চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
জীৱন আৰু উচ্চাকাঙ্খা
ডাঃ বিৰাজ কুমাৰ শৰ্মা
জীৱনটো এটা কঠিন পৰীক্ষা। এই জীৱনত আমি প্ৰত্যেকেই একো একোজন সৈনিক। আমি প্ৰত্যেকেই সপোন ৰঁচো নিজৰ জীৱনত সাফল্যৰ শিখৰত আৰোহন কৰিবলৈ। গভীৰ প্ৰত্যাশাৰে বাট চাঁও জীৱনত সফলতা লভিবলৈ বুকুত উচ্চাকাঙ্খা বুকুত বান্ধি।


এই উচ্চাকাঙ্খাই যেতিয়া বাস্তবত সম্ভব হৈ নুঠে, তেতিয়াই আহে জীৱনলৈ হতাশা, বিষন্নতা। কিন্তু সকলোৰে জীৱনৰ উচ্চাকা্ঙ্খা ভিন্ন ভিন্ন। খেৰৰ জুপুৰীত বাস কৰা জনৰ উচ্চাকা্ঙ্খা হ’ব হয়তো কেনেদৰে তেওঁৰ জৰাজীৰ্ণ জুপুৰীটো শিল-ইটাৰে সাজিব পৰা হ’ব, ছাত্ৰ এজনৰ উচ্চাকাঙ্খা থাকে কেনেদৰে অনাগত পৰীক্ষাত সাফল্য লাভ কৰিব আৰু এই উচ্চাকাঙ্খাও হয় ভিন্ন ভিন্ন । কোনোৱে ভাবিব প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ, কোনোৱে ভাবিব প্ৰথম স্থান অধিকাৰ কৰাৰ বা আন কোনোবাই ভাবিব কেৱল মাথো পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ।

মূখ্যমন্ত্ৰীয়ে ভাবিব প্ৰধান মন্ত্ৰী হোৱাৰ, উপৰাষ্ট্ৰপতিয়ে ভাবিব ৰাষ্ট্ৰপতি হোৱাৰ আৰু কোনো ৰাষ্ট্ৰনেতাইও ভাবিব বিশ্বনেতা হ’বৰ বাবে । অৰ্থাৎ উচ্চাকাঙ্খাৰ স্বপ্নই আমাক সদায়ে খেদি ফুৰে । উচ্চাকাঙ্খা বুকুত বান্ধি জীৱন যুদ্ধত আগবঢ়া বাবেই যেন পৃথিবীত মানুহৰ জীৱন অৰ্থবহ হৈ পৰে । যিয়ে জীৱন যুদ্ধত যুঁজ দিব পৰাকৈ মানুহক মানসিকভাবে শক্তিশালী কৰি তোলে ।

এই উচ্চাকাঙ্খাও আকৌ দুই প্ৰকাৰৰ । নেতিবাচক আৰু ইতিবাচক । প্ৰথমটো বাদ দি দ্বিতীয়টো পথেৰে আগবঢ়া উচ্চাকাঙ্খাইহে মানুহৰ জীৱন অৰ্থবহ আৰু সুখৰ কৰি তুলিব পাৰে। প্ৰাপ্তিৰ আশাই মানুহক কৰ্মোদ্দম, তেজস্বী কৰি তোলে আৰু জীৱনৰ কন্টকময় পথত আগবঢ়াত সহায় কৰি জীৱনৰ প্ৰকৃত অৰ্থক মহিমামণ্ডীত কৰি তোলে । ইয়াৰ অবিহনে যেন জীৱনৰ প্ৰকৃত মাদকতা নাথাকিলে হেতেন । আমি প্ৰায়েই দেখিবলৈ পাওঁ আজি আমাৰ যুবপ্ৰজন্মৰ মাজত ভয়াবহ ভাবে বৃদ্ধি পোৱা আত্মহত্যাৰ প্ৰৱনতা বা জীৱনযুদ্ধত হাৰ মানি মদ, ড্ৰাগছ আদিৰ আশ্ৰয় লৈ অধঃপতনে যোৱাৰ দৃশ্য । ইয়াৰ মূল কাৰকবোৰ হৈছে উচ্চাকাঙ্খা, প্ৰেমত বিফলতা, কৰ্মসংস্থাপনহীনতা ইত্যাদি ।

