হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. শাস্তি হিচাবে বন্ধ ৰুমত এগৰাকী কিশোৰক দুঘণ্টা ডিডি নৰ্থ-ইষ্ট চেনেল চাবলৈ বাধ্য কৰোৱাৰ ফলত যাদুকৰী ফলাফল পোৱাৰ সুখবৰ। সাত-জনমলৈ এনে শাস্তি ভোগ কৰিব নোখোজে বুলি কিশোৰজনে সকলো বেয়া স্বভাৱ ত্যাগ কৰিবলৈ শপত খোৱা বুলিও জানিব পৰা গৈছে। এতিয়াৰ পৰা এই শাস্তিকে কিশোৰ-কিশোৰী সকলৰ বাবে অফিচিয়েল শাস্তিমূলক অত্যাচাৰ বুলি ঘোষণা কৰিব লাগে বুলিও অভিভাৱক সমাজে দাবী জনাইছে। পিছে মানৱ অধিকাৰ হনন হোৱাৰ সম্ভাৱনাৰ বাবেই এই সিদ্ধান্ত এতিয়াও চৰকাৰী হৈ উঠা নাই বুলিও গুজৱ প্ৰকাশ পাইছে।

২. সদৌ অসম ৰসাল গগৈ অকৰ্মন্য মন্ত্ৰী প্ৰতিযোগিতাৰ আয়োজিত হোৱাৰ খবৰ কইনাধৰাৰ পৰা প্ৰকাশিত হৈছে। কাম কৰি লৈ বিভাগ লৈ এনেয়ে মূৰ-কামোৰণি লোৱাতকৈ অকৰ্মন্য হিচাবে নিজকে প্ৰতিপন্ন কৰি ৰসাল গগৈৰ উপদেষ্টা হৈ কেবিনেট সা-সুবিধা ফকতীয়াকৈ উপভোগ কৰাই ভাল বুলিও নতুন মন্ত্ৰী সকলে গোপনে মত প্ৰকাশ কৰি অঘোষিত প্ৰতিযোগিতাত অংশ লোৱাৰ গোপন খবৰ প্ৰকাশ পাইছে।

৩. ৰাহুল বাবা সংসদ ভৱনৰ পৰা গাইপ হৈ থকাক লৈ হাল্লা কৰা টিভি চেনেলে এইবাৰ শচীনক অফিচিয়েলি ছুটী দিয়া বুলি জানিব পৰা গৈছে। নিজৰ নিজৰ টিভি চেনেলত শচীনে দেখা দি টিআৰপি অলপ বঢ়াই দিলেই এইবাৰ সংসদত অনুপস্থিত শচীন বিষয়তোৰে বোকা ছটিওৱাৰ খেল অনুষ্ঠিত নকৰে বুলি টি.আৰ.পি ফেন ক্লাৱ সম্পাদক সন্থাই গোপন প্ৰস্তাৱ গ্ৰহণ কৰিছে।

৪. বাইদেউৰ চেনেলত "বাইদেউৰ চিবিআই দৰ্শন" নামৰ নাটকখন কলিকতাৰ পৰা লাইভ নেদেখুৱাকলৈ সচেতন নাগৰিক সন্থাই উদ্বেগ প্ৰকাশ কৰিছে। চাইকেল চুৰ, ছোৱালী জোকোৱা, মদ খাই টলং ভটং কৰা নাগৰিকৰ লাইভ দেখুৱাই চেলিব্ৰেট কৰা চেনেলটোৱে টকা খোৱাৰ বাবে বাইদেউৰ জেৰাৰ লাইভ দেখুওৱা হ'লেও টি.আৰ.পিৰ পাহাৰ বগাব পাৰিলে হেতেন বুলিও সচেতন নাগৰিক সন্থাই মত প্ৰকাশ কৰিছে।

৫. বিজুলীনাই বৰদলৈ, খেতিমণি ডেকা আৰু গৌতমবু্দ্ধ ৰয়ৰ দৰে মহান উপদেষ্টা সকল গ্ৰহণ কৰি ৰসাল গগৈ চাৰে বিৰাট সাহসৰ পৰিচয় দিছে বুলি ৰাজনৈতিক বিশ্লেষক সকলে মত প্ৰকাশ কৰিছে। লোকসভা, পৌৰসভা আদিত গুৰুলা-গুৰুল খোৱাৰ পাছতো এনে নিলৰ্জ পদক্ষেপ লবলৈ সাহস কৰাটো নিসন্দেহে ডেয়াৰিং কাম বুলিও ৰাইজে মতামত দিছে। চাৰক আচলতে ডেমকেয়াৰ গগৈৰ উপাধিহে প্ৰদান কৰিব লাগে বুলিও গুণাগঁথা চলা বুলিও খবৰ ওলাইছে।

