প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰেৰণাময় ব্যতিক্ৰম

প্ৰেৰণাময় ব্যতিক্ৰম

Share This
বাতৰিকাকতৰ হ'কাৰ হ'লগৈ  
কোটি টকীয়া চাকৰিয়াল

পদপথত ৰৈ ৰৈ বাতৰি কাকত বিক্ৰী কৰি পেটৰ ভোক গুচোৱা দৰিদ্ৰ যুৱক শিৱ কুমাৰ আজি কোটি টকীয়া চাকৰিয়াল! নিজৰ অধ্যৱসায় আৰু কষ্টৰ ফলত শিৱ কুমাৰে আজি এটি জাৰ্মান কোম্পানীত চাকৰি কৰে। 

এখন ইংৰাজী বাতৰি কাকতৰ তথ্য অনুসৰি এটি জাৰ্মান কোম্পানীয়ে শিৱ কুমাৰক ভাৰতত 'ডেপুটি কাউন্ট্ৰী মেনেজাৰ' পদত নিযুক্তি দিছে। শিৱ হ'ল বেংগেলুৰুৰ এগৰাকী ট্ৰাক ড্ৰাইভাৰৰ পুত্ৰ। শিশু অৱস্থাৰ পৰাই তেখেতে নিজৰ দুখীয়া পৰিয়ালৰ বাবে উপাৰ্জন কৰিবলৈ বাধ্য হৈছিল। শিৱই প্ৰথম অৱস্থাত ৰাস্তা- ট্ৰেফিক পইন্টত ৰৈ ফুল বিক্ৰী কৰি ফুৰিছিল আৰু পিছলৈ বাতৰি কাকতৰ হ'কাৰৰ কাম কৰি পৰিয়ালৰ আৰ্থিক দৈন্যতা দূৰ কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছিল। 

সেইখিনি সময়তে এজন শুভাকাংক্ষীয়ে শিৱৰ ভিতৰত সোমাই থকা মেধাৰ আভাস পায়। তেখেতেই সহায়ৰ হাত আগবঢ়াই শিৱক পঢ়া-শুনাত মনোযোগ দিবলৈ কয়। 

২০১২চনৰ 'কেট(CAT)' পৰীক্ষা সুকলমে উৰ্ত্তীণ হোৱাৰ পাছতে তেওঁৰ জীৱন যুঁজৰ কাহিনী সংবাদ শিৰোনামলৈ আহে। আৰ্থিক দৈন্যতাৰ দিশটোলৈ লক্ষ্য ৰাখি আই.আই.এম. কলিকতাই শিৱৰ শৈক্ষিক মাচুল ৰেহাই দিয়ে। তাৰ পিছৰে পৰা পূৰ্ণোদ্যমে পঢ়াত ব্ৰতী হৈ শিৱই সুখ্যাতিৰে আই.আই.এম. কলিকতাৰ পৰা পাছ কৰে আৰু এতিয়া জাৰ্মান ৰকেট ইন্টাৰনেট'ত কোটি টকীয়া বিলাসী চাকৰিত নিযুক্তি লাভ কৰাৰ সুখবৰ প্ৰকাশ পাইছে।

নিজৰ সফলতাত শিৱ কুমাৰে কয়- ইয়াতকৈ ডাঙৰ প্ৰাপ্তি মোৰ বাবে কি হ'ব পাৰে? 'জাৰ্মান ৰকেট ইন্টাৰনেট'- এক নতুন কোম্পানী কিন্তু মোৰ ভিতৰত লুকুৱাই থকা উদ্যমী ব্যক্তিজনে এনেকুৱা ঠাইত কাম কৰিবলৈ পাই অত্যন্ত সুখী। নতুন এই কোম্পানীতো 'ই-কমাৰ্চ'ৰ লগত জড়িত। আজিৰ দিনত ব্যৱসায়ৰ ক্ষেত্ৰখনত 'ই-কমাৰ্চ' এ বহুতো প্ৰত্যাশা কঢ়িয়াই আনিছে। কোম্পানীয়ে মোক বহুত গধুৰ দায়িত্ব দিছে।' 

শিৱ কুমাৰৰ এই প্ৰেৰণাময় সফলতাৰ কাহিনী হওক আমাৰ সমাজৰ বহুজনৰ বাবে অলেখ প্ৰেৰণাৰ উস স্বৰূপ।

সমল যুগুতালেঃ ৰূপাংকৰ চৌধুৰীয়ে, উসঃ আজ টক চেনেলৰ ৱেবচাইট

No comments:

Post a Comment