সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

‘সদৌ অসম ছাত্র সন্থা (আছু)’ৰ উপদেষ্টা 
সমুজ্জ্বল ভট্রাচাৰ্য্য ডাঙৰীয়ালৈ মুকলি চিঠি 
মাননীয় ভট্রাচাৰ্য্য ডাঙৰীয়া,
‘সদৌ অসম ছাত্র সন্থা (আছু)’ৰ উপদেষ্টা সমুজ্জ্বল ভট্রাচাৰ্য্য ডাঙৰীয়ালৈ এটা বিষয়লৈ এই মুকলি চিঠিখন লিখিছোঁ। আমি সকলোৰে জানোঁ যে আপুনি গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ বিষয়টি লগত প্রথমৰ পৰা জড়িত হৈ আছে । এতিয়া কথা হ’ল আৰম্ভণিৰ পৰা এই বৃহৎ নদী বান্ধৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন জনে বিভিন্ন মত বিভিন্ন সময়ত দিছে । এই মত প্রকাশ কৰা সকলৰ বহুতে সময় সাপেক্ষে নিজৰ মত সলনি কৰাও দেখা গৈছে । লগতে বহুতো বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল আৰু এই কমিটিবোৰে বিভিন্ন প্রতিবেদন প্রকাশ কৰিছিল ।

শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে আৰু এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছে। কিন্তু এই বিষয়ত এতিয়াও এটা চূড়ান্ত সিন্ধান্তত উপনীত হ’ব পৰা নাই। জনসাধাৰণে কোনতো কথা শুদ্ধ কোনতো কথা অশুদ্ধ ধৰিব পৰা নাই । ভট্রাচাৰ্য্য ডাঙৰীয়া, এই পত্রৰ যোগেদি আপোনাক এটা অনুৰোধ জনাব বিছাৰিছোঁ । আপুনি এই বৃহৎ নদী বান্ধ বিষয়টি লৈ এখন কিতাপ লিখক আৰু এই কিতাপখনত আৰম্ভণিৰ পৰা এতিয়ালৈকে বিভিন্নজনৰ মত , বিভিন্ন প্রতিবেদন , বিভিন্ন সভা-সমিতিকে আদি কৰি সকলোবোৰ কথা নিৰপেক্ষ ভাবে অন্তৰ্ভূক্ত কৰক যাতে এই কিতাপখনৰ পৰা জনসাধাৰণৰ মাজত সকলো কথা পৰিষ্কাৰ হয়। 
ইতি
ড° বুলজিৎ বুঢ়াগোহাঁই,
সহকাৰী অধ্যাপক,
যান্ত্রিক অভিযান্ত্রিক বিভাগ,
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,
গুৱাহাটী-৭৮১০১৭, অসম ।
তাৰিখ : ১২।০২।২০১৫

No comments:

Post a Comment