 উচ্চাকাঙ্খাৰ কথা ক’বলৈ হ’লে এই কথাও কোৱা ভাল যে উচ্চাকাঙ্খাই মানুহক অন্ধও কৰে । অত্যাধিক উচ্চাকাঙ্খাৰ প্ৰৱনতাই মানুহক অসৎ পন্থা ল’বলৈও বাধ্য কৰিব পাৰে ।কিন্ত্ত সেইসকলে এনে বিষয়ত সিদ্ধি লাভ কৰিলেও অহৰহ ভয় আৰু দুঃচিন্তাৰ বিভিষিকাময় স্বপ্নই গোটেই জীৱন জুৰি খেদি ফুৰে বাবে তেওঁলোকৰ জীৱনৰ প্ৰকৃত আমেজ লোৱাৰ পৰা বঞ্চিত হয় । অন্যহাতে অত্যাধিক ভবিষ্যতৰ চিন্তা আৰু উচ্চাকাঙ্খাইও মানুহক জীৱনৰ প্ৰকৃত সোৱাদ লোৱাৰ পৰা বঞ্চিত কৰে । আজিৰ যুগৰ বহুতকেই দেখা যায় কেৱল সম্পত্তিৰ পাহাৰ গঢ়াৰ পৰাই হওঁক বা সঞ্চয়ৰ ফালৰ পৰাই হওঁক, সকলোতে ভবিষ্যতৰ চিন্তা । কিন্তু কাৰ্যত দেখা যায় যে সকলো ভবিষ্যতেই এদিন অতীত হয় যদিও মানুহে সদায়ে ভবিষ্যতৰ চিন্তাত ব্ৰৰ্তী হৈ থকাৰ হেতুকে নিজৰ সুন্দৰ বৰ্তমানটো উপভোগ কৰাৰ পৰা বঞ্চিত হয় আৰু যাৰ ফলস্বৰূপে জীৱনত পৰিতাপ কৰিবলগাতো পৰে । যেনেদৰে শীতকালত আমি গ্ৰীষ্মৰ আমেজৰ কথা দোহাৰো আৰু গ্ৰীষ্মকালত শীতৰ আমেজৰ কথা দোহাৰো ।

আমি ভবিষ্যতক লৈ আশাবাদী হোৱা দৰকাৰ । মনত উচ্চাকাঙ্খা থাকিলেহে জীৱন যুদ্ধত আগবাঢ়িব পাৰি । কিন্ত্ত তাৰ মাজে মাজে আমি জীৱনটো ও উপভোগ কৰিব শিকিব লাগিব । যেনেদৰে অতিমাত্ৰা বেয়া, থিক তেনেদৰে অত্যাধিক উচ্চাকাঙ্খাইও মানুহক অন্ধ কৰে । কিয়নো কেতিয়াও সন্ত্তষ্ট হ’ব নোৱাৰাটো জীৱশ্ৰেষ্ঠ মানুহৰ সহজাত প্ৰবৃত্তি । যাৰ বাবে মানুহে প্ৰাপ্তিৰ বাবে পশুৰ শাৰিলৈও পৰ্যবাসিত হোৱাৰ দৃষ্টান্ত আছে । অজিৰ সমাজত ভয়াবহ ভাবে বৃদ্ধি পোৱাৰ কাৰন যদি ভালদৰে ফঁহিয়াই চোৱা যায়, তেন্তে এই কথা প্ৰতিয়মান হ’ব যে নেতিবাচক উচ্চাকাঙ্খা ইয়াৰ অন্যতম প্ৰধান কাৰণ।

মানুহৰ প্ৰতি সহায়ৰ হাত, সু-চিন্তা, ধনাত্মক সমালোচনা তথা বন্ধুবৰ্গৰ সৈতে থকা সু-সংস্পৰ্শইহে মানুহৰ জীৱনলৈ নতুন জোৱাৰ আনে । ব্যস্ততম জীৱনত বন্ধু-বান্ধবৰ প্ৰতি সহায়-সহযোগীতাৰ হাত, আনন্দ-উল্লাস, প্ৰাপ্তিক ভগবানৰ দান বুলি শুদ্ধচিত্তে গ্ৰহন কৰি তথা নিজৰ প্ৰাপ্যখিনিত সন্ত্তষ্ট থাকিলেহে জীৱনৰ প্ৰকৃত মাদকতা পোৱা যায় । ইয়াৰ অন্যথাই ফিনিক্স পক্ষীৰ দৰে আমি উচ্চাকাঙ্খাৰ স্বপ্নত বিভোৰ হৈ উচ্চতাৰ পৰা উচ্চতালৈ আৰোহন কৰিলে থাকিলে আমাৰ অক্লান্ত দেউকা দুখন হেৰুৱাই পেলালে জীৱনৰ প্ৰকৃত সোৱাদ কেতিয়াও লাভ কৰিবলৈ সক্ষম নহ’ম ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages