৰথি। 

যুগৰ পৰিৱৰ্তনৰ লগে লগে ৰেডিঅ’ৰ আদৰ কমি আহিল। দুৰদৰ্শনত ঘৰতে বহি চিনেমা চাব পৰা হ’ল, দেশ বিদেশৰ বাতৰিৰ ঘৰত বহিয়েই চলন্ত বিৱৰণী পাব পৰা হ’ল, বিশ্ব কাপ ফুটবল, ক্ৰিকেট, অলিম্পিক চাই ঘৰতে জঁপিয়াই থাকিব পৰা হ’ল। তেনে স্থলত ৰেডিঅ’ আৰু কোন কূটা। ৰেডিঅ’ই লাহে লাহে হেৰুৱাই পেলাইছিল নিজৰ গুৰুত্ব আৰু মানুহৰ আকৰ্ষণ। মানুহে ৰেডিঅ’ শুনিবলৈ বাদ দিয়াৰ দৰেই হ’ল। গাৱেঁ ভূঞেহে, য’ত বিজূলী ব্যৱস্থা নাই, দুৰদৰ্শনত ছিগনেল নাই সেইবোৰ ঠাইত ৰেডিঅ’ চলি থাকিল। 

ৰেডিঅ’ত প্ৰাণ সঞ্চাৰ হ’ল যেতিয়া এফ এম চেনেল সমূহৰ আৱিৰ্ভাৱ হ’ল। ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠা বাবে এফ এম চেনেল সমূহত শ্ৰোতাক আকৰ্ষিত কৰিব পৰা বহুতো অনুস্থান আগবঢ়োৱা হ’ল। অলপ দিনৰ ভিতৰতে ৰেডিঅ’ পুনৰ জনপ্ৰিয় হৈ উঠিবলৈ ধৰিলে। কিন্তু এফ এম চেনেল সমূহ চহৰ কেন্দ্ৰিক আৰু বচা বচা কেইখনমান চহৰত হে উপলব্ধ হোৱা বাবে এফ এম ৰেডিঅ’ই সৰহ সংখ্যক লোকক স্পৰ্শ কৰিব নোৱাৰিলে। পশ্চিমীয়া দেশ সমূহত ৰেডিঅ’ৰ আদৰ এতিয়াও আছে। BBC, Public News, talksport আদি ৰেডিঅ’ ষ্টেচন সমূহ আজিও অতি জনপ্ৰিয়। ৰেডিঅ’ মানুহৰ ভাৱ প্ৰকাশৰ আৰু অৱসৰ বিনোদনৰ মাধ্যম হিচাপে এতিয়াও আকৰ্ষণীয় হৈ আছে। কাম কৰি থকাৰ সময়তো ৰেডিঅ’ বজাই ৰখাটো বহুতো পশ্চিমীয়া দেশৰ এটা সংস্কৃতি। 

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ত আৰম্ভ কৰা “মন কি বাত” অনুস্থানে সাধাৰণ ভাৱে সকলো ঠাইতে ঊপলব্ধ ৰেডিঅ’ৰ হৃত জনপ্ৰিয়তাক পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই অনুস্থানটো অতি জনপ্ৰিয় হোৱাৰ বাবে ডাঙৰ ডাঙৰ কৰ্প’ৰেট গোষ্ঠীয়ে বিজ্ঞাপন দিছে। "মন কি বাত" অনুস্থানৰ বিজ্ঞাপনৰ দৰে অলপতে হৈ যোৱা ভাৰত পাকিস্তানৰ মাজত হোৱা বিশ্বকাপ ক্ৰিকেট খেল খনৰ বিৱৰণীত দিয়া বিজ্ঞাপনৰ দৰকো চেৰ পেলাবলৈ সক্ষম হৈছে। 

ৰেডিঅ’ৰ বাবে প্ৰধান মন্ত্ৰীৰ “মন কি বাত” অনুস্থানে আটাইতকৈ বেছি উপাৰ্জন কঢ়িয়াই আনিছে বুলি খোদ ইকনমিক টাইমছ কাকতে প্ৰতিবেদন প্ৰকাশ কৰিছে। অলপতে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ লগত যুটীয়া ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে “মন কি বাত” অনুস্থানত অংশগ্ৰহণ কৰিছিল। ২৭ জানুৱাৰীত প্ৰচাৰিত এই ৩৫ মিনিটৰ অনুস্থানটো ১৪৭ নিযুত মানুহে ৰেডিঅ’ যোগে শুনিছিল। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ দ্বাৰা আকাশবাণীয়ে অভূতপূৰ্ব ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। সাধাৰণতে ১০ছেকেণ্ডৰ বিজ্ঞাপনৰ বাবে নিৰ্ধাৰিত নিৰিখ ৫০০টকাৰ পৰা ১৫০০টকা। তাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ এই বক্তৃতা অনুষ্ঠানটোৰ আগে-আগে আৰু পিছৰ সময়ত দিব লগা বিজ্ঞাপনৰ বাবে প্ৰতি ১০ছেকেণ্ডৰ বিজ্ঞাপনৰ বাবে নিৰ্ধাৰিত নিৰিখ হৈছে ২লাখ টকা! এই অনুষ্ঠানটোৰ বাবে আকাশবাণীয়ে ইতিমধ্যে ১০৫ ছেকেণ্ড বিজ্ঞাপনৰ সময় বিক্ৰী কৰি ২৫লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।  দূৰদৰ্শনৰ দৰে জনপ্ৰিয় মাধ্যমৰ ঠাইত ৰেডিঅ’ৰ দৰে মাধ্যম বাচনি কৰি নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে অধিক সংখ্যক জনতাক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আকাশবাণীলে যেন নতুন প্ৰাণৰ সঞ্চাৰ কৰিলে এই জোৱাৰে!

ৰেডিঅ’ৰ মোল মানুহে আকৌ বুজিবলৈ লৈছে। ৰেডিঅ’ৰ এই নতুন জয়যাত্ৰা যেন অবিৰত হৈ থাকে আৰু আমাৰ ভৱিষ্যৎ প্ৰজন্মৰো দিন একোটা আৰম্ভ হয় ৰেডিঅ’ৰ ঘোষণাৰে, “এয়া আকাশবাণী, বাতৰি কৈছোঁ……..”

No comments:

Post a Comment