৬. অসমৰ মাছ বিশেষজ্ঞ কনপোনা গগৈৰ মাতৃভাষা আচলতে কোনটো সেইটোকে লৈ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়তো সন্দেহ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। দাঁত ভঙা অসমীয়া, মহতীয়াই নিয়া হিন্দী আৰু লাগ-বান্ধ নোহোৱা ইংৰাজীৰে তেখেতে এই কনফিউজন ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে বুলিও খবৰ ওলাইছে। আচলতে এনেকৈ তেওঁ আচলতে কি উমান নিদিয়াকৈয়ে ৰাইজক আভুৱা ভাৰি থকাটো তেওঁ পিতাকৰ পৰাই গুণ হিচাবে লাভ কৰিছে বুলিও বংশগতি বিশেষজ্ঞ সকলে প্ৰকাশ কৰিছে।

৭. মোদী চাৰৰ দৰে হব খোজা সকলৰ বাবে বিশেষ ইউ-টাৰ্ন কৰ্মশালাৰ আয়োজন কৰিছে ৰাজনৈতিক মানৱ সম্পদ বিকাশ কেন্দ্ৰ অসমে। এই শৈক্ষিক কাৰ্যসূচীত পাভলুটি, কাছ লুটি, কোমোৰা লুটি আদি বিভিন্ন লুটি-বাগৰৰ কৌশল আৰু তাক ঢাকি ৰখাৰ বাবে মৌ-বৰষা ভাষণৰ বিষয়ত প্ৰশিক্ষণ দিয়া হব বুলিও জানিব পৰা গৈছে। ছাৰৰ ফেন ক্লাৱৰ সদস্য সকলৰ বাবে ৰেহাই মূল্যৰো ব্যৱস্থা কৰা বুলি কেন্দ্ৰটোৱে প্ৰকাশ কৰিছে।

৮. দিল্লীত পুলিচে ধৰাৰ পাছত মুখ ঢাকিবলৈ অসমীয়া গামোচা ব্যৱহাৰ কৰাক লৈ অসমীয়া ৰাইজ ক্ষোভিত হোৱা বুলি জানিব পৰা গৈছে। চোৰৰ জাতি-ভেদ-ধৰ্ম-বৰ্ণ নাই বুলি স্পষ্ট কৰি দি এনেকুৱা পৰিবেশত জাতীয় পৰিচয় বহন কৰা কোনো জাতীয় পোচাক, সাংস্কৃতিক সমল প্ৰদৰ্শন নকৰিবলৈকো সদৌ অসম খঙাল নাগৰিক সন্থাই স্পষ্ট কৰি দিছে। জাতিৰ গৰিমা বৃদ্ধিৰ বাবে অৰিহণা যোগোৱাৰ ব্যক্তিগত ৰেকৰ্ড নোহোৱা সকলে দুস্কৰ্মৰ অভিলেখ গঢ়াৰ সময়ত এনে সমলক লৈ টনা আজোৰা কৰাৰ কোনো অধিকাৰ নাই বুলিও সন্থাটোৱে মত প্ৰকাশ কৰিছে।

৯. নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই এইবাৰ "আন্না ৰিটানৰ্চ" নামৰ এখন নাটক ৰাজগাদী থিয়েটাৰৰ বাবে লিখি উলিয়াইছে বুলি জানিব পৰা গৈছে। মূল নাটৰ আগে আগে "মন্ত্ৰী ভী কভি, অভিনেত্ৰী থী" নামৰ গীতি-নৃত্য নাটিকাখনিৰো প্ৰদৰ্শনৰ যো-জা কৰাৰ খবৰ পোৱা গৈছে।

১০. জলবিদ্যুত বেপাৰী সংঘই বিশেষজ্ঞ সকলক আপ্যায়নৰ ত্ৰুটি নৰখাৰ বাবে চেষ্টা কৰা বুলি জানিব পৰা গৈছে। এইটোত ত্ৰুটি নথকা মানেই বান্ধত ত্ৰুটি নথকাটো বুজাব বুলিও মেনেজ মাষ্টাৰ সকলে আঙুলিয়াই দিছে। প্ৰতিবেদনখন বেপাৰী সংঘৰ সমৰ্থনত প্ৰকাশ কৰাটো বিশেষজ্ঞ সকলে নিজৰ চাকৰি বচাবৰ বাবেই অতিশয় যে দৰকাৰী সেই কথাও বিশেষ ভাৱে বুজি লোৱা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment